নাহৰকটীয়াত অ গ প ৩৬তম প্ৰতিষ্ঠা দিৱস উদযাপন।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াটো পালন কৰা হয় অসম গণ পৰিষদ দলৰ ৩৬তম প্ৰতিষ্ঠা দিৱস। 

বুধবাৰে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচীৰে নাহৰকটীয়া চাচনী টকৌবিল গাঁওৰ নামঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় আঞ্চলিক দলটোৰ প্ৰতিষ্ঠা দিৱস।

প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰা সভাত নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালৰ উপস্থিতিত অ গ প দলৰ বয়োজ্যেষ্ঠ লোকসকলক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে লগতে বিভিন্ন দলৰ পৰা অহা নেতাই অ গ প দলত যোগদান কৰে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিধায়ক গৰাকীয়ে কয় লোকাৰণ্য হৈ পৰা আজিৰ এই সভাই
ইয়াকে ইংগিত বহন কৰিছে যে নাহৰকটীয়াত অসম গণ পৰিষদৰ ভেঁটি পূৰ্বৰ তুলনাত অধিক শক্তিশালী হৈ উঠিছে। ৰাইজে স্বতঃস্ফূৰ্তভাবে ওলাই আহি আমাৰ দলত যোগদান কৰিছে।

নাহৰকটীয়াৰ পৰা গগন হাজৰীকাৰ প্ৰতিবেদন।
১৫/১০/২০২০

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা