যশস্বী অভিনেতা প্ৰদীপ নিশিথৰ সৈতে এক অন্তৰংগ আলাপ-------------------------------

যশস্বী অভিনেতা প্ৰদীপ নিশিথৰ সৈতে এক অন্তৰংগ আলাপ
----------------------------------------
অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক, মঞ্চ আৰু হিন্দী ধাৰাবাহিক আদিত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেতা প্ৰদীপ নিশিথৰ সৈতে এক অন্তৰংগ আলাপৰ সম্পাদিত ৰূপ ৰহস্যৰ পাঠকৰ বাবে আগবঢ়োৱা হল:-----
1.অসমৰ অভিনয় জগতলৈ আপোনাৰ প্ৰৱেশ কেনেকৈ হল?
প্ৰদীপ নিশিথ:---প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰ থিয়েটাৰৰ যোগেদি অভিনয় জগতত প্ৰৱেশ ঘটে 2001চনত।
2.অভিনয় জগতলৈ আহোঁতে  আপোনাৰ পিতৃ-মাতৃৰ অৰিহনা নিশ্চয় আছে।আপোনাৰ পিতৃ মাতৃৰ বিষয়ে অলপ কওকচোন?
প্ৰদীপ নিশিথ:---পিতৃ মাতৃৰ অৰিহণা আছিল।মা দেউতা বৰ্তমান নাই।তেওঁলোক ঢুকাল।তেওঁলোকৰ উৎসাহ আছিল।পিতৃৰ নাম স্বৰ্গীয় উমেশ চন্দ্ৰ দাস আৰু মাতৃৰ নাম জানকীবালা দাস।
3.সম্প্ৰতি নতুন প্ৰজন্মৰ কোনবোৰ কথাই আপোনাক চিন্তিত কৰে?
প্ৰদীপ নিশিথ:--- নতুন প্ৰজন্মৰ ভৱিষ্যত কি হব।কি কৰিব তেওঁলোকে।কাম কাজ নাই।বৰ্তমান সংস্থাপন নাই তেওঁলোকৰ।
4.আপোনাৰ অসাধাৰণ অভিনয় প্রতিভাৰ বাদে সাহিত্য, সংগীত বা আন কোনো বিষয়ত ৰুচি আছে নেকি?
প্ৰদীপ নিশিথ:--- ৰুচি আছে।নাটক পঢ়া আৰু নাটক লিখাত ৰুচি আছে।
5.অকল শিক্ষা আৰু সংস্কৃতিয়েই এটা জাতিৰ উত্তৰণৰ একমাত্ৰ পথ বুলি ভাবে নেকি?
প্ৰদীপ নিশিথ:--- নাভাবো।কৰ্মটো লাগিব।শিক্ষা আৰু সংস্কৃতিৰ লগতে কৰ্মও লাগিব।
6.প্ৰত্যেক শিল্পীৰে নিজস্ব অভিনয় ষ্টাইল থাকে।আপোনাৰ অভিনয়ত আপুনি কোনটো ষ্টাইল লক্ষ্য কৰে?
প্ৰদীপ নিশিথ:--- মই কব নোৱাৰিম মোৰ ষ্টাইলৰ বিষয়ে(হাঁহি)।দৰ্শকে কব।
7.আপুনি বলিউডতো নিজকে এজন সফল অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে।বলিউডত প্ৰৱেশৰ বিষয়ে অলপ কওঁকচোন?
প্ৰদীপ নিশিথ:--- বলিউডত প্ৰৱেশৰ বিষয়ে কবলৈ হলে মই তাত এবছৰীয়া এটা অভিনয়ৰ প্ৰশিক্ষণ লৈছিলোঁ।ৰোষণ তনেজা মোৰ অভিনয়ৰ গুৰু আছিল।তেওঁ F.T.I. ৰ মুৰব্বী আছিল।এটা সময়ত মই বম্বেৰ "যাত্ৰী" থিয়েটাৰ বুলি অভিনয়ৰ গ্ৰুপ এটাৰ লগত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অভিনয় কৰিছিলোঁ।তেনেকৈ অভিনয় কৰি মই বম্বেৰ অভিনয় জগতত প্ৰৱেশ কৰিছিলোঁ।মোৰ প্ৰথম হিন্দী ধাৰাবাহিক আছিল 'যুগ'।
8.আপুনি বিখ্যাত পৰিচালক ৰামানন্দ সাগৰৰ শ্ৰীকৃষ্ণ ধাৰাবাহিকত দ্রুপদ ৰজাৰ চৰিত্ৰত অভিনয় কৰিছিল।পৰিচালক ৰামানন্দ সাগৰৰ লগত আপোনাৰ অভিনয় অভিজ্ঞতা কেনেকুৱা আছিল?
প্ৰদীপ নিশিথ:--- সেইটো এক বিৰল অভিজ্ঞতা আছিল।পৰিচালক ৰামানন্দ সাগৰৰ দৰে এজন Legend ৰ লগত অভিনয় কৰাতো জীৱনৰ এক সাংঘাঁটিক অভিজ্ঞতা।বলিউডৰ যিখিনি বিখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ, জিতেন্দ্ৰ, হেমামালিনী আদি 60 ৰ দশকৰ যিখিনি অভিনেতা অভিনেত্ৰীয়ে যাৰ লগত কাম কৰিছে।যি নেকি অনেক ভাল হিন্দী ছবি হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰিক উপহাৰ দিছে।তেনেকুৱা এজন পৰিচালকৰ লগত কাম কৰাটো মোৰ  সৌভাগ্য বুলি কব লাগিব আৰু এনেকুৱা ভদ্ৰ, মৰমিয়াল ব্যক্তি খুব কমেই থাকে।
9.মঞ্চ আৰু ধাৰাবাহিকৰ ভিতৰত কোনটো মাধ্যম আপোনাৰ অধিক প্রিয়?
প্ৰদীপ নিশিথ:--- মাধ্যম মোৰ দুয়োটাই প্রিয়।কাৰণ দূয়োটাৰ  শৈলীটো অলপ বেলেগ।দূয়োটা মাধ্যমৰ এক পাৰ্থক্য আছে।দূয়োটা মাধ্যমৰ পাৰ্থক্য বজাই ৰাখিব পৰা এক ভাৰসাম্য লাগে।
10.আপোনাক কোনবোৰ কথাই খং তোলে?
প্ৰদীপ নিশিথ:--- বহুত কথাই খং তোলে(হাঁহি)।ফাঁকি কথাত  খং উঠে।
11.আপোনাৰ প্ৰিয় খাদ্য?
প্ৰদীপ নিশিথ:--- যিকোনো ঘৰুৱা খাদ্য।
12.আপোনাৰ প্রিয় ৰং?
প্ৰদীপ নিশিথ:--- প্রিয় ৰং বগা।
13.আপোনাৰ আদৰ্শ ব্যক্তি?
প্ৰদীপ নিশিথ:--- আদৰ্শ ব্যক্তি  বুলি কলেতো বহুতেই আছে।নিৰ্দ্দিষ্ট কোনো নাই।
14.জীৱন সম্পৰ্কে অভিমত?
প্ৰদীপ নিশিথ:---জীৱনটো বৰ জটিল।
সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতা
শ্ৰী কুলদ্বীপ শইকীয়া
ৰত্নপুৰ, পলিৰোড
(ডিফলু দলঙৰ কাষত)
নগাওঁ
মোবাইল নম্বৰ:---8474093168.

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা