নলবাৰীত আছুৰ বিক্ষোভ
পাগলাদিয়া নৈৰ ওপৰত নিৰ্মীয়মান দলং,বৰকুৰাত নিৰ্মিয়মান উৰনীয়া সেতুৰ কাম খৰতকীয়াকৈ কৰাৰ লগতে নলবাৰীচহৰৰ কৃত্ৰিম বান,ৰাষ্টা-ঘাটৰ সমস্যা আৰু জাৱৰ-যোথৰ চাফ কৰা তথা সমাধানৰ দাবীত বৃহস্পতিবাৰে এন টি ৰোড হৰিমন্দিৰৰ সন্মুখত বিক্ষোভ কৰে।
চৰকাৰ আহিছে,চৰকাৰ গৈছে।কিন্তু নলবাৰী চহৰৰ কৃত্ৰিম বান সমস্যা আজিলৈ সমাধান হোৱা নাই।লগতে ওপৰোক্ত স্থানীয় আৰু আঞ্চলিক সমস্যা কেইটা সমাধানৰ দাবী জনাই নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই।সম্পূৰ্ণ কোভিড বিধি মানি কৰা বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন,সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকা,উপদেষ্টা হৰিহৰ শৰ্মা,দেৱজিৎ ভৰ্টাচাৰ্য,অৰ্ণৱজ্যোতি আৰ্য,উপ সভাপতি বিশাল বিক্ৰম চৌধুৰী,সহকাৰি সাধাৰন সম্পাদক ভৱেশ ডেকাকে প্ৰমুখ্য কৰি আছুৰ কেইবাগৰাকী বিষয় ববীয়া।
জয় আই অসম,সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ,অসম চৰকাৰ হাই-হাই আদি শ্লো-গানেৰে আকাশ-বতাহ কপাই উক্ত সমস্যা সমূহ সমাধানৰ দাবী জনাই আছুৰ বিষয় ববীয়া সকলে।
নলবাৰী পৰা শংকৰ দাস ।
Comments
Post a Comment