মৈৰাবাৰীৰ ভেলৌগুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন গাঞ্জা ড্ৰাগছ সৰবৰাহকাৰীক

নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আজি মৰিগাঁও জিলাৰ ভেলৌগুৰি  আৰক্ষীয়ে ব্যাপক অভিযান চলাই ভজাকাটি গাঁৱৰ  ফজিলা খাতুন আৰু আজাদ হুছেইনক ৪ টা কন্টেনাৰ ১কে জি ৮০ গ্ৰাম গাঞ্জা সহ দুজন ড্ৰাগছ সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই কুখ্যাত ড্ৰাগছ সৰবৰাহ কাৰী ফজিলা খাতুনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাং ভাৱে ড্ৰাগছ আনি  বজাকাটি গাঁৱত থকা নিজৰ ঘৰৰপৰাই বেপাৰটো  চলাই নিছিল ।আজি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই এই বুজন পৰিমাণৰ ড্ৰাগছ সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ বেপাৰী ফজিলা খাতুন আৰু আজাদ হুছেইনৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰি দুয়োকে  জেললৈ প্ৰেৰণ কৰে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা