নিজ হাতীচোঙত ২০০জনক ক’ভিড ভেকচিন প্ৰদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো জোৰদাৰ কৰি তোলা হৈছে ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷ ইয়াৰ অংশহিচাপে বৃহস্পতিবাৰে জিলাখনৰ নিজ হাতীচোং গাঁও পঞ্চায়তৰ এলেকাধীন কলবাৰীৰ ২৫২নং কাতনিগাওঁ এল পি স্কুলত গঞাৰাইজৰ সুবিধাৰ্থে জিলা স্বাস্থ্য বিভাগৰ ব্যৱস্থাপনাত এটি ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বুঢ়াগোঁসাই থান প্ৰাথমিক চিকিৎসালয়ৰ উদ্যোগত আৰু পূৱ হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত তথা নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধীৰ বিশেষ তৎপৰতাত অনুষ্ঠিত হোৱা এই শিবিৰত ১৮ বছৰ আৰু ৪৫ বছৰ উৰ্ধ্বৰ মুঠ ২০০ গৰাকী লোকক ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হয় ৷ ইফালে, উক্ত শিবিৰতে কৰা ৰেপিড এন্টিজেন টেষ্টত এগৰাকী মহিলাকে ধৰি দুজনৰ দেহত মাৰাত্মক ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে ৷

Comments