নগাঁৱত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত বৌদ্ধিক আলোচনা চক্ৰ

 নগাঁৱত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত বৌদ্ধিক আলোচনা চক্ৰ≈≈অস্তিত্বৰ সংকটত ভোগা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ চৰকাৰী জৰীপৰ দাবী #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ অক্টোবৰঃ- সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত নগাঁৱত এখনি বৌদ্ধিক আলোচনা চক্ৰ সফলতাৰে সম্পন্ন হয় । নগাঁও চহৰৰ কমলাদেৱী তোদী ভৱনত অনুষ্ঠিত হোৱা এই বৌদ্ধিক আলোচনা চক্ৰখনত গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলৰ সংকট নিৰাময়ৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰা হয় । "অস্তিত্বৰ সংকটত অসমৰ থলুৱা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠী" শীৰ্ষক এই বৌদ্ধিক আলোচনা চক্ৰখনত ড৹ আবু হানিফা , হাফিজুল আহমেদ , নজমল হুছেইন আদিকে ধৰি বিভিন্নজন উপস্থিত থাকি এই আলোচনাৰ মজিয়াৰ পৰা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ  লোকসকলৰ চৰকাৰীভাৱে জৰীপ কৰিবলৈ ৰজাঘৰীয়াক আহ্বান জনায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা