Posts

Showing posts from June, 2021

ৰাজ্যজুৰি স্বাক্ষৰ সংগ্ৰহ অভিযান চলাব ঋণগ্ৰস্ত মহিলাই

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুনঃ ৰাজ্য চৰকাৰৰ কেবিনেটত যোৱা ২৩ জুনত মাইক্ৰ'ফাইনেন্সৰ ক্ষুদ্ৰ ঋণ ৰেহাই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহনৰ বিপৰীতে ৰেজ্যু'লেচন লৈছে বুলি অসম চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰা মন্তব্যত আশ্চৰ্য প্ৰকাশ কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ এক প্ৰেছ বিবৃতিৰ জৰিয়তে সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে-- অসম চৰকাৰে ঋণমুক্তিৰ বাবে গঠন কৰা সিংঘল কমিটিৰ প্ৰতিবেদন কেবিনেটত উত্থাপন তথা ৰাজহুৱা নকৰাকৈ আৰু বিধানসভাৰ মজিয়াত আলোচনা, সমালোচনা তথা পৰামৰ্শক আওকাণ কৰি মুখ্যমন্ত্ৰীৰ মৌখিক ঘোষণাকে নীতি হিচাপে গ্ৰহণ কৰাটো দৰাচলতে গণতান্ত্ৰিক ৰীতি-নীতিক মোহাৰি দিয়াৰ কুচ-কাৱাজৰ বাহিৰে আন একো নহয় । প্ৰকৃততে চৰকাৰে ঋণমুক্তিৰ প্ৰসংগত স্বচ্ছতা বৰ্তাই ৰাখিবলৈ এটা ৱেবছাইট খুলিব লাগে যাতে সকলো নাগৰিকে কোন জিলাৰ কোন মাইক্ৰ'ফাইনেন্স কোম্পানীৰ কোন ঋণগ্ৰস্ত মহিলাৰ কিমান টকাৰ ঋণ আৰু সুদ মাফ হ'ব বা হ'ল তাক জানিব পাৰে ৷ সন্থাই ঋণ ৰেহাই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটি বৰ্গৰ ঋণগ্ৰস্ত ম

নগাঁৱত বেংকৰ আঁচনি সন্দৰ্ভত সজাগতা সভা সম্পন্ন#

Image
নগাঁৱৰ পৰা জয়ন্ত মুুদৈ, ২৬ জুনঃ নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, নগাঁও জিলা কৰ্মচাৰী পৰিষদ আৰু ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাওঁ শাখাৰ যৌথ উদ্যোগত শুকুৰবাৰে বেংকৰ আঁঁচনি সন্দৰ্ভত এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বেংকে আগবঢ়োৱা আপন ঘৰ , বিদ্যালক্ষ্মী আদি আচঁনিৰ লগতে বিভিন্ন আচঁনিৰ বিষয়ে বেংক কৰ্তৃপক্ষই অৱগত কৰে । সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ, সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাস, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্মা, কোষাধ্যক্ষ ধনটি শইকীয়াৰ লগতে বেংক কৰ্তৃপক্ষৰ তৰফৰ পৰা হয়বৰগাওঁ শাখা ষ্টেট বেংকৰ মূখ্য প্ৰবন্ধক ৰূপক দাস, গ্ৰাহক সমন্বয়ক তন্ময় ভৰদ্বাজ, মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰ প্ৰবন্ধক গৌৰৱ পাল, চি ভি পৰিচালক সুব্ৰত দাস প্ৰমুখ্য বিষয়াসকল উপস্থিত থাকি বেংকে আগবঢ়োৱা সা-সুবিধা সমুহৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়াই । বেংক কৰ্তৃপক্ষই লোৱা এনে প্ৰচেষ্টাই চৰকাৰী কৰ্মচাৰী সকলক সকাহ দিয়াৰ লগতে বিভিন্ন দিশত আগুৱাই যোৱাত যথেষ্ট

ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

Image
প্ৰতিবেদক , ৰঙিয়া ২৬ জুনঃ প্ৰায় দুমাহ ধৰি চলা সকলো ধৰণৰ জল্পনা কল্পনাৰ অৱসান ঘটাই আজি ৰঙিয়া সমষ্টিৰ দুবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক অসম প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ৰাজ্যত দ্বিতীয়টো শাসনভাৰ বিজেপিৰ হাতলৈ অহাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দ্বায়িত্ব লৈ থকা ৰঞ্জিত কুমাৰ দাসে অসম মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে পৰবৰ্তী সভাপতিৰ দ্বায়িত্ব কোনে লাভ কৰিব তাক কেন্দ্ৰ কৰি  তীব্ৰ চৰ্চা চলি আছিল ৷ এনে সময়তে আজি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই পৰৱৰ্তী সভাপতি পদৰ বাবে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক নিযুক্তি দিয়ে। ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে স্বাক্ষৰিত পত্ৰযোগে বিধায়ক ভৱেশ কলিতাক পৰৱৰ্তী কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে৷ উল্লেখযোগ্য  ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে শপত লোৱাৰ পিছতেই ৰাজ্যিক সভাপতি পদটোৰ বাবে কেবাগৰাকী  নেতাৰ নাম উচ্তাৰিত হৈছিল যদিও অৱশেষত ৰাষ্ট্ৰীয় সমিতিয়ে ভৱেশ কলিতাক নিযুক্তি দিয়াত আজি ৰঙিয়াবাসীয়ে আনন্দত উৎফুল্লিত হৈ

চেঁচা নৈত পৰি সলিল সমাধি এজন শ্ৰমিকৰ**দলং নিৰ্মাণৰ দাবী*

Image
চেঁচা নৈত পৰি সলিল সমাধি এজন শ্ৰমিকৰ* *দলং নিৰ্মাণৰ দাবী* ৫৬ নং কমলপুৰ বিধান সভা সমষ্টিৰ হৰদত্ত গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখন প্ৰাকৃতিক সৌন্দৰ্যেৰে মনোমোহা অথচ অতিকৈ পিছপৰা গাঁও হৈছে বৰকুৰিহা । গাঁওখনত এই একবিংশ শতিকাতো উচ্চশিক্ষাৰ বাবে কলেজ দূৰৰ কথা এখন হাইস্কুলো নাই, নাই প্ৰথমিক স্বাস্থ্যকেন্দ্ৰও । উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ৰঙিয়া, গোৰেশ্বৰ অথবা বাইহাটা চাৰিআলিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় । গাওঁখনৰ পৰা আঢ়ৈ কিলোমিটাৰ আঁতৰত মুক্তাপুৰ পাতিদৰং কলেজ আছে যদিও যাতায়তৰ সুচল ব্যৱস্থা নথকা হেতু ছাত্ৰ ছাত্ৰীসকলে কমাৰগাঁও হৈ এপাক ঘূৰি যাবলগীয়া হয় বাবে এই পথ যথেষ্ট দীঘল হৈ যায় । গাঁওখনৰ পূৱ সীমাৰে বৈ যোৱা চেঁচা নামৰ নদীখনৰ ওপৰত দলং নোহোৱা বাবেই তেওঁলোকে এনেদৰে সময় অপব্যয় কৰি দূৰ পথেৰেই কলেজলৈ যাবলগীয়া হয় । নদীখনত দলং এখন হলে মুক্তাপুৰ অঞ্চলৰ সৈতে গাওঁখন প্ৰত্যক্ষভাবে সাঙোৰ খাই পৰিব আৰু ইয়াৰ ফলত ব্যৱসায় বাণিজ্যতো গাঁওখন উপকৃত হ'ব ।  উল্লেখযোগ্য যে যোৱা 18 জুনৰ দিনা গাঁওখনৰে কুৱৰীবাৰী চুবুৰীৰ শ্ৰমিক সুৰেশ শৰণীয়া (৫০) ৰ কামলৈ যোৱাৰ বাটত  এই চেঁচানৈতে পৰি কৰুণভাবে  সলিল সমা

বাটে-ঘাটে*

Image
*বাটে-ঘাটে* ৰাতুল দাস শৰণীয়া এগছি যাদুকৰী চাকিৰ সন্ধানত ................................................................................................................. কিছুবছৰ আগতে ভাগিন ল’ৰাটোৱে দূৰদৰ্শনৰ ধাৰাবাহিকত ‘শক্তিমান’ চাই শক্তিমানৰ অনুকৰণত ‘শ... ক্তি... মান... ন’ বুলি ঠাইতে চিঞৰ এটা মাৰি আকাশত উৰিব খোজা দৃশ্য উপভোগ কৰি যথেষ্ট কৌতুক অনুভৱ কৰিছিলো৷ কলডিলৰ গদা ঘূৰাই হনুমানো হৈছিল সি মাজে মাজে৷ গাল দুখন এক বিশেষ কায়দাৰে ফুলাই লৈ ‘জয় শ্ৰীৰাম’ বুলি সি প্ৰথমে দাৰা সিঙৰ সংলাপটো আওৰাইছিল৷ তাৰ পিছত পুৱন পুত্ৰ হনুমান হৈ তাৰ কল্পনাৰ আকাশমাৰ্গত আলাসতে নিৰন্তৰ বিচৰণ কৰিছিল৷ ঘোৰ তপশক্তিৰ বলত অমৰত্বৰ বৰ লাভ কৰা লংকাধিপতি ৰাৱণৰ তপস্যা কৰাৰ ধৰণ ‘ৰামায়ণ’ ধাৰাবাহিক চাই স্বজ্ঞানে আয়ত্ত কৰাৰ পিছত চোতালৰ আগৰ সৰু গোসাঁইঘৰটোত সোমাই ভজিতা ল’ৰাটোৱেও দুদিনমান ‘শিৱস্তুতি’ কৰি গধূলিৰ পঢ়া সময়খিনি আনাহক নষ্ট কৰিছিল৷ কথাটো বৰ বিশেষ ভাল যেন নেদেখি এদিন তাৰ আগত শিৱ মহাশয়ৰ কিম্ভূতকিমাকাৰ ভূতনাথ ৰূপৰ সৰল বৰ্ণনা এটা আগবঢ়ালো৷ সুধিলো– সি বিচৰা ধৰণে যদি গলে সৰ্পমালা, কংকালে ব্যাঘ্ৰ চৰ্ম, শিৰে জঁটাধাৰ ল

একাংশ অসাধু বিষয়া-কৰ্মচাৰীৰ সোণৰ কণী পৰা হাঁ‌হত পৰিণত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ পানী যোগান আচনীৰ প্ৰকল্প

Image
ধোৱচাঙত 'জল-জীৱন মিছন'  একাংশ অসাধু বিষয়া-কৰ্মচাৰীৰ সোণৰ কণী পৰা হাঁ‌হত পৰিণত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ পানী যোগান আচনীৰ প্ৰকল্প  ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃতপ্ৰায় অৱস্থাত জৰাজিৰ্ণ হৈ পৰি আছে বহু বিশুদ্ধ খোৱাপানী যোগান কেন্দ্ৰ । একেদৰে বাক্সাৰ গোৰেশ্বৰতো হাবি জংগলেৰে পৰিপূৰ্ণ হৈ আছে বহু কেইটা বিশুদ্ধ খোৱাপানী যোগান কেন্দ্ৰ । বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰে দূৰ্ণিতিৰ আশ্ৰয় লৈ বিসংগতিপূৰ্ণ কাম কৰি দায়িত্ব সামৰাৰ ফলত মাত্ৰ কেইদিন মানহে ৰাইজে পানী পাবলৈ সক্ষম হয় ।সম্প্ৰিতি হাবি-জংঘলেৰে ভূত বাংলাত পৰিণত হৈছে বাক্সাৰ গোৰেশ্বৰৰ বহু কেইটা পানী যোগান আচঁ‌নীৰ প্ৰকল্প ।যি সময়ত বাক্সা জিলাৰ ভিন্ন প্ৰান্তত আৰ্চেনীকৰ উপস্থিতি ধৰা পৰিছে এনে সময়তো চৰকাৰৰ অভিলাষি আচনী সমূহ থকা স্বত্বেও এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে বহু গঞা ৰাইজ ।আৰু এনেদৰে সম্প্ৰিতি শ-শ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বাবে বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰ সমূহ সোণৰ কণী পৰা হাঁ‌হত পৰিণত হৈছে ।যাৰফলত কোটি কোটি টকা ব্যয় কৰাৰ পিছতো ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । অসাৰ হৈ পৰিছে

যশস্বী অভিনেতা প্ৰদীপ নিশিথৰ সৈতে এক অন্তৰংগ আলাপ-------------------------------

যশস্বী অভিনেতা প্ৰদীপ নিশিথৰ সৈতে এক অন্তৰংগ আলাপ ---------------------------------------- অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক, মঞ্চ আৰু হিন্দী ধাৰাবাহিক আদিত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেতা প্ৰদীপ নিশিথৰ সৈতে এক অন্তৰংগ আলাপৰ সম্পাদিত ৰূপ ৰহস্যৰ পাঠকৰ বাবে আগবঢ়োৱা হল:----- 1.অসমৰ অভিনয় জগতলৈ আপোনাৰ প্ৰৱেশ কেনেকৈ হল? প্ৰদীপ নিশিথ:---প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰ থিয়েটাৰৰ যোগেদি অভিনয় জগতত প্ৰৱেশ ঘটে 2001চনত। 2.অভিনয় জগতলৈ আহোঁতে  আপোনাৰ পিতৃ-মাতৃৰ অৰিহনা নিশ্চয় আছে।আপোনাৰ পিতৃ মাতৃৰ বিষয়ে অলপ কওকচোন? প্ৰদীপ নিশিথ:---পিতৃ মাতৃৰ অৰিহণা আছিল।মা দেউতা বৰ্তমান নাই।তেওঁলোক ঢুকাল।তেওঁলোকৰ উৎসাহ আছিল।পিতৃৰ নাম স্বৰ্গীয় উমেশ চন্দ্ৰ দাস আৰু মাতৃৰ নাম জানকীবালা দাস। 3.সম্প্ৰতি নতুন প্ৰজন্মৰ কোনবোৰ কথাই আপোনাক চিন্তিত কৰে? প্ৰদীপ নিশিথ:--- নতুন প্ৰজন্মৰ ভৱিষ্যত কি হব।কি কৰিব তেওঁলোকে।কাম কাজ নাই।বৰ্তমান সংস্থাপন নাই তেওঁলোকৰ। 4.আপোনাৰ অসাধাৰণ অভিনয় প্রতিভাৰ বাদে সাহিত্য, সংগীত বা আন কোনো বিষয়ত ৰুচি আছে নেকি? প্ৰদীপ নিশিথ:--- ৰুচি আছে।নাটক পঢ়া আৰু নাটক লিখাত ৰুচি আছে। 5.অকল শিক্ষা আৰু সংস্কৃতিয়েই এটা জা

বাক্সাৰ কেইবাখনো নৈয়ে কঢ়িয়াই আনিছে বিপদৰ আগজাননী

Image
বাক্সাৰ কেইবাখনো নৈয়ে কঢ়িয়াই আনিছে বিপদৰ আগজাননী  #ৰূপায়িত নহ'ল খহনীয়া প্ৰতিৰোধৰ দীৰ্ঘম্যাদি আচঁনি# চপৰা-চপৰে খহিছে পাৰ নাওকাটা,২৫জুনঃ ৰাজ্যৰ নৱনিযুক্ত জলসম্পদ মন্ত্ৰী পিয়ুস হাজৰিকাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ভগ্ন মথাউৰি বাৰিষাৰ পূৰ্বে নিৰ্মাণ কৰাৰ হকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত দেখা গৈছে ইয়াৰ বিপৰীত প্ৰতিচ্ছবি।চুবুৰীয়া দেশ ভূটানৰ পৰা খৰস্ৰোতেৰে নামি অহা তথা জিলাখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈয়ে এতিয়া বিপদ নমাই আনিছে অঞ্চলবাসীৰ মাজত। বিশেষকৈ বাৰিষাৰ সময়ছোৱাত চুবুৰীয়া দেশ ভূটানত হোৱা প্ৰৱল বৰষুণ তথা কেইবাটাও সৰু-বৰ বান্ধৰ পানী হুৰহুৰাই নামি জিলাখনৰ মাজেৰে বৈ যোৱা পুঠিমাৰী, শুক্লাই, নাওবান্ধা, চেওচুঙা আদিকে ধৰি কেইবাটাও সৰু-বৰ নৈ তথা ডোঙৰ জলস্তৰ তুলনামূলকভাৱে বৃদ্ধি পোৱাৰ সময়তে নৈ-পৰীয়া গঞাৰ মাটি -ভেঁটিৰ প্ৰতি ভাবুকি নামি আহিছে।বছৰ -বছৰ ধৰি বানৰ সময়ছোৱাত কালৰূপ ধাৰণ কৰি অহা পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ২ নং বেটাগাঁৱৰ অৰ্ধ-শতাধিক পৰিয়ালক পথৰ ভিক্ষাৰীত পৰিণত কৰি পেলোৱাৰ সমান্তৰাল দিনে -নিশাই চিন্তাত দিন পাৰ

জিঅ' এয়াৰটেলৰ নিম্নমানৰ সেৱাত জ্বলা-কলা নাওকাটাবাসীৰ#বিদ্যুৎ নাথাকিলে নাথাকে নেটৱৰ্ক

#জিঅ' এয়াৰটেলৰ নিম্নমানৰ সেৱাত জ্বলা-কলা নাওকাটাবাসীৰ# বিদ্যুৎ নাথাকিলে নাথাকে নেটৱৰ্ক নাওকাটা,২৫ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যকটো ভাষণত ডিজিটেল ইণ্ডিয়াৰ কথা কৈ অহাৰ সময়তে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাকে ধৰি দাতি-কাষৰীয়া সুৱাগপুৰ,বাঙালীপাৰী, অম্বৰিশনগৰ, উপৰখুঁটি,ঔবাৰী,বেটাগাঁও,চেনীগাঁও আদি অঞ্চলত অব্যাহত আছে ম'বাইল টাৱাৰসমূহ পৰিচালনা কৰা একাংশ কোম্পানী তথা কৰ্মচাৰীৰ মইমতালি। বিশেষকৈ ৰিলায়েন্স জিঅ' আৰু ভাৰতী এয়াৰটেল কোম্পানীৰ অধীনস্থ একাংশ গ্ৰাহকে এতিয়া ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে এইসমূহৰ চেলুলাৰ সেৱাৰ বাবে।কিয়নো নামমাত্ৰ বৰষুণ অথবা বতৰ ডাৱৰীয়া হ'লেও বন্ধ থাকে টাৱাৰ।যাৰবাবে বৃহত্তৰ অঞ্চলটোৰ একাংশ ব্যৱসায়ীকে ধৰি বৰ্তমান ঘৰতে অনলাইন ক্লাছৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীও হাৰাশাস্তিৰ সন্মুখীন হ'ব লগীয়া হৈছে।আনহাতে অঞ্চলটোৰ ভিন্ন স্থানত অৱস্থিত ম'বাইল টাবাৰ সমূহ চোৱা-চিতা কৰা একাংশ কৰ্মচাৰীয়ে টাৱাৰৰ ডিজে চলোৱাৰ বাবে অহা ডিজেল বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া যাৰ বাবে বিদ্যুৎ যোগান বন্ধ থকাৰ লগে লগে বন্ধ হৈ পৰে

দহলাহাবিৰ এগৰাকী দৃষ্টিহীন যুৱকৰ কৰুণ জীৱন কাহিনী

Image
দহলাহাবিৰ এগৰাকী দৃষ্টিহীন যুৱকৰ কৰুণ জীৱন কাহিনী জীৱনৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰিছে দৃষ্টিহীন প্ৰাণজিতে,সকলোলৈ সহায়ৰ আহ্বান এগৰাকী দৃষ্টিহীন যুৱক । জীৱনৰ মাথো ২২ টা বসন্ত গৰকা যুৱকজনে হঠাতে ২০১৭ ইং বৰ্ষত দৃষ্টি শক্তি হেৰুৱাই বিগত তিনিটা বছৰে কঠিন জীৱন সংগ্ৰামত ব্ৰতী হৈ থাকিব লগীয়া হৈছে যদিও যুৱকজনে কিন্তু হেৰুৱাই পেলোৱা নাই জীৱনৰ ছন্দ । বাগসা আৰু ওদালগুৰি জিলাৰ সীমান্তবৰ্তী পানেৰী সমষ্টিৰ এখন ভিতৰুৱা গাঁও নাম দহলাহাবি । ভেৰগাওঁ উন্নয়ণ খণ্ডৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত যুৱক প্ৰাণজিৎ দাসৰ যন্ত্ৰণা কাতৰ জীয়া কাহিনী এয়া ৷ প্ৰয়াত ৰাজেন দাস আৰু মাতৃ সাৰদা দাসৰ প্ৰথম পুত্ৰ প্ৰাণজিৎ । পিতৃৰ বিয়োগৰ পিছত এইজন চফল সুঠাম ডেকা প্ৰাণজিতে ঘৰখন চলাই আছিল বিভিন্ন কাম বন কৰি। কিন্তু কালৰ কুটিল গতিত ২০১৭ ইং বৰ্ষৰ পৰা চকুৰ ৰোগত ভুগিবলৈ আৰম্ভ কৰে প্ৰাণজিতে আৰু এনেদৰে প্ৰায় এবছৰৰ পিছত সম্পূৰ্ণ দৃষ্টিশক্তি হেৰুৱাই পেলাই তেও । ৰাজ্যখনৰ ক’ত চিকিৎসা কৰা নাই প্ৰাণজিতে । তেওঁৰ বন্ধু বৰ্গৰ লগতে পৰিয়ালে অসমৰ লগতে বাহিৰৰ বিভিন্ন ঠাইতো চিকিৎসা কৰালে প্ৰাণজিতৰ তথাপি কিন্তু চকুৰ দৃষ্টি শক্তি ঘুৰাই আনিবলৈ স

আজি দেশজুৰি বিজেপিৰ ক’লা দিৱস পালন : ৰাজ্যিক কাৰ্যালয়ত মুখ্য বক্তা আৰ এছ এছ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস

Image
গুৱাহাটী : ১৯৭৫ চনৰ ২৫ জুন তাৰিখে তদানীন্তন কংগ্ৰেছ চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্হাৰ প্ৰতিবাদত  আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে  প্ৰতি বছৰৰ দৰে এইবাৰো “কলা দিৱস“ ৰূপে পালন কৰে ৷ ক’ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যলয়ত পুৱা ১১ বজাত ৰাজ্যিক পৰ্য্যায়ত  এখনি ভিডিঅ ’ কনফাৰেঞ্চৰ জৰিয়তে এই প্ৰতিবাদী “কলা দিবস “ পালন কৰা হয় ৷  অনুষ্ঠানটোত ৰাজ্যিক সভাপতি ৰণজিৎ দাস, উপ-সভাপতি সপ্ননীল বৰুৰা, সাধাৰণ সম্পাদক সাংসদ তপন গগৈ, সাংসদ পল্লবলোচন দাস, অসমৰ মন্ত্ৰী অশোক সিংহল,  আৰু দলৰ ৰাজ্যিক বিষয় ববিয়া নেতা কাৰ্য্যকৰ্তাৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক তথা অসম ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে মুখ্য অতিথি ৰূপে বক্তব্য ৰাখে।  ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকা, ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় জ্যেষ্ঠ কাৰ্য্যকৰ্তা শ্ৰী হৰেকৃষ্ণ ভড়ালীয়ে সেই সময়ৰ কাৰাবৰণ কৰা অভিজ্ঞতা অবগত কৰে ৷  উক্ত অনুষ্ঠানটোত বিজেপিৰ সংবাদ কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলকে আদি কৰি কেবাগৰাকী নেতা-কৰ্মী দলৰ কাৰ্য্যলয়ত উপস্থিত থাকে।

কৰ’নাৰ দ্ৰুত সংক্ৰমণ≈≈বেবেজীয়া ডেইলী মাৰ্কেট এলেকা এসপ্তাহৰ বাবে বন্ধ ঘোষণা প্ৰশাসনৰ#

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ জুনঃ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলত শেহতীয়াভাবে কৰ’নাৰ দ্ৰুত সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ চলিত সপ্তাহটোত অঞ্চলটোত ভয়াৱহভাবে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷ আনকি যোৱা দুটা দিনত অঞ্চলটোৰ মুঠ ১৬ জন লোকৰ দেহত মাৰাত্মক ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ লগতে আজিৰ দিনটোত চিনাক্ত কৰা হয় আন এজন কৰ’না ৰোগী ৷ ফলত অঞ্চলটোত কৰ’নাৰ এনে দ্ৰুত সংক্ৰমনে সকলোকে চিন্তিত কৰি তুলিছে। সেয়ে অঞ্চলটোত কাল কৰ’নাৰ এনে দ্ৰুত সংক্ৰমণ ৰুধ কৰাৰ উদ্দেশ্যে ইতিমধ্যে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বেবেজীয়া চাৰিআলিৰ পংকজ হাৰ্ডওৱেৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে শনি মন্দিৰলৈকে থকা বাসগৃহ কেইটাক সামৰি যোৱা ১৬ জুনৰ পৰা চৈধ্য দিনৰ বাবে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ আচলতে, বৃহত্তৰ অঞ্চলটোৰ একাংশ অসচেতন নাগৰিকে কৰ’নাৰ প্ৰতি সচেতনতা অৱলম্বন নকৰি চৰকাৰে জাৰি কৰা নীতি-নিৰ্দ্দেশনা উলংঘাৰে জধে-মধে চলাফিৰা কৰি থকাৰ বাবেই অঞ্চলটোত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই অহাত অৰিহনা যোগাইছে বুলি সচেতন মহলে মন্তব্য কৰিছে। ইফালে, অঞ্চলটোত দেখা দিয়া কৰ’নাৰ এনে ভয়াৱহ পৰিস্থিতিৰ বাবেই

মহানগৰীৰ সত্ৰৰ ভুমি বেদখলকাৰীৰ বিৰুদ্ধে মন্ত্ৰী যোগেন মোহনৰ কঠোৰ সকিয়নি । ফটাশিল আমবাৰী , ভৰলু মাছখোৱাৰ বেদখলকাৰী উচ্ছেদৰ হংকাৰ

Image
পঙ্কজ নাথ, চাংসাৰি, ১৭ জুন : সত্ৰ সংস্কৃতিত আঘাট সহ্য কৰা নহব । সত্ৰৰ বেদখলকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহব ।  আজি উত্তৰ গুৱাহাটী আউনী আটী সত্ৰত ৰাজহ  ,দুৰ্যোগ ব্যবস্থাপনা আৰু খনিজ উন্নয়ন  বিভাগৰ মন্ত্ৰী যোগেন মোহন উপস্থিত হৈ এইদৰে বেদখলকাৰীৰ বিৰুদ্ধে সতৰ্ক বাণী দিলে । আঢ়ৈশ বছৰ পুৰণি গুৱাহাটী আমবাৰীৰ আমনি সত্ৰৰ বেদখলকাৰী ভুমিৰ চৰজমিন পৰিদৰ্শন কৰি পোনে পোনে উপস্থিত হ'ল আউনী আটী সত্ৰত   । সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেব গোস্বামীৰ সৈতে মিলিত  বৈঠকত  আউনী আটী সত্ৰকে ধৰি মহানগৰীৰ সত্ৰ সমুহৰ অবস্থাৰ বুজ লৈ মন্ত্ৰী জনাই সকলো ধৰণৰ সহযোগৰ আশ্বাস দিয়ে । গুৱাহাটীৰ মাজ মজিয়াতো উচ্ছেদৰ কথা কলে মন্ত্ৰী যোগেন মোহনে । কেবল ফটাশিল আমবাৰীয়ে নহয় মাছখোৱা ভৰলু য'তেই নহওঁক সাৰি যাব নোৱাৰে ভি আই পি ,ভি ভি আই পি । ফটাশিল আমবাৰীৰ আমনি সত্ৰৰ ষাঠি বিঘা বিঘা মাটিৰ বেদখলৰ কথা স্বীকাৰ কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে ভৰলু মাছখোৱাৰ বেদখলৰ বিষয়ে মন্ত্ৰী যোগেন মোহন অবগত নহয় যদিও ,সাংবাদিকৰ পৰা জানিব পাৰি  এই বৃহৎ ভুমিতো বেদখল কাৰীৰ বিৰুদ্ধে অভিযান চলিব বুলি দোহাৰে !  উত্তৰ কামৰূপৰ বনজ সম্পদৰ ৰাজহ হানিৰ স

নিজ হাতীচোঙত ২০০জনক ক’ভিড ভেকচিন প্ৰদান

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো জোৰদাৰ কৰি তোলা হৈছে ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷ ইয়াৰ অংশহিচাপে বৃহস্পতিবাৰে জিলাখনৰ নিজ হাতীচোং গাঁও পঞ্চায়তৰ এলেকাধীন কলবাৰীৰ ২৫২নং কাতনিগাওঁ এল পি স্কুলত গঞাৰাইজৰ সুবিধাৰ্থে জিলা স্বাস্থ্য বিভাগৰ ব্যৱস্থাপনাত এটি ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বুঢ়াগোঁসাই থান প্ৰাথমিক চিকিৎসালয়ৰ উদ্যোগত আৰু পূৱ হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত তথা নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধীৰ বিশেষ তৎপৰতাত অনুষ্ঠিত হোৱা এই শিবিৰত ১৮ বছৰ আৰু ৪৫ বছৰ উৰ্ধ্বৰ মুঠ ২০০ গৰাকী লোকক ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হয় ৷ ইফালে, উক্ত শিবিৰতে কৰা ৰেপিড এন্টিজেন টেষ্টত এগৰাকী মহিলাকে ধৰি দুজনৰ দেহত মাৰাত্মক ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে ৷

নলবাৰীৰ ঢুলীয়া শিল্পীৰ এতিয়া আখলত নজ্বলে জুই

Image
*জিলা খনৰ ধৰ্মপুৰ সমষ্টিৰ নতুন খেলুৱা গাৱৰ এই সকল ঢুলীয়া সংস্কৃতিৰ লগত জড়িত শিল্পী সকলৰ দুৰ্দশাৰ বুজ লবলৈ স্হানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ এতিয়া আহৰি নাই* *লক ডাউনৰ বাবে এতিয়া এই সকল ঢুলীয়াই বিয়া সবাহত নাপায় নিমন্ত্ৰণ*  *১৯৮৮ চনতে গঠিত জনসেৱা কামৰুপীয়া ঢুলীয়া শিল্পীৰ দলটোৱে পোৱা নাই কোনো ধৰনৰ চৰকাৰী সাহায্য* *এতিয়া মুখ্যমন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰীলৈ হাতজোৰ কৰি আহ্বান আমাক সহায় কৰক* নলবাৰীৰ পৰা শংকৰ দাস

সদৌ অসম মইনা পাৰিজাতৰ ঘুগুল মিতৰ যোগেদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ জন্ম জয়ন্তী পালন

Image
বৰহোলা - ১৮ জুনঃ ১৭ জুনৰ বিশ্ব বৰণ্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম শতবাৰ্ষিকী দিৱসটি সদৌ অসম মইনা পাৰিজাতে ঘুগুল মিতৰ যোগেদি এক মনোজ্ঞ অনুষ্ঠানেৰে পালন কৰে।বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে জ্যোতি প্ৰসাদ আগৰৱালাৰ তামুলবাৰী চাহ বাগিছাৰ বাসগৃহত থকা প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য অমৃত ফুকনে ।সদৌ অসম মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি ড০ মন্টু মনি দত্তই উদ্ধোধন কৰা অনুষ্ঠানত আগৰৱালা দেৱৰ জেষ্ঠা কন্যা  জয়শ্ৰী চলিহাই পিতৃৰ পৰা আহৰণ কৰা অভিজ্ঞতা বাখ্যা দাঙি ধৰি বক্তব্য প্ৰদান কৰে। ২২ খন জিলাৰ পৰা ৬১জন মইনাই জ্যোতি প্ৰসাদৰ কবিতা আবৃত্তি, জ্যোতি সংগীত আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। সদৌ অসম মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক ৰাতুল বৰা আৰু সম্পাদক বিৰেণ কলিতাৰ লগতে বিভিন্ন জিলাৰ সভাপতি, সম্পাদক সকল উপস্থিত থকা অনুষ্ঠানৰ মইনা সকলৰ অনুষ্ঠান প্ৰদৰ্শন অতি উচ্চ মানৰ আছিল।সদৌ অসম মইনা পাৰিজাতৰ সাংস্কৃতিক কোষৰ আহ্বায়ক মোহন দত্ত আৰু পিংকু বৰাই পৰিচালনা কৰা অনুষ্ঠানটিতৰ শেষত সাধাৰণ সম্পাদক ৰ

*বৰপেটাৰ অস্বাস্থ্যকৰ মাংসৰ বজাৰত প্ৰশাসনৰ অভিযান, *১৬০০০ টকাৰ জৰিমণা, ৭ দোকান বন্ধ*

Image
বৰপেটা, ১৭ জুন : বৰপেটা  জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ নিৰ্দেশ মৰ্মে প্ৰশাসনৰ তৰফৰ পৰা বিধি বৰ্হিভূতভাবে মাংস বিক্ৰী কৰা দোকান সমূহৰ বিৰুদ্ধে কালি আৰু পৰহি অভিযান চলাই  ১৬ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ লগতে ৭ খন দোকান বন্ধ কৰি দিয়া হয়। পথৰ দাতিঁতে যধে-মধে মাছ-মাংস বিক্ৰি কৰা বুলি পোৱা অভিযোগৰ ভিত্তিত আৰু স্বাস্থ্য সন্মতভাবে মাংস বিক্ৰী কৰাটো নিশ্চিত কৰিবলৈ জিলা উপায়ুক্ত‌ই জিলা পশুপালন তথা পশু চিকিৎসা বিভাগ আৰু পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া সকলক দিয়া নিৰ্দেশ ক্ৰমে কালি আৰু পৰহি বৰপেটা চহৰ আৰু ইয়াৰ দাতিঁ কাষৰীয়া অঞ্চল সমূহত এই অভিযান চলোৱা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, এই অভিযান কালত সৰহভাগ দোকানৰে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নথকাৰ উপৰি কোনো স্বাস্থ্য বিধি মানি চলা পৰিলক্ষিত নহল। তদুপৰি কোভিড বিধি উলংঘা কৰি মাস্ক পৰিধান নকৰা বাবেও বৰপেটা চহৰৰ মূল বজাৰ, মুছলিমপট্টি, মেটুৱাকুছী আৰু ভেৰাগাওঁত প্ৰায় কুৰিখন দোকানত অভিযান চলোৱা হয়। ইয়াৰে ১৫ খন দোকানৰ পৰা ১৬ হাজাৰ টকা জৰিমনা বিহাৰ লগতে আন ৭ খন দোকান সম্পূৰ্ণ বন্ধ কৰাৰ নিৰ্দেশ দিয়া

এনচিচিৰ উত্তৰ পূৱ মণ্ডলৰ এডিজিৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ; পাৰদৰ্শিতাৰ ভিত্তিত ৰাজ্যৰ এন চি চি কেডেটক নিযুক্তি দিয়াৰ ঘোষণা

Image
গুৱাহাটী , ১৬ জুন :  ৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) কেডেট সকলক তেওঁলোকৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য প্ৰশাসনৰ বিভিন্ন পদবীত নিযুক্তি দিয়া হব । তেনেদৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ( ইউ জি চি ) এন চি চি সন্দৰ্ভত যি নিৰ্দেশনা আছে তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হব । এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । আজি বিয়লি এন চি চি ৰ উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি )  মেজৰ জেনেৰেল অনন্ত ভুঞাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰ সচিবালয়ৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰাৰ সময়ত  এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । ডঃ শৰ্মাই কয় ৰাজ্যৰ মহাবিদ্যালয় সমূহত এন চি চি ৰ ক্ষেত্ৰত ইউ জি চি য়ে দিয়া নিৰ্দেশনাবলী যাতে কাৰ্য্যকৰী হয় তাৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে । সাক্ষাৎ কালত এন চি চি ৰ গুৱাহাটী গ্রুপৰ গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জে চি তালুকদাৰ উপস্থিত থাকে ।

অভিনেতা নয়ন নিৰ্বান বৰুৱাৰ পিতৃৰ বিয়োগ

Image
নগাঁৱৰ জয়ন্ত মুদৈ, ১৬ জুনঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ কিছু নিলগৰ ঐতিহ্যমণ্ডিত উপৰ ডুমডুমীয়া সত্ৰ নিৱাসী শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসমৰ অন্যতম জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বান বৰুৱাৰ পিতৃ প্ৰফুল্ল বৰুৱাৰ কালি নিশা প্ৰায় ২ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে ৷ ডুমডুমীয়া-বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহন কৰা বৰুৱাই স্থানীয় অঞ্চলত এক সুস্থিৰ শৈক্ষিক পৰিবেশ গঢ়ি তোলাত যথেষ্ট অৰিহনা যোগাই আহিছিল ৷ তেওঁ শিক্ষকতাৰ সমান্তৰালকৈ স্থানীয় বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থাকি সমাজৰ হকে সেৱা আগবঢ়াই বৃহত্তৰ অঞ্চলৰ সমাজ জীৱনৰ লগত সাঙুৰ খাই পৰিছিল ৷ সৎ, অমায়িক আৰু সৰবৰহী বৰুৱাৰ মৃত্যুত উপৰ ডুমডুমীয়া সত্ৰ, বালিসত্ৰৰ ভকত-বৈষ্ণৱৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ মৃত্যুৰ সময়ত অভিনেতা পুত্ৰ নয়ন নিৰ্বানসহ তিনিজন পুত্ৰ, বোৱাৰী, এগৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনীকে ধৰি অনেক ইষ্ট-কুটুম্বক ইহসংসাৰত এৰি থৈ যোৱা প্ৰফুল্ল বৰুৱাৰ মৃত্যুত স্থানী

নিৰ্মাণৰ আঠ বছৰৰ অন্তত বেকীপুল স্বাস্থ্য উপকেন্দ্ৰ মুকলিঃ শুভ উদ্বোধন কৰিলে নৱনিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে

Image
অৱশেষত আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া বেকীপুল স্বাস্থ্য উপকেন্দ্ৰ ৷ বিগত ২০১৩ চনতে প্ৰতিষ্ঠা কৰা স্বাস্থ্য উপকেন্দ্ৰটো আজি ৮ বছৰ পিছত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিলে ৩৬ নম্বৰ দুধনৈ (জনজাতি ) বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে ৷ উল্লেখ্য যে,আজিৰ পৰা আঠ বছৰ পূৰ্বে বৃহত্তৰ বেকীপুলত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল  বেকীপুল স্বাস্থ্য উপকেন্দ্ৰটো ৷ প্ৰায় দহ খন গাঁৱৰ জনসাধাৰণৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা স্বাস্থ্য উপকেন্দ্ৰটো পিছে আজিলৈ পৰিত্যক্ত অৱস্থাতে পৰি ৰৈছিল ৷ এই সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমত সবিস্তাৰে এটি বাতৰিও প্ৰচাৰিত হৈছিল ৷ অৱশেষত আজি নৱনিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ তৎপৰতাত মুকলি হ’ল বেকীপুল স্বাস্থ্য উপ কেন্দ্ৰটো ৷ আজিৰ শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে এছ ডি এম অ’ ডা° সাজিদা বেগম, বি পি এম প্ৰিয়ংকা পাঠক,বি চি এম জাকিৰ হুছেইন, সমাজ সেৱক ডা° দিলীপ কুমাৰ ঘোষ,বাণীকান্ত ৰাভা ,আৰেছ মণ্ডল,পত্ৰ ৰাভা তথা ৰছুল আল ফাৰুক ৷ ইফালে স্বাস্থ্য উপ কেন্দ্ৰটো মুকলি হোৱাৰ পিছতে উৎফুল্

বিজেপিৰ বজালী জিলা আৰু ভৱানীপুৰ মণ্ডল সমিতিৰ সহযোগত আজি ভৱানীপুৰত ক'ৰোনাৰ ভেকচিন কেন্দ্ৰ মুকলি

Image
ভৱানীপুৰৰ হৰিপুৰ এল পি স্কুলত এই টিকাকৰণ কেন্দ্ৰ স্থাপন কৰে বিজেপিয়ে আজিৰ এই ক'ৰোনাৰ ভেকচিন কেন্দ্ৰটো মুকলি কৰে বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীয়ে। চৌধুৰীয়ে ভেকচিন চেণ্টাৰটো মুকলি কৰি ভেকচিন লোৱাৰ পূৰ্বে মানুহৰ মাজত মাস্ক বিতৰণ কৰে। আজিৰ এই কাৰ্যসূচীটোত নগেন চৌধুৰীক সংগ দিয়ে বিজেপিৰ বজালী জিলা সমিতি আৰু ভৱানীপুৰ মণ্ডল সমিতিৰ সদস্যসকলৰ লগতে ১০৫ নং গলিয়া গাঁও পঞ্চায়তৰ কাউন্সিলৰ নিতুল দাসে। উল্লেখ্য যে, ১০৮ জন লোকে আজি এই ভেকচিন কেন্দ্ৰটোত ভেকচিন গ্ৰহণ কৰে। #বজালীৰ পৰা সঞ্জীৱ দাস

কাছাৰত অপৰাধীৰ ত্ৰাসৰ কাৰক হৈ পৰিছে আইপিএছ নিম্বালকৰ

Image
আই পি এছ নিম্বালকৰৰ নেতৃত্বত এটাৰ পিছত আন এটা সফলতা।     শিলচৰ: বৰ্তমান সময়ত ৰাজ্যৰ কেবাগৰাকী উচ্চ পদস্থ বিষয়াই জনতাৰ আস্থা জিনিবলৈ সক্ষম হোৱাৰ সময়তে একাংশ আৰক্ষী বিষয়াই অতি নীৰৱে কঠোৰ পৰিশ্ৰমৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি দেশ,সমাজ তথা নিজ বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিছে। এনে  উচ্চ পদস্থ আৰক্ষী বিষয়া সকলৰ ভিতৰত অন্যতম হল বৰ্তমানৰ কাঁচাৰ জিলাৰ আৰক্ষী অধীক্ষক আই পি এছ বৈভৱ চি নিম্বালকৰ। কাছাৰ জিলাৰ পূর্বে তিনিচুকীয়া জিলাত মাত্ৰ কেইমাহ মানৰ বাবে আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ত নিম্বালকৰৰ নিষ্ঠা আৰু সততাৰ বাবে আৰক্ষীৰ পৰা সাধাৰণ লোকৰ মাজত জনপ্ৰিয় হৈ পৰিছিলএই গৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া। প্ৰচাৰ বিমুখ আই পি এছ বৈভৱ চি নিম্বালকৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰে পৰা প্ৰতি দিনেই কাছাৰ আৰক্ষীয়ে এটাৰ পিছত আন এটা   সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সমূহৰ ভিতৰত বাৰমিজ চুপাৰি, বাৰমিজ  চিগাৰেট, বিদেশী সুৰা,নিচাযুক্ত টেবলেট, ব্ৰাউন চুগাৰ, হিৰোইনকে আদি কৰি কেইবাকৌটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ আদি জব্দ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি কেইবালাখ নগদ ধন জব্দ কৰাৰ লগতে বিভি

বোকাখাতত মহীৰূহ কথাশিল্পী হোমেন বৰগোহাঞিলৈ 'কাজিৰঙা লাইভ' পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি

Image
উন্মোচন কৰিলে এখনি গ্ৰন্থ "মহীৰূহ,অক্ষয় বন্তি হৈ জ্বলি থাকিব যুগান্তৰলৈ" বোকাখাতৰ পৰা পলিমা বি চেতিয়া, ১৫ জুন: 'কাজিৰঙা লাইভ' নামৰ সংবাদ গোষ্ঠীটোৱে মঙ্গলবাৰে বোকাখাত নাট্য মন্দিৰত মহীৰূহ-কথাশিল্পী হোমেন বৰগোহাঞিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। 'কাজিৰঙা লাইভ'ৰ পৰামৰ্শীয় সম্পাদক  ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ কথাশিল্পী গৰাকীৰ প্ৰতিচ্ছবিত সমূহীয়া পুষ্পাঞ্জলি অৰ্পণ কৰে উপস্থিত গণ্যমান্য ব্যক্তিসকলৰ লগতে "কাজিৰঙা লাইভ" পৰিয়ালে ৷  ।'কাজিৰঙা লাইভ' মুখ্য সম্পাদক ভৱানন্দ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে কাজিৰঙা লাইভৰ কাৰ্যবাহী সম্পাদক পলিমা বি. চেতিয়াই ৷  উদ্দেশ্য ব্যাখ্যাৰ পাছতেই যুগদ্ৰষ্টা হোমেন বৰগোহাঞিদেৱৰ ব্যক্তিত্ব,সাহিত্য তথা সমাজ জীৱনলৈ তেখেতৰ অৱদানকে ধৰি সামগ্ৰিক সকলো বিষয়ক সামৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ লেখকৰ লেখাৰে সমৃদ্ধ সাংবাদিক তথা সাহিত্যিক পলিমা বি চেতিয়াই সম্পাদনা কৰা " মহীৰূহ, অক্ষয় বন্তি হৈ জ্বলি থ

বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৰঙিয়া মহকুমা প্ৰশাসন

Image
মথাউৰিৰ খহনীয়া প্ৰৱণ অঞ্চল সমূহ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় মহকুমাধিপতি স্বপ্নীল পালৰ প্ৰতিবেদক , ৰঙিয়া, ১৫ জুনঃ আগন্তুক বানপানীৰ মোকাবিলা কৰিবলৈ একপ্ৰকাৰ সাজু হৈ উঠিছে ৰঙিয়া মহকুমা প্ৰশাসন । আজি ৰঙিয়া মহকুমাৰ বৰলীয়া নৈৰ মথাউৰীয়ে মথাউৰীয়ে পৰিভ্ৰমণ কৰি সম্ভাৱ্য স্পৰ্শকাতৰ এলেকা সমূহ পৰিদৰ্শন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে । সম্ভাৱ্য বানপ্ৰৱণ এলেকা সমূহত ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰৰ ক্ষেত্ৰ-বিষয়া, জলসম্পদ বিভাগৰ অভিযন্তা সমন্বিতে এক চৰজমিন পৰ্যৱেক্ষণ কৰে মহকুমাধিপতি পালে । মহকুমাটোৰ বৰলীয়া নৈৰ উপকণ্ঠ বৰমপুৰ হাটবজালী, পিতাম্বৰ হাটবজালী, বৰকুকুৰীয়া, গোপালপুৰ, চমুখা আদি গাঁৱৰ লগতে কলমণি, জয়ন্তীপুৰ আদি খহনীয়া প্ৰৱণ অঞ্চল সমূহ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময়, অভাৱ-অভিযোগৰ বুজ লয় মহকুমাধিপতি গৰাকীয়ে ।  তেখেতে স্পৰ্শকাতৰ এলেকাত অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ  নিৰ্দেশ প্ৰদান কৰে। মহকুমাধিপতিৰ এই পৰিদৰ্শন কালত সহকাৰী আয়ুক্ত শ্ৰী অম্লান বৈশ্য প্ৰমূখ্যে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা,ৰঙিয়াৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষ

কৃষ্ণাইত ক’মন চাৰ্ভিছ চেন্টাৰৰ আধাৰশিলা স্থাপন কৰিলে দুধনৈ আৰু গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়কদ্বয়ে

Image
গোৱালপাৰা জিলাৰ কৃষ্ণাই খণ্ড উন্নয়ন কাৰ্যালয় চৌহদত আজি পুৱা এটি ক’মন চাৰ্ভিছ চেন্টাৰৰ ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷ ভৱনটিৰ আধাৰশিলা স্থাপন কৰে দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী আৰু গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ,কে,ৰশিদ আলমে ৷ আচাম ষ্টেট কো অপেৰাটিভ হাউছিং ফেডাৰেচনৰ অধীনত নিৰ্মাণ হ’বলগীয়া ক’মন চাৰ্ভিছ চেণ্টাৰৰ ভৱনটিৰ বাবে আৱন্টিত ধনৰ পৰিমাণ হৈছে ১ কোটি ৪১ লাখ ৭ হেজাৰ ৮১৯ টকা ৷ আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক দুজনৰ লগতে উপস্থিত থাকে কৃষ্ণাই আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা চাংমা, উপ সভানেত্ৰী জুলিনা বিবি আৰু কৃষ্ণাই খণ্ড উন্নয়ন বিষয়া বকুল ৰাণী মহন্ত ৷  কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ অনুদান সদৌ অসম বি এড কলেজ অধ্যক্ষ আৰু শিক্ষক সন্থাৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ জুনঃ ৰাজ্য চৰকাৰৰ ক’ভিড বিৰোধী যুঁজৰ প্রতি সঁহাৰি জনাই তথা ক’ভিড-১৯ৰ টিকাকৰণক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম বি এড কলেজ অধ্যক্ষ ও শিক্ষক সন্থাৰ অধীনৰ শিক্ষণ প্ৰশিক্ষণৰ সৈতে জড়িত শৈক্ষিক প্ৰতিষ্ঠানসমূহে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২.৬০ লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে। সন্থাৰ অধীনৰ ২৬ খন কলেজৰ প্ৰতিখনে ১০ হেজাৰ টকাকৈ বৰঙণি আগবঢ়ায়। সন্থাৰ  সম্পাদক মুস্তাফিজুৰ ৰহমানে জনোৱা মতে শৈক্ষিক প্ৰতিষ্ঠানকেইখনৰ সমূহ শিক্ষক, কৰ্মচাৰী তথা পৰিচালনা সমিতিৰ সহযোগত এই ধনৰাশি আগবঢ়োৱা হৈছে। সাহাৰ্য্য পুঁজিলৈ বৰঙণি আগবঢ়োৱা শৈক্ষিক প্ৰতিষ্ঠানসমূহ হৈছে বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (পাটাছাৰকুছি), গোঁসাইগাঁও বি এড কলেজ, কলিয়াবৰ কলেজ অৱ এডুকেশ্বন, কলেজ অৱ এডুকেশ্বন মৰিগাঁও, ৰঙিয়া টি টি কলেজ, কৃষ্ণবৰা বি এড কলেজ (লংকা), বৰপেটা বি টি কলেজ, পশ্চিম গুৱাহাটী কলেজ অৱ এডুকেশ্বন(পাণ্ডু), বঙাইগাঁও বি এড কলেজ, বিশ্বনাথ কলেজ অৱ এডুকেশ্বন, ধেমাজি পি জি টি কলেজ, বাইহাটা চাৰিআলি বি এড কলেজ, দেউমৰনৈ বি এড কলেজ, কলেজ অৱ এডুকেশ্বন

"মই ক'লা, দাঢ়িয়া, জেং কৰা মানুহ, মোক সভাপতি নাপাতে"

Image
"মই ক'লা, দাঢ়িয়া, জেং কৰা মানুহ, মোক সভাপতি নাপাতে" এই মন্তব্য কংগ্ৰেছ নেতা তথা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটোক লৈ বিতৰ্ক চলি থকাৰ মাজতে আজি পদটোৰ বাবে পূৰ্বে নিজে দাৱী কৰিলেও এইদৰে কবলগীয়া হৈছে ৰূপজ্যোতি কুৰ্মীৰ। আনপিনে কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনক কংগ্ৰেছৰ হত্তা কত্তা বুলি কটাক্ষ কৰে খোদ কংগ্ৰেছৰে বিধায়কগৰাকীয়ে। ৰকিবুল হুছেইনক সভসপতি পাতিলে তেঁও ২০২৬ ত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে কাম কৰিব বুলিও কয় বিধায়ক ৰূফজ্যোতি কুৰ্মীয়ে

অসম আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযানক আদৰণি ৰঙিয়া বিজেপিৰঃ প্ৰদীপ চৌধুৰীক বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন

Image
অসম আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযানক আদৰণি ৰঙিয়া বিজেপিৰঃ   প্ৰদীপ চৌধুৰীক বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন  প্ৰতিবেদক , ৰঙিয়া ১৪ জুনঃ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত সমগ্ৰ ৰাজ্য জুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানক আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলা সমিতিয়ে। সমিতিয়ে এই ক্ষেত্ৰত অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ড্ৰাগছ বিৰোধী অভিযানত সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ সাজু বুলি ঘোষনা কৰে। আজি উত্তৰ কামৰূপ জিলা সমিতিৰ তৰফৰপৰা আয়োজন কৰা এক সংবাদমেলত এই কথা দৃঢ়তাৰে ঘোষনা কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি ভৱেশ ডেকা সম্বোধন কৰা সংবাদমেলত ৰঙিয়া টাউন ব্লক মণ্ডলৰ প্ৰাক্তন সভাপতি দ্বিপেন চক্ৰৱৰ্তী, উত্তৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত ডেকা, নগৰ ব্লক মণ্ডলৰ উপ সভাপতি উত্তম পাল, সম্পাদক দীনেশ কলিতা, সাধাৰণ সম্পাদক নৱ ডেকা সহ অন্যান্য বিষয়ববীয়া সকল উপস্থিত আছিল। সংবাদমেলত ডেকাই কয় যে, ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযানত কালি আৰক্ষীৰ জালত পৰা পাঁচ জন ড্ৰাগছ সৰবৰাহকাৰীৰ লগত বিজেপিৰ বুথ কমিটিৰ এজন

ভেকচিন নে আন কিবা? নিজৰ দেহতো চামুচ লাগি ধৰা বিজনীৰ শিৱশংকৰ অধিকাৰীয়ে জনালে ইয়াৰ কাৰণ

Image
নিউজ ডেস্ক : গাত চামুচ লাগি ধৰা চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তী ভেটাগাঁৱৰ নৱাৰূণ হাইস্কুলৰ শিক্ষক শিৱ শংকৰঅধিকাৰীয়ে কলে চামুচ লাগি ধৰাৰ কাৰণ । তেঁও কয় যে , একাংশ মানুহৰ দেহত এক ধৰণৰ মেগ্নেটিক পাৱাৰ থাকে  । ইয়াৰ ফলতে ষ্টীল জাতীয় সামগ্ৰী দেহত লাগি ধৰে । আনকি প্ৰায় সাত বছৰ পূৰ্বেই তেওঁ এই পৰীক্ষা কৰা বুলিও দাৱী কৰে। উল্লেখ্য যে তেঁও এজন বিজ্ঞানৰ শিক্ষক।

পেটৰ ভোকত ঢোল বিক্ৰী কৰিবলৈ ওলাইছে শিল্পীয়ে

Image
*কামৰুপীয়া ঢুলীয়া সংস্কৃতিৰ সাধক তথা সংগীত নাটক অকাডেমি বটা প্ৰাপক কৈহাটীৰ মোহন ভাৱৰীয়াৰ সতীৰ্থই পেটৰ ভোকত বিক্ৰী কৰিব ওলাইছে   ঢোল*  *কামৰুপীয়া ঢুলীয়া সংস্কৃতিৰ সাধক তথা সংগীত নাটক অকাডেমী বটাপ্ৰাপক মোহন ভাওৰীয়াৰ জন্মস্হান কৈহাটী গাৱঁত আজি ঢুলীয়াই  পেটৰ ভোকত বিক্ৰী কৰিবলৈ ওলাইছে কান্ধত ওলোমাই ৰখা মৰমৰ ঢোলটো* *কৰোনা মহামাৰীৰ ফলত লকডাউনৰ বাবে এই সকল ঢুলীয়াৰ আখলত আজি জুই নজলা অবস্থা* *আনহাতে কৈহাটীৰ একাংশ ঢুলীয়াই আজিও সকলো চৰকাৰী আচনিৰ পৰা বঞ্চিত* *ইপিনে সুদীৰ্ঘ বিশ বছৰে মোহন ভাওৰীয়াৰ সমাধিস্থল আজিও নিৰ্মাণ নহোল* *সম্পূৰ্ণ নহোল আখৰা গৃহটোও* *সমধিস্হলত এখন গামোচা আৰি ৰখাৰ উপৰি অসম্পূৰ্ণ  আখৰা গৃহ এতিয়া হাবি জংঘলৰে ভৰি পৰিছে* নলবাৰী পৰা শংকৰ দাস ।

নলবাৰী সানেকুছি ৰাজ্যিক চিকিৎসালয়লৈ অক্সিজেন কনচেনট্ৰেটৰ দান

Image
বিশিষ্ট ব্যৱসায়ী তথা চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি ৰমেন চৌধুৰীৰ উদ্যোগত আৰু ইবু সঞ্জীৱ গাৰ্গৰ প্ৰত্যক্ষ সহযোগত নতুন দিল্লীৰ হেল্প ইণ্ডিয়ান হস্পিতাল দ্বাৰা অৰ্পণ অক্সিজেন কনচেনট্ৰেটৰ সহ বহুতো সামগ্ৰী৷ বৰ্তমান কৰ’না মহামাৰীৰ বাবে ৰাইজ সন্ত্ৰাসিত হৈ পৰিছে৷বহুতো কৰ’নাক্ৰান্তই দিগবিদিগ হেৰাইছে অক্সিজেনৰ অভাৱত৷এনেহেন দুৰ্যোগৰ সময়তে সানেকুছি ৰাজ্যিক চিকিৎসালয়লৈ চিকিৎসালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট ব্যৱসায়ী ৰমেন চৌধুৰীৰ সম্পূৰ্ণ ব্যক্তিগত উদ্যোগত স্থানীয় সচেতন যুৱক ইবু সঞ্জীৱ গাৰ্গৰ প্ৰত্যক্ষ সহযোগত নতুন দিল্লীস্থিত হেল্প ইণ্ডিয়া হস্পিতালৰ তৰফৰ পৰা এটি অক্সিজেন কনচেনট্ৰেটৰ সহ বহুতো চিকিৎসা সম্পৰ্কীয় সা-সামগ্ৰী চিকিৎসালয় খনলৈ অৰ্পণ কৰে৷অন্যান্য সামগ্ৰীৰ ভিতৰত নিউৰো মাক্স,হেণ্ড চেনিটাইজাৰ,১৯৫ মাক্স,চুগাৰ জোখা মেচিন,থেঠিস্কোপ,আদিকৰি কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰী অৰ্পণ কৰে৷গুৱাহাটী পানবজাৰৰ বাসিন্দা ৰমেন চৌধুৰী শাৰিৰীক অসুস্থতাৰ বাবে সামগ্ৰী সমূহ অৰ্পণ কৰা সময়ত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ তেওঁৰ সতীৰ্থ ভূপেন লহকৰে আনুস্থানিকভাবে চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মাৰ হাতত অৰ্প

মৰিগাঁও জিলাৰ মৈৰাবাৰী এটি দুৰ্ভগীয়া পৰিয়ালৰ এক কৰুণ গাঁথা

Image
মৰিগাঁও জিলাৰ মৈৰাবাৰী হাতীমূৰীয়া গাওঁৰ আৰ্থিকভাৱে দুৰ্বল এটি পৰিয়ালৰ কৰুণ কাহিনী এইয়া। বিগত বহু দিন ধৰি জটিলৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে আজিজুল ।আজিজুলৰ হৈছে ককাল টিউমাৰ।   এই জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে পিতৃ-মাতৃ তেনেই অপাৰগ যি সা-সম্পত্তি আছিল সমগ্ৰ বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে পৰিয়ালটি । যৌৱনকাল আৰম্ভু কৰোতেই জীৱন মৰণেৰে যুঁজিবলগীয়া হোৱা আজিজুলৰ উন্নত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটিক এতিয়া প্ৰয়োজন এক বৃহৎ পৰিমাণৰ অৰ্থৰ। আৰ্থিক দৈন্যতাই সংকটত নমাই আনিছে পৰিয়ালটিৰ জীৱন নিৰ্বাহ কৰি অহা দুৰ্ভগীয়া পৰিয়ালটি ভৱিষ্যত জীৱনলৈ।তেওঁৰ পৰিয়াল বুলিবলৈ আছে ঘৈণীয়েক আৰু কণমানি পুত্ৰ সন্তান লগতে বৃদ্ধা পিতৃ মাতৃ।  তেঁওলোকক প্ৰয়োজন চৰকাৰ, আজমল ফাউণ্ডেচনৰ তথা  আপোনাৰ মোৰ দৰে দহজনৰ সহায়ৰ হাত।  মানৱীয়তাৰ খাতিৰতেই হওক বা উঠি অহা সপোন আজিজুল আৰু দুৰ্ভগীয়া পৰিয়ালটি মুখত হাঁহি বিৰিঙাবলৈয়ে হওক, লাগে আপোনাৰ অকণমান সঁহাৰি। আপোনাৰ সহায়ে এই দুৰ্ভগীয়া পৰিয়ালটিৰ মুখলৈ হাঁহি ঘূৰাই আনিব পাৰে।  আপোনাৰ অকণমান সহায়ে এই দুৰ্ভগীয়া যুৱকজনক জীৱনদান দিব পাৰে।  আহকচোন সকলোয়ে মিলি এই দুৰ্ভগীয়া পৰিয়ালটিক

মৰিগাঁও-নলতলি সংযোগী ৰাজ্যিক ঘাইপথ ডঃ লক্ষ্মীনন্দন বৰাৰ নামত দিয়াৰ আহ্বান≈≈বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ অনুৰোধ পত্ৰ প্ৰেৰণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ জুনঃ উত্তৰ-পূৱৰ একমাত্ৰ সৰস্বতী বঁটা প্ৰাপক, গৰিমামণ্ডিত জাতীয় আলোচনী "গৰীয়সী"ৰ প্ৰাক্তন সম্পাদক ডঃ লক্ষ্মীনন্দন বৰাৰ নামত মৰিগাঁৱৰ পৰা নলতলি স্পৰ্শ কৰা ৰাজ্যিক ঘাইপথছোৱা উৎসৰ্গা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে নগাঁৱৰ বিভিন্ন ক্ষেত্ৰৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে। গ্ৰন্থ প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্ত, সংগীত শিল্পী দীপাংক শইকীয়া আৰু সাংবাদিক চন্দনজ্যোতি বৰাৰ উদ্যোগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নগাঁও সদৰ সমষ্টিৰ বিধায়কৰ জৰিয়তে এই সম্পৰ্কত নগাঁৱৰ বহু কেইজন বিশিষ্ট ব্যক্তি স্বাক্ষৰিত এখন অনুৰোধ পত্ৰ আজি প্ৰেৰণ কৰা হয়।অনুৰোধ পত্ৰখনত উল্লেখিত আহ্বায়কত্ৰয়ৰ উপৰিও বিশিষ্ট গৱেষক ড° নৰেন কলিতা, বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, সমাজসেৱী মুকুট চন্দ্ৰ ভূঞা, গল্পকাৰ তথা প্ৰশাসনিক বিষয়া জয়ন্ত কুমাৰ বৰা, সমাজসেৱক ৰঞ্জিত তামুলী ফুকন, সাহিত্য সমালোচক অৰিন্দম বৰকটকী, সংগীত শিল্পী তথা অনুবাদক কৃষ্ণ দুলাল বৰুৱা, সংগীত শিল্পী কৃষ্ণমণি নাথ, সাংস্কৃতিক কৰ্মী ৰঞ্জিত বৰা, গ্ৰন্থ প্ৰকাশক

অসমৰ বাবে সুবিধাজনক নহয় ৰ'-ৰ' জাহাজ। ৰ'-ৰ' পৰিবৰ্তে অসমত চলিব ৰোপেক্স জাহাজ

Image
পঙ্কজ নাথ, চাংসাৰি , ১৩ জুনঃ  অসমৰ বাবে সুবিধাজনক নহয় ৰ’–ৰ’ জাহাজ সেৱা ৷ প্রকৃতার্থত ব্রহ্মপুত্রত সুচল চলাচলৰ বাবে উপযোগী নহয় ৰ’–ৰ’ জাহাজ৷ যাৰবাবে অসমলৈ অনা আটাইকেইখন ৰ’–ৰ’ জাহাজ ওভতাই দি ৰোপেক্স জাহাজ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে অসম চৰকাৰে৷ কালি শণিবাৰে কামৰূপ জিলাৰ চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমৰ গুডাম পৰিদর্শন কৰি মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে৷ মন্ত্রীগৰাকীয়ে ইয়াৰ লগতে শীঘ্রে কুৰিখনৰো অধিক ৰোপেক্স জাহাজ অসম পাবহি বুলিও জানিবলৈ দিয়ে ৷ চাংসাৰি স্থিত ভাৰতীয় খাদ্য নিগমৰ গুডাম ঘৰ পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যৰ বাবে পর্যাপ্ত খাদ্যসামগ্রী মজুত থকা বুলিও সংবাদ মাধ্যমক জানিব দিয়ে৷ চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ লগতে ৰে’ল ষ্টেচনৰো ঠাই সমূহ পৰিদর্শন কৰে মন্ত্রীগৰাকীয়ে। কালি এই পৰিদৰ্শন কালত ৰাজ্যত নৈ পৰিবহণৰ ক্ষেত্রত আমুল পৰিৱর্তন হ’ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ ইয়াৰ লগতে শীঘ্রে ৰাজ্যৰ পাৰঘাটসমূহ আধুনিকীকৰণ কৰা হ’ব বুলি মত প্রকাশ কৰে মন্ত্রীগৰাকীয়ে৷ ৰে’ল ষ্টেচনৰ লেখিয়াকৈ সকলো সা–সুবিধা পাৰঘাটসমূহতো উপলব্ধ কৰা হ’ব বুলিও উল্লেখ

দুৰ্ভগীয়া বিধবা মহিলালৈ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহায়

Image
একমাত্ৰ নাতিনীয়েকক লগত লৈ জীৱননিৰ্বাহ থানপাতকুছিৰ বিধবা মহিলা খাদেজা বিবি৷ কোনো চৰকাৰী আচনিয়ে ঢুকি পোৱা নাই খাদেজাক৷ নলবাৰী সমষ্টিৰ ১২ নং দতৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত থানপাতকুছি গাৱঁৰ অতিপাত দৰিদ্ৰ বিধৱা মহিলা খাদেজা বিবিই  দীৰ্ঘদিন ধৰি কতাই আছে দুৰ্বিষহ জীৱন৷অৰুনোদয়,প্ৰধানমন্ত্ৰী আৱাস যোজনা.বিনামূলীয়া শৌচালয় আনকি খোৱাপানী টুপিৰ পৰাও বঞ্চিত এইগৰাকী মহিলা৷স্বামী খলিল আলিৰ মৃত্যুৰ পিচত একমাত্ৰ বিবাহিত পুত্ৰ  তাজনুৰ আলিৰো মৃত্যু হয়৷পুত্ৰৰ মৃত্যুৰ পিচত বোৱাৰিয়েকে এমাদিমা কন্যা সন্তানটিক এৰি অইনৰ লগত বিয়া হৈ গুচি যায়৷তেতিয়াৰে পৰা খাদেজাই নাতিনী জুনুকাক বুকুত সাৱতি কতাই আছে দুৰ্বিষহ জীৱন৷থাকিৱলৈ এখন টিনৰ জৰাজীৰ্ণ চালি৷জুনুকা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰী৷কৰ’না মহামাৰীৰ মিনি লক্‌ডাউনৰ ফলত যথেষ্ট কষ্টকৰ ভাবে কতাইছে দিনকেইটা৷আজি এই দুজনীয়া পৰিয়ালটোক বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আকাশ বৰুৱা,ভাৰপ্ৰাপ্ত সম্পাদক মইনুল হক আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগাঠনিক সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটি খাদ্য সম্ভাৰৰ

১৫ জুনত উচ্ছেদিত পৰিয়ালৰ পুণৰ সংস্থাপন আৰু ভূমিৰ অধিকাৰৰ দাবীত গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যজোৰা প্ৰতিবাদ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ জুনঃ ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা ৷ সন্থাটোৰ ৰাজ্যিক সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতি যোগে কয় যে--বিজেপিয়ে দ্বিতীয়বাৰ বাবে ক্ষমতালৈ আহি বৰ্বৰভাবে উচ্ছেদ কাৰ্য অব্যাহত ৰাখিছে । এই উচ্ছেদ কাৰ্যৰ ন্যায্যতা প্ৰতিপন্ন কৰিবলৈ "সন্দেহযুক্ত নাগৰিক", "বাংলাদেশী বেদখলকাৰী" আদি প্ৰচাৰ চলোৱাৰ বিপৰীতে অসমৰ সমাজ জীৱনক উচ্ছেদ কাৰ্যৰ গইনা লৈ সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিৰ মতাদৰ্শগত খোপনি দ'কৈ পুতিব খুজিছে । বৰাক উপত্যকাৰ ছলমনা, চতিয়া বিধানসভা সমষ্টিৰ জামুগুৰিহাট, চিৰাং জিলাৰ কৰাইবাৰী বনগাঁও, ৰুণিখাতাৰ ওদালগুৰি ৫ নং বনাঞ্চলৰ পিছত শেহতীয়াকৈ হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ তাৰালাংছ' কাকী টিলা বজাৰত উচ্ছেদ চলাই ঘৰ-দুৱাৰ ধ্বংস কৰি, এশ বিঘাৰ অধিক হালধি- কুঁহিয়াৰ খেতি সম্পূৰ্ণৰূপে ধ্বংস কৰিছে । বিবৃতিটোত শ্ৰমিক নেতাদ্বয়ে কৰাইবাৰীত বসবাস কৰা সকল গোৰ্খা, সূত্ৰধৰ, আদিবাসী আৰু ৰাজবংশী সম্প্ৰদায়ৰ লোক আছিল বুলি উল্লেখ কৰি কয় যে--অসমৰ চৰক

কল্লোল সাংস্কৃতিক গোষ্ঠী-মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত শিশুৰ অনলাইন গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ জুনঃ নগাঁও জিলাৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰ, শেতালিৰ সৌজন্যত যোৱা ৭ জুনৰ পৰা ঝুম এপৰ জৰিয়তে অনুষ্ঠিত ৮-১২ বছৰৰ শিশুৰ অনলাইন গ্ৰীষ্মকালীন শিবিৰৰ দেওঁবাৰে সামৰণি পৰে ৷ এই শিবিৰৰ বিষয় সমূহ আছিল- 'ছৱি আঁকো আহা', 'শব্দৰ( ইংৰাজী ) পৃথিৱী', 'নাটক কৰোঁ আহা', 'আহা, আমি গান গাওঁ', 'সাধু..কওঁ নে শুনো', 'দন্ত-যতন আৰু যোগাভ‍্যাস', 'নাচ এপাককে মাৰোঁ আহা'। এই বিষয় সমূহৰ সমল ব‍্যক্তি হিচাবে অংশগ্ৰহণ কৰিছিল অসম বিশ্ববিদ্যালয় শিলচৰৰ অধ্যাপক ড° ৰাজকুমাৰ মজিন্দাৰ, লক্ষ্ণৌ বিশ্ববিদ‍্যালয়ৰ অধ্যাপিকা মাদ্ৰী কাকতি, নতুন দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দক্ষিণা শৰ্মা, বিশিষ্ট সঙ্গীত শিল্পী ৰূপম ভূঞা, প্ৰিয় বন্ধুৰ প্ৰতিষ্ঠাপক তথা গল্পকাৰ অৰ্চনা বৰঠাকুৰ, চৰকাৰী দন্ত মহাবিদ্যালয় শিলচৰৰ অধ্যাপক ডাঃ দেৱদূত কাকতি, যোগ প্ৰশিক্ষক দিক্ষীতা কাকতি আৰু বিশিষ্ট লোক শিল্পী ডঃ সদানন্দ পায়েঙে। এই অনুষ্ঠানসমূহৰ সমন্বয়ক আছিল মাদ্ৰী কাকতি । অসমৰ বিভিন্ন জিলাৰ লগতে বহিঃ ৰাজ্য কলিকতা, জয়পুৰ, ছিলং আ

চোৰৰ উপদ্ৰৱত দিশহাৰা গোৱালপাৰাৰ এখন গাওঁঃ এমাহত এটা পৰিয়ালত দুৱাৰকৈ চুৰিকাণ্ডঃনিষ্ক্ৰিয় আৰক্ষী প্ৰশাসন

Image
চোৰৰ উপদ্ৰৱত ত্ৰস্তমান এখন গাওঁ ৷ গাওঁখনৰ চতুৰ্দিশে এতিয়া কেৱল চোৰৰ চৰ্চা ৷ হয়, ক’ব বিচৰা হৈছে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাপাৰা নামৰ গাওঁখনৰ কথা ৷ শ্ৰীসূৰ্য পীঠস্থানৰ নিচেই কাষৰীয়া ডুবাপাৰা গাওঁখনৰ বাসিন্দাই সম্প্ৰতি চোৰৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ৷  বিগত কেবামাহ ধৰি গাঁৱখনত ধাৰাবাহিক ভাৱে সংঘটিত হৈ আহিছে চুৰিকাণ্ড ৷ নিশা হ’লেই চোৰৰ দলে পিয়াপি দি ফুৰে গাঁৱখনত ৷ সুযোগ পালেই কোনোবা পৰিয়ালৰ ঘৰৰ তলা ভাঙি তহিলং কৰে সা-সামগ্ৰী ৷ বাদ নপৰে পোহনীয়া গৰু ছাগলীও ৷ ইতিমধ্যে গাঁওখনৰ ধনঞ্জয় পাটগিৰি নামৰ লোকজনৰ গৃহত বিগত মে’ মাহত চোৰে দুবাৰকৈ চুৰিকাৰ্য সংঘটিত কৰি ২০ লক্ষাধিক টকাৰ চুপাৰিৰ বোস্তা চুৰি কৰি উধাও হৈছে ৷ ইয়াৰ বিপৰীতে গাঁৱখনৰ মাজত নিধিৰাম চৰ্দাৰৰূপী থিয় হৈ থকা ডুবাপাৰা আৰক্ষী চকীখনে ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে  ৷ গাঁৱখনত এনেদৰে চোৰৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে আৰক্ষীৰ শীৰ্ষ বিভাগক দাবী জনাইছে ডুবাপাৰা বাসী ৰাইজে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

বজালীৰ ভৱানীপুৰৰ গলীয়াত বজালী জিলা আৰক্ষী অধীক্ষকৰ অভিযানত চোৰাং তেলৰ ঘাটি উৎখাত

Image
বজালীৰ ভৱানীপুৰৰ গলীয়াত বজালী জিলা আৰক্ষী অধীক্ষকৰ অভিযানত চোৰাং তেলৰ ঘাটি উৎখাত* *গলিয়াৰ এখন বন্ধ হোৱা ধাবাৰ পিছৰ ফালে চলি আছিল এই চোৰাং তেলৰ ঘাটি* *ভৱানীপুৰ আৰক্ষী চকীৰ সহযোগত ৩৩ টা তেলৰ ড্ৰামসহ এখন বলেৰো পিকাপ ভান জব্দ কৰে *গাড়ীখনৰ নম্বৰ এ এছ ১৯ এ চি ১৪২৫* *প্ৰায় ২৪ হাজাৰ লিটাৰ পেট্ৰোলিয়াম জাতীয় তেল জব্দ কৰিবলৈ সক্ষম হৈছে আজিৰ এই অভিযানত* #বজালীৰ পৰা সঞ্জীৱ দাস

কামৰূপ জিলাৰ মদনপুৰ টোলগেটৰ বিৰুদ্ধে সৰব হল আছু

Image
পঙ্কজ নাথ, চাংসাৰি, ১২ জুন : কামৰূপ জিলাৰ চাংসাৰিৰ নিকটবৰ্তী মদনপুৰত স্থাপন হোৱা টোলগেটৰ পৰা বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজৰ লগতে অন্যান্য অঞ্চলৰ যাত্ৰী সকল। এইবিলাকৰ কিছু সমস্যাৰ পৰিপ্ৰেক্ষিততে আজি সদৌ অসম ছাত্ৰ সন্থাৰ পূব কামৰূপ আঞ্চলিক সমিতিয়ে ৩১ নং ঘাইপথত থকা মদনপুৰ টোলগেট বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে ৷ এই টোলগেটৰ পৰা অঞ্চলবাসী ৰাইজৰ লগতে অন্যান্যই ভুগি অহা নানা সমস্যাৰ মাজতে বিশেষকৈ  বিদ্যালয়ৰ সন্মূখতে টোলগেট স্থাপন কৰি শৈক্ষিক পৰিৱেশ বিনস্ত কৰাক লৈ অধিক ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৰ ৷ তাৰোপৰি কৰ’না মহামাৰীৰ এই বিপৰ্যস্ত সময়ত টোলগেটৰ জৰিয়তে খাদ্য-সামগ্ৰীৰ  গাড়ীৰপৰা কৰ সংগ্ৰহ কৰা বিষয়টোৰ বিৰুদ্ধেও যথেষ্ট সৰব হৈ পৰে আছুৰ বিষয়ববীয়া সকল ৷

মৈৰাবাৰীৰ ভেলৌগুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন গাঞ্জা ড্ৰাগছ সৰবৰাহকাৰীক

Image
নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আজি মৰিগাঁও জিলাৰ ভেলৌগুৰি  আৰক্ষীয়ে ব্যাপক অভিযান চলাই ভজাকাটি গাঁৱৰ  ফজিলা খাতুন আৰু আজাদ হুছেইনক ৪ টা কন্টেনাৰ ১কে জি ৮০ গ্ৰাম গাঞ্জা সহ দুজন ড্ৰাগছ সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই কুখ্যাত ড্ৰাগছ সৰবৰাহ কাৰী ফজিলা খাতুনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাং ভাৱে ড্ৰাগছ আনি  বজাকাটি গাঁৱত থকা নিজৰ ঘৰৰপৰাই বেপাৰটো  চলাই নিছিল ।আজি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই এই বুজন পৰিমাণৰ ড্ৰাগছ সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ বেপাৰী ফজিলা খাতুন আৰু আজাদ হুছেইনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰি দুয়োকে  জেললৈ প্ৰেৰণ কৰে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

শীঘ্ৰে কুৰি খনৰো অধিক ৰোপেষ্ক জাহাজ অসম পাবহি : চাংসাৰিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

Image
নীলমণি দাস, মুক্তাপুৰ: অসমৰ বাবে সুবিধাজনক নহয় ৰৰ জাহাজ । ব্ৰহ্মপুত্ৰত সুচল চলাচলৰ বাবে উপযোগী নহয় ৰৰ জাহাজ । যাৰ বাবে অসমলৈ অনা কেওখন ৰৰ জাহাজ ওভতাই দিছে । ৰৰ জাহাজৰ পৰিবৰ্তে ৰোপেষ্ক জাহাজ চলোৱাৰ সিদ্ধান্ত অসম চৰকাৰ । শীঘ্ৰে কুৰি খনৰো অধিক ৰোপেষ্ক জাহাজ অসম পাবহি বুলি সদৰি কৰিলে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । কামৰূপ জিলাৰ চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমত গুডাম ঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত থকা বুলি সদৰি কৰে সংবাদ মাধ্যমক । বানপানী অথবা কভিডপিষ্ট সময়ত খাদ্য সামগ্ৰী নাতনি অথবা পৰিবহনত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি চৰকাৰে চোকা দৃষ্টি ৰখা বুলিও মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে । ক'ৰনা মহামাৰীৰ এই বিপদসঙ্কুল সময়ত ট্ৰাক চালক হেণ্ডিমন সকলৰো শলাগ লয় কেবিনেত মন্ত্ৰী গৰাকীয়ে। চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ পৰা ৰাজ্য লগতে উত্তৰ পুৱৰ বিভিন্ন ৰাজ্যলৈ খাদ্য সামগ্ৰী সৰবৰাহ ক্ষেত্ৰত পৰিবহনকাৰী সকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয়  তাৰ প্ৰতিও চৰকাৰ সচেষ্ট উল্লেখ কৰে কেবিনেত মন্ত্ৰী গৰাকীয়ে । চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ লগ

ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, বিজেপিৰ বুথ কমিটিৰ সভাপতি সহ আটক ৫

Image
প্ৰতিবেদক , ৰঙিয়া ১২ জুনঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সেউজ সংকেত পোৱাৰ লগে লগে অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ  বিৰোধী অভিযান আৰম্ভ কৰিছে। কামৰূপ আৰক্ষীয়েও এই ক্ষেত্ৰত তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। কামৰূপ আৰক্ষীয়েও সমগ্ৰ জিলাত অভিযান তীব্ৰতৰ কৰি  তোলাত ব্যপক সফলতা অৰ্জন কৰিছে। যোৱা নিশা কামৰূপ আৰক্ষীয়ে ৰঙিয়া আৰক্ষীৰ সহযোগত দহৰা, উদিয়ানা আৰু পীতাম্বৰ হাটবজালীৰ পৰা মুঠ পাঁচ জনক ড্ৰাগছৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে। আটকাধীন সকলৰ মাজত বিজেপিৰ জয়ন্তীপুৰ বুথ কমিটিৰ সভাপতিও আছে বুলি জনা গৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আটক কৰা যুৱক  কেইজন হ'ল প্ৰদীপ চৌধুৰী, ৰুবুল আলী, আপচাৰ আলী, জেহৰুল হক আৰু চায়েদুৰ ৰহমান। তেওঁলোকক আজি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাই আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক নলবাৰী জেল হাজোতলৈ প্ৰেৰণ কৰে। ইপিনে আজি পুৱাৰ ভাগত আটকাধীন যুৱক কেইজনক স্বাস্থ্য পৰীক্ষা কৰাবলৈ স্বাস্থ্য কেন্দ্ৰ

চতিয়াত যোগান বিভাগ জিলা প্ৰশাসনৰ যৌথ অভিযানত জব্দ হ’ল অসাধু ব্যৱসায়ীয়ে মজুত কৰি ৰখা বহুসংখ্যক ৰন্ধন গেছৰ চিলিণ্ডাৰ

Image
অসম চৰকাৰ নিৰ্দেশমৰ্মে শোণিতপুৰ জিলাৰ জিলা উপায়ুক্তৰ দ্বাৰা গঠন কৰা এক স্কোৱাডে কভিড ভয়াবহ পৰিস্থিতিৰ সময়ত যাতে কোনো অসাধু ব্যৱসায়ীয়ে যাতে অধিক মুল্যত বয়বস্তু বিক্ৰী কৰিব নোৱাৰে তাৰে পৰিপেক্ষিতত এক অভিযান চলাই যোগান বিভাগ , জিলা প্ৰশাসনে এক যৌথ অভিযানত গোপনসূত্ৰে চতিয়াৰ কৰৈয়নী আৰু তেৱাৰীপালৰ দুটা স্থানত শুক্ৰবাৰে বিয়লি অভিযান চলায় ৷ কৰৈয়নীৰ  ভাস্কৰ পৌড়েলৰ গৃহত ৩১ টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু তেৱাৰীপালৰ দিলিপ কানুৰ ঘৰৰপৰা ১৮ টাকৈ চিলিণ্ডাৰ অবৈধভাৱে ৰখা অৱস্থাত জব্দ কৰে ৷ চতিয়াত এইদৰে বিভিন্ন স্থানত অভিযান চলায় ৷ পৰবৰ্তী সময়ত পুনৰ এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাব বুলি যোগান বিভাগৰ পৰিদৰ্শক গৰাকীৰ মন্তব্য ৷ ইতিমধ্যে এই দলটোৱে শোণিতপুৰৰ জামুগুৰিহাটৰ বহু ব্যৱসায় প্ৰতিস্থানতো অভিযান চলায় ৷ জামুগুৰিহাটৰ পৰা জোন বৰা।

নগাঁৱৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী আৱাস গৃহৰ কদৰ্য ৰূপ≈≈অব্যৱহৃত অৱস্থাত আছে দীৰ্ঘদিন≈≈চৌহদতে অচল হৈ আছে বহু যান-বাহন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ জুনঃ ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে সময়ে সময়ে স্বাস্থ্য খণ্ডৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছে ‌। তথাপিও ঠায়ে ঠায়ে আজিৰ তাৰিখটো বহু চিকিৎসালয় বা চিকিৎসকৰ আৱাস গৃহ আদি জৰাজীৰ্ণ অৱস্থাত থকা দেখা যায় । ইয়াৰ মাজতে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী আৱাস গৃহটো এতিয়াও শোচনীয় অৱস্থাত থকা বিষয়টোয়ে বিয়াগোম বিভাগটোৰ ফোপোলা স্বৰূপটোকে একপ্ৰকাৰে উদঙাই দিছে । স্মৰ্তব্য যে, নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ পাৰৰ মনোমোহা এক নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশত বৃটিছৰ আমোলত স্থাপন কৰা হৈছিল এই আৱাস গৃহটো । আহল বহল এই আবাস গৃহটোৰ আন্তঃগাঠনি অতি সুন্দৰ । জানিব পৰা মতে, কলঙৰ বাকৰিৰ ঐতিহাসিক নেহৰুবালিৰ দাঁতিতে অৱস্থিত স্বাস্থ্য বিভাগৰ এই আৱাস গৃহটো প্ৰায় ৩৫ বছৰৰো অধিক কাল অব্যৱহৃত হৈ আছে ৷ আচলতে সুদীৰ্ঘ সময় ধৰি জিলাখনৰ কোনো এজন যুটীয়া সঞ্চালকে এই আৱাস গৃহটোত থাকি বিভাগীয় কাম-কাজ পৰিচালনা কৰা নাই । যাৰ ফলত চৰকাৰী আৱাস গৃহটো জৰাজীৰ্ণ হৈ পৰিছে । আনকি বছৰ বছৰ ধৰি অব্যৱহৃত অৱস্থাত থকাৰ হেতু আৱাস গৃহটোৰ চৌহদ হাবি-জংঘলেৰে ভৰি পৰি কদৰ্য