কৃষ্ণচন্দ্র গান্ধী জন্ম শতবার্ষিকীৰ শুভাৰম্ভ

পঙ্কজ নাথ, চাংসাৰি, ২৮ অক্টোবৰ :

সৰস্বতী শিশু মন্দিৰ পৰিকল্পনাৰ জনক কৃষ্ণচন্দ্র গান্ধীৰ জন্ম শতাব্দী বর্ষ উপলক্ষে "অপ্রতিম সংগঠক কৃষ্ণচন্দ্র গান্ধী বিষ্যত আলােচনা সভা আযােজন কৰা হৈছে। বিদ্যাভাৰতী পূর্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা এই সুযােগতে কৃষ্ণচন্দ্র গান্ধী ফাউণ্ডেচনৰ নির্মাণ কৰা হৈছে। এই আলােচনা সভাত বিদ্যাভাৰতীৰ অখিল ভাৰতীয় সহ সংগঠন মন্ত্রী যতীন্দ্র শর্মাই মার্গদৰ্শন কৰে| আলােচনা সভাৰ অধ্যক্ষ ডা° ভূপেন হাজৰিকা ফিল্ম আৰু টেলিভিশন সংস্থানৰ সভাপতি ডাঃ জয়কান্ত শর্মা তথা বিদ্যাভাৰতীৰ অখিল ভাৰতীয় মন্ত্রী অবনীশ ভটনাগৰেও মার্গদর্শন কৰে। সভাত বিদ্যাভাৰতী পূর্বোত্তৰ ক্ষেত্ৰৰ উপাধ্যক্ষ ডা° নীলিমা গােস্বামী আৰু পূর্বোত্তৰ ক্ষেত্রৰ জনজাতি শিক্ষা প্রমূখ মােইনতুংগ জেমীও নিজৰ অনুভৱ প্রকাশ কৰে। আলােচনা সভাখন বিদ্যাভাৰতী পূর্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্রী ডাঃ পৱন তিৱাৰীযে পৰিচালনা কৰে। আলােচনা সভাত  যতীন্দ্ৰ শৰ্মাই কয় যে ১৯৫২চনত কৃষ্ণচন্দ্র গান্ধীজী গােৰখপুৰৰ বিভাগ প্ৰচাৰক আছিল। সেই সময়ত নানাজী দেশমুখ তাতেই আছিল। এওঁলােক দুযাে প্রান্ত প্ৰচাৰক ভাউৰাৱ দেবৰসৰ আশির্বাদত তাত প্রথমে সৰস্বতী শিশু মন্দিৰ খােলে। আজি সেই বৃক্ষ বটবৃক্ষৰ ৰূপ লৈছে, যাৰ দেশত ৩০,০০০  কৰিও অধিক শাখা আছে। ইয়াৰ পিছত ভাউৰাৰ দেবৰসে তেওঁক ইয়াৰ প্রসাৰৰ দায়িত্বভাৰ দিযে। লক্ষৌত সৰস্বতী কুঞ্জ ,নিৰালা নগৰ তথা মথুৰাত শিশু মন্দিৰ প্রকাশন তেওঁৰেই দান।ইমানথিনি কৰাৰ পিছতাে তেওঁ কয় "ব্যক্তি একোৱেই নহয।ঈশ্বৰৰ প্রেৰণাত এই সকলাে সংঘই কৰিছে। তেওঁ সদায় গৰুৰ গাখীৰেই প্রযােগ কৰিছিল।উত্তৰ প্ৰদেশৰ পিছত তেওঁক পূর্বোত্তৰ ভাৰতলৈ পঠিওৱা হৈছিল।

হাফলংত তেওঁ নটা জনজাতিৰ ১০টা শিশুৰে ছাত্ৰাৱস আৰম্ভ কৰিছিল, যিখন আগলৈ পূর্বোত্তৰৰ সকলাে কামৰে কেন্দ্র হৈছিল৷ ৰাচীৰ সান্দীপনী আশ্ৰমত থাকি তেওঁ বনবাসী শিক্ষাৰ সম্পূর্ণ স্বৰূপ তৈয়াৰ কৰিছিল তথা প্রাচী জনজাতি সেৱা ন্যাস মথুৰাৰ মাধ্যমেৰে তাৰবাবে ধনৰ আয়ােজন কৰিছিল| স্বাস্থৰ যথেষ্ট অৱনতিৰ ফলত তেওঁ মথুৰাতে থাকিবলৈ লয়।যেতিয়া তেওঁ অনুভৱ কৰিলে যে এই শৰীৰ আৰু বেছিদিন নাথাকে তেতিয়া তেওঁ আকৌ এবাৰ পূর্বোত্তৰ ভাৰত ভ্ৰমণ কৰিলে। তাত তেখেতে সকলাে কার্যকর্তাকে লগ কৰি অন্তিমবাৰৰ বাবে বিদায় ল'লে|ক্রমাৎ তেখেতে ভােজন কৰিবলৈ এৰিলে|দেহ ত্যাগ কৰাৰ আগতেই তেখেতে বিংকে বিহাৰী মন্দিৰৰ প্রসাদ গ্রহণ কৰিছিল। আলােচনা সভাত প্রতিযােগীসকলে অনলাইন ৰেজিষ্ট্রেচনৰ জৰিয়তে অংশগ্রহণ কৰিছে। অবনীশ ভটনাগৰে কয় যে ১৯৪৫চনত গান্ধীজী মথুৰাৰ জিলা প্রচাৰক আছিল। তাত তেওঁ বানপানীৰ সময়ত যমুনা নদী সাতুৰি পাৰ হৈছিল৷ তেওঁৰ স্বয়ংসেৱক সকলকো ইয়াৰ বাবে সাজু কৰিছিল৷মথুৰাৰ সংঘ কার্যালয় (কংস কিলা) প্ৰথমতে এক বৃহৎ পাহাৰ আছিল৷ সেইটো ক্র কৰি খান্দোতে তাত সচাকৈযে এটা দূর্গ বাহিৰলৈ ওলাইছিল যিটো কেশৱ দূৰ্গ বুলি জনাজাত। তেওঁ জীৱন্ত কালতেই কাহিনীৰ কেন্দ্ৰ হৈছিল| লক্ষৌত তেখেতৰ প্রিয় গাইগৰুৱে যিকোনাে সময়তে তেখেতক গাখীৰ দিছিল।পূর্বোত্তৰ ভাৰতত বিদ্যাভাৰতীৰ কাৰ্য আৰম্ভ কৰাৰ পৰা প্রতিষ্ঠাপিত কৰালৈ কৃষ্ণচন্দ্র গান্ধীজীৰ বিশেষ অৱদান আছে। ডাঃ পৰন তিৱাৰীয়ে কৈছে পূর্বোত্তৰ জনজাতি শিক্ষাৰ দ্বাৰা প্রতিবছৰে শিক্ষা ক্ষেত্ৰত বিশেষ কার্য কৰা লােকসকলক কৃষ্ণচন্দ্র গান্ধী পুৰষ্কাৰ প্রদান কৰা হয়। এই পুৰষাৰৰ অন্তর্গত ১লাখ টকা স্মৃতিচিহ্ন ৰূপে প্রদান কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা