নগাঁৱৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী আৱাস গৃহৰ কদৰ্য ৰূপ≈≈অব্যৱহৃত অৱস্থাত আছে দীৰ্ঘদিন≈≈চৌহদতে অচল হৈ আছে বহু যান-বাহন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ জুনঃ ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে সময়ে সময়ে স্বাস্থ্য খণ্ডৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছে ‌। তথাপিও ঠায়ে ঠায়ে আজিৰ তাৰিখটো বহু চিকিৎসালয় বা চিকিৎসকৰ আৱাস গৃহ আদি জৰাজীৰ্ণ অৱস্থাত থকা দেখা যায় । ইয়াৰ মাজতে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী আৱাস গৃহটো এতিয়াও শোচনীয় অৱস্থাত থকা বিষয়টোয়ে বিয়াগোম বিভাগটোৰ ফোপোলা স্বৰূপটোকে একপ্ৰকাৰে উদঙাই দিছে । স্মৰ্তব্য যে, নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ পাৰৰ মনোমোহা এক নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশত বৃটিছৰ আমোলত স্থাপন কৰা হৈছিল এই আৱাস গৃহটো । আহল বহল এই আবাস গৃহটোৰ আন্তঃগাঠনি অতি সুন্দৰ । জানিব পৰা মতে, কলঙৰ বাকৰিৰ ঐতিহাসিক নেহৰুবালিৰ দাঁতিতে অৱস্থিত স্বাস্থ্য বিভাগৰ এই আৱাস গৃহটো প্ৰায় ৩৫ বছৰৰো অধিক কাল অব্যৱহৃত হৈ আছে ৷ আচলতে সুদীৰ্ঘ সময় ধৰি জিলাখনৰ কোনো এজন যুটীয়া সঞ্চালকে এই আৱাস গৃহটোত থাকি বিভাগীয় কাম-কাজ পৰিচালনা কৰা নাই । যাৰ ফলত চৰকাৰী আৱাস গৃহটো জৰাজীৰ্ণ হৈ পৰিছে । আনকি বছৰ বছৰ ধৰি অব্যৱহৃত অৱস্থাত থকাৰ হেতু আৱাস গৃহটোৰ চৌহদ হাবি-জংঘলেৰে ভৰি পৰি কদৰ্যময় হৈ পৰিছে । তদুপৰি আৱাস গৃহটোৰ চৌহদত দীৰ্ঘদিন ধৰি স্বাস্থ্য বিভাগৰ বহু কেইখন গাড়ী অচল অৱস্থাত পৰি আছে । এনেদৰে ৰ’দ-বৰষুণত পৰি থকাৰ বাবেই এই গাড়ী সমূহ উৱলি যোৱাৰ উপক্ৰম ঘটিছে ৷ আশ্চৰ্যজনকভাবে দীৰ্ঘ দিন ধৰি অচল হৈ পৰি থকা এই গাড়ী সমূহ আজিলৈকে মেৰামতি বা নিলামৰ ব্যৱস্থা গ্ৰহন কৰা নহ’ল । অৱশ্যে স্বাস্থ্য বিভাগে কেতবোৰ সামগ্ৰী জমা কৰি ৰখা যুটীয়া স্বাস্থ্য সঞ্চালকৰ পৰিত্যক্ত এই আৱাস গৃহটোৰ সংলগ্ন এটা সৰু ঘৰত এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰখীয়া হিচাপে আছে । গতিকে, এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা চৰকাৰী এই আৱাস গৃহটো মেৰামতি কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক আহবান জনাইছে নগঞা সচেতন মহলে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা