ডিগবৈ আইঅচি (এঅডি) আৱাসিক এলেকা শ্বিলং ৰোড এৰিয়াত বনৰীয়া হাতীৰ আক্ৰমনত এগৰাকী ৭৫ বয়সৰ বৃদ্ধাৰ অকাল মৃত্যু

 তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈৰ ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) বিষয়াসকলৰ আৱাসিক এলেকা শ্বিলং ৰোডত কালি নিশাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধাই অকাল মৃত্যুক সাৱতি লবলগীয়া ঘটনাই সৰ্ব্বত্ৰে উত্তেজনাই বিৰাজ কৰিছে।  

নিহত বৃদ্ধাগৰাকী শ্বিলং ৰোড এৰিয়াৰ  ৮৮ নং বাংলোত থকা আই অ চিৰ (এ অ ডি) বিষয়া প্ৰবীন কুমাৰৰ মাতৃ গিৰিজা মনি মোদ্দামশ্ৰেঠী বুলি জানিব পৰা গৈছে৷

 খাদ্যৰ সন্ধানত বিচৰণ কৰা এটা বনহস্তীৰ জাকৰ হাতীয়ে ৮৮ নং বাংলোটোৰ বাৰাণ্ডাৰ পৰা ৭৫ বয়সীয়া বৃদ্ধা গিৰিজা মনিক  চোচঁ‌ৰাই নি আক্ৰমণ কৰে ৷

বৃদ্ধাগৰাকীক হাতীৰ জাকটোয়ে গচকি-ফেনেকি,  শৰীৰটোৰ অংগ চিহ্ন বিচিন্ন কৰি পেলায় ৷

বাংলোটোত থকা এখন বিলাসী গাড়ীও ক্ষতি সাধন কৰে হাতীৰ জাকটোয়ে৷

অতি পৰিতাপৰ বিষয় যে, ডিগবৈতে জিলাখনৰ বৃহৎ বন সংমণ্ডলৰ  কাৰ্যালয় আৰু বনৰক্ষী বাহিনীৰ চাউনি থকাত  খবৰ দিয়াৰ পিছতো সময় মতে ঘটনাস্থলীত উপস্থিত নোহোৱাত স্থানীয় আৰক্ষীয়ে বৃদ্ধাৰ মৃতদেহটো  উদ্ধাৰ কৰে ৷

যোৱা দুদিন মানৰ পূৰ্বেও ডিগবৈস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পুৱ তৈলক্ষেত্ৰত হাতীৰ আক্ৰমনত মাধুৰ্য গগৈ নামৰ এজন অইলৰ কৰ্মচাৰীয়ে কৰুণ মৃত্যুক সাৱতি হৈছিল ৷

ডিগবৈৰ পৰা অৰূপ কলিতাৰ প্ৰতিবেদন, ফাষ্ট নিউজ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা