নগাঁৱৰ কামপুৰ আৰু ৰহাত শোকাৱহ ঘটনা! বাঢ়নী পানীত পৰি দুটি শিশু আৰু এগৰাকী কিশোৰীৰ কৰুণ মৃত্যু

নগাঁও জিলাৰ কামপুৰ আৰু ৰহাত শুকুৰবাৰে সংঘটিত হয় শোকাৱহ ঘটনা।কামপুৰ আৰু ৰহা অঞ্চলৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমানেও পানী সম্পূৰ্ণ কমা নাই। বাঢ়নী পানীৰ মাজতেই কামপুৰৰ কচুৱাৰ চানখোলা আৰু ৰহাৰ মাগুৰগাঁও দীঘলীডুৱাত সংঘটিত হৈছে কৰুণ ঘটনা।

বাঢ়নী পানীত পৰি কামপুৰত শুকুৰবাৰে পুনৰ দুটি শিশুৰ মৃত্যুমুখত পৰে ৷ কঁচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ বাঢ়নী পানীত পৰি একে গাঁৱৰে দুটি শিশুৰ মৃত্যু হয় ৷ জানিব পৰা মতে, সমনীয়াৰ লগতে খেলি থকাৰ মাজতে বাঢ়নী পানীত পৰি যায় শিশু দুটি ৷ শিশু দুটিক পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত্যু হোৱা শিশু দুটি জোনাইট আলম(৩) আৰু চাইমা খাতুন(৮)।

উল্লেখযোগ্য যে, কামপুৰত বানত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা  বৰ্তমানলৈকে ১০ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰ ভিতৰত অধিকাংশ‌ই শিশু বুলি জানিব পৰা গৈছে।


ইফালে ৰহাৰ মাগুৰগাঁও দীঘলীডুবাত বাঢ়নী পানীত নাৱৰ পৰা পৰি এগৰাকী কিশোৰীৰ মৃত্য মুখত পৰে। মৃত কিশোৰীগৰাকীৰ নাম ফাটেমা খাতুন (১২)। কিশোৰীগৰাকীয়ে দুগৰাকী লগৰীয়াৰ সৈতে নাওঁ চলাই ওচৰৰ পৰা খোৱাপানী আনিবলৈ যাওতেই এই অঘটন সংঘটিত হয়। স্থানীয় ৰাইজে পিছত পানীৰ মাজৰ পৰা  উদ্ধাৰ কৰি কিশোৰীগৰাকীৰ মৃতদেহ। শুকুৰবাৰে দিনটোত পৃথক পৃথকৈ সংঘটিত হোৱা কৰুণ ঘটনাই উক্ত অঞ্চল সমূহত গভীৰ শোকৰ ছাঁ পেলাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা