বৰপেটাত চিঅাইডিৰ দলঃ কম্পিউটাৰ কেন্দ্ৰত তালাচী #

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা, ২৭ মেঃ সম্প্ৰতি অসম আৰক্ষীৰ কনিষ্টবল পদৰ
পৰীক্ষাত অযোগ্য ঘোষিত প্ৰাৰ্থীৰ বিৰুদ্ধে চি আই ডিয়ে তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে। কালি চি আইডিৰ এটা দলে বৰপেটাৰ কেইবাখনো কম্পিউটাৰ চেণ্টাৰত অভিযান চলায়। পিছে কনিষ্টবল পদত নিযুক্তিৰ বাবে বিভিন্ন প্রার্থীয়ে আবেদনৰ সময়ত দাখিল কৰা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণপত্ৰকে ধৰি অন্যান্য নথি চি আই ডিৰ দলটোৱে পুনৰীক্ষণ কৰে। চি আই ডিৰ দলটোৱে বৰপেটাত উপস্থিত হৈ চহৰখনৰ মাধৱ চৌধুৰী মহাবিদ্যালয় চ’ক, মুছলিমপট্টি, সনকুছি কলনী আদিত থকা কেইবাটাও কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত অভিযান চলায়। উল্লেখ্য যে, যোৱা ১২ মে'ৰ পুৱতিনিশা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীৰ বিভিন্ন শাখাৰ ৮,৭৫৪টা কনিষ্টবল পদৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰিছিল। যদিও  ফলাফলত অযোগ্য ঘোষণা কৰা হৈছিল ৪১৪গৰাকী প্ৰাৰ্থীক। এইসকল প্রার্থীয়ে কম্পিউটাৰ প্ৰশিক্ষণ আৰু অন্যান্য শাখাৰ ভুৱা প্ৰমাণ-পত্র দাখিল কৰাৰ বাবেই তেওঁলোকক অযোগ্য ঘোষণা কৰা হোৱা বুলি সংবাদ মেলযোগে সদৰী কৰিছিল বিশেষ আৰক্ষী সঞ্চালকপ্রধান এল আৰ বিষ্ণয়ে। বিষয়টো সন্দৰ্ভত নিযুক্তি ব’ৰ্ডে প্রতিবেদন দাখিল কৰাৰ পাছত অযোগ্য ঘোষিত প্ৰাৰ্থীসকলৰ বিৰুদ্ধে গোচৰ ৰুজুৰে তদন্তৰ ব্যৱস্থা কৰা হ'ব বুলি সংবাদ মেলযোগে ঘোষণা কৰা হৈছিল। সেই মর্মে চি আই ডিক তদন্তৰ দায়িত্ব অৰ্পৰ্ণৰ পাছত কালি অনুসন্ধানকাৰী সংস্থাটোৰ এটা দল বৰপেটাত উপস্থিত হৈ একাংশ কম্পিটাৰ প্ৰশিক্ষণ কেন্দ্ৰত অভিযান চলায়। অাৰু অযোগ্য ঘোষিত প্রার্থীসকলে দাখিল কৰা প্ৰমাণ-পত্রসমূহ প্ৰকৃততে প্রমাণ-পত্ৰত উল্লেখ থকা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহে প্ৰদান কৰা হয় নে নহয়, অভিযানকালত সেয়া চি আই ডিৰ দলটোৱে পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা