মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ভাৰত মাতা ছবি অৰ্পণ

ৰাষ্ট্ৰ ব্যাপি ভাৰত মাতাৰ ছবি বিতৰণ অভিযান, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ভাৰত মাতা ছবি অৰ্পণ


পঙ্কজ নাথ, চাংসাৰি , ২৮ অক্টোবৰ :


বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সমগ্ৰ ৰাষ্ট্ৰতে দেশ মাতৃৰ প্ৰতি ভক্তি, ভাৰত মাতা সকলোৰে মাতা এই বাৰ্তা দিয়াৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে। অসম তথা উত্তৰ পূব প্ৰান্তত বিশ্ব হিন্দু পৰিষদৰ সমন্বয় মঞ্চ, উত্তৰ পূর্ব প্ৰান্তৰ উদ্যোগত ভাৰত মাতা, সকলোৰে মা-মাতৃ এই বাৰ্তা প্রচাৰৰ বাবে ভাৰত মাতাৰ ছবি বিতৰণ ও গ্ৰহণ অভিযান আৰম্ভ কৰা হৈছে। সেইমৰ্মে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ভাৰত মাতাৰ ছবি প্ৰদান কৰি গুৱাহাটীত অভিযান আৰম্ভ কৰা হয়।   সমন্বয় মঞ্চ উত্তৰ পূৱ ক্ষেত্ৰৰ সংযোজক কৃষ্ণ কুমাৰ সিং ,  প্ৰান্তীয় সম্পাদক পল্লৱ পৰাশৰ , সহ-সম্পাদক  বিধান চন্দ্র দেব ৰয় , প্ৰান্ত সেৱা প্রমুখ দিবাকৰ বৰা আৰু  প্ৰান্ত সম্পৰ্ক প্ৰমুখ অৰূপ কুমাৰ লহকৰে  অংশগ্ৰহণ কৰে।আধা ঘণ্টা জুৰি মুখ্যমন্ত্ৰী গৰকীৰ লগত দলটোৱে আলোচনাত মিলিত হৈ দেশ ব্যাপি চলা অভিযানৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। লগতে মুখ্যমন্ত্ৰী গৰকীয়ে আত্মনিৰ্ভৰশীল ভাৰত উৎকৃষ্ট ভাৰত নিৰ্মাণৰ বাবে উত্তৰ পূৱ তথা অসমত কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি দলটোক জানিবলৈ দিছে । ইয়াৰ জৰিয়তে চৰকাৰে সকলো সুবিধা সুযোগ প্ৰদান কৰাৰ আস্বাস মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰে। উল্লেখ্য যে ভাৰত মাতা ছবি বিতৰণ অভিযানৰ জৰিয়তে ক্ষীপ্ৰতাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ভাৰত মাতাৰ ছবি বিতৰণ কৰা হব।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা