২৭ অক্টোবৰত অসম জাতীয় পৰিষদ"ৰ কামৰূপ জিলা আহ্বায়ক সমিতি গঠনাৰ্থে পুঠিমাৰীত বিশাল সভা

প্ৰতিবেদক, ৰঙিয়া, ২৬ অক্টোবৰঃ
অসমৰ জাতীয় জীৱনৰ জটিল ক্ষণত "সদৌ অসম ছাত্ৰ সন্থা" আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ"ৰ আহ্বানত জন্ম লাভ কৰা "অসম জাতীয় পৰিষদ"ৰ কামৰূপ জিলা আহ্বায়ক সমিতি গঠনাৰ্থে পুঠিমাৰী বাৰোৱাৰী পূজা খলাত ২৭ অক্টোবৰত এখন বিশাল সভাৰ আয়োজন কৰা হৈছে।দিনৰ ১১ বজাত  আৰম্ভ হবলগীয়া সভাখনত ৰাজ্যিক সমন্বয়ক অদীপ ফুকন, মিডিয়াচেলৰ আহ্বায়ক জগদীশ ভূঞা, আহ্বায়ক লুচি নেওগ প্ৰমূখ্যে কেইবাগৰাকী অতিথিয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যিক আহ্বায়ক সমিতিৰ মজিবুদ্দিন আহমেদ,কৰুণা শৰ্মা, দেৱজিৎ গোস্বামী আৰু বিজয় কুমাৰ দাসে জাতীয়তাবাদ-আঞ্চলিকতাবাদৰ অন্যতম পৃষ্ঠভূমি কামৰূপ জিলাত 'অসম প্ৰথম, সদায় আৰু চিৰদিন' এই মূলমন্ত্ৰৰে জন্ম লাভ কৰা ৰাজনৈতিক দলটিক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে সভালৈ সমূহ ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা