জনিয়াৰ গাগলমাৰীত কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি-ভেটি চাউলখোৱা নদীত জাহঃ নিদ্ৰামগ্ন জনপ্ৰতিনিধি #
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২২ মেঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গাগলমাৰী গাঁৱত চাউলখোৱা নদীৰ তীব্ৰ গৰাখহনীয়াত ময়নাল হক, হাকিম আলী, চৰাজুল হক, জহুৰা খাতুনকে ধৰি কে'বাটাও পৰিয়ালৰ ঘৰ-মাটি-ভেটি সম্প্ৰতি চাউলখোৱা নদীৰ গহীন বুকুত জাঁহ গৈছে ৷ যদিও গভীৰ নিদ্ৰাত জনপ্ৰতিনিধি । ইফালে বিগত ২০২০-২১ বৰ্ষত ৰাজ্যৰ জলসম্পদ বিভাগে গাওঁখনত মথাউৰি, শ্লুইচ গেট আৰু চাৰি শ মিটাৰ জিঅ' বেগেৰে বান্ধ নিৰ্মাণৰ বাবে ১৬ কোটি টকা আবন্টন দিছিল যদিও বৰপেটা জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই কাম খিনি হৈ নুঠাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অতি শীঘ্ৰেই মথাউৰি নিৰ্মাণকে ধৰি বাকী কামখিনি কৰি দিয়াৰ লগতে চাউলখোৱা নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰ,জনপ্ৰতিনিধি অাৰু জিলা প্ৰশাসনক আহ্বান জনাইছে ৷ (ফটো অাছে)
Comments
Post a Comment