Posts

Showing posts from May, 2022

p

Image

আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰা দুই যুৱকক ম্যানমাৰ - ভাৰত সীমান্তত আটক ।

Image
দৈনিক আমাৰ প্ৰণাম মাৰ্ঘেৰিটা:আলফা (স্বা)শিবিৰৰ পৰা পলায়ন কৰি অহা দুই সদস্য সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক  আটক  । আন্তঃজাতিক সীমান্ত অতিক্ৰম  কৰি প্ৰবেশ কৰোতে আটক কৰে ৬ নং আসাম ৰাইফলচৰ এটি তহলদাৰী দলে । ভাৰত - ম্যানমাৰৰ সীমান্ত লাজুত  দুয়োজনক আটক । অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাস্থিত আসাম ৰাইফলচৰ শিবিৰত ৰাখি সোধপোচৰ অন্তত আজি খুনচা আৰক্ষীক চমজাই দিয়ে ।  ২০২১ চনৰ নবেম্বৰ মাহত যোগদান কৰি প্ৰত্যাৱৰ্তন কৰা দুই সদস্যৰ সুৰজিৎ গগৈৰ ঘৰ পেঙেৰীৰ নলনিত আৰু শ্যামল বৰুৱাৰ ঘৰ ডিগবৈৰ মামৰণিত । শিবিৰত থাকি কষ্ট পোৱাৰ বাবে প্ৰত্যাবৰ্তন কৰা বুলি জনাইছে । আলফা স্বাধীনত যোগদান প্ৰত্যাবৰ্তন মৃত্যুদণ্ড ঘোষণা মৃত্যুদণ্ড বিহাৰ এক পৰিবেশৰ মাজতে পুনৰ দুগৰাকী সদস্য ম্যানমাৰৰ পৰা পলাই অহাটোৱে তাৎপৰ্য বহন  কৰিছে । মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিম

n

Image
ধুবুৰীত আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন  ড্ৰাগচ সৰবৰাহকাৰী ধুবুৰী, ৩১ মে' আজি ধুবুৰীত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন দাগী ড্ৰাগচ সৰবৰাহকাৰী জালত পৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে,  গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম গগৈৰ নেতৃত্বত  আৰক্ষীৰ এটি দলে আজি দুপৰীয়াৰ পিনে স্থানীয় ৰেল আস্থানৰ সমীপৰ ৰাজপথত এক অভিযান চলাইছিল। সেই অভিযানত  বৃহৎ পৰিমাণৰ নিছাযুক্ত ঔষধসহ জনৈক ৰাতুল হুছেইন মণ্ডল নামৰ ড্ৰাগছ সৰবৰাকাৰীক হাতেলোটে কৰায়ত্ব কৰে আৰক্ষীয়ে। ধৃত সেই যুৱকজনৰ পৰা  ১৪০ টা ৰচকফ নামৰ নিছাযুক্ত কফচিৰাপৰ বটল, ৪৭০০ টা পায়ীভ’ন স্পাচ প্লাচ  (Pyeevon Spas Plus capsules) আৰু ২০০টা নাইট্ৰ’চুন  (nitrosun 10(R)) নামৰ নিছাযুক্ত টেৱলেটউদ্ধাৰ হোৱা বুলি প্ৰকাশ।  ধৃত সেই ড্ৰাগচ সৰবৰাহকাৰীৰ ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলৰ বুলি জানিব পৰা গৈছে। প্ৰেৰক- জিতু মণি দাস, ধুবুৰী তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত অঘটন খাদ্যত বিষক্ৰিয়া হৈ ১৪ গৰাকী ছাত্ৰীসহ ১৫ গৰাকী অসুস্থঃ নয়নজ্যোতি দাস, তামুলপুৰ, ৩১ মে' তামুলপুৰ জিলাৰ নাগ্ৰীজ

sjtch

Image

বাতৰি

Image
# বৰপেটা চহৰ তথা জিলাৰ উন্নয়নৰ স্বাৰ্থত ৰাজনৈতিক নেতাৰ  একগোট হোৱাৰ দাবী ৰাইজৰ #  প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩১মেঃ সম্প্ৰতি ৰাজনৈতিক নেতা যি দলৰে নহওঁক কিয়, যি জাতি-ধৰ্মৰে নহওঁক ,দল মত বাদ দি বৰপেটা জিলাৰ ৰাজনৈতিক নেতা বা ৰাজনৈতিক কৰ্মী সকলে ৰাজ্যৰ একমাত্ৰ অৱহেলিত আৰু পিচপৰা চহৰ বৰপেটা আৰু সামগ্ৰিক ভাৱে জিলা খনৰ উন্নয়নৰ স্বাৰ্থত একগোট হৈ চৰকাৰৰ ওচৰত গৈ বিপ্লৱ গঢ়ি তুলিবলৈ বৰপেটা জিলবাসী ৰাইজে অাহ্বান জনাইছে।  লক্ষনীয়ভাৱে এই কথা এই কাৰণে কোৱা হৈছে যে, অসমৰ আন জিলা বা জিলাৰ সদৰ চহৰ সমুহৰ তুলনাত বৰপেটা তথা জিলাখন ৰাজ্য চৰকাৰৰ দ্বাৰা অনাদৃত, অৱহেলিত আৰু পদে পদে বঞ্চিত হৈ থকা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে,কংগ্ৰেছ চৰকাৰৰ সময়ত এখন মাত্ৰ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয় হৈছে। আৰু তাৰ পিছত কি হ'ল…? ৰাজ্যৰ আন চহৰ বা জিলাৰ ক্ষেত্ৰত উন্নয়নৰ যি বিপ্লৱৰ ধাৰা সূচনা হৈছে,তাৰ তুলনাত বৰপেটা চহৰ বা বৰপেটা জিলাৰ কি পৰিৱৰ্তনৰ সূচনা হৈছে তাক সকলোৱে প্ৰত্যক্ষ কৰিছে। পিছে কৰবাত এখন ওভাৰ ব্ৰীজ বা পথৰ উন্নয়ন কৰা হলেই উন্নয়ন নুবুজায় বুলি একাংশ ৰাইজে মতপোষ কৰে। ইপিনে যোৰহাট,ডিব্ৰুগড়, গোলাঘাট, নলবাৰী,মঙ

পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নিৰ্দেশ জাৰি কৰাৰ এমাহৰ ভিতৰত বিত্তীয় প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ*

*প্ৰেছ বিজ্ঞপ্তি* মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, অসম দিছপুৰ, গুৱাহাটী-০৬ --------------------------------------------------------------------------------- *পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নিৰ্দেশ জাৰি কৰাৰ এমাহৰ ভিতৰত বিত্তীয় প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ*  *দিছপুৰ, ৩০ মে’, ২০২২ঃ* ভাৰতৰ নিৰ্বাচন আয়োগে পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক (RUPPs) তেওঁলোকৰ বিত্তীয় প্ৰতিবেদন যেনে ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ অনুদান প্ৰতিবেদন ( Contribution Report), গণনাকৃত বাৰ্ষিক হিচাব প্ৰতিবেদন (Audited Annual Accounts) আৰু নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ এই সম্পৰ্কত আয়োগে যোৱা ২৫ মে’ তাৰিখে এক নিৰ্দেশনা জাৰি কৰিছে৷ দলসমূহে তেওঁলোকৰ বিত্তীয় প্ৰতিবেদন এই  নিৰ্দেশনা জাৰি কৰাৰ দিনাৰ পৰা ৩০ দিনৰ ভিতৰত দাখিল কৰিব লগিব৷ অন্যথা এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷  নিৰ্বাচন আয়োগৰ এই নিৰ্দেশৰ প্ৰতিলিপি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইট http://ceoassam.nic.inত উপলব্ধ কৰা হৈছে৷ এই সংক্ৰান্তত অসমৰ মুখ্য নিবাৰ্চনী বিষয়া নীতিন খাড়েয়ে সোমবা

বিশ্বনাথত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত অস্ত্ৰ সৰবৰাহকাৰী জাকিৰ হুছেইন

নিশা বিশ্বনাথত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। অস্ত্ৰ সৰবৰাহকাৰীলৈ গুলীচালনা আৰক্ষীৰ৷ অস্ত্ৰ সৰবৰাহকাৰী জাগিৰ হুছেইন ওৰফে জাকিৰ হুছেইন আহত হয় আৰক্ষীৰ গুলীত। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাকিৰক৷ ধৃত জাকিৰৰ ঘৰ নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত ক'লাডোবাত৷ গঁড় হত্যাৰ লগত জড়িত জাকিৰ হুছেইন৷ বিশ্বনাথৰ ছোৱাগুৰিত অস্ত্ৰৰ ঘাটি দেখুৱাবলৈ নিওঁতে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় জাকিৰক৷ জাকিৰৰ আক্ৰমণত আহত হৈছে আৰক্ষী কনিষ্টবল ইচমাইল আলী৷ ভৰিত গুলী লগা জাকিৰক নিশাই ভৰ্তি কৰা হয় বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত৷ পিছত উন্নত চিকিৎসাৰ বাবে জাকিৰক প্ৰেৰণ কৰা হয় তেজপুৰ মেডিকেল কলেজলৈ৷ আনহাতে, আহত আৰক্ষী কনিষ্টবল ইছমাইল আলীক চিকিৎসা গ্ৰহণৰ পিছত চিকিৎসকে ঘৰলৈ যাবলৈ দিয়ে৷

মহানগৰবাসীৰ বাবে সুখবৰ! শীঘ্ৰে দূৰ হ’ব মহানগৰবাসীৰ পানীৰ সমস্যা

মহানগৰবাসীৰ বাবে সুখবৰ। শীঘ্ৰে দূৰ হ’ব মহানগৰবাসীৰ পানীৰ সমস্যা। কিয়নো ডিচেম্বৰ মাহত মুকলি হ’ব উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী JICA প্ৰজেক্ট। উত্তৰ গুৱাহাটীৰ জাইকা পানী প্ৰকল্প পৰিদৰ্শনৰ বাবে উপস্থিত JICAৰ তিনি জাপানী প্ৰতিনিধি।উত্তৰ গুৱাহাটী মাজগাঁৱৰ JICA প্ৰকল্প পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে জাপানৰ প্ৰতিনিধি দলটোৱে। সোমবাৰে পুৱাই উপস্থিত হয় জাপানৰ চাইটো মিটচো নেৰি, আসানী কেংগু আৰু ওৱাটা নেবু এৰোচো। তন্ন তন্নকৈ পৰীক্ষা কৰিলে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত পাহাৰৰ জাইকা প্ৰজেক্টl লগত উপস্থিত থাকে জল ব’ৰ্ডৰ অধ্যক্ষ পঞ্চমী চৌধুৰী।

news3

Image
#   ৰঙিয়াত আছুৰ সংবাদমেল # # আন বিদ্যালয়ৰ লগত চামিলকৰন কৰা বিদ্যালয় পুণৰ পৃথকিকৰণ কৰাৰ বিৰোধিতা # # শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা # দৈনিক আমাৰ প্ৰণাম,৩০ মে:-  ৰঙিয়াৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাবত চৰকাৰী নিয়মমতে আন এখন বিদ্যালয়ৰ লগত চামিলকৰন কৰিছিল ৰজ্যৰ শিক্ষা বিভাগে । বিদ্যালয়খন চামিলকৰণ কৰাৰ পিচত এক ৰাজনৈতিক লবীয়ে বিদ্যালয়খন পুণৰ পৃথকিকৰণ কৰাৰ বাবে নানাধৰণৰ কৈশল অৱলম্বন কৰাৰ অভিযোগ উৎথাপন হৈছে । যাৰফলত ৰাজনৈতিক হেঁচাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে পুণৰ বিদ্যালয়খন পৃথকৰণ কৰি পুৰ্বৰ দৰে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । নিজে কৰা নিয়মক নিজে ভংগ কৰিবলৈ লোৱাত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰি চৰকাৰৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই ।  উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয়সমূহক কাষৰ বিদ্যালয়ৰ সৈতে চামিলকৰন কৰি এক সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই মৰ্মে প্ৰথম পৰ্যায়ত যোৱা ৭ এপ্ৰিলত ৰাজ্যখনৰ অন্যান্য জিলা সমূহৰ লগতে কামৰূপ জিলাৰ ছাত্ৰ - ছাত্ৰীৰ সংখ্যা কম থকা ৩০ খন হাইস্কুল কাষৰ বিদ্যালয়ৰ সৈতে চামিলকৰনৰ নিৰ্দেশ জা

news2

Image
# ৰঙিয়া তিনিআলিত নিৰ্মাণ হব শ্ৰীমন্তশঙ্কৰদেৱ প্ৰেক্ষাগৃহ # # প্ৰস্তাৱিত ভুমি পৰ্য্যাবেক্ষন বিধায়ক ভৱেশ কলিতাৰ # দৈনিক আমাৰ প্ৰণাম, ৰঙিয়া ২৯ মে :- ৰঙিয়া ৭ নং ওৱাৰ্ডত সমবায় ধান মিলৰ পৰিসৰৰ ভিতৰত নিৰ্মাণ হব শ্ৰীমন্তশঙ্কৰদেৱ প্ৰেক্ষাগৃহ । শীততাপ নিয়ন্ত্ৰিত প্ৰায় এক হেজাৰ ব্যক্তিয়ে একেলগে বহিব পৰাকৈ নিৰ্মাণ হব প্ৰেক্ষাগৃহটো । ৰঙিয়াত প্ৰথমটো এনেধৰণৰ উন্নতমানৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ  প্ৰাস্তাৱিত ভুমি আজি ৰঙিয়া সমষ্টিৰ বিধায় ভৱেশ কলিতাই পৰ্য্যাবেক্ষন কৰে । স্থানীয় সচেতন ৰাইজৰ উপস্থিতিত ভুমি পৰিদৰ্শন কৰাৰ পিচত বিধায়ক কলিতাই কয় যে অতি কম দিনৰ ভিতৰত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ কাৰ্য্যৰ শুভ আৰম্ভণি কৰা হব । বহু কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া প্ৰেক্ষাগৃহটো সম্পুৰ্ণ হৈ উঠিলে ৰঙিয়াৰ এটা বৃহৎ অঞ্চলৰ ৰাইজ উপকৃত হব বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে  । ইফালে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই এনেদৰে গুৰুজনাৰ নামকৰণৰে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ লোৱাত ৰঙিয়াৰ ৰাইজে শলাগ লৈছে বিধায়ক গৰাকীক ।  ৰঙিয়াৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক আমাৰ প্ৰণাম ।। বিজনীৰ উলুবাৰীত ভাৰত - পাকিস্তানৰ  মাজত অনুষ্ঠিত যুদ্ধত অৱতী

news 1

Image
### চামতাত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন ###   # "সাংবাদিকৰ সমস্যাৰ কথা মই বিধানসভাত উণ্থাপন কৰিম" - বিধায়ক দিগন্ত বৰ্মন   ### নৰেন শৰ্মা সভাপতি  , ৰূপকুমাৰ শৰ্মা  সাধাৰণ  সম্পাদক নিৰ্বাচিত কৰি  নতুন সমিতি গঠন ###  ----------------------------------------------------------------------------------- দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী ::  ৩০ মে' :       নলবাৰী জিলা বাৰ্তজীৱী সংঘৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখন দেওবাৰে নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে  অনুষ্ঠিত হয় ।  কাৰ্যসূচী অনুসৰি ৰাতিপুৱা  ১০ বজাত   অসম বাৰ্তাজীৱী সংঘৰ পতাকা উত্তোলন কৰে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ উপসভাপতি তথা পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক  তপন কুমাৰ শৰ্মাই । ইয়াৰ  পিছতে শ্বহীদ তৰ্পণ আৰু মাৰ্ল্যাপন  কৰে ক্ৰমে  পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সূভাষ বৰ্মন আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে  । স্মৃতি তৰ্পন কৰে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বৰ্মন আ

বেদেতীত দক্ষিণ বিহালী শাখা সাহিত্য সভাৰ কাৰ্যকৰী সভা ------------------------------

----------- আমাৰ প্ৰণাম সেৱা, বিহালীঃ ২৯ মে'--বিশ্বনাথ জিলা সাহিত্য সভাৰ অন্তৰ্গত এক অন্যতম স্বৰ্ণ শাখা দক্ষিণ বিহালী শাখা সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা আজি বেদেতীৰ কস্তুৰবা গ্ৰাম সেৱা কেন্দ্ৰত অনুষ্ঠিত হৈ যায় । সম্পাদক খগেন মটকৰ আহ্বান মৰ্মে সভাত  সভাপতিত্ব কৰে  দীপক শৰ্মাই । সভাত আগন্তুক ২০ জুনৰ বিষ্ণু ৰাভা দিৱসটি অনুষ্ঠিত কৰা, শাখাৰ সভাপতি গোপাল উপাধ্যায়ে অন্য এটা সমান্তৰাল সাহিত্য অনুষ্ঠানৰ সভাপতিৰ দ্বায়িত্ব লোৱাত, তেখেতক বিধিগত ভাৱে কাৰণ দৰ্শোৱাৰ জাননী দি কৈফিয়ৎ তলৱ কৰা, শাখাৰ উদ্যোগত বিভিন্ন সময়ত সাহিত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰা, স্বৰ্ণ শাখাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ প্ৰতিগৰাকী আজীৱন সভ্যক একত্ৰিত কৰি এখন সভা অনুষ্ঠিত কৰা আদি কে'বাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় । সভাই সৰ্বসন্মতিক্ৰমে নাচবৰত আগন্তুক বিষ্ণু ৰাভা দিৱসটি শাখাৰ উদ্যোগত  অনুষ্ঠিত কৰা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্যে এই ক্ষেত্ৰত অসম নাট্য সন্মিলনৰ বিশ্বনাথ জিলা সমিতিয়েও উক্ত কাৰ্যসূচীত সহযোগ কৰিব বুলি পূৱ-বিহালী নাট্য সন্মিলনৰ সম্পাদক দীপক শৰ্মাই অনুষ্ঠানত মত প্ৰকাশ কৰে । আজিৰ সভাত বিশ্বনাথ জিল