অসমত বান সাহায্য প্ৰদানৰ বাবে ৰয়েল এনফিল্ডৰ সহযোগিতা
ষ্টাফ ৰিপ'ৰ্টাৰ,,,৫ অক্টোবৰ
ৰয়েল এনফিল্ড আৰু ৰাইজিং ক্লাৱে উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বান দুৰ্যোগৰে মোকাবিলাৰ বাবে সহযোগিতা আগবঢ়াইছে। কোভিড-১৯ মহামাৰীৰ দুৰ্যোগৰ এই অঞ্চলটোৰ ৰয়েল এনফিল্ড ডিলাৰশ্বিপসমূহে চালকসকলৰ সৈতে সন্মিলিত ভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ আক্রান্ত জনতাক সাহায্য প্ৰদান কৰিছে। ৰয়েল এনফিল্ডৰ সুদক্ষ ৰাইডাৰ, ভ্ৰমণকাৰী তথা সমাজকর্মী নিৰ্মালি নাথে তেওঁৰ সহযোগী দলৰ সৈতে বানাক্ৰান্ত প্ৰায় ৯০০ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে। তেওঁ ভোগৰপুৰ, বৰপেটা, কওঁটপাৰা, হাজো, লাহৰীঘাট আদি অঞ্চলত বানে আক্ৰান্ত কৰা লোকসকলক সহায় কৰে। ৰয়েল এনফিল্ডৰ অসমস্থিত দুটা জনাজাত ডিলাৰশ্বিপেও এই উদ্যোগৰ প্ৰতি সহযোগিতা আগবঢ়াইছে। ধুবুৰীৰ ডাইনেমিক মটৰ্ছ আৰু ডিব্ৰুগড়ৰ ৰাইডাৰ্ছে স্থানীয় এলেকাৰ বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰিছে। উল্লেখযোগ্য যে,জনতাৰ উন্নতি আৰু কল্যাণক মূল কৰি সকলো পদক্ষেপ গ্ৰহণ কৰি ব্ৰেণ্ড হিচাপে ৰয়েল এনফিল্ডে সামাজিক প্ৰগতিৰ বাবে আহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে।
Comments
Post a Comment