মাকান্তক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ







ষ্টাফৰিপৰ্টাৰ, ৬ অক্টোবৰ : 
'অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো ভাঙিবলৈ চেষ্টা চলাইছে বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ৰমাকান্ত দেউৰীয়ে ব্ৰহ্মণৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়-এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্র দুৰ্গা দাস বড়োয়ে। মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ
ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলযোগে তেওঁ লগতে কয় ' বিজেপিয়ে মেৰু বিভাজন কৰি ২০১৬ চনত দিছপুৰ দখল কৰিছিল।
সমাজখন টুকুৰা টুকুৰ কৰিবৰ বাবেই,সমাজখনত বিভাজন আনিবৰ বাবেই নেকি এই বিজেপি চৰকাৰ।
বিজেপিয়ে উদ্দেশ্যে প্ৰণোদিতভাৱে ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰাৰ লক্ষ্য লৈছে। 
এছ আই কেলেংকাৰীত বিধায়ক বিমল বৰা, নাৰায়ণ ডেকাৰ নাম ওলাইছে
যদিওৱা এতিয়ালৈ তদন্তৰ আওতাত অহা নাই। ৬০০ বছৰীয়া আমাৰ সত্ৰীয়া সংস্কৃতিক অপমান কৰা
ৰমাকান্ত দেউৰীক আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ।  মুখ্যমন্ত্ৰীয় সোণোৱালে কপালত বগা ফোট লয়। তেওঁৰ 
 বগা ফোট লোৱা ভণ্ডামীৰ বাদে একো নহয়। কাৰণ তেওঁৰ বিধায়কে ব্ৰহ্মণ, গোসাইক মূৰ কাটি দিব বুলি কৈছে
তথাপি একো প্ৰতিক্ৰিয়া নাই সোনোৱালৰ। তেওঁ নিমাত হৈ আছে। মন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মা আৰু সত্যৰঞ্জন বৰা একে । 
চৰকাৰৰ পৃষ্ঠপোষকতাত সত্যৰঞ্জন বৰা ই মন্তব্য আগবঢ়ায়।
প্ৰথমে শিলাদিত্যই বিৰূপ মন্তব্য আগবঢ়াইছিল
গোসাই, মহন্ত, সত্ৰীয়া সংস্কৃতিৰ সতে জড়িত লোক সকলে চৰকাৰখনৰ প্ৰকৃত স্বৰূপ বুজি উঠক।
বিজেপিয়ে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে।'
সংবাদমেলযোগে কমিটিৰ জ্যেষ্ঠ মুখপাত্র কিশোৰ কুমাৰ ভট্টাচার্যই কয়' বিজেপিয়ে পৰিকল্পিতভাবে ধৰ্ম আৰু জাতপাতৰ ৰাজনীতি কৰিছে। 
বিজেপিয়ে চৰকাৰ গঠন কৰাত ৰাজ্যৰ সন্ত মহন্ত ব্ৰাহ্মিন সকলৰ বিশেষ বৰঙণি আছে। পৰিবৰ্তনৰ আশা দেখুৱা বিজেপি চৰকাৰে মহন্ত, গোস্বামীৰ বুকুত চুৰি মাৰিলে।
ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'বলৈ আমি বিজেপি চৰকাৰক দাবী জনালোঁ।
সংবাদমেলযোগে
সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কিয় এতিয়াও উচিত ব্যৱস্থা লোৱা নাই?? প্ৰশ্ন কংগ্ৰেছৰ
প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ, ড' ভগীৰথ কৰণ, মিডিয়া বিভাগৰ অধ্যক্ষ, ড' ভগীৰথ কৰণে
এই প্রশ্ন উত্থাপন কৰে। আনহাতে
'মানসিক ৰোগী ৰমাকান্ত দেউৰীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি মানসিক চিকৎসালয়ত চিকিৎসা ৰ ব্যবস্থা- ৰাজ্য চৰকাৰক দাবী জনাইছে  বিশ্ব হিন্দু মহা সংঘ,অসম শাখাই।' 
 শাখাৰ ৰাজ্যিক সভাপতি জনাৰ্দন দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক বলেন বৈশ্যই এই সম্পৰ্কে সংবাদ মাধ্যমক কয় 'মৰিগাঁওৰ এখন ৰাজহুৱা সভাত গোহাঁই মহন্ত ব্ৰাহ্মণ সকলক উদ্দেশ্যে কৰি মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এজন সুস্থ লোকে কেতিয়াও এটা সম্পাদকৰ ক্ষেত্ৰত এনে ধৰণৰ বক্তব্য ৰাখিব নোৱাৰে বুলি উল্লেখ কৰে। ৰমাকান্ত দেউৰীক এজন মানসিক বিকাৰগ্ৰষ্ট লোক বুলি অভিহিত কৰি মৰিগাঁৱৰ বি জে পি বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনক অতি শীঘ্ৰেই অৰ্হানি ব্যবস্থা লবৰ বাবে সাংগঠন টোৱে দাবীৰ উত্থাপন কৰে । ৰমাকান্ত দেউৰী ৰাজহুৱা ভাৱে কৰা এই মন্তব্য তেওঁৰ ব্যক্তিগত নে চৰকাৰী তাক স্পষ্ট কৰাৰ বাবে ও বি জে পি আৰু অসম চৰকাৰক আহ্বান জনায়। আনহাতে বিশ্ব হিন্দু মহা সংঘ অসম শাখাৰ প্ৰচাৰ বিভাগৰ তৰফৰ পৰা মুকুটেশ্বৰ গোস্বামীয়ে গুৱাহাটীত সংবাদ মাধ্যমক কয় ' বিশ্ব হিন্দু মহা সংঘ অসম শাখাৰ তৰফৰ পৰা জনাৰ্দন দেৱগোস্বামীয়ে মাজুলী আৰক্ষী থানাত নিজে উপস্থিত হৈ বিতৰ্কিত বিজেপি বিধায়ক গৰাকীয়ে কৰা সাম্প্ৰদায়িক মন্তব্য বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এজেহাৰ দাখিল কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা