সৰুক্ষেত্ৰীৰ কাৱৈমাৰীত পুখুৰীত পৰি ডেৰবছৰীয়া শিশুৰ সলিল সমমি #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৪ মেঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্ত কাৱৈমাৰী ১০ নং ব্লক নিবাসী হাসমত অালীৰ ডেৰ বছৰীয়া শিশু পুত্ৰ শ্বেৰমান অালীৰ অাজি পুখুৰীত পৰি সলিল সমাধি ঘটে। জানিব পৰা মতে অাজি পুৱাৰভাগত ডেৰবছৰীয়া শিশু শ্বেৰমানে চোতালত খেলি থকাৰ সময়ত পৰিয়ালৰ লোকৰ অজ্ঞাতে ঘৰৰ কাষত থকা পুখুৰীত পৰে। অাৰু পিছত পৰিয়ালৰ লোকে পুখুৰীত উপঙি থকা প্ৰত্যক্ষ কৰি শিশুটোক উদ্ধাৰ কৰি ততাতৈয়াকৈ ভক্তৰডবা অাদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ সুব্যৱস্থা নথকাত পিছত বৰপেটা ফখৰুদ্দিন অালী অাহমেদ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত অাদবাটতে শিশু শ্বেৰমান অালীৰ মৃত্যু হয়। এই ঘটনাই স্থানীয় অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা