কল্লোল সাংস্কৃতিক গোষ্ঠী-মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত শিশুৰ অনলাইন গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ জুনঃ নগাঁও জিলাৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰ, শেতালিৰ সৌজন্যত যোৱা ৭ জুনৰ পৰা ঝুম এপৰ জৰিয়তে অনুষ্ঠিত ৮-১২ বছৰৰ শিশুৰ অনলাইন গ্ৰীষ্মকালীন শিবিৰৰ দেওঁবাৰে সামৰণি পৰে ৷ এই শিবিৰৰ বিষয় সমূহ আছিল- 'ছৱি আঁকো আহা', 'শব্দৰ( ইংৰাজী ) পৃথিৱী', 'নাটক কৰোঁ আহা', 'আহা, আমি গান গাওঁ', 'সাধু..কওঁ নে শুনো', 'দন্ত-যতন আৰু যোগাভ‍্যাস', 'নাচ এপাককে মাৰোঁ আহা'। এই বিষয় সমূহৰ সমল ব‍্যক্তি হিচাবে অংশগ্ৰহণ কৰিছিল অসম বিশ্ববিদ্যালয় শিলচৰৰ অধ্যাপক ড° ৰাজকুমাৰ মজিন্দাৰ, লক্ষ্ণৌ বিশ্ববিদ‍্যালয়ৰ অধ্যাপিকা মাদ্ৰী কাকতি, নতুন দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দক্ষিণা শৰ্মা, বিশিষ্ট সঙ্গীত শিল্পী ৰূপম ভূঞা, প্ৰিয় বন্ধুৰ প্ৰতিষ্ঠাপক তথা গল্পকাৰ অৰ্চনা বৰঠাকুৰ, চৰকাৰী দন্ত মহাবিদ্যালয় শিলচৰৰ অধ্যাপক ডাঃ দেৱদূত কাকতি, যোগ প্ৰশিক্ষক দিক্ষীতা কাকতি আৰু বিশিষ্ট লোক শিল্পী ডঃ সদানন্দ পায়েঙে। এই অনুষ্ঠানসমূহৰ সমন্বয়ক আছিল মাদ্ৰী কাকতি । অসমৰ বিভিন্ন জিলাৰ লগতে বহিঃ ৰাজ্য কলিকতা, জয়পুৰ, ছিলং আদিৰ বহু শিশুৱেও এই গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰে। ইফালে, সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই।উদ্দেশ্য বাখ্যা কৰে বিশিষ্ট গল্পকাৰ তথা মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰৰ সম্পাদক শিৱানন্দ কাকতিয়ে। কেইবাগৰাকী অংশগ্ৰহণকাৰী শিশু আৰু তেওঁলোকৰ অভিভাৱকে নিজৰ অনুভৱ ব্যক্ত কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাষন প্ৰদান কৰে বিশিষ্ট লেখক তথা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। ভাষন প্ৰসংগত জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে শিশু সকলক শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে খেলাধূলাত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। তেওঁ শিশু সকলক গছ পুলি ৰোপনকে ধৰি প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত হবলৈও আহ্বান জনায়। অনুষ্ঠানৰ সন্মানীয় অতিথি 'দৈনিক অসম'ৰ সাংবাদিক চন্দনজ্যোতি বৰাই ভাষন প্ৰসংগত কয় যে--শিশু সকলক তেওঁলোকৰ ইচ্ছাৰ অবিহনে হেঁঁচা দিব নালাগে। তেওঁলোকক কেৱল ইতিবাচক বিশ্বাস দিব লাগে আৰু গীত, নৃত্য, ছবি অঁঁকা, খেলাধূলা, পঢ়া-শুনাৰ যিটো কৰি ভাল পায় তাকেই কৰিবলৈ দিব লাগে।অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা তথা সাংস্কৃতিক কৰ্মী মুকুল প্ৰসাদ বৰঠাকুৰে। অনুষ্ঠানত উপস্থিত আটাইয়ে কল্লোল সাংস্কৃতিক গোষ্ঠী, মতিৰাম কাকতি সাংস্কৃতিক কেন্দ্ৰ আৰু বিশেষকৈ অনুষ্ঠানৰ সমন্বয়ক তথা আঁঁত ধৰোতা অধ্যাপিকা মাদ্ৰী কাকতিৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা