দহলাহাবিৰ এগৰাকী দৃষ্টিহীন যুৱকৰ কৰুণ জীৱন কাহিনী

দহলাহাবিৰ এগৰাকী দৃষ্টিহীন যুৱকৰ কৰুণ জীৱন কাহিনী

জীৱনৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰিছে দৃষ্টিহীন প্ৰাণজিতে,সকলোলৈ সহায়ৰ আহ্বান


এগৰাকী দৃষ্টিহীন যুৱক । জীৱনৰ মাথো ২২ টা বসন্ত গৰকা যুৱকজনে হঠাতে ২০১৭ ইং বৰ্ষত দৃষ্টি শক্তি হেৰুৱাই বিগত তিনিটা বছৰে কঠিন জীৱন সংগ্ৰামত ব্ৰতী হৈ থাকিব লগীয়া হৈছে যদিও যুৱকজনে কিন্তু হেৰুৱাই পেলোৱা নাই জীৱনৰ ছন্দ । বাগসা আৰু ওদালগুৰি জিলাৰ সীমান্তবৰ্তী পানেৰী সমষ্টিৰ এখন ভিতৰুৱা গাঁও নাম দহলাহাবি । ভেৰগাওঁ উন্নয়ণ খণ্ডৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত যুৱক প্ৰাণজিৎ দাসৰ যন্ত্ৰণা কাতৰ জীয়া কাহিনী এয়া ৷ প্ৰয়াত ৰাজেন দাস আৰু মাতৃ সাৰদা দাসৰ প্ৰথম পুত্ৰ প্ৰাণজিৎ । পিতৃৰ বিয়োগৰ পিছত এইজন চফল সুঠাম ডেকা প্ৰাণজিতে ঘৰখন চলাই আছিল বিভিন্ন কাম বন কৰি। কিন্তু কালৰ কুটিল গতিত ২০১৭ ইং বৰ্ষৰ পৰা চকুৰ ৰোগত ভুগিবলৈ আৰম্ভ কৰে প্ৰাণজিতে আৰু এনেদৰে প্ৰায় এবছৰৰ পিছত সম্পূৰ্ণ দৃষ্টিশক্তি হেৰুৱাই পেলাই তেও । ৰাজ্যখনৰ ক’ত চিকিৎসা কৰা নাই প্ৰাণজিতে । তেওঁৰ বন্ধু বৰ্গৰ লগতে পৰিয়ালে অসমৰ লগতে বাহিৰৰ বিভিন্ন ঠাইতো চিকিৎসা কৰালে প্ৰাণজিতৰ তথাপি কিন্তু চকুৰ দৃষ্টি শক্তি ঘুৰাই আনিবলৈ সক্ষম নহ'ল। প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত তাৰ পিছত শংকৰদেৱ নেত্ৰালয় আৰু গুৱাহাটীৰ বিভিন্ন ব্যক্তিগত চিকিৎসালয়তো তেওৰ চিকিৎসা কৰিলে ৷ তাৰ পিছত নেপালতো তেওৰ চিকিৎসা কৰিলে । পিচৰ পৰ্যায়ত চেন্নাই আৰু বেংগলুৰুলৈ লৈ গ’ল কিন্তু  দৃষ্টি শক্তি ঘুৰি নাহিল প্ৰাণজিতৰ । সম্প্ৰতি চকু পানীৰে বাট নেদেখা হোৱা যুৱকজনে এতিয়া জীৱনৰ গতানুগতিক বাস্তৱতাক স্বীকাৰ কৰি লবলৈ বাধ্য হৈ পৰিছে ৷ ২০১১ ইং চনত খাগ্ৰাবাৰী জনতা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০১৩ ইং চনত নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হয় মেধাবী ছাত্ৰজনে । এতিয়া সময়ৰ সৈতে যুজিবলৈ লাহে লাহে শিকাৰ বাদে যেন আন কোনো উপায় নাই তেওৰ । প্ৰাণজিতে গুৱাহাটীত বিশেষ ভাৱে সক্ষম সকলৰ বাবে থকা ডিপ্লোমা পাঠ্যক্ৰমো সমাপ্ত কৰিছে । পঢ়া শুনাত চোকা প্ৰাণজিতে ভালদৰে চলাব জানে ম'বাইলো । জীৱনৰ সৈতে সংগ্ৰামত ব্যস্ত প্ৰাণজিতে মাতৃ আৰু কনিষ্ঠ ভাতৃৰ লগতে পেহীয়েক এগৰাকীৰ সৈতে দহলাহাবিত এতিয়াও জীৱনৰ সোণালী সপোন ৰচিছে । কিন্তু কেতিয়াবা যেন ভাগৰি পৰে প্ৰাণজিত । আৰ্থিক অনাটনে জুৰুলা কৰা পৰিয়ালটো এতিয়া চলিবলৈ অসুবিধা হৈছে । বিশেষকৈ আংশিক লকডাউনে জুৰুলা কৰি পেলাইছে প্ৰাণজিতৰ ঘৰখনক । 
বিশেষভাৱে সক্ষম সকলৰ বাবে থকা বিভিন্ন আঁচনিৰ সুফল লাভৰ পৰাও বঞ্চিত প্ৰাণজিত । বহু কষ্ট কৰিও দীনদয়াল দিবাংগ আঁচনিৰ পেঞ্চনটোও লাভ কৰিব পৰা নাই প্ৰাণজিতে । সেয়েহে চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত এই যুৱকজনলৈ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে দৰিদ্ৰ পৰিয়ালটোৰ লগতে তেওৰ বন্ধুবৰ্গই । কোনো সদাশয় লোক তথা দল,সংগঠনে যুৱক জনক সহায় কৰিব বিচাৰিলে তেওৰ ৬০০৩৬ ৩৪২৫৭ ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ভূক্তভোগী যুৱকজনে ৷ তেওৰ একাউন্ট নম্বৰ - ৩১৯৩০৬৫১৪৮৮ , আইএফএচচি নম্বৰ- এচবিআইএন ০০১০৪১৩ । 


*ৰবীন্দ্ৰ কুমাৰ ডেকা,নাওকাটা* ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা