জয়পুৰ আৰক্ষীৰ অভিযান: চেভ্ৰলেট গাড়ীত উঠাই অনা ৮ টাকৈ ছাগলী এৰি পলায়ন চোৰৰ দলৰ

আজি জয়পুৰ আৰক্ষীৰ দ্বাৰা উদ্ধাৰ কৰা হয় ৮ টাকৈ চোৰাং ছাগলী । এ এছ ০৬ এইচ ৬১৩৫  নম্বৰৰ এখন পৰিত্যক্ত চেভ্ৰলেট গাড়ীৰ পৰা উদ্ধাৰ কৰা হয় এই ছাগলী কেইটা।
    উল্লেখযোগ্য যে জয়পুৰ আৰক্ষীয়ে ছাগলী চুৰৰ এটা দলৰ অঞ্চলটোত গতিবিধিৰ তথ্য লাভ কৰি জয়পুৰৰ দুটা স্থানত নাকা চেকিং চলোৱাৰ ফলত চোৰৰ দলটোৱে ছাগলী সহ গাড়ীখন থানাৰ সমীপৰ এখন বিদ্যালয়ৰ বাকৰিত এৰি পলায়ন কৰে।
      ঘটনা সন্দৰ্ভত ইতিমধ্যে জয়পুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ ধাৰাৰ অধীনত ৪১/২১ নং গোচৰ ৰুজু কৰি অভিযান অব্যাহত ৰাখিছে।
     
নাহৰকটীয়াৰ পৰা গগন হাজৰিকা, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট। ০৩।০৬। ২০২১।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা