Posts

Showing posts from November, 2021

গোৰেশ্বৰত চিপিআই(এম)ৰ অবিভক্ত কামৰূপ জিলা সন্মিলনৰ প্ৰস্তুতি

Image
গোৰেশ্বৰত চিপিআই(এম)ৰ অবিভক্ত কামৰূপ জিলা সন্মিলনৰ প্ৰস্তুতি অভ্যৰ্থনা সমিতি গঠন ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চমুকৈ চিপিআই(এম)ৰ অবিভক্ত কামৰূপ জিলা সমিতিৰ ২৩ সংখ্যক সন্মিলনখন অহা ইং ২২ আৰু ২৩ জানুৱাৰী ২০২২ ত দুদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অলপতে গোৰেশ্বৰ চিপিআই(এম) কাৰ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশিষ্ট কবি-সাহিত্যিক অজিত তালুকদাৰৰ  সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় চিপিআই (এম) পুব বাক্সা জোনেল কমিটিৰ সম্পাদক বাপু বড়োই। সভাত সন্মিলনৰ গুৰুত্ব সম্পৰ্কত বক্তব্য আগবঢ়ায় চিপিআই(এম)অসম ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য অজিত দাস,কামৰূপ জিলা সমিতিৰ সম্পাদক কৰুণা ভূঞাকে ধৰি বহুকেইজন দলীয় নেতা কৰ্মীয়ে।অজিত তালুকদাৰক সভাপতি , ধীৰেন বৰুৱাক কাৰ্যকৰী সভাপতি আৰু প্ৰবীণ দাসক সম্পাদক হিচাপে লৈ আৰু কেইবাটাও উপ-সমিতি গঠনেৰে ২৩ সংখ্যক চিপিআই(এম)ৰ কামৰূপ জিলা সন্মিলনখন পৰিচালনাৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।সন্মিলন সফলভাৱে সমাপন কৰিবলৈ গোৰেশ্বৰ বাসীৰ প্ৰত

বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল

Image
বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ  বিধায়কৰ দল ৷  বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ আঠ জনীয়া বিধায়কৰ দল ৷ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীৰ নেতৃত্ব অহা দলটোত আছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাফিজ বাছিৰ আহমেদ কাছিমী, বসন্ত দাস, কামলাখ্য দে পুৰাকায়স্থ, ভবেন্দ্ৰ নাথ ভৰালী, কৰিমুদ্দিন বৰভূঞা আৰু মাধব ডেকা। তেওঁলোকে প্ৰথমে ডিআৰডিএ-ৰ দ্বাৰা চতুৰ্দশ বিত্তিয় আচনিৰ অধীনত চেঙাত নিৰ্মিত জিৰনি চৰা পৰিদৰ্শন কৰে, তাৰ পিছত লোক-নিৰ্মানৰ দ্বাৰা নিৰ্মাণ কৰা স্বাক্ষৰ আঁচনিৰ অধীনত চেঙা-বহৰি পথটো  পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে দলটো সৰুক্ষেত্ৰী সমষ্টিলৈ ৰাওনা হয় ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কৃষ্ণগুৰু সেৱাশ্ৰমত জলসম্পদ বিভাগে নিৰ্মান কৰা SOPD-G আচনিৰ অধীনত ৫ কোটি ৩৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিয়মান আচনিটো পৰিদৰ্শন কৰে ৷ ইয়াৰোপৰি দলটোৱে জিলাখনৰ বিভিন্ন বিভাগৰ আচনি পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ৷ আচনি সমুহ পৰিদৰ্শন কৰি ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ অধ্যক্ষ আলী চৌধুৰীৰ কয় যে চৰকাৰে আচনি সমুহৰ নামত দিয়া ধন সমুহ সঠিক ভাৱে ৰূপায়ন হৈছে নে নাই চোৱাতো আমাৰ দায়িত্ব ৷ বৰ

ৰঙিয়াত ভাই ককাইৰ কাজিয়াঃ গৃহহাৰা দিব্যাঙ্গ ভাইঃ কনমানি দুই কন্যা সহ মুকলি আকাশৰ তলত

ৰঙিয়াত ভাই ককাইৰ কাজিয়াঃ গৃহহাৰা দিব্যাঙ্গ ভাইঃ কনমানি দুই কন্যা সহ মুকলি আকাশৰ তলত প্ৰতিবেদক, ৰঙিয়া ৮ নৱেম্বৰঃ ৰঙিয়া চহৰৰ মাজমজিয়াত থকা দুই কোঠালিৰ এটা ঘৰৰ দখলক কেন্দ্ৰ কৰি দুই ভাই ককাইৰ কাজিয়াত অৱশেষত গৃহহাৰা হ'ল দিব্যাঙ্গ ভাতৃ। দুটা এমা ডিমা কন্যা সন্তানক লগত লৈ মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হ ল সৰু ভায়েক। ঘটনাটো ৰঙিয়া চহৰৰ ৫ নম্বৰ ওৱাৰ্ডৰ ভূটান পথৰ। জ্যেষ্ঠ ভাতৃ পৰেশ কলিতাই দাখিল কৰা গোচৰৰ ওপৰত ভিত্তি কৰি আজি আদালতৰ নিৰ্দেশত কনিষ্ঠ ভাতৃক ইন্দ্ৰজিৎ কলিতাক পৰিয়াল সহ ঘৰৰ পৰা উচ্ছেদ কৰা হয়। কনিষ্ঠ ভাতৃক ইন্দ্ৰজিৎ কলিতাৰ অভিযোগ অনুসৰি তেওঁলোকৰ পৈতৃক ভিটাত দীৰ্ঘদিন ধৰি দুয়ো ভায়েকে পৰিয়াল সহ বসবাস কৰি আছিল। তেওঁ দিব্যাঙ্গ হোৱা বাবে খোজ কাঢ়িব নোৱাৰে। বিগত প্ৰায় সাত বছৰ পূৰ্বে তেওঁৰ ককায়েক পৰেশ কলিতাই ছলে বলে কৌশলে মাটি টুকুৰা নিজৰ নামত কৰি লয়। তাৰ পিছৰ পৰাই তেওঁৰ অত্যাচাৰ চুড়ান্ত ৰূপ ধাৰণ কৰে। ককায়েক পৰেশ কলিতাই তেওঁলোকক পৈতৃক ভিটাৰ পৰা উচ্ছেদ কৰাৰ বাবে আদালতৰ শৰনাপন্ন হোৱাৰ উপৰিও তেওঁলোকৰ বৈদ্যুতিক সংযোগ কাটি দিয়াৰ লগতে পানী আৰু অহা যোৱাৰ ৰাস্তা বন্ধ কৰি দিয়ে। অকল সেয়াই ন

১৪ নৱেম্বৰত অনুষ্ঠিত হব উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সভা

১৪ নৱেম্বৰত অনুষ্ঠিত হব উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সভা প্ৰতিবেদক, ৰঙিয়া, ৯ নৱেম্বৰঃ  জিলাখনৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়া সংস্থা উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সভাখন চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ৰঙিয়া সংগম সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। উক্ত সভাৰ কাৰ্যসূচী মতে জ্যেষ্ঠ উপ-সভাপতি আমিৰ আলীয়ে পৰিচালনা কৰে আৰু সাধাৰণ প্ৰতিবেদন তথা বৃত্তীয় দিশ সভাই সৰ্বসন্মতি ক্ৰমে গৃহীত কৰে।কিন্তু গঠন হ'বলগীয়া উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সমিতিখনত সকলো অঞ্চলৰ ব্যক্তিক আমন্ত্রণ কৰাৰ বাবে সভাত উপস্থিত সদস্য সকলে সিদ্ধান্ত গ্ৰহণ কৰি পৰৱৰ্তী সময়ত সাধাৰণ সভাত গঠন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি অহা ১৪ নৱেম্বৰ ৰবিবাৰে দিনৰ ১০বজাত কেন্দুকোনাৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সভাখন অনুষ্ঠিত কৰা হব।উক্ত সভাখন সাফল্যমণ্ডিত কৰা বাবে উদ্যোক্তা সমিতিৰ হৈ বীৰেন কলিতা, মোহন মাধৱ বৰ্মন, গফুৰ আলী, বিপুল মেধী, সঞ্জয় দাস, কুলেন শালৈ আৰু মিন্টু আহমেদে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে । প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

১৭* *নবেম্বৰত* *ৰজাগড়ত* *ভাগৱত* *পাঠ* *আৰু* *বাখ্যা* *অনুষ্ঠান* #

# *১৭* *নবেম্বৰত* *ৰজাগড়ত* *ভাগৱত* *পাঠ* *আৰু* *বাখ্যা* *অনুষ্ঠান* # # অনুষ্ঠানত ভাগ লব ভৱেশ কলিতা,প্ৰমোদ বড়ো আৰু সঞ্জীত তাঁন্তীয়ে # *পৱন নাথ*,*আমাৰ* *চিঞৰ* জনমানসত আধ্যাত্মিক বিকাশ আৰু উত্তৰণত অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় দিশত চৰ্চা আৰু ভগৱতৰ আলোচনা আদি কাৰ্য্যসূচী সমূহ চলি আহিছে ৷ তাৰে এক ক্ষুদ্ৰ প্ৰয়াস হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ অন্তৰ্গত ৰজাগড় প্ৰাথমিক শাখাৰ উদ্যোগত আৰু বৃহত্তৰ ৰজাগড় বাসী ৰাইজৰ সহযোগত অহা ১৭ নবেম্বৰত ৰজাগড় প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গণত অসমৰ বাচকবনীয়া পাঠকৰ দ্বাৰা দিনযোৰা কাৰ্য্যসূচীৰে ভাগৱত পাঠ আৰু বাখ্যাৰ আয়োজন কৰা হৈছে ৷ আদৰণি সমিতিৰ সভাপতি সন্তো হাজৰিকা আৰু সম্পাদক কুলেন নাথে জনোৱা মতে সেই দিনা ৰাতিপুৱা পৰিবেশ নিকাকৰণৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ৰজাগড় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক পৰেশ দাসে ৷তাৰ পিছতেই শৰাই স্থাপন কৰিব নামঘৰীয়া তাৰিণী চৰণ দাসে ৷ৰাতিপুৱা ৭ বজাত প্ৰাতঃ প্ৰসঙ্গ কৰিব ৰজাগড় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি পুলিন্দ্ৰ চহৰীয়াই ৷১০ বজাত অনুষ্ঠিত হ’বলগীয়া ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠানৰ উদ্ধোন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘ,নলবাৰী জিলা শা

গোৰ্খা ছাত্ৰসন্থাৰ অধিবেশনৰ প্ৰস্তুতি

পৱন নাথ : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা , ওদালগুৰি জিলা সমিতিৰ ৪১ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন অহা ইং ৮ আৰু ৯ জানুৱাৰী ২০২২ ত দুদিনীয়া বৰ্ণাঢ়্য  কাৰ্যসূচীৰে ভাৰত-ভূটান সীমান্তৱৰ্তী বামুনজুলিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । যোৱা  ৭ নৱেম্বৰত বামুনজুলিৰ চামৰাঙত অনুষ্ঠিত হোৱা সাধাৰণ সভাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। । গোৰ্খা ছাত্ৰ সন্থা , ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাত উদেশ্য ব্যাখ্যা আগবঢ়ায় বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পূৰ্ণ বিষ্টই। সভাত  ডিক বাহাদুৰ ছেত্ৰীক সভাপতি , বিমল ছেত্ৰীক কাৰ্যকৰী সভাপতি আৰু গোপাল ঢকালক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে এটি  শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে কিছুদিন আগতে অধিবেশনৰ তাৰিখ ১৮ আৰু ১৯ ডিচেম্বৰ ধাৰ্য কৰা হৈছিল কিন্তু উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ পৰীক্ষাৰ প্ৰতি নজৰ ৰাখি উক্ত তাৰিখ পিছুৱাই দিয়া হৈছে। অধিৱেশনখন সফলভাৱে সমাপন কৰিবলৈ ওদালগুৰি জিলাৰ সকলো গোৰ্খা জাতীয় সংগঠনৰ লগতে সমূহ ওদালগুৰিবাসী গোৰ্খা জনসাধাৰণক আহ্বান জনায়

বিধায়ক দিগন্ত কলিতাৰ নিৰ্দেশত কমলপুৰত পঞ্চায়তৰ অভিযন্তাক আটক কৰিলে আৰক্ষীয়ে

Image
কামৰূপ জিলাৰ কমলপুৰত পঞ্চায়তৰ অভিযন্তা সহ নিৰ্মাণ সমিতিৰ সভাপতিৰ বিৰুদ্ধে ৰুজু হল গোচৰ । কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ নিৰ্দেশত ৰুজু হল এই গোচৰ । কেণ্দুকোণা গাওঁ পঞ্চায়তৰ মৌকুচি সত্ৰৰ নলা নিৰ্মাণৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ৰুজু হল এই গোচৰ । এই গোচৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে আটক কৰিলে পঞ্চায়তখনৰ AE  শুভাংকৰ দাস সহ নিৰ্মাণ সমিতিৰ সভাপতি লক্ষ্যধৰ ডেকাক । ছয় লক্ষাধিক টকাৰ আত্মসাতৰ অভিযোগ উঠিছে এই দুগৰাকী আটকাধীন ব্যক্তিৰ বিৰুদ্ধে ।  পংকজ নাথৰ ৰিপৰ্ট ।

কামৰূপৰ অতিৰিক্ত উপায়ুক্তদ্বয় কাঠকটীয়া আৰু বাগলাৰীক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা ।

কামৰূপৰ অতিৰিক্ত উপায়ুক্তদ্বয় কাঠকটীয়া আৰু বাগলাৰীক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা । পঙ্কজ নাথ, চাংসাৰি, ৯ নৱেম্বৰ: বদলীসূত্ৰে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত প্ৰধান সচিব আৰু বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ যুটীয়া সচিব ৰূপে কৰ্মত যোগদান কৰা কামৰূপৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে প্ৰশান্ত প্ৰতীম কাঠকটীয়া আৰু সুজিত বাগলাৰীক আজি আনুষ্ঠানিকভাৱে কৃতজ্ঞতাসূচক বিদায় সম্ভাষণ জনোৱা হয়। জিলা প্ৰশাসনৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সম্বৰ্দ্ধনা সভাত উপস্থিত সকেলাৱে একেমুখে বিষয়াদুগৰাকীৰ কৰ্মপটুতা আৰু নিষ্ঠাৰ বিষয়ে উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিদায়ী বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটীয়াই কামৰূপ জিলাত আগবেঢ়াৱা শান্তিপূৰ্ণ সেৱাৰ এই সময়ছোৱা স্মৰণীয় হৈ ৰ’ব বুলি অৱগত কৰে। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে আগন্তুক দিনত বিদায়ী বিষয়া দুগৰাকীয়ে নিজ নিজ গুৰুত্বপূৰ্ণ পদবীৰ পৰা অভিজ্ঞতালব্ধ জ্ঞানেৰে জনসাধাৰণক উপকৃত কৰিব পৰা পদক্ষেপ ল’বলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে।

হাজো বন বিভাগৰ অভিযান, বন বিভাগৰ কৰ্মচাৰীৰ গৃহত উদ্ধাৰ দুটা বন্দুক , সক্ৰিয় গুলী , কেকো সাপসহ বহু আপত্তিজনক সামগ্ৰী

Image
*সৰিয়হৰ ডলিতেই ভূত!*  *ৰক্ষকেই ভক্ষকৰ ভুমিকাত বন কৰ্মচাৰী*   *হাজো বন বিভাগৰ অভিযান, বন বিভাগৰ কৰ্মচাৰীৰ গৃহত উদ্ধাৰ দুটা বন্দুক , সক্ৰিয় গুলী , কেকো সাপসহ  বহু আপত্তিজনক সামগ্ৰী*  কামৰূপৰ কুলচীত কৰ্মৰত ধুৰন্ধৰ বুলি পৰিচিত বন বিষয়া অৰূপ বৈশ্যৰ বংশৰ বৰবাৰী পাহাৰত থকা  ঘৰত গোপন সুত্ৰৰ খবৰৰ ভিত্তিত আজি হাজো বন বিভাগে চলাই এক অভিযান। হাজো বন  বিষয়া সংগীতা সিনহাৰ নেতৃত্বত চলা এই অভিযানত বন বিভাগৰ কৰ্মচাৰী অৰূপ বৈশ্যৰ বংশৰ বৰবাৰী পাহাৰত থকা গৃহৰ  তলা ভাঙি অভিযান চলাই দুটা সক্ৰিয় বন্দুক লগতে আলামাৰীৰ তলা ভাঙি উদ্ধাৰ কৰা হয় দুটা কোকো সাপ , অসংখ্য সক্ৰিয় গুলি , খালী কাৰ্টিজ , জাল , টৰ্ছ , বৃহৎ পৰিমাণৰ  সুৰাৰ বটল ৷ ইয়াৰ উপৰিও অভিযানত জব্দ হয় দুষ্প্ৰাপ্য জীৱ জন্তুৰ অংগ পতংগ ,কেটেলা পহুৰ কাইট , কাছৰ খোলা সহ বিভিন্ন জীৱ জন্তুৰ হাড়। জব্দকৃত সামগ্ৰী খিনি ইতিমধ্যে  বন বিভাগে নিজৰ জিম্মাত চমজি লৈছে । উল্লেখ্য যে অৰূপ বৈশ্য এজন বন বিভাগৰ কৰ্মচাৰী । বন বিভাগৰ সন্দেহ , অৰূপ বৈশ্য চোৰাং চিকাৰ আৰু বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ত জড়িত । দীৰ্ঘদিন ধৰি অৰূপ বৈশ্য এনেদৰে বন্যপ্ৰানী চিকাৰ জড়িত বুলি

অসম-মেঘালয় সীমান্তবৰ্তী কুকুৰকাটাৰ পৰা চাৰি দুৰ্বৃত্ত আটক-----

Image
অসম-মেঘালয় সীমান্তবৰ্তী কুকুৰকাটাৰ পৰা চাৰি দুৰ্বৃত্ত আটক ----- গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী কুকুৰকাটা অঞ্চলৰ পৰা কালি কৃষ্ণাই আৰক্ষীয়ে আটক কৰে চাৰিটা দুৰ্বৃত্ত ৷ কৃষ্ণাই আৰক্ষী থানাৰ আৰক্ষীয়ে কুকুৰকাটা আৰক্ষীৰ সহযোগত অভিযান চলাই নাবাং বজাৰৰ আশ পাশৰ পৰা এই চাৰিটা দুষ্কৃতিকাৰীক আটক কৰিছে ৷ আটকাধীন দুৰ্বৃত্ত কেইটা হৈছে জাষ্টমিন মাৰাক (৩১), লিমছাং মাৰাক (৩৫ ) কলিংজাৰ কে মাৰাক(২৯) আৰু জুলেন ৰাভা (৩৪) ৷ আটকাধীন গোটেই কেইটা দুৰ্বৃত্তকে ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷  কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ first news report

নাহৰকটীয়াত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।*

*নাহৰকটীয়াত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।*    এগৰাকী পঞ্চায়ত সভাপতিৰ দুৰ্নীতিক লৈ ব্যাপক প্ৰতিক্ৰিয়া নাহৰকটীয়াত। সভাপতি পদৰ সুযোগ লৈ চৰকাৰী চাকৰিত নিয়োজিত নিজৰ ভাতৃকে ধৰি পৰিয়ালৰ আন লোকক জব কাৰ্ডৰ কামত নিয়োগ কৰা দেখুৱাই mnrega ৰ ধন আত্মহাত কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। একেদৰে নিজৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰো অভিযোগ সভাপতি গৰাকীৰ বিৰুদ্ধে। এই ঘটনা  নাহৰকটীয়াৰ চাচনী মৌজাৰ অন্তৰ্গত মেৰবিল গাঁও পঞ্চায়তত।   এইগৰাকী পঞ্চায়ত সভাপতি হল মেৰবিলৰ জোনটি বড়া । অভিযোগ অনুসৰি উক্ত পঞ্চায়তত অগপ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সভাপতিৰ আসনত জয়ী হোৱা আৰু বৰ্তমান অসম জাতীয় পৰিষদত যোগদান কৰা জোনটি বড়াই দীৰ্ঘদিন ধৰি পঞ্চায়ত টোত চলাই আহিছে ব্যাপক দুৰ্নীতি আৰু স্বজন তোষনৰ নীতি। সভাপতি গৰাকীৰ দুৰ্নীতি ইমানেই শিপাইছে যে তেওঁ আনকি অসম আৰক্ষীত কৰ্মৰত নিজৰ ভাতৃৰ নামো সোমোৱাইছে পৰিয়ালৰ থকা MNREGA ৰ জব কাৰ্ডত। সততে প্ৰকৃত হিতাধিকাৰী সকলক বঞ্চিত কৰি থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে সভাপতি গৰাকীয়ে এই অভিযোগক সত্য প্ৰমাণিত কৰি এইবাৰ চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ অধীনত নিজৰ ঘৰৰ চাৰিসী

লাহৰীঘাটৰ যুৱক মনিপুৰৰ ইম্ফলত উগ্ৰপন্ত্রীৰ গুলিত নিহত :লাহৰীঘাটত শোকৰ ছাঁ

Image
লাহৰীঘাটৰ যুৱক মনিপুৰৰ ইম্ফলত উগ্ৰপন্ত্রীৰ  গুলিত নিহত  :লাহৰীঘাটত শোকৰ ছাঁ কৰ'ণা মহা মাৰিৰ ফলত দিয়া  লকডাউনৰ পৰিপেক্ষিতত দেশৰ জনসাধাৰণ আৰ্থীক ভাবে জুৰুলা হৈ পৰিছে আৰু এমুঠি অন্নৰ ভাবে হাহাকাৰ কৰি ফুৰিছে। এনে সময়তে পেটৰ তাৰনাত মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দাতিয়াল বড়ী গাৱঁৰ পৰা এটি ১২জনীয়া  যুৱকৰ দল মনিপুৰৰ ইম্ফলত  কাম বিচাৰি যায় । তাত দুমাহ পকী দলঙৰ  কাম কৰাৰ পিছত তিনি জন ঘৰলৈ গুচি আহে আৰু ৯জন তাতে কিছু দুৰত্বৰ আন এটা দলঙৰ কামত নিয়জিত হয়। আন দিনৰ দৰে সিদিনাও ৯ নৱেম্বৰত দিনটো কাম কৰি আটইকেইজন ৰাতিৰ আহাৰ গ্ৰহন কৰি আশ্ৰয় লোৱা ঠাইতে টুপনি যায়। উল্লেখ্য যে  ৯ নৱেম্বৰৰ ৰাতি ‍১১.৪৫ বজাত এই শ্ৰমিক সকল  আশ্ৰয় লৈ থকা গৃহত এদল দুৰ্বৃত্তই ঘৰৰ দোৱাৰ ভাঙি প্ৰবেশ কৰি গুলি চালনা কৰে  ।দুৰ্বৃত্তৰ গুলিত নিহত হয় লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দাতিয়াল বড়ী গাৱঁৰ  আছফান আলীৰ ২৩ বছৰীয়া    পুএ ৰিয়াজুল ইছলাম । পাছত ইম্ফলৰ পৰা  ৰিয়াজুলৰ মৃত দেহ মৰোণত্তৰ পৰীক্ষা কৰি  লাহৰীঘাটৰ দাতিয়ালবড়ীৰ গৃহত আনে আৰু আজি দাতিয়ালবড়ী আঞ্চলিক মজিদত সহাস্ৰাধিক গুনমগ্ধৰ উস্হিতিত জানাজাৰ  নামাজ সম্পন্ন

ল'ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দমশ বাৰ্ষিক মৃত্যু দিৱস উদযাপন

Image
ভূপেন হাজৰিকা মানে অসম ,অসম মানে ভূপেন হাজৰিকা --- হৰিধন ডেকা বঙাইগাঁওঃ ৫ নবেম্বৰঃ ল'ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগতো আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দমশ বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰা হয় ৷ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও নিয়তি সংঘত উদযাপন কৰা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ল'ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ পতাকা উত্তোলন কৰে ক্ৰমে সম্পাদক অবীন নাথ আৰু ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মনে ৷ পতাকা উত্তোলনৰ পিছতে উত্তোলকদ্বয়ে চমু বক্তব্য ৰাখে ৷ ইয়াৰ পিছতে সুধাকণ্ঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বিশিষ্ট সাহিত্যিক হৰিধন ডেকাই ৷ আনহাতে সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে 'কালজয়ী গীতটি পৰিৱেশন কৰে শিল্পী সমাজৰ শিল্পীসকলে ৷ ইপিনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি ডেকাই নিজৰ চমু ব্যক্তব্যত কয় যে ভূপেন হাজৰিকা কেৱল অসম বা ভাৰতৰে নহয় , বিশ্বৰ এগৰাকী অদ্বিতীয় ব্যক্তিত্বৰ অধিকাৰী শিল্পী ৷ অসাধাৰণ - অনন্য প্ৰতিভাৰ আকৰ ভূপেন হাজৰিকা আজি আমাৰ মাজত নাই ৷ অথচঃ মৰিও অমৰ হৈ আছে অসমৰ অস

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কৌশল্যা বৰাৰ জীৱনাৱসান

Image
# অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কৌশল্যা বৰাৰ জীৱনাৱসান# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ নৱেম্বৰঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ কৰচোং সত্ৰৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী, সমাজসেৱিকা কৌশল্যা বৰাৰ ৭৩ বছৰ বয়সত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে । ৰাইদঙীয়াৰ ৪৩৭ নম্বৰ কৰচোং সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০০৮ চনত তেওঁ প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ  কৰিছিল। শিক্ষকতাৰ সেৱাৰ কালচোৱাত নিজকে এগৰাকী কৃতী শিক্ষয়িত্ৰীৰূপে পৰিচয় দিবলৈ সক্ষম হোৱা সৰবৰহী মহিলাগৰাকীয়ে বিগত কিছুবছৰ ধৰি শাৰিৰীক অসুস্থতাৰ বাবে শৰ্যাসায়ী হৈ আছিল ৷ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতনতাৰে ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীৰ মাজত এক সুকীয়া ইমেজ গঢ়ি তুলিবলৈ সক্ষম হোৱা বৰাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ মৰিগাঁও জিলাৰ ঐতিহাসিক জাগী গাঁৱত জন্ম লাভ কৰা মেধাসম্পন্ন শিক্ষয়িত্ৰীগৰাকীৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে । কিছুবছৰ আগতে স্বামীৰ মৃত্যু হোৱা সৰল মনৰ মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত এজন পুত্ৰ, বোৱাৰী, এগৰাকী বিবাহিতা কন্যা, জোঁৱাই

বটদ্ৰৱাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস আৰু সবিতা বৰাৰ কাব্যগ্ৰন্থ 'বিষাদ বন্যা' উন্মোচন অনুষ্ঠানঃ

Image
আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সহযোগত বটদ্ৰৱাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস আৰু সবিতা বৰাৰ কাব্যগ্ৰন্থ 'বিষাদ বন্যা' উন্মোচন অনুষ্ঠানঃ  আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সহযোগত বটদ্ৰৱাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক স্মৃতি দিৱস আৰু সবিতা বৰাৰ কাব্যগ্ৰন্থ 'বিষাদ বন্যা' উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা সাহিত্যিক দিলীপ কুমাৰ নাথ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যা বৰা, মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপসভানেত্ৰী অনুপ্ৰভা দেৱী, বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰা, কবিন পাটৰ, কবি শংকুসিদ্ধ নাথ, শিক্ষক তুৱাৰাম বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰে। কবি, সাংবাদিক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত কবি

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ জিৰা-তৰেংথপত নৈৰ বুকুত ৰাইজে সাজিলে বাঁহৰ দল

Image
দেশে স্বাধীনতা লাভৰ তেসত্তৰ বছৰ পাছতো গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী ৰাইজে একপ্ৰকাৰ যমৰ যাতনা ভোগ কৰি থকাতো সঁচাই পৰিতাপৰ বিষয় হৈ পৰিছে ৷ উদাহৰণ হিচাপে জিৰা-তৰেংথপ বাসীৰ কথাকে উনুকিয়াব পাৰি ৷ জনগোষ্ঠী বসতি প্ৰধান জিৰা আৰু তৰেংথপ অঞ্চল দুটা কৃষ্ণাই নৈৰ দুয়ো পাৰত অৱস্থিত ৷ ইফালে তৰেংথপ বাসী ৰাইজ প্ৰায় সকলো ক্ষেত্ৰতে জিৰা অঞ্চলৰ ওপৰত নিৰ্ভৰশীল হোৱাত প্ৰতিদিনে কৃষ্ণাই নৈ পাৰ হ’বলৈ বাধ্য ৷ পিছে কৃষ্ণাই নৈ পাৰ হ’বলৈ জিৰা আৰু তৰেংথপৰ মাজত নাই কোনো দলং ৷ সেয়ে অঞ্চল দুটাৰ ৰাইজে কৃষ্ণাই নৈৰ ওপৰেৰে যাতায়াত ৰক্ষা কৰিবলৈ বিগত বাসত্তৰ বছৰে গাঁঠিৰ ধন ভাঙি সাজি আহিছে বাঁহৰ সাকোঁ ৷ এইবেলিও তাৰ ব্যতিক্ৰম নহ’ল ৷ আজি অঞ্চলটোৰ ৰাইজে নিজৰ জেপৰ ধন খৰচ কৰি নিৰ্মাণ কৰিলে বাঁহৰ দলং ৷ ৰাইজে প্ৰতি মুহুৰ্ততে অঘটন ঘটাৰ সম্ভাৱনা থকা অঞ্চলটোত এখন পকী দলং নিৰ্মানৰ বাবে শীঘ্ৰে উদ্যোগ গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত পুণৰ দাবী জনাইছে ৷  কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

৬ষ্ঠ আয়ুৰ্বেদ দিৱস উপলক্ষে আজি কামৰূপৰ কমলপুৰত সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

Image
৬ষ্ঠ আয়ুৰ্বেদ দিৱস উপলক্ষে আজি কামৰূপৰ কমলপুৰত সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ । পঙ্কজ নাথ, চাংসাৰি, ২ নৱেম্বৰ : আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু উত্তৰণৰ লক্ষ্যৰে আয়ুস মন্ত্ৰ্যালয়ৰ উদ্যোগত ২০১৬ চনত ধনন্তৰী জয়ন্তীৰ দিনটোত প্ৰথমবাৰৰ বাবে আয়ুৰ্বেদ দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে।  অইন বছৰৰ দৰে এইবাৰো ৬ষ্ঠ আয়ুৰ্বেদ দিৱসটি সমগ্ৰ দেশৰ লগতে অসমতো নৱগঠিত আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সৌজন্যত আজি ধনন্তৰী জয়ন্তীৰ দিনা ৰাজ্যজুৰি দিনযোৰা বিভিন্ন কাৰ্সূচীৰে পালন কৰিবলৈ লোৱা হৈছে। ইয়াৰে অংশ হিচাপে কামৰূপ জিলাৰ কমলপুৰ ভিতৰখোলা এম ই স্কুলত ষষ্ঠ আয়ুৰ্বেদ দিৱস আৰু ধনন্তৰী দিৱস অনুষ্ঠিত কৰা হয়। বিশ্বৰ প্ৰাচীন চিকিৎসা পদ্ধতি হিচাপে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিয়ে যাতে প্ৰতিজন ব্যক্তিৰ সহায়ক হয় সেই উদ্দেশ্যে আয়ুৰ্বেদৰ ব্যৱহাৰ সম্পৰ্কে সাধাৰণ ৰাইজক সচেতন কৰিবলৈ ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে আয়ুৰ্বেদ চিকিৎসা শিবিৰৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লগতে বিনামুলীয়া চিকিৎসা

২৮ ডিচেম্বৰত প্ৰকাশ পাব ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা

Image
ৰঙিয়াত জিলা নিৰ্বাচন বিষয়াৰ সংবাদমেল  ২৮ ডিচেম্বৰত প্ৰকাশ পাব পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা  ৫ জানুৱাৰী ২০২২ বৰ্ষত প্ৰকাশ পাব সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা   ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ২ নৱেম্বৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰঙিয়া নিৰ্বাচন জিলাৰ অন্তৰ্গত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকাখন আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা হয়৷ ৰঙিয়া মহকুমা নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা অনুসৰি ৰঙিয়া নিৰ্বাচন জিলাত মুঠ ভোটদাতাৰ সংখ্যা ৩,৭৫,২৪৬ গৰাকী। ইয়াৰে ১,৮৯,৬৮৯ গৰাকী পুৰুষ আৰু ১,৮৫,৫৫৭ গৰাকী মহিলা ভোটদাতা। নতুন ভোটাৰ তালিকা অনুসৰি ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৭৯,৮০১ গৰাকী ৷ ইয়াৰে ৯১,০৭২ গৰাকী পুৰুষ আৰু ৮৮,৭২৯ গৰাকী মহিলা ভোটদাতা।আনহাতে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯৫, ৪৪৫ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৮,৬১৭ আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৬,৮২৮ গৰাকী৷ এই খচৰা ভোটাৰ তালিকাত যোৱা বছৰৰ চুড়ান্ত ভোটাৰ তালিকাৰ তুলনাত