পূৱ মাজৰচৰত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কাল ৰূপ #শীঘ্ৰ প্ৰতিৰোধ মূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী #
প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা , ২২ মে :এফালৰ পৰা চপৰে চপৰে খহিছে মাটি। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত পূৱ মাজৰচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত নৈ পৰীয়া ৰাইজ আতংকিত হৈ পৰিছে ।উল্লেখ্য যে,পূৱ মাজৰচৰত সুধীৰ্ঘ ২০ টা বছৰ ধৰি অব্যাহত আছে ব্ৰক্ষ্মপুত্ৰৰ সূঁতিৰ নৈৰ তীব্ৰ গৰাখহনীয়া। অন্যান্য বছৰৰ দৰে এইবেলিও সংশ্লিষ্ট গাঁও খনত আৰম্ভ হৈছে ব্যাপক হাৰত গৰাখহনীয়া।এফালৰ পৰা চপৰে চপৰে মাটি খহাই নিয়াত কেবাটাও পৰিয়ালৰ ঘৰ বাৰীৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । বিগত কেবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰাত পূৱ মাজৰচৰত গৰাখহনীয়াই কালৰূপ ৰূপ ধাৰণ কৰিছে । বিগত সময়চোৱাত গৰাখহনীয়াৰ কৱলত পৰি পূৱ মাজৰচৰৰ কেবা শতাধিক পৰিয়ালৰ গৃহ হাৰা হোৱাৰ লগতে বৃহৎ পৰিমাণ কৃষি ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত।এইবেলিও বহু পৰিয়াল গৰাখহনীয়াৰ কৱলত পৰি হাহাকাৰ কৰিব লগা হৈছে যদিও স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলেও গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ইপিনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো গুৰুত্ব। শীঘ্ৰে উক্ত স্থানত চিৰ স্থায়ী বান্ধৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে । (ফটো অাছে)
Comments
Post a Comment