চান্দমাৰীৰ চাৰ্কিট চিটিত 'ছিং এণ্ড উইন'ৰ আয়োজন
ষ্টাফ ৰিপ'ৰ্টাৰ,,, ৮অক্টোবৰ মহানগৰীৰ চান্দমাৰীৰ চাৰ্কিট চিটিয়ে এল জি ইলেকট্ৰনিকছৰ সহযোগত 'ছিং এণ্ড উইন' শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰিছে। এই সন্দৰ্ভত চাৰ্কিট চিটীৰ স্বত্বাধিকাৰী নৰেন্দ্ৰ ছ'নীয়ে কয়"ছিং এণ্ড উইন কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। এই কাৰ্যসূচী দৈনিক ৪ বজাৰ পৰা ১২ অক্টোবৰলৈ চাৰ্কিট চিটী কেম্পাছত অনুষ্ঠিত হ'ব। ছিং এণ্ড উইন ত অংশগ্ৰহণ কৰিবলৈ কোনো প্ৰৱেশ মাচুল নালাগে আৰু তেওঁলোকক আমাৰ ফালৰ পৰা এক উপহাৰ দিয়া হ'ব আৰু যিকোনো ভাষাতে তেওঁলোকে গীত পৰিবেশন কৰিব পাৰিব। আনহাতে তেওঁ -দুৰ্গা পূজাৰ সময়ত চাৰ্কিট চিটী এক্সক্লিউচিভ এল জি ষ্ট'ৰ চান্দমাৰীত গ্ৰাহকৰ বাবে ৰেহাইৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে।
Comments
Post a Comment