বিশ্বনাথত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত অস্ত্ৰ সৰবৰাহকাৰী জাকিৰ হুছেইন

নিশা বিশ্বনাথত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। অস্ত্ৰ সৰবৰাহকাৰীলৈ গুলীচালনা আৰক্ষীৰ৷ অস্ত্ৰ সৰবৰাহকাৰী জাগিৰ হুছেইন ওৰফে জাকিৰ হুছেইন আহত হয় আৰক্ষীৰ গুলীত। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাকিৰক৷ ধৃত জাকিৰৰ ঘৰ নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত ক'লাডোবাত৷ গঁড় হত্যাৰ লগত জড়িত জাকিৰ হুছেইন৷

বিশ্বনাথৰ ছোৱাগুৰিত অস্ত্ৰৰ ঘাটি দেখুৱাবলৈ নিওঁতে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় জাকিৰক৷ জাকিৰৰ আক্ৰমণত আহত হৈছে আৰক্ষী কনিষ্টবল ইচমাইল আলী৷ ভৰিত গুলী লগা জাকিৰক নিশাই ভৰ্তি কৰা হয় বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত৷ পিছত উন্নত চিকিৎসাৰ বাবে জাকিৰক প্ৰেৰণ কৰা হয় তেজপুৰ মেডিকেল কলেজলৈ৷ আনহাতে, আহত আৰক্ষী কনিষ্টবল ইছমাইল আলীক চিকিৎসা গ্ৰহণৰ পিছত চিকিৎসকে ঘৰলৈ যাবলৈ দিয়ে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা