বাক্সাৰ শালবাৰীত এবছু কৰ্মীৰ গুণ্ডাৰাজ

** ৷

কম্পিউটাৰ শিক্ষকক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উঠাই নি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ৷

 নিখিল বড়ো ছাত্ৰ সন্থাৰ চমুকৈ এবছুৰ শালবাৰী কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷

এবছু কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন কম্পিউটাৰ শিক্ষক জ্যোতিষ দাস ৷

এগৰাকী বড়ো যুৱতী(বান্ধৱী)ৰ লগত ফটো উঠাক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় ঘটনাটো ৷

কম্পিউটাৰ শিক্ষক জ্যোতিষ দাসে এগৰাকী বড়ো সম্প্ৰদায়ৰ সহকৰ্মীৰ লগতে আন এগৰাকী বড়ো বান্ধৱীৰ লগত চেল্ফী উঠিছিল দুদিনমান পূৰ্বে ৷

তাৰ বাবেই খৰ্গহস্ত হৈ শালবাৰীৰ কেবাগৰাকী এবছু কৰ্মীয়ে এবছু কাৰ্যালয়ত উঠাই নি জ্যোতিষ দাসৰ মোবাইলৰ সকলো তথ্য হস্তগত কৰি প্ৰথমে হাতেৰে মাৰধৰ কৰি পৰৱৰ্তী সময়ত লাঠিৰে কোবাই কোবাই গুৰুতৰভাৱে আহত কৰে জ্যোতিষ দাস নামৰ কম্পিউটাৰ শিক্ষকগৰাকীক ৷

ঘটনাৰ কথা জানিব পাৰি জ্যোতিষ দাসৰ মাতৃয়ে শালবাৰীৰ এবছু কাৰ্যালয়ত উপস্থিত হৈ মূৰ্মুষ অৱস্থাত উদ্ধাৰ কৰে নিজ পুত্ৰক ৷

মাতৃ- পুত্ৰৰ উকা কাগজত স্বাক্ষৰ লৈ জ্যোতিষ দাসক মুকলি কৰি দিয়ে এবছু কৰ্মী সকলে ৷

ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এবছু কৰ্মীসকলৰ বিৰুদ্ধে  জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷

ইতিমধ্যে ভুক্তভোগী জ্যোতিষ দাসৰ পৰিয়ালৰ ফালৰপৰা শালবাৰী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷

আৰক্ষীৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰি এইক্ষেত্ৰত ন্যায় বিচাৰিছে পৰিয়ালটোৱে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা