বাহনত তেল ভৰাওতে সাৱধান হওক! শিৱসাগৰৰ NAYARA ডিপুত বিক্ৰী কৰিছে পানী মিহলি ডিজেল! বিকল হৈছে কেইবাখনো বাহনৰ ইঞ্জিন

শিৱাসাগৰ জিলাৰ ধিতাইপুখুৰীৰ নায়েৰা নামাৰ তেল ডিপুটোত পানী মিহলি ডিজেল বিক্ৰী কৰাৰ অভিযোগত আজি স্থানীয় লোকে তেল ডিপুটো বন্ধ কৰি দিয়ে। শনিবাৰে পুৱাই এজন গ্ৰাহকে নিজৰ টাটা ইনট্ৰা নামৰ গাড়ীখনত তেল ভৰোৱাৰ পিছতে বিকল হৈ পৰে গাড়ীখনৰ ইঞ্জিন ৷

পৰৱৰ্তী সময়ত গ্ৰাহকজনে বটলত তেল ভৰাই পৰীক্ষা কৰাত ডিজলৰ লগত পানীৰ উপস্থিতি ধৰা পৰে৷ বৰ্তমানলৈকে তেল ডিপুটোৰ স্বত্বাধিকাৰী বুধিন গগৈ তেল ডিপুটোত উপস্থিত হোৱা নাই৷ ইফালে  স্থানীয় লোক আৰু দল সংগঠন তেল ডিপুটোত উপস্থিত হৈ তেল ডিপুটোৰ তেল পৰীক্ষা কৰি বিহিত ব্যৱস্থা লব'লৈ প্ৰশাসনক দাবী জনাইছে ৷


ইফালে গাড়ী চলাই পৰিয়াল পোহপাল দি থকা গাড়ী চালক তিলক দত্তই গাড়ীৰ ক্ষতিপূৰণৰো দাবী কৰিছে ৷ ইয়াৰ উপৰিও তেল ডিপুটোত তেল ভৰোৱা আন বহুকেইখন গাড়ীৰ ইঞ্জিন বিকল হোৱাৰ কথা পোহৰলৈ আহিছে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা