Posts

Showing posts from October, 2020

ৰঙিয়াত হৰদত্ত বীৰদত্ত ফুটবল : বৰমাৰ উদাংশ্ৰী ক্লাৱ আৰু গোৰেশ্বৰৰ গাট্‌ছা ফাইনেলত

Image
প্ৰতিবেদক, ৰঙিয়া ,৩১ অক্টোবৰঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি অনুষ্ঠিত হোৱা হৰদত্ত বীৰদত্ত সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চেমি ফাইনেল খেল দুখনত গোৰেশ্বৰ আঞ্চলিক ট্ৰাইবেল সংঘ(গাট্‌ছা) আৰু বৰমাৰ উদাংশ্ৰী ক্লাৱে বিজয় সাব্যস্ত কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে ৷ চাৰিটা দলেৰে অনুষ্ঠিত প্ৰতিযোগিতা খনৰ প্ৰথম চেমি ফাইনেলত গাট্‌ছাই ট্ৰাইবেকাৰৰ সহায়ত গুৱাহাটী চিটি এফ চি দলক ৫-৩ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ইয়াৰ পূৰ্বে খেলখন ১-১ গ’লত অমীমাংসিত হৈ ৰৈছিল ৷ আনহাতে দ্বিতীয়খন চেমি ফাইনেলত বৰমাৰ উদাংশ্ৰী ক্লাবে কেতেকীবাৰী জ্ঞানদা সংঘক ৪-১ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ইয়াৰ পূৰ্বে আজি দুয়োখন চেমি ফাইনেল খেল উদ্বোধন কৰে ক্ৰমে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে ৷ খেলৰ প্ৰাকমুহূৰ্তত ৰঙিয়াৰ বিভিন্ন খেলৰ সৈতে জড়িত ১০ গৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় ৷ তেওঁলোক ক্ৰমে দিগেন কলিতা(ফুটবল), ৰমণী দাস(ফুটবল), নগেন কলিতা (ফুটবল), ধনেশ্বৰ কলিতা (ফুটবল),ৰঞ্জিত ডেকা(ভলীবল), ৰঞ্জিত দত্ত(ক্ৰিকেট),আৰিয়ান কাশ্যপ(ক্ৰিকেট), ৰুবুল দেৱ

নগাঁৱত নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিনত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ অক্টোবৰঃ নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন প্ৰতিক্ষাৰ সহযোগত বাটমাৰী জ্ঞানদ্বীপ ছিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত শনিবাৰে লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিন ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। কাৰ্য্যসূচী অনুসৰি পুৱা বিদ্যালয় প্ৰাংগণত পৰিবেশ সজাগতাৰ উদ্দেশ্যে বৃক্ষ ৰোপন আৰু ছাফাই অভিযানৰ লগতে এটি শোভাযাত্ৰা উলিওৱাৰ পিছত লৌহ মানৱ গৰাকীৰ জীৱন দৰ্শনৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি তথা সাংবাদিক মাজিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাত নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি সাংবাদিক দিব্যজ্যোতি বৰুৱাই ভাষণ প্ৰসংগত সাম্প্ৰতিক সময়ত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শ খুৱ প্ৰয়োজনীয় হৈ পৰিছে বুলি উল্লেখ কৰি নৱ প্ৰজন্মক তেখেতৰ জীৱন দৰ্শন অধ্যয়ন কৰি আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানটিত শিক্ষক তথা সাংবাদিক নিতুমনি গোস্বামী, নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰ, জ্ঞানদ্বীপ ছিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ তথা অধিবক্তা আক্ৰাম হুছেইনে আৰু শিক্ষক মঞ্জুল কলিতাই ৰাষ্ট্ৰীয় একতা দিৱসৰ তা

বৰপেটাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

Image
দেশৰ ঐক্যৰ হকে সংকল্পবদ্ধ হোৱাৰ আহ্বান উপায়ুক্তৰ*।                         বৰপেটা,৩১ অক্টোবৰ: " আমি সকলো ভাৰতীয় নাগৰিক হিচাপে দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ বাবে সংকল্পবদ্ধ হোৱা উচিত"। আজি বৰপেটাত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এইদৰে কয়। বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে দেশৰ ঐক্য-সংহতি ৰক্ষাৰ স্বাৰ্থত চৰ্দাৰ বল্লভভাই পেটেলৰ মহান আদৰ্শ আমি জীয়াই ৰাখিব‌ই লাগিব। উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰী তথা সমবেত ৰাইজক ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ শপত বাক্য পাঠ কৰায়।  মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: বাবুল চন্দ্ৰ দাসে আমন্ত্ৰিত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন আৰু আদৰ্শৰ বিভিন্ন দিশৰ বিষয়ে চমু অথচ আকৰ্ষণীয় ভাষণ প্ৰদান কৰে। তেওঁ কয় যে চৰ্দাৰ পেটেল অবিহনে হয়তো আমি আজিৰ দৰে বিশাল দেশখন নাপালো হেতেন। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁধৰা অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত সান্তনা বৰা আৰু নৱজিৎ পাঠকো উপস্থিত থাকে।

কৃষ্ণাইত আৰক্ষী বিষয়াক বিদায় সম্বৰ্ধনা

Image
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আগশাৰীৰ বেচৰকাৰী সংস্থা দেৱৰাজ এন জি অ’ৰ সৌজন্যত আজি কৃষ্ণাইত এক বিদায় সভা অনুষ্ঠিত হয় ৷ দেৱৰাজ এন জি অ’ৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত আজিৰ বিদায় সভা খনত সভাপতিত্ব কৰে সংস্থাটোৰ স্থায়ী সভাপতি পৰিমল সাহাই ৷ সম্পাদক অৰুণ ৰায়ে আঁত ধৰা সভাখনত কৃষ্ণাই আৰক্ষী থানাৰ পৰা পদোন্নতিসহ গুৱাহাটীলৈ বদলি হোৱা আৰক্ষী বিষয়া ৰতন কুমাৰ ভূঞাঁক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ এই সভাখনতে কৃষ্ণাই আৰক্ষী থানাত নতুনকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰা আৰক্ষী বিষয়া চন্দন ডেকা আৰু চক্ৰ পৰিদৰ্শক দিগন্ত কুমাৰ বৰাক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অৰুণ ৰায়ে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

চেমছাং মোবাইল ক্ৰয়ত ভগ্যৱান গ্ৰাহকৰ বাবে বিশেষ পুৰস্কাৰ

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,,৩১ অক্টোবৰ চেমচাং মোবাইলে গ্ৰাহকৰ বাবে দুৰ্গা পূজাৰ বিশেষ অফাৰৰ কথা ঘোষণা কৰিছে। এই অনুসৰি গ্ৰাহকৰ বাবে চেমচাং দুৰ্গাপূজা, দশভূজা অফাৰ ঘোষণা কৰিছে, যাৰ জৰিয়তে ৭ অক্টোবৰৰ পৰা ২৪ অক্টোবৰৰ ভিতৰত চেমচাং ৰ নতুন মোবাইল ক্ৰয় কৰা সকলৰ বাবে লাকী ড্ৰ কুপনৰ ব্যৱস্থা কৰে। শিলপুখুৰীৰ ৰঞ্জন বৰাই এই লাকী কুপনৰ জৰিয়তে ৬.৫ লাখ টকাৰ বলেন' গাড়ী লাভ কৰে। তেওঁ ২২ অক্টোবৰত জু-ৰোড তিনিআলিস্থিত কালেক্ট ষ্ট'ৰৰ পৰা ১৪,৯৯৯ টকাৰ চেমচাংৰ মোবাইল ফোন ক্ৰয় কৰিছিল। তেওঁ কয়"-এই কুপন লাভ কৰি এনেকুৱা উপহাৰ পাই মই যথেষ্ট আনন্দিত। আজি তেওঁক গাড়ীখন অনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়। এই কাৰ্য্যসূচীত কালেক্ট ষ্ট'ৰৰ পায়েল জাজু, ব্যৱসায়িক জয়প্ৰকাশ জাজু, এবিএম ৰাজীৱ আৰোৰা, বিতৰক অজিত জৈন উপস্থিত থাকে।

এপ'ল' হাস্পতাল গ্রুপৰ ইণ্ডিয়া মেডট্ৰনিক প্ৰাইভেট লিমিটেডৰ লগত অংশীদাৰীত্ব

 ষ্টাফ ৰিপ'ৰ্টাৰ,,,,৩০ অক্টোবৰ এপ'ল' হাস্পতাল গ্ৰুপে ২৯ অক্টোবৰ( বৃহস্পতিবাৰে)  ইণ্ডিয়া মেডট্ৰনিক প্ৰাইভেট লিমিটেডৰ লগত অংশীদাৰীত্বৰ কথা ঘোষণা কৰিছে। প্ৰথম বাৰৰ বাবে এডভাঞ্চ ষ্ট্ৰ'ক মেনেজমেণ্টৰ বাবে এই অংশীদাৰীত্বৰ কথা ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে আধুনিক প্ৰযুক্তিৰ উন্নয়নৰ বাবে অতি সহজতে আৰু কম সময়ৰ ভিতৰতেই ষ্ট্ৰ'কৰ ডাইগ্নছিষ্ট কৰাত সহায়ক হ'ব। মেডট্ৰনিকে ষ্ট্ৰ'ক টেকনলজিজ প্ৰযুক্তিগত ষ্ট্ৰ'ক মেনেজমেণ্টৰ প্ৰশিক্ষণৰ জৰিয়তে সমগ্র দেশৰ এপ'ল' হাস্পতালত সহযোগ আগবঢ়াব। এই সম্পৰ্কে এপ'ল' হাস্পতাল গ্রুপৰ অধ্যক্ষ ডাঃ পাৰ্থপ চি ৰেড্ডিয়ে কয়"-সমগ্ৰ বিশ্ব জুৰি ষ্ট্ৰ'ক এক মাৰাত্মক ব্যাধি হিচাপে পৰিগণিত হৈছে। বিশ্ব ষ্ট্ৰ'ক  সংস্থাৰ তথ্য অনুসৰি ২৫ বছৰ বয়সৰ একৰ পৰা চাৰি জন লোক ষ্ট্ৰ'কত  ভোগে। ষ্ট্ৰ'ক  এতিয়া মৃত্যুৰ চতুৰ্থ ঘাতক হিচাপে বিবেচিত হৈছে। ভাৰতৰ প্ৰায় ১.৮ মিলিয়ন লোক প্ৰতি বছৰে ষ্ট্ৰ'কত  আক্ৰান্ত হয়। প্ৰথম অৱস্থাত ষ্ট্ৰ'কৰ চিকিৎসা কৰিলে ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। ইয়াৰ বাবে ষ্ট্ৰ'কৰ উন্নত মানৰ ডিজিটেল প্ৰযুক্তিত অধিক গু

উগ্ৰতাৰা দেৱালয়ৰ লগতে তিনিখন পূজা সমিতিলৈ অমৃত চিমেণ্টৰ বঁটা প্ৰদান

Image
দিছপুৰ প্ৰেছক্লাবত অমৃত চিমেণ্ট স্বাস্থ্যকৰ পূজা বঁটা প্ৰদান ষ্টাফৰিপোৰ্টাৰ, ৩০ অক্টোবৰ : অমৃত চিমেণ্টৰ স্বাস্থ্যৱান আৰু ক'ভিড-১৯ প্ৰট'কল অনুসৰণ কৰা সচেতন পূজা সমিতিসমূহক "অমৃত চিমেণ্ট স্বাস্থ্যকৰ পূজা বঁটা" শুকুৰবাৰে দিছ্পুৰ ক্লাৱত অনুষ্ঠিত হয়। এই বছৰ, দুৰ্গা পূজা পূৰ্বতকৈ পৃথক, এই বছৰ দুৰ্গা পূজা অতি সীমিত আহিলা তথা সামগ্ৰীৰে অনুষ্ঠিত কৰা হৈছিল আৰু ক'ভিড ১৯ পৰিচ্ছন্নতা প্ৰট'কলৰ লগতে সামাজিক দূৰত্ব ৰখা হৈছিল। শুকুৰবাৰে এই বঁটা প্ৰদান কৰে বিশিষ্ট চিকিৎসক তথা সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱাই। এইবাৰৰ বঁটা বিজয়ী সমিতিসমূহ হৈছে ক্ৰমে শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতি, ৰেষ্টকেম্প কালীবাৰী দুৰ্গা পূজা সমিতি আৰু দিছপুৰ সাৰ্বজনীন পূজা সমিতি। এই বঁটাত আছে এখন ফুলাম গামোছা, শৰাই আৰু মানপত্ৰ। এই বঁটা গ্ৰহণ কৰি শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতিৰ হৈ কৈলাশ শৰ্মাই কয় ' অমৃত চিমেণ্টে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্য থাকিলেহে এটা জাতি জীয়াই থাকিব।' শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ৰ দলৈ পৰমেশ্বৰ শৰ্মাই চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত  বিশিষ্ট চিকিৎসক

কৃত্ৰিম বানৰ কবলত বৃহত্তৰ মাহগুৰি অঞ্চল≈≈কানসাৰ নাই স্থানীয় বিধায়ক-বিভাগীয় কৰ্তৃপক্ষৰ≈≈গভীৰ সমস্যাত গঞা ৰাইজৰ

Image
কৃত্ৰিম বানৰ কবলত বৃহত্তৰ মাহগুৰি অঞ্চল≈≈কানসাৰ নাই স্থানীয় বিধায়ক-বিভাগীয় কৰ্তৃপক্ষৰ≈≈গভীৰ সমস্যাত গঞা ৰাইজৰ #  নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ অক্টোবৰঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ মাহগুৰি অঞ্চলৰ কেইবাখনো গাওঁ বৰ্তমান কৃত্ৰিম বানৰ কবলত পৰিছে যদিও কানসাৰ নাই স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ । প্ৰাপ্ত অভিযোগ মতে, মাহগুৰি গাওঁ পঞ্চায়তৰ দিঘলীআটিত থকা এটা কালভাৰ্টেৰে যুগ যুগান্তৰ ধৰি বৈ থকা পানীভাগ এচাম সুবিধাবাদী লোকে ভেটা দি বৃহৎ পুখুৰী খন্দাৰ ফলতেই বৃহত্তৰ মাহগুৰি অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । যাৰ ফলত পানীৰ মাজত অস্বাস্থ্যকৰ কদৰ্যময় পৰিবেশত স্থানীয় লোকসকলে দিন অতিবাহিত কৰিলগীয়াত পৰিছে ৷ ঘাইকৈ দৰিদ্ৰ কৃষক তথা মীন পালক, পশু পালক সকলে অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে । স্থানীয় ৰাইজে এই সন্দৰ্ভত স্থানীয় বিধায়ক, মাহগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰীক বিষয়টো অবগত কৰি আহিছে যদিও আজিকোপতি বিভাগীয় বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । আনকি মাহগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে এই সন্দৰ্ভত সম্পূৰ্ণ নিৰব ভূমিকা গ্ৰহণ কৰাত একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । গতিকে বৈ যোৱা পানীভ

নগাঁৱত বিদ্যুৎ খণ্ডক ব্যক্তিগত কৰণ কৰাৰ বিৰুদ্ধে যৌথ প্ৰতিবাদ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ অক্টোবৰঃ ক'ৰডিনেচন কমিটি অব্ এমপ্ল'ইজ ইঞ্জিনিয়াছৰ দ্বাৰা বিদ্যুৎ খণ্ডক ব্যক্তিগত কৰণৰ বিৰোধিতা কৰাকে ধৰি কেইবাটাও দাবীত বুধবাৰে ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাপে নগাঁও বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ৰ সন্মুখটো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগাঁৱৰ কাৰ্য্যসূচীৰ মুখ্য আহ্বায়ক প্ৰবোধ চন্দ্ৰ নাথে প্ৰতিবাদত অংশগ্ৰহণ কৰি কয়- "বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ দেশ তথা ৰাজ্যৰ সমগ্ৰ জনসাধাৰণক এক অনিশ্চয়তাৰ ভৱিষ্যতৰ ফালে থেলি দিছে। নগাঁও কাগজ কলকে ধৰি ইটোৰ পিছত সিটো লাভজনক উদ্যোগক ব্যক্তিগত খণ্ডত গতাই দিয়াৰ কাৰ্য্যক তীব্ৰভাষাত গৰিহণা দিছো। কাৰ্য্যসূচীত উপস্থিত থাকি চিটুৰ অন্যতম কৰ্মকৰ্তা মধু মণ্ডলে ৰাজ্যৰ এনে পৰিস্থিতিত ছাত্ৰ যুৱক, শ্ৰমিক, কৃষক আদি সকলোকে ঐক্যৱদ্ধ হোৱাৰ আহ্বান জনায় । চি পি আই এম এল দলৰ নেতা তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সম্পাদক অৰূপ কুমাৰ মহন্তই কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি "বিজেপি দলে দেশ তথা ৰাজ্যৰ জনসাধাৰণক ধৰ্ম তথা জাতিৰ নামত ভাগ ভাগ কৰিছে বুলি উল্লেখ কৰি কয় যে--আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ই

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট≈≈বৰিগাঁও ইয়ং স্প'ৰ্টিঙৰ অগ্ৰগতি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮অক্টোৱৰঃ নগাবন্ধা মিনি ষ্টেডিয়ামত  ইয়ং ষ্টাৰ ক্লাৱ আৰু  নগাবন্ধা গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়ন সংঘৰ উদ্যোগত চলি থকা ২২ সংখ্যক সদৌ অসম প্ৰাইজমানি  ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত বৰিগাঁও ইয়ং স্প'ৰ্টিং  ক্লাৱে এন এছ আৰ ক্ৰিকেট একাদশক ৫০ ৰাণত হৰুৱাই অগ্ৰগতি লাভ  কৰিছে। খেলখনত বৰিগাঁও ইয়ং স্প'ৰ্টিং ক্লাৱে পোনতে বেট ধৰি কৃষ্ণ বৰদলৈৰ ৪৪ আৰু ৰিংকু আহমেদৰ ৩৭ ৰাণৰ উল্লেখনীয় অৱদানৰে ১৪.৫ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ১৩১ৰাণ সংগ্ৰহ কৰে। বলিঙত এন এছ আৰ ক্ৰিকেট একাদশৰহৈ হোছেইন উদ্দিন,সাগৰ পাটৰ আৰু আব্দুল হোছেইনে তিনিটাকৈ উইকেট পায়। প্ৰত্যুত্তৰত এন এছ আৰ ক্ৰিকেট একাদশে বেট ধৰি দাদুল আহমেদৰ ৪৩ ৰাণৰ উল্লেখনীয় অৱদান স্বতেও ১৫ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ৮১ ৰাণহে কৰিবলৈ সক্ষম হয়। বলিঙত বৰিগাঁও ইয়ং স্প'ৰ্টিং ক্লাৱৰহৈ কে দাসে চাৰিটা আৰু ৰিংকু আহমেদে তিনিটা উইকেট দখল কৰে।

কৃষ্ণচন্দ্র গান্ধী জন্ম শতবার্ষিকীৰ শুভাৰম্ভ

Image
পঙ্কজ নাথ, চাংসাৰি, ২৮ অক্টোবৰ : সৰস্বতী শিশু মন্দিৰ পৰিকল্পনাৰ জনক কৃষ্ণচন্দ্র গান্ধীৰ জন্ম শতাব্দী বর্ষ উপলক্ষে "অপ্রতিম সংগঠক কৃষ্ণচন্দ্র গান্ধী বিষ্যত আলােচনা সভা আযােজন কৰা হৈছে। বিদ্যাভাৰতী পূর্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা এই সুযােগতে কৃষ্ণচন্দ্র গান্ধী ফাউণ্ডেচনৰ নির্মাণ কৰা হৈছে। এই আলােচনা সভাত বিদ্যাভাৰতীৰ অখিল ভাৰতীয় সহ সংগঠন মন্ত্রী যতীন্দ্র শর্মাই মার্গদৰ্শন কৰে| আলােচনা সভাৰ অধ্যক্ষ ডা° ভূপেন হাজৰিকা ফিল্ম আৰু টেলিভিশন সংস্থানৰ সভাপতি ডাঃ জয়কান্ত শর্মা তথা বিদ্যাভাৰতীৰ অখিল ভাৰতীয় মন্ত্রী অবনীশ ভটনাগৰেও মার্গদর্শন কৰে। সভাত বিদ্যাভাৰতী পূর্বোত্তৰ ক্ষেত্ৰৰ উপাধ্যক্ষ ডা° নীলিমা গােস্বামী আৰু পূর্বোত্তৰ ক্ষেত্রৰ জনজাতি শিক্ষা প্রমূখ মােইনতুংগ জেমীও নিজৰ অনুভৱ প্রকাশ কৰে। আলােচনা সভাখন বিদ্যাভাৰতী পূর্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্রী ডাঃ পৱন তিৱাৰীযে পৰিচালনা কৰে। আলােচনা সভাত  যতীন্দ্ৰ শৰ্মাই কয় যে ১৯৫২চনত কৃষ্ণচন্দ্র গান্ধীজী গােৰখপুৰৰ বিভাগ প্ৰচাৰক আছিল। সেই সময়ত নানাজী দেশমুখ তাতেই আছিল। এওঁলােক দুযাে প্রান্ত প্ৰচাৰক ভাউৰাৱ দেবৰসৰ আশির্বাদত তাত প্রথমে সৰস্

নামেৰী বনবিভাগৰ ধাৰাবাহিক সাফল্য আটক কৰিলে চাৰিজনকৈ চোৰাং চিকাৰী

Image
নামেৰীৰ পৰা পলিমা চেতিয়া বসুমতাৰী ,২৮ অক্টোবৰ, ২০২০ তাৰিখে পুৱা প্ৰায় ৫:৩০ মান বজাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নামেৰী বন শিবিৰ এলেকাত বন বিভাগৰ এটি দলে গোপন তথ্যৰ পম খেদি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত চাৰিজনকৈ চোৰাং চিকাৰীক হস্ত নিৰ্মিত বন্দুকৰ সৈতে আটক কৰিবলৈ সক্ষম হয় । চোৰাং চিকাৰীকেইজন ক্ৰমে কান্ত্ৰা বসুমতাৰী, কোলা বসুমতাৰী, ৰাজু বড়ো আৰু বিপিন বসুমতাৰীক ঘটনা স্থলীৰ পৰা আটক কৰাৰ লগতে দুষ্কৃতিকাৰীকেইটাৰ পৰা তিনিটাকৈ হস্ত নিৰ্মিত বন্দুক বাৰুদ সহ প্ৰায় ডেৰ কিলো হৰিণাৰ মাংস, মাছ মৰা সামগ্ৰী সহ আন আন আপত্তিজনক সামগ্ৰীৰ লগতে দুখন কাঠেৰে নিৰ্মিত হাত না‌ওঁ জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ সুত্ৰ‌ই প্ৰকাশ কৰা তথ্য অনুসৰি আটকাধীন কেইজন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্ত্তী বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত গাঁৱৰ বাসিন্দা । এই সমগ্ৰ সফল অভিযানৰ আঁৰত আছিল নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দেৱাশীষ বুঢ়াগোহাঁই, বনপালক-১ দীপ কলিতা, বনপালক-১ অমৃত দলে, বনৰক্ষী গিৰিশ কলিতা, বনকৰ্মীসকল ক্ৰমে নিতাইলাল মজুমদাৰ, বিক্ৰম বে, মিনাৰাম গগৈ, ধন মিলি, বীৰসিং গয়াৰী, অনন্ত পেগু, সন্তো বসুমতাৰী

ৰঙিয়াত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ চিন্তামণি কলিতা, ৱাজেদ ছোহেইলক সম্বৰ্ধনা

Image
প্ৰতিবেদক, ৰঙিয়া, ২৮ অক্টোবৰঃ ভাৰতৰ ছাত্ৰ ফেডাৰেছন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰছনৰ ৰঙিয়া আঞ্চলিক কমিটীৰ উদ্যোগত আজি চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰঙিয়াৰ চিন্তামণি কলিতা আৰু ৱাজেদ ছোহেইলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সৰ্বভাৰতীয় পৰীক্ষাত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে ৰঙিয়াৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা  শিক্ষাৰ্থী দুগৰাকীক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰঙিয়াৰ পদুম কুৱঁৰী বিদ্যালয়ত  অনুষ্ঠিত এই সম্বৰ্ধনা কাৰ্যসূচীৰ আঁত ধৰে ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি কাশ্যপ চৌধুৰীয়ে। সভাপতিত্ব কৰে শিক্ষক তথা গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ নেতা ছফিকুল ইছলামে। সভাত বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে সাংবাদিক মুকুল কলিতাই। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আগবঢ়োৱা এক বক্তব্যত তেওঁ বৰ্তমান শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহ সমাধানৰ বাবে সংগ্ৰামৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে আৰু অধ্যয়ন আৰু সংগ্ৰাম একেলগে চলাই নিয়াৰ বাবে আহ্বান জনায়। সভাৰ শেষত কৃতী শিক্ষাৰ্থী দুগৰাকীক কিতাপৰ টোপোলা,গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধিত কৰা হয় বুলি জানিবলৈ দিয়ে এছএফআই আৰু ডিআইএফআইৰ ৰঙিয়া আঞ্চল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ভাৰত মাতা ছবি অৰ্পণ

Image
ৰাষ্ট্ৰ ব্যাপি ভাৰত মাতাৰ ছবি বিতৰণ অভিযান, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ভাৰত মাতা ছবি অৰ্পণ পঙ্কজ নাথ, চাংসাৰি , ২৮ অক্টোবৰ : বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সমগ্ৰ ৰাষ্ট্ৰতে দেশ মাতৃৰ প্ৰতি ভক্তি, ভাৰত মাতা সকলোৰে মাতা এই বাৰ্তা দিয়াৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে। অসম তথা উত্তৰ পূব প্ৰান্তত বিশ্ব হিন্দু পৰিষদৰ সমন্বয় মঞ্চ, উত্তৰ পূর্ব প্ৰান্তৰ উদ্যোগত ভাৰত মাতা, সকলোৰে মা-মাতৃ এই বাৰ্তা প্রচাৰৰ বাবে ভাৰত মাতাৰ ছবি বিতৰণ ও গ্ৰহণ অভিযান আৰম্ভ কৰা হৈছে। সেইমৰ্মে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ভাৰত মাতাৰ ছবি প্ৰদান কৰি গুৱাহাটীত অভিযান আৰম্ভ কৰা হয়।   সমন্বয় মঞ্চ উত্তৰ পূৱ ক্ষেত্ৰৰ সংযোজক কৃষ্ণ কুমাৰ সিং ,  প্ৰান্তীয় সম্পাদক পল্লৱ পৰাশৰ , সহ-সম্পাদক  বিধান চন্দ্র দেব ৰয় , প্ৰান্ত সেৱা প্রমুখ দিবাকৰ বৰা আৰু  প্ৰান্ত সম্পৰ্ক প্ৰমুখ অৰূপ কুমাৰ লহকৰে  অংশগ্ৰহণ কৰে।আধা ঘণ্টা জুৰি মুখ্যমন্ত্ৰী গৰকীৰ লগত দলটোৱে আলোচনাত মিলিত হৈ দেশ ব্যাপি চলা অভিযানৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। লগতে মুখ্যমন্ত্ৰী গৰকীয়ে আত্মনিৰ্ভৰশীল ভাৰত উৎকৃষ্ট ভাৰত নিৰ্মাণৰ বাবে উত্তৰ পূৱ তথা অসমত কাৰ্যসূচী আৰ

নগাঁৱৰ জাজৰিত ইণ্ডিয়ান অইলৰ তেল ডিপো মুকলি

Image
নগাঁৱৰ জাজৰিত ইণ্ডিয়ান অইলৰ তেল ডিপো মুকলি# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ অক্টোবৰঃ দিনক দিনে দ্ৰুত গতিত যান-বাহনৰ সংখ্যা বৃদ্ধি পাই অহাত ইয়াৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ চাহিদাও ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ কিন্তু ইন্ধনৰ চাহিদা বৃদ্ধি পালেও গ্ৰামাঞ্চলত সাধাৰণতে তেলৰ ডিপো নথকাত সহজলভ্য নহয় যান-বাহনৰ বাবে প্ৰয়োজনীয় পেট্ৰ’ল আৰু ডিজেল ৷ অনুৰূপ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বৃহত্তৰ হাতীচোং আৰু শিলপুখুৰী মৌজাত তেল ডিপো নথকাত মৌজাদুটাৰ ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ পিছে ৰাইজৰ এনে অসুবিধা দুৰ কৰি বুধবাৰে জিলাখনৰ জাজৰিত ইণ্ডিয়ান অইলৰ এটা তেল ডিপো ৰাইজৰ সেৱাৰ বাবে মকলি কৰা হয় ৷ বেবেজীয়া-হাতীচোং-জাজৰি সংযোগী গড়কাপ্তানী পথৰ "চেল্ফি ৰোড"ৰ কাষতে স্থাপন কৰা এই ডিপোটো এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাবে ফিটা কাটি শুভ উদ্বোধন কৰে বয়সীয়ান ধৰ্মপ্ৰাণ মহিলা ৰাণু বৰাই ৷ এই মৰ্মে ক’ভিড প্ৰট’কল মানি আয়োজিত এই উদ্বোধনী অনুষ্ঠানত ডিপোটোৰ সৰ্ত্বাধিকাৰী পৰশ মনি দাস, প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰাণজিৎ বৰা, ইণ্ডিয়ান অইলৰ মাৰ্কেটি’ অফিচাৰকে প্ৰমুখ্য কৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ এই ডিপোত

জাজৰিত আৰক্ষীৰ আতিশায্যৰ বিৰুদ্ধে গ্ৰামীণ শ্ৰমিক সন্থা আৰু প্ৰগতিশীল নাৰী সন্থা প্ৰতিবাদ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ অক্টোবৰঃ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু সদৌ অসম  প্ৰগতিশীল নাৰী সন্থাই বুধবাৰে জাজৰিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আচলতে যোৱা ১৮ অক্টোবৰত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ আগমনত হোৱা উত্তপ্ত পৰিস্থিতিৰ সময়ত আৰক্ষী বাহিনীয়ে গ্ৰামীণ শ্ৰমিক সন্থা আৰু প্ৰগতিশীল নাৰী সন্থাৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা হয় । এই কাৰ্যসূচীত প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সম্পাদিকা আয়েফা বেগম উপস্থিত থাকি "সাম্প্ৰদায়িক উচতনি দিয়া, ধৰ্মনিৰপেক্ষতাক আঘাত কৰি দেশৰ সংবিধানক নস্যাৎ কৰিব বিচৰা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ নকৰাৰ বিপৰীতে প্ৰতিবাদী লোকসকলকে গ্ৰেপ্তাৰ কৰা কাৰ্য্যই ৰাজ্যত গণতন্ত্ৰৰ বিপৰীতে হিন্দু সাম্প্ৰদায়িক ফেচীবাদকহে সুৰক্ষিত কৰিছে" বুলি মতপোষণ কৰে। ইফালে, উক্ত ঘটনা সংক্ৰান্তত আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা আফজল খান, আচিক জামাল, টিংকু আহমেদ, মফিদুল ইছলাম, আইনুল হক, বুৰহামউদ্দিন, ৰাজাকে ধৰি আঠ জন লোকক বিনাচৰ্তে মুকলি কৰি দিয়াৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে। আয়েফা বেগম, উমা পাটৰ, মেহৰুণ নেচাকে প্ৰমুখ্য কৰি দুই শতাধিক মহিলাৰ

অসম জাতীয় পৰিষদৰ ১২৬ সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী থাকিব—জগদীশ ভূঞা, অদীপ ফুকন

Image
পুঠিমাৰীত অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতি গঠন অসম জাতীয় পৰিষদৰ ১২৬ সমষ্টিত  উমৈহতীয়া প্ৰাৰ্থী থাকিব—জগদীশ ভূঞা, অদীপ ফুকন  প্ৰতিবেদক, ৰঙিয়া, ২৭ অক্টোবৰঃ ধৰ্ম আমাৰ প্ৰাথমিক পৰিচয় নহয়, আমাৰ প্ৰাথমিক পৰিচয় হৈছে জাতি, আমাৰ ভাষা। আমি অসমীয়া সেইটো আমাৰ প্ৰাথমিক পৰিচয়। সকলো ধৰ্মাৱলম্বী লোকে অসমীয়া বুলি আগবাঢ়ি আহিছে, সেই পৰিচয় লৈ আমি আগবাঢ়ি যাম। এনেদৰে আজি বক্তব্য দাঙি ধৰে পুঠিমাৰী বাৰোৱাৰী পুজা খলাত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতি গঠন আৰু যোগদান সভাত পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই। অসম চুক্তিৰ আধাৰত অসম গণ পৰিষদৰ জন্ম হৈছিল। অসমৰ চুক্তিৰ মুখ্য আত্মা আছিল যে ১৯৭১ চনৰ পিছৰ বিদেশী সকলো যাব লাগিব। ধৰ্মৰ নামত ৰাজনীতি বা ধৰ্মৰ নামত বিদেশী বিভাজিত নহয়, হিন্দু হওঁক মুছলিম হওঁক বিদেশী বিদেশীয়ে। কিন্তু অসম গণ পৰিষদ দলে বিজেপিৰ লগত থাকি ২০১৪ চনলৈকে বিদেশী আনিব লগা প্ৰক্ৰিয়াত সহযোগিতা ও সমৰ্থন আগবঢ়াইছে । তেখেত সকলে পথচ্যুত হৈছে হৈছে বুলিও কয় মুখ্য সমন্বয়ক ভূঞাই ।সংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ ভূঞাই কয় যে মিঞা সংগ্ৰহালয়ৰ দাবী শ্বেৰমান আলীৰ দ্বাৰা বিজেপিয়

টুপীয়া-বালিজুৰী সংযোগী অত্যাধুনিক পথৰ দুয়োপাৰে সীমা নিৰ্ধাৰণ বিধায়ক পদ্ম হাজৰিকাৰ

Image
 টুপীয়া-বালিজুৰী সংযোগী অত্যাধুনিক পথৰ দুয়োপাৰে সীমা নিৰ্ধাৰণ বিধায়ক পদ্ম হাজৰিকাৰ : ৰাইজে যথেষ্ট সহায়-সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিলে বিধায়ক পদ্মক ।  আজি চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নিজেই উপস্থিত হৈ  টুপীয়া, ৰঙাচকুৱা, মৰিসুটি, বালিজুৰি অত্যাধুনিক পথৰ নিৰ্মান কাৰ্য্যৰ বাবে ৰাইজৰ লগত মত বিনিময় কৰি পথৰ দুয়োপাৰে সীমা নিৰ্ধাৰণ কৰি দিয়ে  । বিধায়ক গৰাকীয়ে ৰঙাচকুৱাত উপস্থিত হৈ তেওঁৰ ভাষন প্ৰসংগত কয় যে "৪৫.৫৯ কোটি টকা ব্যয়ৰে নিৰ্মান কৰিব লগীয়া এই অত্যাধুনিক পথটি মোৰ বিধায়ক জীৱনৰ আটাইতকৈ ব্যয় বহুল পথ । মুঢ়াদ'ল মৌজাৰ যাতায়াতৰ ক্ষেত্ৰত এই দীৰ্ঘকালীন সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈ মই গৌৰৱ বোধ কৰিছো, আনন্দিত হৈছোঁ । ইমান বিশাল পুঁজিৰ অনুমোদনৰে এই বৃহত্তম কাৰ্য্যটি বাস্তৱায়িত কৰাৰ মূল ৰূপকাৰ মাননীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।" বিধায়ক পদ্মই জানিবলৈ দিয়া মতে এই অত্যাধুনিক পথটোৰ দুয়োপাৰে মুঠ ১০ মিটাৰকৈ বঢ়োৱা হ'ব । উক্ত চৰকাৰী মাটিত যি সকলৰ ঘৰৰ বা নামঘৰ-মন্দিৰৰ পকী ৱাল, দোকান আদি নিৰ্ধাৰণ কৰা সীমাত অন্তভুক্ত হৈছে সেইবোৰ

কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰতিষ্ঠা দিৱস পালন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ অক্টোৱৰঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ হিন্দী বিদ্যালয়ত দেওবাৰে কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ত্ৰয়োত্ৰিংশতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি  উদযাপন  কৰা হয় । সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনাড়ম্বৰভাৱে আয়োজিত এই অনুষ্ঠান উপলক্ষে পুৱা বেলা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ভাৰত বৰাই পতাকা উত্তোলন আৰু সম্পাদক সমীৰ হাজৰিকাই স্মৃতি তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে দুপৰীয়া মত-বিনিময় অনুষ্ঠান কৰা হয় । জিলা সমিতিৰ সম্পাদক সমীৰ হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট কবি তথা কৃতি শিক্ষক হৰেন চন্দ্ৰ কলিতাই । সেই অনুষ্ঠানত সমাজ সংগঠক প্ৰবীন চন্দ্ৰ কলিতা, হাতীচোং জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰোহিনী বৰা, সমাজকৰ্মী ৰাণা বৰা, অৰুন শইকীয়া, জিতু বৰা, ৰমণী হাজৰিকা, প্ৰবীন অভিনেতা পদুম বৰাৰ লগতে সন্মিলনৰ নগাঁও জিলা সমিতিৰ কোষাধ্যক্ষ প্ৰনৱজ্যোতি শইকীয়া(পাপু)আদিকে ধৰি কেইবাগৰাকী লোকে বক্তব্য ৰাখে । সেইদিনাই পূৱ হাতীচোঙত  গছ পুলি বিতৰণৰ  কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

নব্য সৃষ্টিৰ লক্ষ্য আৰু উদ্দেশ্যৰে বোকাখাতত "কাঁচিয়লি"ৰ শুভ উন্মোচন

Image
কাজিৰঙা, ২৬ অক্টোবৰঃ বিশ্বায়নৰ ধামখুমীয়াত যি সময়ত উঠি অহা প্ৰজন্মক যান্ত্ৰিকতাৰ পিনে ধাৱমান কৰিছে ঠিক তেনে সময়তে এজাক যুৱক-যুৱতীৰ প্ৰচেষ্টাত বোকাখাতত জন্ম লৈছে এখন আলোচনীৰ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা কবি-সাংবাদিক পলিমা চেতিয়া বসুমতাৰীৰ সম্পাদনাত জন্ম লোৱা কাঁচিয়লি নামৰ আলোচনীখনি যোৱা ২৫ অক্টোবৰত উন্মোচন কৰা হয়৷ বোকাখাত মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত কাঁচিয়লি উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক, সাংবাদিক পবিত্ৰ বৰবৰাই৷ উন্মোচনী সভাত বন্তি প্ৰজ্বালন কৰি জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই কয় যে বিশ্বায়নৰ বিভিন্ন সামগ্ৰীৰ স’তে ব্যস্ত থকাৰ বিপৰীতে যুৱ প্ৰজন্মৰ প্ৰতিনিধি সকলে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত আগবাঢ়ি অহাটো সমাজৰ বাবেই শুভ লক্ষণ৷ তেখেতে কাঁচিয়লিৰ সম্পাদক পলিমা চেতিয়া বসুমতাৰীৰ বোকাখাতৰ সমাজ-সাহিত্যৰ বাবে কৰি অহা কচৰতৰ প্ৰশংসা কৰে৷ আনহাতে, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাই লগতে কয় যে সমাজ জীৱনৰে সংপৃক্ত হোৱা প্ৰতিটো বিষয় অতি সুক্ষ্মভাৱে কলমৰ নিবেৰে লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত সাংবাদিক পলিমা চেতিয়া বসুমতাৰীয়ে অহৰহভাৱ

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট≈≈বৰচকাবাহা ন-জোৱান যুৱক সংঘৰ অগ্ৰগতি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ , ২৬ অক্টোৱৰঃ নগাবন্ধা মিনি ষ্টেডিয়ামত  ইয়ং ষ্টাৰ ক্লাৱ আৰু  নগাবন্ধা গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়ন সংঘৰ উদ্যোগত চলি থকা ২২ সংখ্যক সদৌ অসম প্ৰাইজমানি  ক্ৰিকেট প্ৰতিযোগিতাত বৰচকাবাহা ন-জোৱান যুৱক সংঘই অগ্ৰগতি লাভ কৰিছে ৷ প্ৰতিযোগিতাৰ আজিৰ খেলত বৰচকাবাহা ন-জোৱান যুৱক সংঘই হেদায়েৎপুৰ জুনিয়ৰ ক্ৰিকেট ক্লাৱক ৮ উইকেটত পৰাজিত কৰে। খেলখনত হেদায়েৎপুৰ জুনিয়ৰ ক্ৰিকেট ক্লাৱে  পোনতে বেট ধৰি আশীক  ইছলামৰ  ১৩ ৰানৰ  উল্লেখনীয় অৱদান স্বতেও বিপক্ষৰ খেলুৱৈৰ বিধ্বংসী বলিঙৰ প্ৰকোপত ৯.৫ অভাৰত সকলোকেইটা  উইকেট হেৰুৱাই মাত্ৰ ৩০ ৰানহে   সংগ্ৰহ কৰে। বলিঙত বৰচকাবাহা ন-জোৱান যুৱক সংঘৰহৈ ইয়ামিন খানে চাৰিটা, বিকাশ বৰদলৈয়ে তিনিটা আৰু আচিফউদ্দিন আহমেদে দুটা  উইকেট  পায়। প্ৰত্যুত্তৰত  বৰচকাবাহা ন-জোৱান যুৱক সংঘই বেট ধৰি  দীপজোতি পাটৰৰ ১৩ আৰু আচিফউদ্দিন আহমেদৰো ১৩ ৰাণৰ উল্লেখনীয় অৱদানৰে ৪.১ অভাৰতে দুটা উইকেটৰ বিনিময়ত ৩১ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্যত উপনীত হয়।

২৭ অক্টোবৰত অসম জাতীয় পৰিষদ"ৰ কামৰূপ জিলা আহ্বায়ক সমিতি গঠনাৰ্থে পুঠিমাৰীত বিশাল সভা

Image
প্ৰতিবেদক, ৰঙিয়া, ২৬ অক্টোবৰঃ অসমৰ জাতীয় জীৱনৰ জটিল ক্ষণত "সদৌ অসম ছাত্ৰ সন্থা" আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ"ৰ আহ্বানত জন্ম লাভ কৰা "অসম জাতীয় পৰিষদ"ৰ কামৰূপ জিলা আহ্বায়ক সমিতি গঠনাৰ্থে পুঠিমাৰী বাৰোৱাৰী পূজা খলাত ২৭ অক্টোবৰত এখন বিশাল সভাৰ আয়োজন কৰা হৈছে।দিনৰ ১১ বজাত  আৰম্ভ হবলগীয়া সভাখনত ৰাজ্যিক সমন্বয়ক অদীপ ফুকন, মিডিয়াচেলৰ আহ্বায়ক জগদীশ ভূঞা, আহ্বায়ক লুচি নেওগ প্ৰমূখ্যে কেইবাগৰাকী অতিথিয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যিক আহ্বায়ক সমিতিৰ মজিবুদ্দিন আহমেদ,কৰুণা শৰ্মা, দেৱজিৎ গোস্বামী আৰু বিজয় কুমাৰ দাসে জাতীয়তাবাদ-আঞ্চলিকতাবাদৰ অন্যতম পৃষ্ঠভূমি কামৰূপ জিলাত 'অসম প্ৰথম, সদায় আৰু চিৰদিন' এই মূলমন্ত্ৰৰে জন্ম লাভ কৰা ৰাজনৈতিক দলটিক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে সভালৈ সমূহ ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে। প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

জামুগুৰিহাটত প্ৰকাণ্ড দতাল হাতীৰ মৃত্যু

Image
খাদ্যত বিষক্ৰীয়াৰ  সন্দেহ। ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট ২৬ অক্টোবৰ :-  জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীৰ গাড়ীবাটত কালি পুৱা এটি  প্ৰকাণ্ড দতাল বনৰীয়া হাতী মৃত অৱস্থাত পোৱা যায় ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত নিশা জনাঞ্চললৈ ওলাই আহি খলিহামাৰীৰ সমীপত মৃত্যু হোৱা হাতীটো পুৱা স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি বনবিভাগক অৱগত কৰে।পিছত ঘটনা স্হলীত বনবিভাগৰ লোক উপস্থিত  হৈ  হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰে।বনবিভাগৰ লোকে  প্ৰকাণ্ড দতাল হাতীটো খাদ্যত হোৱা বিষ ক্ৰীয়াৰ ফলতেই মৃত্যু হোৱা  বুলি সন্দেহ প্ৰকাশ কৰিছে ।মৃত্যু হোৱা হাতীটোৰ বয়স  আনুমানিক ৪৫বছৰ বুলি বনবিভাগে জানিবলৈ দিছে ।উল্লেখ্য যে ইয়াৰ পূৰ্বেও জামুগুৰিহাটৰ দক্ষিণাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই নিশাৰ ভাগত ওলাই অহা কেইবাটাও হাতী মৃত্যুৰ মুখত পৰিছে। জোন বৰা, জামুগুৰিহাট।

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাঃট্ৰাক- স্কৰপিঅ’ৰ মুখামুখি সংঘৰ্ষত কৃষ্ণাইৰ ৩ যুৱক নিহত

Image
আন এজনৰ অৱস্থা সংকটজনক ------- মহাষ্টমীৰ সন্ধিয়াই গোৱালপাৰা জিলাৰ লেলাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এটি শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন স্ক’ৰপিঅ’আৰু  ট্ৰাক এখনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ জানিব পৰা মতে, এল্ট’ গাড়ী এখনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে দ্ৰুতবেগী স্ক’ৰপিঅ’ গাড়ীখন গুৱাহাটী দিশলৈ গৈ থকা ট্ৰাক খনৰেে মুখামুখি সংঘৰ্ষত পতিত হয় ৷ দুধনৈৰ পৰা কৃষ্ণাই অভিমুখে গৈ থকা AS18D 6957 নম্বৰৰ স্ক’ৰপিঅ খন তীব্ৰবেগেৰে ট্ৰাকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে৷ দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে, স্ক’ৰপিঅ’ খন ধ্বংসস্তুপত পৰিণত হৈ যায়৷ চুৰ্ণ বিচুৰ্ণ হৈ পৰা বাহনখনৰ পৰা আৰক্ষী আৰু স্থানীয় লোকে বহু সময় ধৰি কৰা চেষ্টাৰ অন্ততহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ভয়ংকৰ এই সংঘৰ্ষত স্ক’ৰপিঅ’ত থকা দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰতৰ ভাৱে আহত হয় ৷ ইয়াৰে আন এজনৰ  পিছত গোৱালপাৰাৰ চলেছ হাস্পতালত মৃত্যু ঘটে ৷ নিহত যুৱক তিনিজন হৈছে ক্ৰমে কৃষ্ণাই জ্যোতিনগৰৰ বিক্ৰম সাহা,দুৰ্জাবাড়ীৰ খষভ গুহ আৰু বাবুপাৰাৰ শান্তু দে ৷ আনহাতে আহত বাপন দাস (কৰ্মকাৰপাৰা)ক অতি সংকটজনক অৱস্

নীট’ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়ালে নিকুয়ে

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ অক্টোবৰঃ শৈক্ষিক ক্ষেত্ৰখনৰ মেধাৰ প্ৰতিযোগিতাত সাফল্যৰ কীৰ্তি স্থাপন কৰি অসমক উজলাই তোলা অসম সন্তান সকলৰ অন্যতম এগৰাকী তীক্ষ্ণধী ছাত্ৰ হ’ল মৰিগাঁও জিলাৰ তেলাহীৰ হীৰা গাঁৱৰ নিকু গগৈ ৷ সদ্যঘোষিত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা অন্যতম সৰ্বভাৰতীয় প্ৰবেশ পৰীক্ষা নীট-২০২০ৰ ফলাফলত মেধাৱী ছাত্ৰ নিকু গগৈ উজলি উঠাৰ লগতে জনমভূমি গাঁওখনৰ উপৰি সমগ্ৰ জিলাখনকে গৌৰাম্বিত কৰি তুলিছে ৷ লাজুক আৰু বিনয়ী স্বভাৱৰ ছাত্ৰ নিকুয়ে নিৰ্ধাৰিত ৭২০ নম্বৰৰ ভিতৰত ৬০২ নম্বৰ লাভ কৰি নিজৰ শৈক্ষিক প্ৰতিভাৰ বিৰল পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নিকুৰ এই আশাব্যঞ্জক ফলাফলত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দিলীপ বৰা প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী সকল উৎফুল্লিত হৈ পৰিছে ৷  উল্লেখ্য যে, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ নিকু গগৈয়ে ২০১৯ চনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ডিষ্টিংচন সহ ৯১ শতাংশ নম্বৰ প্ৰাপ্তিৰে উত্তীৰ্ণ হৈছিল ৷ নিজৰ একাণপতীয়া চেষ্টা, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত নীট পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬০২ নম্বৰ লা

বটদ্ৰৱাত অসম জাতীয় পৰিষদ দলৰ সাংগঠনিক সভা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ অক্টোবৰঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বটদ্ৰৱা সৰুহিছা গাঁৱত শুক্ৰবাৰে অসম জাতীয় পৰিষদ দলৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। বটদ্ৰৱাৰ জ্যেষ্ঠ নাগৰিক জোনাৰাম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত অংশ গ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী ড° প্ৰদীপ কুমাৰ মহন্ত আৰু অসম জাতীয় যুৱ পৰিষদৰ মূখ্য আহ্বায়ক ড° লক্ষ্যজ্যোতি বৰাই বৰ্তমান অসমত আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভাষন ৰখাৰ উপৰিও জাতিৰ স্বাৰ্থত সকলোকে অসম জাতীয় পৰিষদত যোগদান কৰিবৰ বাবে আহ্বান জনায়। সভাই অহা এক নৱেম্বৰত বৃহত্তৰ বটদ্ৰৱা অঞ্চল সামৰি বটদ্ৰৱাৰ সমূহীয়া মঞ্চৰ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে উক্ত সভাতে অঞ্চলটোৰ শতাধিক লোকে সমূহীয়া ভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি প্ৰকাশ কৰে। উক্ত ১ নবেম্বৰত অনুষ্ঠিত হবলগীয়া সভাখন আহ্বান কৰিবৰ বাবে অসম জাতীয় যুৱ পৰিষদৰ মূখ্য আহ্বায়ক ড° লক্ষ্যজ্যোতি বৰা, লক্ষ্যধৰ তালুকদাৰ আৰু প্ৰাঞ্জল কলিতাক আহ্বায়ক হিচাবে বাচনি কৰি দায়িত্ব অৰ্পন কৰা হয়।

বিশিষ্ট সমাজ সেৱক , প্ৰাক্তন ছাত্ৰ নেতা , ধিং শাখা সাহিত্য সভাৰ সভাপতি ডা: বসন্ত শৰ্মাৰ দেহাৱসান≈≈শোকস্তব্ধ ধিং

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ অক্টোবৰঃ নগাঁও জিলাৰ ধিং আঠগাঁও নিবাসী প্ৰাক্তন ছাত্ৰনেতা, সমাজ সংগঠক, বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ধিং শাখা সাহিত়্য সভাৰ  সভাপতি ডা: বসন্ত শৰ্মাৰ বৃহস্পতিবাৰৰ নিশা নিজ বাসগৃহত জীৱনাৱসান ঘটে । দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ডা: শৰ্মা । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ ৫৪ বছৰ ৷ ডা: শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত অনেক গুনমুগ্ধ সমবেত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁৰ অকাল মৃত্যুত  ধিং শাখা সাহিত্য সভা, ধিং প্ৰেছ ক্লাৱ, ধিং আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷

ক’ভিড প্ৰট’কল মানি পাথৰি বৈদিক ধৰ্ম সংঘত অনুষ্ঠুপীয়াকৈ দুৰ্গা পূজা

Image
নগাঁৱৰ পৰা জয়ন্ত মুুুুদৈ, ২৩ অক্টোবৰঃ কৰ’না ভাইৰাচৰ প্ৰতিকুলতাক নেওচি ৰাজ্যৰ সৰ্বত্ৰে উদযাপন কৰা হৈছে শাৰদীয় দূৰ্গোৎসৱ ৷ তদ্ৰুপ নগাঁও জিলাৰ অন্যতম পুৰণি ১৯৬৭ স্থাপিত পাথৰি বৈদিক ধৰ্ম সংঘত কালিৰে পৰা অনুুুষ্ঠিত কৰা হৈছে ৫৪ তম্ শ্ৰী শ্ৰী শাৰদীয় দুৰ্গোৎসৱ । এইবাৰ সোণালী জয়ন্তী বৰ্ষ পূৰ্ণ কৰা পাথৰি বৈদিক ধৰ্ম সংঘৰ আছে এক গৌৰৱোজ্জল ইতিহাস। সুদীৰ্ঘ পৰিক্ৰমাত ই বৃহত্তৰ অঞ্চলটোৰ সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় ক্ষেত্ৰখনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই আহিছে। বিগত সময়চোৱাত কেইবাটাও প্ৰকল্প সম্পূৰ্ণ কৰি অনুষ্ঠানটোৱে এক সুকীয়া মাত্ৰা লাভ কৰিছে। অনুষ্ঠানৰ সহযোগী সংগঠন "পাথৰি বৈদিক ধৰ্ম সংঘ শৈক্ষিক ন্যাসৰ" উদ্যোগত শৈক্ষিক দিশতো ই কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। সম্প্ৰতি ক’ভিড-১৯ অতিমাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষত আড়ম্বৰহীনভাবে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি দুৰ্গোৎসৱ অনুষ্ঠিত কৰা হৈছে । এইবাৰ এই পূজাৰ স্থায়ী মণ্ডপত  মৃণ্ময় প্ৰতিমাৰ পৰিবৰ্তে "ঘট স্থাপন" কৰি পূজাৰ সকলো পৰম্পৰা, বিধি-বিধানেৰে পূজা অনুষ্ঠিত কৰাৰ লগতে মণ্ডপত প্ৰতিমাৰ মনোমোহা প্ৰতিচ্ছবি সংযোজন কৰা হৈছে

যুদ্ধ স্মাৰকত বিজেপিৰ স্বচ্ছ অভিযান

Image
ভঙাগড়ৰ প্ৰতিবেদক, ২২ অক্টোবৰ :  ভাৰতীয় জনতা পাৰ্টী মধ্য গুৱহাটী  মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত বৃহস্পতিবাৰে যুদ্ধ স্মাৰকত স্বচ্ছ অভিযান আৰম্ভ কৰে ৷ মহানগৰীৰ দীঘলীপুখুৰী পাৰস্হিত যুদ্ধ স্মাৰকত চৌহদত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্য সকলে এফালৰ পৰা চাফচিকুণ কৰে ৷ মধ্য গুৱাহাটী মণ্ডল সভাপতি অসীম হাজৰিকাৰ আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দুল ফৰিদে হাতত ঝাৰুলৈ পৰিস্কাৰ কৰা দেখিবলৈ পোৱা যায় ৷ ইপিনে মণ্ডল উপসভাপতি ক্ৰমে বিক্ৰম সিং, সুশীল কুমাৰ শৰ্মা, কিশোৰ মিত্ৰ, সাধাৰণ সম্পাদক নয়ন জ্যোতি চৌধুৰী, নৱ লহকৰ লগতে ভালেসংখ্যক বিজেপিৰ সদস্য উপস্থিত থাকি স্বচ্ছ অভিযানত সহযোগিতা আগবঢ়ায় ৷ এই ক্ষেত্ৰত যুদ্ধ স্মাৰন কৰ্তীপক্ষই বিজেপিৰ সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে ৷

পূজা- দীপান্বিতা উপলক্ষে মাখন ভোগত আকৰ্ষণীয় উপহাৰ

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,২২ অক্টোবৰ দুৰ্গা পূজা আৰু আগন্তুক দীপাৱলী উপলক্ষে গুৱাহাটীৰ মিঠাই বিপণী মাখন ভোগে গ্ৰাহকৰ বাবে আগবঢ়াইছে মিঠাই, ড্ৰাই ফ্ৰুটছ, চকলেট মেক আৰু কুকিজ আৰু আন আন নতুন কালেকচনৰ লগতে সজাই থোৱা আকৰ্ষণীয় উপহাৰৰ বাকচ। পূজা আৰু দীপাৱলীৰ এই সময়ত মাখন ভোগে মাৱাৰ মিঠাই, লাৰু, গোলাপ জামুন, আদি মিঠাইৰ গীফ্ট বক্স আৰু কেক নিমকি আদিৰ উপহাৰৰ টোপোলাও মুকলি কৰিছে। এই মিঠাই আৰু ড্ৰাই ফ্ৰুটচৰ দাম ক্ৰমে ১৯০ আৰু ৪০০ টকাৰ পৰা আৰম্ভ হৈছে। উল্লেখযোগ্য যে, গ্ৰাহকে উলুবাৰী, ফাঁচী বজাৰ আৰু গণেশগুৰিত থকা যিকোনো এখন মাখন ভোগ বিপণীত গৈ মিঠাই ক্ৰয় কৰিব পাৰে।

প্ৰায় তিনি দশকৰ মূৰত মুকলি হ’ব নগাঁৱৰ পুলিছ ৰিৰ্জাভ-ভূঞাপট্টি সংযোগী “ওলমা দলং”

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ অক্টোবৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন তদানীন্তন অগপ চৰকাৰৰ এক অবিবেচক, হঠকাৰী  সিদ্ধান্তৰ ফলতেই নগাঁৱৰ পুলিছ ৰিৰ্জাভ আৰু ভূঞাপট্টি সংযোগী “ওলমা দলং”খন সম্পূৰ্ণ নিৰ্মাণৰ পিছতো বিগত প্ৰায় ২৭ বছৰ ধৰি অসম্পূৰ্ণ হৈয়ে আছিল ৷ ৰাইজৰ বাবে যাতায়তৰ ক্ষেত্ৰত কোনো সুনিশ্চিত ফল দিব পৰা নাছিল কোনো এখন চৰকাৰেই ৷ ইয়াৰ পৰবৰ্তী সময়ত ৰাজনৈতিক মেৰপেছৰ বাবে তদানীন্তন কংগ্ৰেছ চৰকাৰেও গুৰুত্বপূৰ্ণ এই দলংখন ৰাইজৰ বাবে মুকলি নকৰিলে ৷ কিন্তু বৰ্তমান বিজেপি মিত্ৰজোঁ‌টৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাত এই “ওলমা দলং” নামেৰে নগঞাৰ মাজত বিশেষভাবে পৰিচিত পুলিছ ৰিৰ্জাভ আৰু ভূঞাপট্টি সংযোগী দলংখন নিৰ্মাণৰ সুদীৰ্ঘ ২৭ বছৰৰ অন্তত ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে মুকলি কৰা হ’ব ৷ স্বাভাৱিকতে নগাঁও সদৰ সমষ্টিৰ এগৰাকী কৰ্মঠ বিধায়ক ৰূপে সৰ্বত্ৰে সুপৰিচিত ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাৰ বাবেই ভূঞাপট্টিৰ এই “ওলমা দলং” দলংখনৰে যাতায়ত আৰম্ভ হোৱাৰ ক্ষেত্ৰত সম্ভৱপৰ হৈ উঠিছে ৷

সেউজ শক্তিৰ দিশে ধাৱমান বঙাইগাঁও জিলা

Image
সেউজ শক্তিৰ দিশে ধাৱমান বঙাইগাঁও জিলা  'পোহৰ' প্ৰকল্পৰ অধীনত বঙাইগাঁও জিলাৰ পদ পথত মুঠ ১০০০ সৌৰশক্তি চালিত লাইটৰ ব্যৱস্থাৰ পৰিকল্পনা বঙাইগাঁওঃ ২২ অক্টোবৰঃ 'বিশ্ব শক্তি দিৱস'ৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলাক সেউজ আৰু পৰিৱেশ-অনুকূল শক্তিৰ দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে বঙাইগাঁও জিলাৰ পদ পথত অচিৰেই ১০০০ সৌৰ শক্তি চালিত লাইটৰ ব্যৱস্থা কৰাৰ এক পৰিকল্পনা হাতত লোৱা হৈছে ৷ ইয়াৰে ৯০০ লাইট বঙাইগাঁও পৌৰ সভাৰ অধীনস্থ এলেকাত আৰু বাকী ১০০ অভয়পুৰীত সংযোজন কৰা হ'ব। প্ৰথম পৰ্য্যায়ত ৩০০ সৌৰ শক্তি চালিত লাইট শ্বহীদবেদীৰ পৰা চাপাগুৰিলৈ ৰাজ্যিক ঘাই পথৰ দুয়ো দিশে স্থাপন কৰা হ'ব।এই সৌৰ শক্তি চালিত লাইটৰ ব্যৱস্থা 'পোহৰ' নামৰ প্ৰকল্পৰ অধীনস্থ আৰু  জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াৰ সৱল নেতৃত্বাধীন বঙাইগাঁও জিলা প্ৰশাসনৰ শক্তি সঞ্চয় তথা নৱীকৰণ কৰিব পৰা শক্তি বৃদ্ধিৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ। বিশ্ব শক্তি দিৱস তথা শাৰদীয় দুৰ্গোৎসৱৰ এই সন্ধিক্ষনত জিলা উপায়ুক্তৰ তৰফৰ পৰা সৌৰ শক্তি চালিত লাইটৰ ব্যৱস্থা বঙাইগাঁওবাসী ৰাইজলৈ এক বিশেষ উপহাৰ। সৌৰ শক্তি চালিত লাইটৰ ব্যৱস্থা স

সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্য স্তৰৰ প্ৰৱেশ পৰীক্ষাত লালনৰ কোচিং ক্লাছ আৰু লালনৰ ইণ্টিগ্ৰেটেড একাডেমীৰ শিক্ষাৰ্থীসকলৰ শ্ৰেষ্ঠতা অৰ্জন

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,২১ অক্টোবৰঃ লালনছ কোচিং ক্লাছে পুনৰ প্ৰমাণ কৰিছে যে সৰ্বশ্ৰেষ্ঠ বাছনি হাৰৰ সৈতে সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্য পৰ্য্যায়ৰ প্ৰৱেশ পৰীক্ষাত অনবদ্য ফলাফল প্ৰদান কৰি অহা ই হৈছে সমগ্ৰ অঞ্চলটোৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ কোচিং ইনষ্টিটিউট।প্ৰতি বছৰৰ লেখীয়াকৈ এইবছৰো কোচিং ক্লাছ আৰু ইণ্টিগ্ৰেটেড একাডেমীৰ শিক্ষাৰ্থীসকলে নীট ২০২০-ত ঈৰ্ষণীয় ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ৩০ জনতকৈ অধিক শিক্ষাৰ্থীয়ে নীট ২০২০-ত ৭২০ নম্বৰৰ ভিতৰত ৫০০ ৰো অধিক নম্বৰ লাভ কৰিছে।লালনছ কোচিং ক্লাছৰ শিক্ষাৰ্থী, কুণ্ডন বৰাই ৭২০ ৰ ভিতৰত ৬১৪, চিন্ময় বৰাই ৭২০ ৰ ভিতৰত ৬১৩ নম্বৰ লাভ কৰে আৰু প্ৰেৰনা ধাৰাচৰিয়াই নীট ২০২০-ত ৭২০ ৰ ভিতৰত ৬০৪ নম্বৰ লাভ কৰে। লালনছ কোচিং ক্লাছে সীমিত সংখ্যক শিক্ষাৰ্থীক লৈয়েই নীট ২০২০-ৰ ফলাফলত লক্ষণীয় প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। অঞ্চলটোৰ কোচিং ইনষ্টিটিউটৰ ৭ গৰাকী শিক্ষাৰ্থীয়ে জেইই প্ৰৱেশ পৰীক্ষা ২০২০-তো উৎকৃষ্ট স্থান লাভ কৰিবলৈ সক্ষম হৈছিল, য'ত উজ্জ্বল বসুমতাৰীয়ে অনুসূচীত জনজাতি শ্ৰেণীত সৰ্বভাৰতীয় ৰেংকিংত ৩০ তম স্থান লাভ কৰিছিল। লালনছ কোচিং ক্লাছ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীৰ শিক্ষ

কৰ’নাৰ প্ৰভাৱ৷মুৰে কপালে হাত দিছে জামুগুৰিহাটৰ মৃৎশিল্পী-ৰূপকাৰ ৰাজেন বৰকটকীয়ে৷পদুলীত নাই পূজাৰ ব্যস্ততা

Image
কৰ’নাৰ প্ৰভাৱ৷ মুৰে কপালে হাত দিছে জামুগুৰিহাটৰ মৃৎশিল্পী-ৰূপকাৰ ৰাজেন বৰকটকীয়ে৷ পদুলীত নাই পূজাৰ ব্যস্ততা ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ অক্টোৱৰ:পূজাৰ বতৰত ব্যস্ততাৰ ওৰ নপৰা মৃৎশিল্পীসকলৰ পদুলীত আজি নিমাওমাও পৰিবেশ৷বিগত বৰ্ষলৈকে আজিৰ দিনটোত অৰ্থাৎ ষষ্ঠীৰ দিনা ঢোলে-দগৰে,বেণ্ডপাৰ্টিৰ শব্দ,মাইকত দেৱী বন্দনাৰ গীত,ভক্তৰ মুখত “জয় দূৰ্গা মাঁ”ৰ ধবনি এইবিলে যেন শুনিবলৈ পোৱা নাই জামুগুৰিহাটৰ সু-নিপুন মৃৎশিল্পী ৰাজেন বৰকটকী(গোপাল)ৰ পৰিয়ালে৷বিগত বৰ্ষলৈকে ট্ৰাক-টেম্পো-ভক্তপ্ৰান ৰাইজেৰে বিৰদি বাট নোপোৱা ঐতিহ্যমণ্ডিত কালিয়দমন ক্ষেত্ৰৰ কোঁছগাৱৰ বাট-পথ আজি নিৰৱ নিস্তব্ধ৷এইয়া কৰ’নাৰ প্ৰভাৱ৷প্ৰতিবৰ্ষত অবিভক্ত শোণিতপুৰ জিলাখনৰ কুৰিৰপৰা ডেৰকুৰি পূজামণ্ডপৰ সৌস্তৱ বৃদ্ধি কৰা ৰাজেন বৰকটকীৰ হাতৰ পৰশত প্ৰান পাই উঠা দেৱী দূৰ্গাৰ প্ৰতিমা বিচাৰি এইবেলি অহা নাই অধিকাংশ পূজাকমিটি৷তাগিদা নাই দূৰ্গা প্ৰতিমাৰ আকৰ্ষণীয় সাজসজ্জা তথা উচ্চতাৰ মাপকাঠি৷তাৰমাজতেই নিয়ম মাফিক ভাবেই ক্ষুদ্ৰ আকাৰৰ তিনিভাগ মূৰ্তি নিৰ্মানৰেই সন্তুষ্টি লভিব লগীয়া হৈছে শিল্পীগৰাকীৰ লগতে পৰিয়ালটিয়ে৷উল্লেখযোগ্য যে জামুগুৰিহাটৰ প্ৰবীন ৰূপকাৰ-ম

উত্তৰ গুৱাহাটীৰ ৰাইজৰ বাবে সুখবৰ, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ বিক্ৰী কেন্দ্ৰ মুকলি

Image
পঙ্কজ নাথ, চাংসাৰি, ২১ অক্টোবৰ: উত্তৰ গুৱাহাটী, আমিনগাঁৱ অঞ্চলৰ বাসিন্দাসকলৰ বাবে সুখবৰ।কামৰূপ জিলা অন্তৰ্গত উত্তৰ গুৱাহাটী মাজগাঁৱত অৱস্হিত পশু চিকিৎসা কেন্দ্ৰত, অসম চৰকাৰৰ অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত এটি 'ভোগজৰা' নামৰে বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। আজি ২১ অক্টোবৰ তাৰিখে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ৰাইজৰ সুবিধাৰ্থে এই কেন্দ্ৰটো মুকলি কৰে । 'ভোগজৰা' নামৰ বিক্ৰী কেন্দ্ৰৰ স্হাপনে উত্তৰ গুৱাহাটী ৰাইজৰ বহুদিনীয়া এটি অভাৱ দূৰ কৰিব। কিয়নো এই বিক্ৰী কেন্দ্ৰত  স্বাস্থ্য সন্মত আৰু সতেজ ছাগলী মাংস হাঁহ, কুকুৰা মাংসৰ লগতে পনিৰকে ধৰি সকলো দুগ্ধজাত উচ্চ মানদণ্ডৰ সামগ্ৰী সুলভ মূল্যত ক্ৰেতা ৰাইজে লাভ কৰিব। আজি উদ্ধোধনী অনুষ্ঠান ভাষণ প্ৰদান কৰি হাঁহ-কুকুৰা পশুধন বিভাগ অধ্যক্ষ মনোজ শইকীয়াই এনে বিপনীৰ জৰিয়তে অসমৰ পথাৰত উৎপাদিত থলুৱা সামগ্ৰীৰে বজাৰ দখল কৰাৰ লগতে যুৱক যুৱতীসকলক কৰ্মসংস্থান ব্যৱস্থা কৰা। নিগমৰ মূল্য লক্ষ্য "পথাৰো আমাৰ বজাৰো আমাৰ"। এই মহান উদ্দেশ্য আগত ৰাখি যো যোৱা কিছুদিন গুৱাহাটী এনে ৪২ খন বিপনীৰ জৰিয়তে ক্ৰেতাৰ লগ

ৰঙিয়াত ক'ভিড প্ৰট'কল মানি দুৰ্গাপূজা পালনৰ অনুমতি মহকুমা প্ৰশাসনৰ

Image
জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰত্যেক দুৰ্গাপূজা সমিতিলৈ পূজা পালনৰ সময়ত আগবঢ়োৱা হব সম্পূৰ্ণ সহায় সহযোগিতা —মহকুমাধিপতি স্বপ্নীল পাল  ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, ২১ অক্টোবৰঃ ৰঙিয়া মহকুমাত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ক'ভিড প্ৰট'কল মানি সীমিত আয়োজনৰ মাজেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ মহকুমা প্ৰশাসনৰ অনুমতি।পূজা সমিতি সমূহে কৰিবলগীয়া প্ৰতিটো কাম আৰু নিয়মাৱলীৰ সম্পৰ্কে মহকুমা প্ৰশাসনৰ তৰফৰপৰা মহকুমাধিপতি স্বপ্নীল পালে জানিবলৈ দিয়ে যে, কেৱল মাত্ৰ ধাৰ্মিক ৰীতি- নীতি,পৰম্পৰাৰে কৰিব পাৰিব পূজা,কিন্তু পূজা উদযাপন উপলক্ষে কোনো মেলা, সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতাৰ লগতে ৰাষ্টাৰ কাষত কোনো পেণ্ডেল, ৰভা বনাব নোৱাৰিব।পূজা আয়োজনক সমিতিয়ে স্বাস্থ্য বিভাগৰ গাইডলাইন মানি চলিব লাগিব। উদ্যোক্তা কমিটীসমূহে পূজা মণ্ডপ অৰ্থাৎ পেণ্ডেল  সম্পূৰ্ণ মুকলি কৰি ৰাখিব লাগিব। প্ৰৱেশ আৰু প্ৰস্থানৰ  মূল পথ দুটা সুকীয়া সুকীয়া হ'ব লাগিব। পূজা মণ্ডপত মাক্স-ছেনিটাইজাৰৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।সেই হেতুকে মূল গেটৰ সন্মুখত হাত ধোৱা আৰু ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব। পূজাথলীত অহা প্

বাঘজানবাসীৰ কোনে পতিয়াব দুখঃঃকৃষ্ণাইত অৱসৰপ্ৰাপ্ত অধ্যাপক জোনাৱ আলীৰ গীতৰ ভিডিঅ’ উন্মোচন

Image
গোৱালপাৰা জিলাৰ কৃষ্ণাই হাব্ৰঘাট মহাবিদ্যালয়ত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বাঘজান সম্পৰ্কত এটা গীতৰ ভিডিঅ’ উন্মোচন কৰা হয় ৷ কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জোনাৱ আলীৰ ৰচনা, সুৰ আৰু কন্ঠেৰে সজোৱা "বাঘজান বাসীৰ কোনে পতিয়াব দুখ " শাীৰ্ষক গীতটিৰ ভিডিঅ’ উন্মোচন কৰে কৃষ্ণাই আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাই ৷ গেলেক্সী ওৱাৰ্ল্ডৰ বেনাৰত নিৰ্মিত গীতটিৰ সংগীত পৰিচালনা  প্ৰাঞ্জল কোচ আৰু ভিডিঅ’ সম্পাদনা ছাজাউল আহমেদৰ ৷ উন্মোচনী অনুষ্ঠানৰ আতঁ ধৰে গীতাৰ্থ শৰ্মাই ৷ অনুষ্ঠানত হাব্ৰাঘাট মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হাৰুন ৰছিদৰ উপৰি কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থা, আমছুৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতিৰ লগতে জিলা সাহিত্য সভাৰ বিষয় ববীয়া সকলো উপস্থিত থাকে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

জাজৰিত আৰক্ষীৰ গুলীচালনা ঘটনাৰ তদন্ত আৰু সত্যৰঞ্জন বৰাৰ গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ অক্টোবৰঃ নগাঁও জিলাৰ জাজৰিত যোৱা ১৮ অক্টোবৰত সংঘটিত হোৱা আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত বুধবাৰে জাজৰি বাছ আস্থানত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু চি পি আই(এম এল)দলৰ কৰ্মী আৰু সমর্থকসকলে পুৱা ১১ বজাৰ পৰা এঘন্টাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে "সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰা", "সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয় সর্বা-হিমন্তই তাৰ জবাব দিয়ক", "সাম্প্ৰদায়িক বিভাজন নহয়, আমাক ঐক্য লাগে", "গুলী চালনা ঘটনাৰ ন্যায়িক তদন্ত কৰক", "দোষী পুলিচ বিষয়াক বৰ্খাস্ত কৰক", "গুলীচালনাৰে নহয় সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰি সমস্যাৰ সমাধান কৰক" আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তায়ল কৰি তোলে ৷ তদুপৰি প্ৰতিবাদকাৰীসকলে গুলীবিদ্ধ লোক সকলৰ উন্নত চিকিৎসা আৰু ক্ষতিপূৰণৰো দাবী জনাই । ইফালে, প্ৰতিবাদস্থলীতে অনুস্থিত হোৱা সভাত অংশ গ্ৰহন কৰি চি পি আই(এম এল)দলৰ ৰাজ্যিক কৰ্ণধাৰ সমিতিৰ সদস্য তথ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা

Image
২১ অক্টোবৰ: কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী :  আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷আজি পুৱা ১০ বজাত কহঁৰা বনাঞ্চলৰ মিহিমুখত আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ উদ্যান মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্যানখনৰ  কাঠপাৰালৈকে দৰ্শন কৰিব ৷ মুখ্যমন্ত্ৰীৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকিব বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে,কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ইতিমধ্যে সম্পূৰ্ণকৈ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ বাবে ক্ষীপ্ৰতাৰে প্ৰস্তুতি চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উদ্যানখনৰ প্ৰৱেশ দ্বাৰত পৰ্যটকৰ বাহন সমূহৰ টায়াৰ বাথ কৰাৰ বাবে পটাচ মিশ্ৰিত পানী ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷বিগত সময়ত প্ৰলয়’ বানৰ তাণ্ডৱৰ কৱলত পৰি বিস্তৰ ক্ষতিসাধন হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু এলেকা বৰ্তমানেও পানীৰ তলত থকাত কেৱল কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ভৈচামা

সদৌ অসম কুংফু ব্ৰাদাৰহুড এছোচিয়েচনৰ ৰাজ্যিক সমিতি গঠন

Image
ষ্টাফৰিপোৰ্টাৰ, ২১ অক্টোবৰ :    গুৱাহাটীস্থিত মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰেক্ষাগৃহত  ১৮ অক্টোবৰত সদৌ অসম কুংফু ব্ৰাদাৰহুড এছোচিয়েচনৰ বাৰ্ষিক সভাখন অনুস্থিত হয় । সভাই পুৰণি সমিতি ভংগ কৰি চিফু ৰাজকুমাৰ বসুমতাৰীক নৱ নিৰ্বাচিত সভাপতি, এল ৰতন সিঙক কাৰ্যকৰী  সভাপতি , আৰু কুংফু প্ৰশিক্ষক আজহাৰুল অামিনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদৌ অসম কুংফু ব্ৰাদাৰহুড এছোচিয়েচনৰ সমিতিখন ‌গঠন কৰা হয় । এই সমিতিখন  ভাৰতীয় কুংফু  ফেডাৰেচনৰ অধিনত থাকিব আৰু সভাত প্ৰস্তাৱ মৰ্মে  অসম অলিম্পিক সংস্থাৰ দ্বাৰা স্বীকৃতি লাভ কৰিব । বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰকাশ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত সভাত  অসম কুংফুৰ ফাউণ্ডাৰ চিফু অমৰ সিং দেউৰী ,চিনিয়ৰ কুংফু মাষ্টাৰ জ্যোতি প্ৰসাদ দেউৰী , শংকৰ দত্ত, ৰঞ্জন ঘোষ ,বাবুল বড়ো , হিৰন্য কুমাৰ বৰুৱা ,ৰঞ্জিত দাস ,উৎকল হাজোৱৰী, সঞ্জয় মাহাতো, বিজয় ৰাভা, নবিন বিশ্বকৰ্মা , গৌতম দাস , জৱাহৰলাল মিলি ,ফণীধৰ পেগু, মনোজ কুমাৰ দাস,জাহাঙ্গীৰ ইছলাম ,ৰজেন ৰামছিয়াৰী , জ্যোতিৰময় বড়ো ,স্মিতি বৰা , ৰুপম হাজৰিকা, ৰিংকু শৰ্মা ,মন্টু বৰুৱা , পৰাগ কুমাৰ বৰ্মন ,চামচুল হক, গোবিন্দ কবিতা আৰু বহুকেই

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নজৰুল ইছলামৰ আত্মজীৱনী "বাৰাখাম্বা" উন্মোচন

Image
ষ্টাফৰিপোৰ্টাৰ, ২০ ,অক্টোবৰ : ৰিহাবাৰীৰ প্ৰয়াত ন্যায়াধীশ বাহাৰুল ইছলামৰ বাসভবনত মঙলবাৰে  নাজিয়া ইছলামে আঁত ধৰা এক অনুষ্ঠানত বিশিষ্ট লেখক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নজৰুল ইছলামৰ আত্মজীৱনী "বাৰাখাম্বা" উনমোচন কৰা হয়। আত্মজীৱনী খনৰ ওপৰত আলোকপাত কৰে ড০ বি পি টোডি, পিডিজি প্ৰভাত কেডিয়া,অধিবক্তা মৃনাল চৌধুৰী আৰু চেণ্টিনেল কাকতৰ প্ৰাক্তন সম্পাদক নুৰুল ইছলাম লছকৰে। সভাত উপস্থিত থাকে থাকে প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক ৰোহিনী প্ৰাণ চাংকাকতি ,অধিবক্তা মানস শৰনীয়া, অনুজ বৰুৱা, বিমল চেত্ৰী,অধিবক্তা গীতাঞ্জলি কলিতা, অধিবক্তা বনশ্ৰী গগৈ,ৰিণি দাস আৰু অজয় লহকৰে।  শলাগৰ শৰাই আগবঢ়াই ৰছিদা বেগমে।

গুৱাহাটীৰ এপ'ল' হাস্পতালত চিনিয়ৰ চিটিজেন কেয়াৰ কৰ্য্যক্ৰমৰ আৰম্ভণি

ষ্টাফ ৰিপ'ৰ্টাৰ,,২০ অক্টোবৰ এপ'ল' হাস্পতালে মঙলবাৰে ইয়াৰ নিজা চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগ্ৰাম'ৰ শুভাৰম্ভ কৰে। এই কাৰ্য্যক্ৰমৰ অধীনত প্ৰত্যেক জন জ্যেষ্ঠ নাগৰিকে হাস্পতাল খনৰ তৰফৰ পৰা বিশেষ সুবিধা লাভ কৰিব। সমাজৰ ৬০ বৰ্ষৰ উৰ্দ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকে এপ'ল' হস্পতাল আৰু এপ'ল' মেডিকেল চেণ্টাৰৰ পৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সুবিধা সমূহ লাভ কৰিব।' চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগ্ৰাম'ৰ অধীনত, গুৱাহাটীৰ এপ'ল' হাস্পতালে স্বাস্থ্যসেৱা যেনে এপ'ল' স্বাস্থ্য পৰীক্ষা, লেব'ৰেটৰী ৰেডিঅ'ল'জী পৰীক্ষা-নিৰীক্ষা আদিত বিশেষ ৰেহাই প্ৰদান কৰিব। তদুপৰি হাস্পতাল খনে ঘৰৰপৰা ৰক্ত নমুনা সংগ্ৰহ, ৰোগীৰ ঘৰলৈ ঔষধ পাতি যোগান আৰু জৰুৰীকালীন সময়ত গুৱাহাটী মহানগৰৰ ভিতৰত এম্বুলেন্স সেৱা বিনামূলীয়া ভাৱে প্ৰদান কৰিব। এই সেৱা অতি শীঘ্ৰেই কৰ্য্যকাৰী হ'ব।

বার্জাৰ পেইণ্টছে আইআইটি গুৱাহাটীৰ সৈতে মিলিত হৈ মুকলি কৰিলে ব্ৰেথ ইজি চেফ ২৪

ষ্টাফ ৰিপ'ৰ্টাৰ,,,,২০ অক্টোবৰ ভাৰতবৰ্ষৰ আগশাৰীৰ ৰঙৰ কোম্পানী বার্জাৰ পেইণ্টছে সোমাবাৰে উদ্বোধন কৰে ব্ৰেথ ইজি চেফ ২৪, এক পৃষ্ঠ সুৰক্ষিত কৰাৰ বহু গুণসম্পন্ন যন্ত্ৰ যিয়ে পৃষ্ঠক জীৱাণু, বেক্টেৰিয়া আৰু কভিড সদৃশ ভাইৰাছৰ পৰা ২৪ ঘন্টা লৈ সুৰক্ষা প্ৰদান কৰে। মুকলি অনুষ্ঠানত উপস্থিত থাকি ব্যৱস্থাপনা পৰিচালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অভিজিত ৰয়ে কয়"- বাৰ্জাৰ পেইণ্টছে সদায় গ্ৰাহকৰ বাবে উদ্ভাৱনীমূলক সামগ্ৰী উৎপাদনত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। চেফ ২৪ অন্য এক সাক্ষ্য আমাৰ মূল উদ্ভাৱন দৰ্শনৰ। আমি নিশ্চিত যে, চেফ ২৪ এই প্ৰচেষ্টামূলক সময়ত জনসাধাৰণ আৰু চৰকাৰৰ বাবে অতিশয় সহায়ক হ'ব"। প্ৰফেছৰ বিমান বি.মণ্ডলৰ নেতৃত্বত এটি বিজ্ঞানীৰ দলে আইআইটি গুৱাহাটীত এই প্ৰকল্পটি সম্পাদন কৰে। অনুষ্ঠানত প্ৰফেছৰ মণ্ডলে কয়"- চেফ ২৪ অন্যান্য এলকহলযুক্ত ছেনিটাইজাৰতকৈ বেলেগ, যিহেতু ই প্ৰয়োগ কৰা পৃষ্ঠত অধিক সময়লৈকে সক্ৰিয় হৈ থাকিব পাৰে। ই এক সুৰক্ষিত নেনো-ছিলভাৰ আৱৰণ গঠন কৰে যিয়ে অধিক সময়লৈ বেক্টেৰিয়া আৰু ভাইৰাছৰ সৈতে দীর্ঘ সময় ধৰি যুঁজিব পাৰে"। উল্লেখযোগ্য যে, পেণডেমিকৰ এই সময়ছোৱাত বার্জাৰ  পেইণ্টছে

হাজোৰ বুল্লুট-বৰছলিৰ তিনি গৰাকী NEET,JEEপৰীক্ষাত উত্তীৰ্ণ

Image
হাজোৰ বুল্লুট-বৰছলিলৈ ‌সূখবৰ NEET,JEEপৰীক্ষাত উত্তীৰ্ণ তিনি গৰাকী  ছাত্ৰ:দল-সংগঠনৰ অভিনন্দন পঙ্কজ নাথ, চাংসাৰি, ২০ অক্টোবৰ :  ভাৰতীয় মেডিকেল  প্ৰৱেশিকা পৰীক্ষা আৰু জেইই পৰীক্ষাত সূখ্যাতিৰে উত্তীৰ্ণ হৈ হাজোৰ তিনি গৰাকী ছাত্ৰই হাজো লৈ গৌৰৱ কঢ়িয়াই অানিছে।  সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত  ৫৬০ নম্বৰ পাই যোগ্যতা অৰ্জন কৰি হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে আব্দুল লতিফে৷  মেধা ছাত্ৰজনে NEETত উত্তীৰ্ণ হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছৰে পৰা বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰিছে৷ আজি হাজোৰ বৰছলিৰ আব্দুল লতিফৰ বাসগৃহত প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা নুৰুল হুছেইনৰ নেতৃত্বত অগপৰ সজাতি  এটা দলে উপস্হিত হয়। আব্দুল লতিফৰ আগন্তুক সময়ত অধ্যয়নৰ ক্ষেত্ৰত প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনে সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বুল্লুট বজাৰৰ আন এগৰাকী ছৈয়ব আখতাৰে মুঠ ৭২০ নম্বৰৰ ভিতৰত ৬১৯ নম্বৰ পাই যোগ্যতা অৰ্জন কৰিছে আৰু হাজো বাসীক গৌৰাম্বিত কৰিছে । বুল্লুট খোপনিকুছিৰ নুৰুল ইছলাম আৰু চাহিদা বেগমৰ পূত্ৰ ছোৱাইব আকতাৰে 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা ও প্ৰৱেশ প

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট≈≈স্পেছিয়েল বয়'জ ক্লাৱৰ অগ্ৰগতি#

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ অক্টোৱৰ :  নগাবন্ধা মিনি ষ্টেডিয়ামত  ইয়ং ষ্টাৰ ক্লাৱ আৰু  নগাবন্ধা গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়ন সংঘৰ উদ্যোগত চলি থকা ২২ সংখ্যক সদৌ অসম প্ৰাইজমানি  ক্ৰিকেট প্ৰতিযোগিতাত মৰিগাঁৱৰ স্পেছিয়েল বয়'জ ক্লাৱে  অগ্ৰগতি লাভ কৰিছে । এই প্ৰতিযোগিতাৰ আজিৰ খেলত  স্পেছিয়েল বয়'জ ক্লাৱে এন. এছ.এ.টি.  ক্ৰিকেট কাৱক ১৬৫ৰানত  ৰানত পৰাজিত কৰে।খেলখনত স্পেছিয়েল বয়'জ ক্লাৱে পোনতে বেট ধৰি ভৰদ্বাজ পাটৰৰ ৬৮,হেমন্ত ডেকাৰ ৩৮,অভিজিৎ ডেকাৰ ২২ আৰু দেৱজিত বৰ্মনৰ ১৮ ৰাণৰ উল্লেখনীয় অৱদানৰে ১৫ অভাৰত আঠটা  উইকেটৰ বিনিময়ত ২০৭ ৰাণ সংগ্ৰহ কৰে। বলিঙত এন. এছ .এ.টি.ৰহৈ ৰাজিকুল ইছলামে চাৰিটা, ফাৰুক আহমেদে দুটা আৰু ফাহাদুল আলিয়ে এটা উইকেট   পায় । প্ৰত্যুত্তৰত এন. এছ.এ.টি.ক্ৰিকেট ক্লাৱে বেট ধৰি বিপক্ষৰ খেলুৱৈৰ বিধ্বংসী বলিঙৰ প্ৰকোপত  ৯.৫ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই  মাত্ৰ ৪২ ৰাণহে কৰিবলৈ সক্ষম হয়।বলিঙত স্পেছিয়েল বয়'জৰহৈ অমৰজ্যোতি বৰদলৈ,পৰাগজ্যোতি নাথ আৰু দেৱজিত বৰ্মনে দুটাকৈ উইকেট দখল কৰে।

আমছুৰ বৰালিমাৰী ফুৰহানীআটি আঞ্চলিক সমিতি গঠন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ অক্টোবৰ: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত বৰালিমাৰী ফুৰহানীআটি আঞ্চলিক সমিতিখন সোমবাৰে পুনৰ গঠন কৰা হয়। সেই মৰ্মে, ফুৰহানীআটি জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত  অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্বত কৰে আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিমে ৷ আমছুৰ নগাঁও জিলা সমিতিৰ বিত্ত সম্পাদক ছৈয়দ আহমেদে  আঁত ধৰা সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ, সহ: সাধাৰণ সম্পাদক ওৱাহিদুৰ ৰহমান, নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় আব্দুল নুৰ, আশ্ৰাফুল হুছেইনে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। সভাত আমছুৰ নগাঁও জিলা সমিতিৰ  উপ সভাপতি জহিৰুল  ইছলাম, সহ:সম্পাদক ফাৰুক আবদুল্লা, ফুৰহানীআটি জাতীয় বিদ্যালয়ৰ স্বত্বাধিকাৰী জিয়াবুৰ ৰহমান, সমাজ সেৱক ফকৰুল  ইছলাম, নাচিৰ  উদ্দিনৰ উপস্থিতিত শিক্ষিত যুৱক আব্দুল  আজিজক সভাপতি, ইমান আলী  আৰু মোকাব্বিৰ হুছেইনক  সম্পাদকদ্বয় হিচাপে লৈ ৩১ জনীয়া আমছুৰ বৰালিমাৰী ফুৰহানীআটি আঞ্চলিক সমিতি খন পুনৰ গঠন কৰা হয়।

বেবেজীয়াত খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ ম'বাইল প্ৰশিক্ষণ কাৰ্য্যসুচী সম্পন্ন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ,২০ অক্টোৱৰ:  নগাঁও জিলাৰ সমাজ কল্যান বিভাগৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ বেবেজীয়া আৰু শেনচোৱা অঞ্চলৰ অংগনবাদী কৰ্মীসকলৰ বেবেজীয়া চাৰিআলিৰ সমীপতে থকা বেবেজীয়া প্ৰাথমিক বিদ্যালয়ত সপ্তাহযোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হোৱা ম'বাইল প্ৰশিক্ষন কাৰ্য্যসুচীৰ মঙলবাৰে সামৰণি পৰে। উল্লেখ্য যে, ম'বাইল প্ৰশিক্ষণ কেন্দ্ৰৰ সামৰণি অনুষ্ঠানত কুইজ, দিহানাম, বিহুগীত প্ৰদৰ্শন, নাটক আৰু গীত মাতেৰে বিদ্যালয় প্ৰাঙ্গন মুখৰিত হৈ পৰে। খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা ৰশ্মি ৰেখা শইকীয়া আৰু জোন্টি হাজৰিকাই ম'বাইল প্ৰশিক্ষন প্ৰদানৰ পাছত সামৰণি অনুষ্ঠানত অংগনবাদী কৰ্মী ক্ৰমে নিপা শৰ্মাৰ নেতৃত্বত দিহা নাম, নিজু ডেকাৰ নেতৃত্বত বিহু গীত পৰিৱেশন , অঞ্জলি দাসে ৰাভা সংগীত, জ্ঞানদা দেৱী আৰু হৰিপ্ৰিয়া দেৱীয়ে পৌৰাণিক গীত পৰিৱেশন কৰে। মুখ্য সেৱিকা জোন্টি হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক দেৱজিৎ হাজৰিকাই কুইজ অনুষ্ঠানটি পৰিচালিত কৰাৰ লগতে অন্য অনুষ্ঠান সমুহৰো বিচাৰকৰ আসন অলংকৃত কৰে। বেবেজীয়া আৰু শেনচোৱা চাৰ্কোলৰ অংগনবাদী কৰ্মীস

ডিগবৈ আইঅচি (এঅডি) আৱাসিক এলেকা শ্বিলং ৰোড এৰিয়াত বনৰীয়া হাতীৰ আক্ৰমনত এগৰাকী ৭৫ বয়সৰ বৃদ্ধাৰ অকাল মৃত্যু

Image
 তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈৰ ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) বিষয়াসকলৰ আৱাসিক এলেকা শ্বিলং ৰোডত কালি নিশাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধাই অকাল মৃত্যুক সাৱতি লবলগীয়া ঘটনাই সৰ্ব্বত্ৰে উত্তেজনাই বিৰাজ কৰিছে।   নিহত বৃদ্ধাগৰাকী শ্বিলং ৰোড এৰিয়াৰ  ৮৮ নং বাংলোত থকা আই অ চিৰ (এ অ ডি) বিষয়া প্ৰবীন কুমাৰৰ মাতৃ গিৰিজা মনি মোদ্দামশ্ৰেঠী বুলি জানিব পৰা গৈছে৷  খাদ্যৰ সন্ধানত বিচৰণ কৰা এটা বনহস্তীৰ জাকৰ হাতীয়ে ৮৮ নং বাংলোটোৰ বাৰাণ্ডাৰ পৰা ৭৫ বয়সীয়া বৃদ্ধা গিৰিজা মনিক  চোচঁ‌ৰাই নি আক্ৰমণ কৰে ৷ বৃদ্ধাগৰাকীক হাতীৰ জাকটোয়ে গচকি-ফেনেকি,  শৰীৰটোৰ অংগ চিহ্ন বিচিন্ন কৰি পেলায় ৷ বাংলোটোত থকা এখন বিলাসী গাড়ীও ক্ষতি সাধন কৰে হাতীৰ জাকটোয়ে৷ অতি পৰিতাপৰ বিষয় যে, ডিগবৈতে জিলাখনৰ বৃহৎ বন সংমণ্ডলৰ  কাৰ্যালয় আৰু বনৰক্ষী বাহিনীৰ চাউনি থকাত  খবৰ দিয়াৰ পিছতো সময় মতে ঘটনাস্থলীত উপস্থিত নোহোৱাত স্থানীয় আৰক্ষীয়ে বৃদ্ধাৰ মৃতদেহটো  উদ্ধাৰ কৰে ৷ যোৱা দুদিন মানৰ পূৰ্বেও ডিগবৈস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পুৱ তৈলক্ষেত্ৰত হাতীৰ আক্ৰমনত মাধুৰ্য গগৈ নামৰ এজন অইলৰ কৰ্মচাৰীয়ে কৰুণ মৃত্যুক সাৱতি হৈছিল ৷ ডিগ

ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

Image
ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ  জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে, প্ৰকাশ কৰিলে ৰঙিয়া পৌৰসভাৰ চুড়ান্ত ভোটাৰ তালিকা  ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ,২০ অক্টোবৰঃ আগন্তুক পৌৰ নিৰ্বাচনৰ লগত সংগতি ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগে অসম পৌৰ আইন ১৯৫৬ৰ অধীনৰ ১৪ নং বিধি মতে আজি প্ৰকাশ কৰে চূড়ান্ত ভোটাৰ তালিকা। সেই অনুযায়ী ৰঙিয়া পৌৰভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰে ৰঙিয়া মহকুমা প্ৰশাসনে। ৰঙিয়াৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভা কক্ষত আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালে, আই.এ.এচ, আনুষ্ঠানিক ভাবে ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰে । সভাত মহকুমাধিপতিয়ে জানিবলৈ দিয়া মতে , ৰঙিয়া পৌৰসভাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২১,১৮৫ গৰাকী। ৰঙিয়া পৌৰসভা খন ৰঙিয়া সমষ্টিৰ আঠটা আৰু কমলপুৰ সমষ্টিৰ দুটা ৱাৰ্ডৰে (৮ নম্বৰ আৰু ১০ নম্বৰ ৱাৰ্ড) মুঠ দহটা ৱাৰ্ডত ২৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰে গঠিত পৌৰসভা।  ইয়াৰে এক নং ৱাৰ্ডৰ ১৫৮৮ গৰাকী, দুই নং ৱাৰ্ডৰ ২৩৫৫ গৰাকী, তিনি নং ৱাৰ্ডৰ ৩৩৪৩ গৰাকী, চাৰি নং ৱাৰ্ডৰ ১৪