অসম জাতীয় পৰিষদৰ ১২৬ সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী থাকিব—জগদীশ ভূঞা, অদীপ ফুকন

পুঠিমাৰীত অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতি গঠন

অসম জাতীয় পৰিষদৰ ১২৬ সমষ্টিত 
উমৈহতীয়া প্ৰাৰ্থী থাকিব—জগদীশ ভূঞা, অদীপ ফুকন 

প্ৰতিবেদক, ৰঙিয়া, ২৭ অক্টোবৰঃ
ধৰ্ম আমাৰ প্ৰাথমিক পৰিচয় নহয়, আমাৰ প্ৰাথমিক পৰিচয় হৈছে জাতি, আমাৰ ভাষা। আমি অসমীয়া সেইটো আমাৰ প্ৰাথমিক পৰিচয়। সকলো ধৰ্মাৱলম্বী লোকে অসমীয়া বুলি আগবাঢ়ি আহিছে, সেই পৰিচয় লৈ আমি আগবাঢ়ি যাম। এনেদৰে আজি বক্তব্য দাঙি ধৰে পুঠিমাৰী বাৰোৱাৰী পুজা খলাত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতি গঠন আৰু যোগদান সভাত পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই। অসম চুক্তিৰ আধাৰত অসম গণ পৰিষদৰ জন্ম হৈছিল। অসমৰ চুক্তিৰ মুখ্য আত্মা আছিল যে ১৯৭১ চনৰ পিছৰ বিদেশী সকলো যাব লাগিব। ধৰ্মৰ নামত ৰাজনীতি বা ধৰ্মৰ নামত বিদেশী বিভাজিত নহয়, হিন্দু হওঁক মুছলিম হওঁক বিদেশী বিদেশীয়ে। কিন্তু অসম গণ পৰিষদ দলে বিজেপিৰ লগত থাকি ২০১৪ চনলৈকে বিদেশী আনিব লগা প্ৰক্ৰিয়াত সহযোগিতা ও সমৰ্থন আগবঢ়াইছে । তেখেত সকলে পথচ্যুত হৈছে হৈছে বুলিও কয় মুখ্য সমন্বয়ক ভূঞাই ।সংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ ভূঞাই কয় যে মিঞা সংগ্ৰহালয়ৰ দাবী শ্বেৰমান আলীৰ দ্বাৰা বিজেপিয়ে কৰোৱাইছে৷এয়া বিজেপিৰ গোপন বুজাবুজি৷ তেওঁ লগতে কয় বিজেপিয়ে বদৰুদ্দিন আজমলৰ লগত যিদৰে গোপন বুজাবুজি কৰে, ব্ৰেণ্ডএম্বেচাডৰ হিচাপে ব্যৱহাৰ কৰি পলিটিকেল মাৰ্কেটিং কৰি আছে এই বিষয়টোতো বিজেপিৰ হাত আছে৷ মিঞা সংগ্ৰহালয় দাবী সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সমন্বয়ক অদীপ ফুকনেও কয় এয়া বিজেপিৰ সৃষ্টি৷ জনসাধাৰণ চৰকাৰৰ বিপৰীতে গ’লেই চৰকাৰে এনেধৰণৰ বিষয়বোৰ উলিয়াই দিয়ে৷ ৩৫ বছৰ পাছত অসমৰ ৰাইজে এটা নতুন ধাৰা পাইছে গতিকে ২০২১ত অসম জাতীয় পৰিষদেই চৰকাৰ গঠন কৰিবই। 
এইআইইউডিএফ আৰু বিজেপিৰ গোপন বুজাবুজি আছে।আনহাতে মিঞা সংগ্ৰহালয়ক লৈ ভূঞা কয় যে যিখন এসেম্বলি স্টেন্ডিং কমিটি গৃহীত হৈছে সেইখন কমিটিৰ সৰহ সংখ্যক সদস্যই বিজেপিৰ আৰু তেওঁলোকৰ সহযোগী দল সমূহৰ সদস্য। পোন্ধৰ জনৰ ভিতৰত ১২-১৩ জনেই বিজেপিৰ সহযোগী সদস্য বুলিও দোহাৰে। আগন্তুক বিধান সভা নিৰ্বাচন সন্দৰ্ভত ভূঞাই কয় যে অসম জাতীয় পৰিষদৰ ১২৬ সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী থাকিব। আনহাতে সমন্বয়ক অদীপ ফুকনে কয় যে কংগ্ৰেছৰ দিনতকৈ অধিক ৰূপত ছিণ্ডিকেট আৰম্ভ কৰিছে বিজেপি চৰকাৰে।বিজেপিয়ে নিৰ্বাচনী পুঁজিৰ স্বাৰ্থত ছিণ্ডিকেট আৰম্ভ কৰিছে। এই ছিণ্ডিকেটৰ এটা অংশ বাহিৰলৈ যায়, এটা অংশ বিজেপিৰ দালালে পায় আৰু এটা অংশ নিৰ্বাচনী পুঁজিলৈ যায়। নিৰ্বাচনী পূঁজিৰ স্বাৰ্থত ৰাজ্যত টোলগেট আৰম্ভ কৰিছে।আৰু অতি দূৰ্ভাগ্যৰ বিষয় স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰি ব্ৰিটিছৰ সহায় কৰি এই ৰাজনৈতিক নেতাবোৰে আজি লালকিল্লাত ত্ৰিৰংগা উৰোৱাৰ কোনো অধিকাৰ নাই। বিজেপিক আৰএছএছে জন্ম দিছে। গতিকে বিজেপিৰ স্বাধীনত ভাৰতত শাসন কৰাৰ কোনো নৈতিক অধিকাৰ নাই। স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ মংগল পাণ্ডে বুলি কয় কিন্তু নহয়। ব্ৰিটিছ বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ অসমৰ দুগৰাকী সন্তান পিয়লি ৰাম ফুকন আৰু জিউৰাম বণীয়া বৰুৱা এই সম্পর্কে ভাৰতবৰ্ষই জনা উচিত। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামত অসমৰ যথেষ্ট অৰিহণা আছে। ব্ৰিটিছ বিৰোধী আন্দোলনত অসমৰ মহিলা আগত। অসমৰ মহিলা নগাঁৱৰ চেফানেছা ব্ৰিটিছ বিৰোধী আন্দোলনত আন্দামান-নিকোবৰত বন্দী কৰি ৰখা হৈছিল। হিন্দু মুছলিমৰ কথা কৈ ৰাজনীতি কৰা সকলে জনা উচিত যে চেফানেছা কোনো হিন্দু মহিলা নহয়, অসমীয়া মুছলিম মহিলা আছিল। এইখন অসমীয়াৰ অসম, ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন সকলোৰে সমান অধিকাৰ আছে, সকলোৰে সম ত্যাগ আছে বুলি বিজেপিক তীব্ৰ সমালোচনা কৰি বক্তব্য দাঙি ধৰে সমন্বয়ক অদীপ ফুকনে। এতিয়ালৈকে নিয়োগ হোৱা বিজেপি চৰকাৰৰ ১১টা বিভাগৰ প্ৰতিটো বিভাগতে কেলেংকাৰি। অসমৰ বাহিৰৰ বিজেপি দলৰ কিছু নেতাই বুজাবুজি কৰি বেপাৰ চলাবলৈ বিজেপি দলৰ যুৱক সকলক চাকৰি দিয়ে আৰু আনফালে বিজেপিৰ দালাল আৰু বিজেপি দলৰ পুজিঁ গঠনৰ কাৰণে নিবনুৱা সকলৰ পৰা পুঁজি লোৱাৰ ব্যৱস্থা কৰিছে।যদি কেলেংকাৰীবোৰৰ সকলো কথা ৰাজহুৱা কৰাৰ লগতে ইয়াত যি সকলে এই কামত জড়িত বা ৰাজনৈতিক নেতাসকল জড়িত, যি আৰ্কিটেক্ট আছে সেইসকলক উলিয়াই দিব নোৱাৰে তেনেহলে আমি অসমৰ মুখ্যমন্ত্ৰী গৰাকীক অপৰাধী বুলি চিনাক্ত কৰিম আৰু অপৰাধীৰ ক্ষেত্রত আমি জনগণৰ ওচৰত আহ্বান জনাম যে যুৱ শক্তিৰ ভৱিষ্যত অন্ধকাৰ কৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাজহুৱা ভাৱে আদালতত ২০২১ৰ বাবে বিচাৰ কৰক বুলিও উদাত্ত কণ্ঠৰে ভাষণ ৰাখে ৰাজ্যিক সমন্বয়ক অদীপ ফুকনে।ৰাজ্যিক আহ্বায়ক কৰুণা শৰ্মাই পৌৰহিত্য কৰা আৰু মজিবুদ্দিন আহমেদে আঁতধৰা বিশাল সভাখনত অংশ গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা, অদীপ কুমাৰ ফুকন, ৰাজ্যিক আহ্বায়ক আৰ্চিতা ৰবীন্দ্ৰ কুমাৰ, ৰুচি নেওগ, ৰাজীৱ ভট্টাচাৰ্য্য, অমিতাভ বৰঠাকুৰ, অমল ডেকা, বিজয় কুমাৰ দাস, ৰাজ্যিক মুখপাত্র অমৃত খাটনিয়াৰ, অভিজিত কমল, গুৱাহাটী মহানগৰ সমিটিৰ মুখ্য আহ্বায়ক বিজয় তালুকদাৰ, নন্দিনী চৌধুৰী তালুকদাৰ আৰু বিকাশ নাৰায়ণ শৰ্মা, দেৱজিৎ গোস্বামী, কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° দিবাকৰ শৰ্মা, ৰঙিয়া মহকুমা পশু চিকিৎসালয়ৰ চিকিৎসক ড° হিমন্ত বেজবৰুৱা, পশু চিকিৎসক ডাঃ সুনন্দ বেজবৰুৱা প্ৰমূখ্যে অৰ্ধ-সহস্ৰাধিক শুভাকাংক্ষীয়ে।এই সভাতে জিলাখনৰ বহু সংখ্যক ৰাইজে অসম জাতীয় পৰিষদত যোগদান কৰে। আনহাতে কামৰূপ জিলাৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা