Posts

Showing posts from January, 2020

নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিলেছা কালী দেৱালয়ৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন

Image
*নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিলেছা কালী দেৱালয়ৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩১ জানুৱাৰী* নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত শক্তিপীঠ হিচাপে বিখ্যাত বালিলেছা শ্ৰীশ্ৰী কালী দেৱালয়ৰ ৰাজহুৱা অতিথি গৃহ নিৰ্মাণৰ বাবে আণ্টাইড পুঁজিৰ পৰা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ অধীনত ২৫ লাখ টকা অসম চৰকাৰে আবণ্টন দিছিল। আজি শুকুৰবাৰে বিধায়ক অশোক শৰ্মাৰ হৈ অতিথি গৃহটোৰ আধাৰশিলা স্থাপন কৰে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাই ৷ বিশেষ চৰকাৰী কামত গুৱাহাটীলৈ যাব লগা হোৱাত বিধায়কগৰাকী উপস্থিত থাকিব নোৱাৰিলে । অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া কৃষ্ণা বৰুৱা, কালী মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক জিতুমণি ডেকা, দুই নং পঞ্চায়তৰ সভানেত্ৰী ৰীতা ডেকা, আঞ্চলিক সদস্য অঞ্জলি ডেকা আৰু শতাধিক গাঁওবাসী ৰাইজ । বালিলেছাৰ ঐতিহাসিক এই শক্তিপীঠখনৰ উন্নয়নৰ প্ৰতি  সহযোগিতা আগবঢ়োৱা বাবে সভাত নিতুল ডেকাই ভাষণ প্ৰসঙ্গত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক অশোক শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে আগন্তুক সময়ত আম

নলবাৰীৰ মুলাৰকুছিত গৰখীয়া সেৱা আৰু সভা মহোৎসৱ

*নলবাৰীৰ মুলাৰকুছিত গৰখীয়া সেৱা আৰু সভা মহোৎসৱ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ জানুৱাৰী* নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ এখনি গাঁও মুলাৰকুছি ৷ এই গাঁৱখনি ৰাইজৰ সদিচ্ছাৰে প্ৰায়ে নাম-প্ৰসঙ্গৰে মুখৰিত হৈ থাকে ৷ অইন বেলিৰ দৰে এইবেলিও অহা ৮, ৯ আৰু ১০ ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে মুলাৰকুছি ৰাজহুৱা শ্ৰীশ্ৰী গৰখীয়া থানত একবিংশতিতম্ গৰখীয়া সেৱা আৰু সভা মহোৎসৱ অনুষ্ঠিত হ'ব ৷ হৰমোহন বৰ্মণক সভাপতি, মৃদুল কুমাৰ বৰ্মণক কাৰ্যকৰী সভাপতি আৰু অনিল কুমাৰ বৰ্মণক প্ৰধান সম্পাদক হিচাপে লৈ মূল সভা উদযাপন সমিত এখন গঠন কৰা হৈছে ৷ সভা মহোৎসৱৰ প্ৰথম দিনা আন আন কাৰ্যসূচীৰ লগতে নিশা ৯ বজাত নষ্ট ভ্ৰষ্ট প্ৰেতসভা নামৰ নাট এখনো মঞ্চস্থ কৰা হ'ব ৷ দ্বিতীয় দিনা গৰখীয়া সেৱাকে আদি কৰি বিভিন্ন কাৰ্যসূচীৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা প্ৰমুখ্যে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা মুলাৰকুছিৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চত্তৰ মাধ্যমিক শেষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত দুগৰাকী ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হ'ব ৷ নিশা ৯ বজাত সুৰৰ এসন্ধ্যা ক

দুস্প্ৰাপ্য সোণালী বান্দৰৰ বিচৰণস্থলী হৈ পৰিছে বঙাইগাঁৱৰ নাককাটি পাহাৰ

Image
দুস্প্ৰাপ্য সোণালী বান্দৰৰ বিচৰণস্থলী হৈ পৰিছে বঙাইগাঁৱৰ নাককাটি পাহাৰ  বঙাইগাওঁ জিলাত বিৰাজমান নাককাটি পাহাৰৰ এটা অংশ বৰ্তমান দুস্প্ৰাপ্য সোণালী বান্দৰৰ বিচৰণস্থলী হৈ পৰিছে । বইটামাৰী অঞ্চলৰ দেৱানগাওঁ হৈ পাহাৰখনত উঠা বহুলোকে বৰ্তমান পাহাৰখনত সোণালী বান্দৰে জাক পাতি বিচৰণ কৰা দেখিবলৈ পায় । পাহাৰখনত দুস্প্ৰাপ্য সোণালী বান্দৰে এনেদৰে বিচৰণ কৰা দেখি আনন্দিত হৈ পৰিছে লোকসকল । উল্লেখ্য যে নাককাটি পাহাৰৰ পৰা কিছু দূৰৈত থকা কাকৈজানা সংৰক্ষিত বনাঞ্চল সোণালী বান্দৰৰ বাসস্থান তথা বিচৰণস্থলী । তাৰ পৰাই নাককাটি পাহাৰতো এই সোণালী বান্দৰ অহা বুলি সন্দেহ কৰা হৈছে । উল্লেখ্য যে এটা সময়ত বন বিভাগৰ ছত্ৰছায়াত মুকলি কৈ নাককাটি পাহাৰত বন ধ্বংসযজ্ঞ চলাৰ বাবে পাহাৰখনৰ বেছিভাগ ঠাইতে গছ-গছনি নোহোৱা হৈছিল । কিন্তু আজিৰ পৰা কেইবছৰমান আগৰে পৰা নৰ্থ বইটামাৰীৰ দেৱানগাৱঁৰ এদল যুৱকে পাহাৰখনত হোৱা এই বনধ্বংস প্ৰতিহত কৰাৰ বাবে প্ৰচেষ্টা বহন কৰে । পাহাৰখনৰ এটা অংশত খৰিৰ বাবে গছ কটাও বন্ধ কৰে । লগতে পহৰা দিবলৈ লয় । সমান্তৰালভাৱে নাককাটি পাহাৰত থকা শিখৰৰ এচটা শিলৰ লগত আমেৰিকা আৰু নৰৱেৰ দুচটা শিলাখণ্ডৰ সাদৃশ্য

ভেলাখামাৰৰ ভলীবল প্ৰতিযোগিতা স্থগিত

Image
ভেলাখামাৰৰ ভলীবল প্ৰতিযোগিতা স্থগিত ---- গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ গাঁৱৰ পূ্ৱালী সংঘৰ উদ্যোগত আয়োজন কৰা প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাখনি অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে ৷ পূৱালী সংঘৰ সদস্য প্ৰশান্ত কুমাৰ দেৱ নাথে জানিবলৈ দিয়া মতে, ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰা হৈছিল মুকলি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাখনি ৷ পিছে,বিশেষ অসুবিধা বশতঃ প্ৰতিযোগিতাখনি স্থগিত ৰখা হৈছে ৷ প্ৰতিযোগিতা খনিৰ পৰবৰ্তী দিন তাৰিখ অতি শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি সংঘৰ তৰফৰ পৰা জানিবলৈ দিছে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

বঙাইগাঁৱত বিচিএফ, আকমা, আনলা, এচটিএফ আৰু আপাকে ধৰি পাঁচ আদিবাসী যুদ্ধ বিৰত সংগঠনৰ বৈঠক- সংবাদমেল

Image
বঙাইগাঁৱত বিচিএফ, আকমা, আনলা, এচটিএফ আৰু আপাকে ধৰি পাঁচ আদিবাসী যুদ্ধ বিৰত সংগঠনৰ বৈঠক- সংবাদমেল  শান্তি আলোচনাৰ বাবে চৰকাৰক বান্ধি দিলে ১৫ দিনৰ চৰম সময় সীমা  অন্যথা হাতত পুনৰ অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ  বঙাইগাঁওঃ ২৯ জানুৱাৰীঃ চৰকাৰে যুদ্ধ বিৰতিত থকা পাঁচটাকৈ সশস্ত্ৰ আদিবাসী বিদ্ৰোহী সংগঠনক শান্তি আলোচনাৰ নামত প্ৰতাৰণা কৰি অহাত ক্ষুদ্ধ হৈ পৰিছে বিদ্ৰোহী সংগঠনকেইটা ৷ আজি বঙাইগাঁও চহৰত চৰকাৰৰ এনে বঞ্চনাৰ বিৰুদ্ধে যুদ্ধ বিৰতিত থকা সশস্ত্ৰ সংগঠনকেইটাই এখন বৈঠকত মিলিত হৈ অহা ১৫ দিনৰ ভিতৰত সংগঠনকেইটাৰ সৈতে এখন আদিবাসী শান্তি চুক্তি কৰিবলৈ চৰকাৰক চৰম সীমা বান্ধি দিছে ৷ মূল দাবী জনজাতিকৰণকে ধৰি সংগঠনকেইটাৰ সন্মিলীত দাবী চনদকলৈ আলোচনাৰ জৰিয়তে এই শান্তি চুক্তি কৰিবলৈকো দাবী জনাইছে ৷ অন্যথা সংগঠনকেইটাই পুনৰ হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ব বুলি চৰকাৰক স্পষ্ট কৰি দিছে ৷ উল্লেখ্য যে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন সাংবিধানিক অধিকাৰৰ দাবীত গঠন হোৱা সশস্ত্ৰ সংগঠন বিচিএফ , আকমা, আনলা, এচটিএফ আৰু আপা এই পাঁচটা সংগঠন মিলি গঠিত সংযুক্ত আদিবাসী শান্তি আলোচনাপন্থী সংগঠনটোৰ এখন বৈঠক বঙাইগাঁৱ

ৰঙিয়াত পথ দুৰ্ঘটনা নিহত ১, আহত ২০

*ৰঙিয়াত পথ দুৰ্ঘটনা নিহত ১, আহত ২০*  প্ৰতিবেদক, ৰঙিয়া, ২৯ জানুৱাৰীঃ কামৰূপ জিলাৰ ৰঙিয়াত আজি আবেলি সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আন ২০ জন কন কন ছাত্ৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি ৰঙিয়া মৰানজানাৰ কামৰূপ পেকেজিঙত কৰ্মৰত সিদ্ধেশ্বৰ তালুকদাৰ (৩২) নামৰ লোকজনে মৰানজানাৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি সশস্ত্ৰ সীমা বলৰ কাষত থকা এটিএমৰ পৰা টকা আনিবলৈ যাওঁতে গুৱাহাটী অভিমুখী আল্টা বাছ এখনে তীব্ৰ বেগে খুন্দা মৰাত তেওঁৰ থিতাতে মৃত্যু হয়।নিহত তালুকদাৰৰ ঘৰ নলবাৰী জিলাৰ বাহাৰঘাট সমীপৰ বৰগাছাত। দুৰ্ঘটনাৰ পিছত চালকজনে এএছ ১৪ চি ৫৫০১ গাড়ীখন লৈ উধাও হয় যদিও কেন্দুকোনাত গাড়ী এৰি চালকজনে পলায়ন কৰে। নিহত তালুকদাৰক দুৰ্ঘটনাস্থলীৰ পৰা এছ এছ বি জোৱানে উদ্ধাৰ কৰি ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত বৰ্তমান ৰঙিয়া সদৰ থানাৰ মৰ্গত ৰখাৰ হৈছে। আনহাতে ৰঙিয়া-কনিহা শিমলুৱাত মিনি ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাত ২০ জন কন কন ছাত্ৰ আহত হয়। আহত সকলৰ ভিতৰত ৪জন ছাত্ৰ গুৰুতৰ। তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। উল্লেখ্য ইছাদঘৰীয়া শংকৰদেৱ শ

ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত০ মহাবিদ্যালয় যুৱ মহোতসৱ এইবাৰ গড়গাওঁ মহাবিদ্যালয়ত

ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত০ মহাবিদ্যালয় যুৱ মহোতসৱ এইবাৰ গড়গাওঁ মহাবিদ্যালয়ত ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২৯ জানুৱাৰী ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত০ মহাবিদ্যালয় যুৱ মহোতসৱ এইবাৰ গড়গাওঁ মহাবিদ্যালয়ত অনুষ্ঠিত হব | গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰাংগণত চাৰিদিনীয়াকৈ অনুষ্ঠিত হব লগা এই যুৱ মহোতসৱত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে নিজা নিজা ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হব | অহা ১১ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হব লগা যুৱমহোতসৱত সুন্দৰৰ সাধনাৰে জগত জিলিকাবলৈ অহা যুৱ প্ৰজন্মক উপস্হিত থাকি উতসাহিত কৰিবলৈ ৰাইজক কৰযোৰে অনুৰোধ জনাইছে গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সভাপতি সব্যসাচী মহন্ত আৰু যুটীয়া আহ্বায়ক ক্ৰমে দিলীপ কুমাৰ ডেকা আৰু জিতু শইকীয়াই | নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া