১৬—১৭ অক্টোবৰত ৰঙিয়াত ৰাজ্যিক কিষাণ মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা


অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰীৰ উপৰিও ৰাষ্ট্ৰীয় কিষাণ মৰ্চাৰ সভাপতি ৰাজকুমাৰ শ্বাহ 

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ  ১৫ অক্টোবৰঃ ৰঙিয়াৰ ৰেলৱে সামূহিক ভৱনৰ প্ৰেক্ষাগৃহত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বিজেপিৰ সদ্যঘোষিত ৰাজ্যিক কিষাণ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। এই সন্দৰ্ভত আজি ভাৰতীয় জনতা পার্টিৰ কিষান মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি প্ৰফুল্ল কৰাই উত্তৰ কামৰূপ জিলা সমিতিৰ সহযোগত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত তেওঁ কয় ৰঙিয়াত ৰাজ্যিক নেতৃত্বৰ পৰামৰ্শ ক্ৰমে কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহখনি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ কামৰূপ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত কৰিব লোৱা হৈছে । অহা ১৬ অক্টোবৰ শুক্ৰবাৰে পুৱা ৯.৩০ বজাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে দুদিনীয়া অধিবেশনৰ শুভাৰম্ভ কৰা হব। শুভাৰম্ভ কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। কাৰ্যসূচীত বিজেপিৰ কেন্দ্ৰীয় সম্পাদক তথা লোকসভাৰ সাংসদ দিলীপ শইকীয়া সহ মৰ্চাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব। ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলা শাখাৰ পৰা তিনিজনকৈ প্ৰতিনিধি অংশগ্ৰহণ কৰাৰ লগতে ১৭ জনীয়া ৰাজ্যিক কিষাণ মৰ্চা সমিতিৰ উপৰিও আমন্ত্ৰিত সদস্য আৰু আমন্ত্ৰিত অতিথি সহ প্ৰায় দুশ প্ৰতিনিধি  উপস্থিত থাকিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি সকলক যাতে সুন্দৰকৈ আদৰ-সন্মান যাচিব পৰা যায় তাৰ বাবে উদ্যোক্তা সকলে  যতপৰোনাস্তি চেষ্টা কৰিব বুলি বৰাই কয়।  প্ৰতিনিধি সকলৰ যাতে কোনো ধৰণৰ ক্ৰুটি -বিচ্যুতি  নহয় তাৰ বাবে ৰাজ্যিক সভাপতি বৰাই সকলোৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰে।  কাইলৈৰ কাৰ্যসূচীত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে তেওঁৰ লগত সহযোগিতা কৰিব সদ্য নিযুক্তি প্ৰাপ্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, ভাৰতীয় জনতা পার্টিৰ সাংগঠনিক সাধাৰণ সম্পাদক খনীন্দ্ৰনাথ শৰ্মা, তাৰোপৰি আৰু কেইবাজনো আমন্ত্রিত অতিথিয়ে।কাইলৈ দেৱজিৎ মহন্তই কৃষি আইনৰ ওপৰত বিস্তৃতভাৱে বক্তব্য দাঙি ধৰিব প্ৰতিনিধি সভাত ।  পৰহিলৈ বিজেপিৰ আভ্যন্তৰীণ কাৰ্যসূচীত বিভিন্ন জিলা সমিতি সমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকি তেওঁলোকৰ প্ৰতিবেদন পাঠ কৰিব আৰু শেষত কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে সভাপতি বৰাই।ইয়াৰ উপৰি এশদিনীয়া বিজেপি দলৰ যি সিদ্ধান্ত আছে,এই এশদিনীয়া কাৰ্যসূচীৰ অহা পৰহিলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । দুদিনীয়া কিষাণ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকৰ সমাপন সমাৰোহত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, 'নেডা'ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজকুমাৰ শ্বাহ, জলসিঞ্চন আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা প্ৰমূখ্যে কেইবাজনো ৰাষ্ট্ৰীয় নেতা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।আজিৰ সংবাদমেলত ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰাৰ উপৰি সম্পাদক নিবাৰণ লহকৰ, উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি গিৰিন গোস্বামী ৰাজ্যিক মিডিয়া চেলৰ কাৰ্যনিৰ্বাহক সদস্য তথা অধিবেশনৰ প্ৰচাৰ তত্বাৱধায়ক সুবল পাল  উপস্থিত থাকে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা