কৃষ্ণাইত আৰক্ষী বিষয়াক বিদায় সম্বৰ্ধনা

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আগশাৰীৰ বেচৰকাৰী সংস্থা দেৱৰাজ এন জি অ’ৰ সৌজন্যত আজি কৃষ্ণাইত এক বিদায় সভা অনুষ্ঠিত হয় ৷ দেৱৰাজ এন জি অ’ৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত আজিৰ বিদায় সভা খনত সভাপতিত্ব কৰে সংস্থাটোৰ স্থায়ী সভাপতি পৰিমল সাহাই ৷ সম্পাদক অৰুণ ৰায়ে আঁত ধৰা সভাখনত কৃষ্ণাই আৰক্ষী থানাৰ পৰা পদোন্নতিসহ গুৱাহাটীলৈ বদলি হোৱা আৰক্ষী বিষয়া ৰতন কুমাৰ ভূঞাঁক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ এই সভাখনতে কৃষ্ণাই আৰক্ষী থানাত নতুনকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰা আৰক্ষী বিষয়া চন্দন ডেকা আৰু চক্ৰ পৰিদৰ্শক দিগন্ত কুমাৰ বৰাক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অৰুণ ৰায়ে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা