পেটৰ ভোকত ঢোল বিক্ৰী কৰিবলৈ ওলাইছে শিল্পীয়ে
*কামৰুপীয়া ঢুলীয়া সংস্কৃতিৰ সাধক তথা সংগীত নাটক অকাডেমি বটা প্ৰাপক কৈহাটীৰ মোহন ভাৱৰীয়াৰ সতীৰ্থই পেটৰ ভোকত বিক্ৰী কৰিব ওলাইছে ঢোল*
*কামৰুপীয়া ঢুলীয়া সংস্কৃতিৰ সাধক তথা সংগীত নাটক অকাডেমী বটাপ্ৰাপক মোহন ভাওৰীয়াৰ জন্মস্হান কৈহাটী গাৱঁত আজি ঢুলীয়াই পেটৰ ভোকত বিক্ৰী কৰিবলৈ ওলাইছে কান্ধত ওলোমাই ৰখা মৰমৰ ঢোলটো*
*কৰোনা মহামাৰীৰ ফলত লকডাউনৰ বাবে এই সকল ঢুলীয়াৰ আখলত আজি জুই নজলা অবস্থা*
*আনহাতে কৈহাটীৰ একাংশ ঢুলীয়াই আজিও সকলো চৰকাৰী আচনিৰ পৰা বঞ্চিত*
*ইপিনে সুদীৰ্ঘ বিশ বছৰে মোহন ভাওৰীয়াৰ সমাধিস্থল আজিও নিৰ্মাণ নহোল*
*সম্পূৰ্ণ নহোল আখৰা গৃহটোও*
*সমধিস্হলত এখন গামোচা আৰি ৰখাৰ উপৰি অসম্পূৰ্ণ আখৰা গৃহ এতিয়া হাবি জংঘলৰে ভৰি পৰিছে*
নলবাৰী পৰা শংকৰ দাস ।
Comments
Post a Comment