বৰপেটা সত্ৰৰ বংশৰা পাঠক বংশৰ নতুন সমিতি গঠন*
*
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা ২৩ মে ঃ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বংশৰা শ্ৰীশ্ৰীবাসুদেৱ পাঠক আতৈৰ বংশধৰসকলৰ বাৰ্ষিক সাধাৰণ সভা কালি বিয়লি বৰপেটা প্ৰেছ ক্লাবৰ সভাকক্ষত অনুষ্ঠিত হয় ৷
বিদায়ী সভাপতি সুকুমাৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰদীপ কুমাৰ পাঠকে ৷ সভাত পাঠক বংশৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে এখনি একৈশজনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় ৷ সভাপতি - মতিলাল পাঠক, উপ-সভাপতি - প্ৰদীপ কুমাৰ পাঠক, সম্পাদক - মহানন্দ পাঠক, সহকাৰী সম্পাদক - অৰুণ কমল পাঠক, প্ৰচাৰ সম্পাদক - অলকেশ পাঠক, কোষাধ্যক্ষ - বনগোপাল পাঠক ৷ সদস্যসকল হ'ল ক্ৰমে -ধনঞ্জয় পাঠক, মনোজ কুমাৰ পাঠক, অনিৰুদ্ধ পাঠক, সুকুমাৰ পাঠক ( বুদৰুৰটুপ) ফুলেন পাঠক ৷ পদেন সদস্য বিদায়ী সভাপতি সুকুমাৰ পাঠক ৷ আনহাতে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকক মুখ্য উপদেষ্টা, হীৰালাল পাঠক, ভাৰত পাঠক আৰু ধীৰেন পাঠকক সমিতিখনত উপদেষ্টা হিচাপে ৰখা বুলি জানিব পৰা গৈছে ৷
Comments
Post a Comment