ৰঙিয়াত মৃতদেহ উদ্ধাৰ

SLUG : RANGIA DEAD BODY RECOVERED

V/O : । কেন্দুকোনা - বালিসত্ৰ গড়কাপ্তানী পথৰ বড়িগোগত উদ্ধাৰ হৈছে কেন্দুকোনাৰ লাওকুৰিৰ প্ৰাণজিৎ দাসৰ মৃতদেহ । তেজেৰে লুতুৰি পুতুৰি অৱস্থাত গড়কাপ্তানী পথৰ ওপৰতে উদ্ধাৰ হৈছে প্ৰাণজিৎ দাসৰ মৃতদেহ । ৰাতিপুৱা প্ৰাতঃভ্ৰমণলৈ অহা কেইজনমান লোকে প্ৰত্যক্ষ কৰে মৃতদেহ । কাষতে উদ্ধাৰ হৈছে প্ৰাণজিৎ দাসৰ গ্লেমাৰ বাইক । নিশাৰ ভাগত বালিসত্ৰৰ পৰা উভতি গৈছিল প্ৰাণজিৎ । বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান পোৱা নাছিল প্ৰাণজিতৰ । অৱশেষত বুধবাৰে প্ৰাণজিতৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । দুৰ্ঘটনা নে আন কিবা সেয়া ৰহস্যৰ আৱৰ্তত ।ৰঙিয়াৰ  পৰা আহমদ আলীৰ  ৰিপোৰ্ট ...!

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা