ৰঙিয়া ৰেল জংচনত অচেতনৰ অৱস্থাত নলাত উদ্ধাৰ যুৱক #

# যুৱকজন ঝাৰখাণ্ডৰ বুলি জানিব পৰা গৈছে #
দৈনিক আমাৰ প্ৰণাম, ২৬ মে :-  ৰঙিয়া ৰেলষ্টেচনত আজি দিনৰ ভাগত এজন যুৱক নলাত পৰিথকা অৱস্থাত উদ্ধাৰ হয় । কেইজনমান ব্যক্তিয়ে যুৱক এজন নলাত অৰ্ধঅচেতন অবস্থাত  পৰিথকা দেখা পাই । 
 লগে লগে ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দলগৈ ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি ৰেল আৰক্ষীক গতাই দিয়ে । যুৱকজনৰ পৰা উদ্ধাৰ হোৱা এখন পৰিচয়পত্ৰ আৰু ৰেলৰ বুকিং টিকট এখনৰ পৰা প্ৰকৃত পৰিচয় জানিব পৰা গৈছে ।  যুৱকজন ঝাৰখাণ্ডৰ চিচি থানাৰ অধিনৰ গুমপা গাঁৱৰ বিৰচা ওৰান বুলি জানিব পৰা গৈছে । 
ৰেল আৰক্ষীয়ে যুৱকজন ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰিছে ।  ঝাৰখাণ্ডৰ যুৱকজন কেনেদৰে ৰঙিয়া ৰেল ষ্টেচনৰ নলাত আহত অৱস্থাত পৰি থাকিব লগা হল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ।  ধাৰণা কৰামতে যুৱকজনে ৰেলৰে যাত্ৰা কৰাৰ সময়ত কোনো দুৰ্বৃত্তই নিচাজাতিয় সামগ্ৰী সেৱন কৰাই এনেদৰে লুটি নিছিল । যুৱকজন সুস্থ হৈ উঠিলে নিশ্চয় ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা য়াব । 

ৰঙিয়াৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্ট ।। 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা