সদৌ অসম কুংফু ব্ৰাদাৰহুড এছোচিয়েচনৰ ৰাজ্যিক সমিতি গঠন





ষ্টাফৰিপোৰ্টাৰ, ২১ অক্টোবৰ : 
  গুৱাহাটীস্থিত মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰেক্ষাগৃহত 
১৮ অক্টোবৰত
সদৌ অসম কুংফু ব্ৰাদাৰহুড এছোচিয়েচনৰ বাৰ্ষিক সভাখন অনুস্থিত হয় । সভাই পুৰণি সমিতি ভংগ কৰি চিফু ৰাজকুমাৰ বসুমতাৰীক নৱ নিৰ্বাচিত সভাপতি, এল ৰতন সিঙক কাৰ্যকৰী  সভাপতি , আৰু কুংফু প্ৰশিক্ষক আজহাৰুল অামিনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদৌ অসম কুংফু ব্ৰাদাৰহুড এছোচিয়েচনৰ সমিতিখন ‌গঠন কৰা হয় । এই সমিতিখন  ভাৰতীয় কুংফু  ফেডাৰেচনৰ অধিনত থাকিব আৰু সভাত প্ৰস্তাৱ মৰ্মে  অসম অলিম্পিক সংস্থাৰ দ্বাৰা স্বীকৃতি লাভ কৰিব । বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰকাশ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত সভাত  অসম কুংফুৰ ফাউণ্ডাৰ চিফু অমৰ সিং দেউৰী ,চিনিয়ৰ কুংফু মাষ্টাৰ জ্যোতি প্ৰসাদ দেউৰী , শংকৰ দত্ত, ৰঞ্জন ঘোষ ,বাবুল বড়ো , হিৰন্য কুমাৰ বৰুৱা ,ৰঞ্জিত দাস ,উৎকল হাজোৱৰী, সঞ্জয় মাহাতো, বিজয় ৰাভা, নবিন বিশ্বকৰ্মা , গৌতম দাস , জৱাহৰলাল মিলি ,ফণীধৰ পেগু, মনোজ কুমাৰ দাস,জাহাঙ্গীৰ ইছলাম ,ৰজেন ৰামছিয়াৰী , জ্যোতিৰময় বড়ো ,স্মিতি বৰা , ৰুপম হাজৰিকা, ৰিংকু শৰ্মা ,মন্টু বৰুৱা , পৰাগ কুমাৰ বৰ্মন ,চামচুল হক, গোবিন্দ কবিতা আৰু বহুকেইখন জিলাৰ কুংফু প্ৰশিক্ষক সকল উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা