কৃত্ৰিম বানৰ কবলত বৃহত্তৰ মাহগুৰি অঞ্চল≈≈কানসাৰ নাই স্থানীয় বিধায়ক-বিভাগীয় কৰ্তৃপক্ষৰ≈≈গভীৰ সমস্যাত গঞা ৰাইজৰ

কৃত্ৰিম বানৰ কবলত বৃহত্তৰ মাহগুৰি অঞ্চল≈≈কানসাৰ নাই স্থানীয় বিধায়ক-বিভাগীয় কৰ্তৃপক্ষৰ≈≈গভীৰ সমস্যাত গঞা ৰাইজৰ # 

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ অক্টোবৰঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ মাহগুৰি অঞ্চলৰ কেইবাখনো গাওঁ বৰ্তমান কৃত্ৰিম বানৰ কবলত পৰিছে যদিও কানসাৰ নাই স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ । প্ৰাপ্ত অভিযোগ মতে, মাহগুৰি গাওঁ পঞ্চায়তৰ দিঘলীআটিত থকা এটা কালভাৰ্টেৰে যুগ যুগান্তৰ ধৰি বৈ থকা পানীভাগ এচাম সুবিধাবাদী লোকে ভেটা দি বৃহৎ পুখুৰী খন্দাৰ ফলতেই বৃহত্তৰ মাহগুৰি অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । যাৰ ফলত পানীৰ মাজত অস্বাস্থ্যকৰ কদৰ্যময় পৰিবেশত স্থানীয় লোকসকলে দিন অতিবাহিত কৰিলগীয়াত পৰিছে ৷ ঘাইকৈ দৰিদ্ৰ কৃষক তথা মীন পালক, পশু পালক সকলে অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে । স্থানীয় ৰাইজে এই সন্দৰ্ভত স্থানীয় বিধায়ক, মাহগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰীক বিষয়টো অবগত কৰি আহিছে যদিও আজিকোপতি বিভাগীয় বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । আনকি মাহগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে এই সন্দৰ্ভত সম্পূৰ্ণ নিৰব ভূমিকা গ্ৰহণ কৰাত একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । গতিকে বৈ যোৱা পানীভাগ বন্ধ কৰি অসাধু চক্ৰই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কালভাৰ্টৰ সন্মুখত পুখুৰী খন্দা কাৰ্যক গৰিহণা দি অতি সোনকালে পানী যোৱা পথ মুকলি কৰি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি পুনৰবাৰ আহ্বান জনাইছে স্থানীয় ভুুুুক্তভোগী ৰাইজে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা