সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ষষ্ঠদশ বামুন্দী অধিৱেশনৰ বাবে ৰাজহুৱা সভা , অভ্যৰ্থনা সমিতি গঠন ৷

পঙ্কজ নাথ, চাংসাৰি, ১৬ অক্টোবৰ :

সদৌ অসম ছাত্ৰ সন্থাৰ লাইখুঁটা স্বৰূপ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰাৰ লগতে অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে আজি বামুন্দী হাইস্কুলত এখন ৰাজহুৱা সভা অনুষ্ঠিত  হয় । বামুন্দী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক  সূৰ্য্যকান্ত কলিতাৰ  সভাপতিত্বত অনুষ্ঠিত  সভাত আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক  প্ৰকাশ চন্দ্ৰ দাসে  অসমৰ ৰাইজ বৰ্তমান দুদূল্যমান অৱস্থাত জীয়াই আছে।
কৰ’ণা মহামাৰী তথা জাতিৰ জটিল সন্ধিক্ষণত বিভিন্ন প্ৰত্যাহ্বান গচকি কামৰূপ জিলা ছাত্ৰ সন্থাৰ অধিৱেশন ৪ নৱেম্বৰত পশ্চিম বংশৰ মৌজাৰ বৃহত্তৰ অঞ্চল বামুন্দীত অনুষ্ঠিত হ’ব। সেয়েহে এই অধিৱেশনখনি সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ বামুন্দী অঞ্চলবাসী ৰাইজক  আহ্বান জনায় ৷ সভাত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ বামুন্দী অধিবেশনখনি সাফল্য মণ্ডিত কৰাৰ ক্ষেত্ৰত বামুন্দী বাসীৰ সম্পূৰ্ণ সহযোগ বিচাৰি  পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ কৰ্ম কৰ্তাক নিষ্ঠা সহকাৰে যাৱতীয় কাম কাজবোৰ আগবঢ়াই নিবলৈ ভাষণৰ জৰিয়তে আহ্বান জনায়। সভাত আছুনেতা ধৰ্মেশ্বৰ দাস,নিৰোদ দাস,হেমন্ত দাস ,মাধৱ কলিতা,বৰোদা শৰ্মাৰ লগতে ভালেসংখ্যক ব্যক্তিয়ে অধিবেশন খন সফল কৰাৰ ক্ষেত্ৰত গঠনমূলক ভাষণ দিয়ে। এই ৰাজহুৱা সভাতেই অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে সূৰ্যকান্ত কলিতাক  , মাধৱ কলিতাক কাৰ্যকৰী সভাপতি আৰু পংকজ কলিতাক  সাধাৰণ সম্পাদক হিচাপে লৈ অভ্যৰ্থনা সমিতিখন গঠন কৰে।


ভাষ্কৰ ডেকাৰ সহযোগত কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা