নগাঁৱৰ হাঁহচ’ৰা পথাৰত আহিনতে পকাধানে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ অক্টোবৰঃ আহিন মাহতে পকি নদন-বদন হোৱা পকা ধানে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ হাঁহচ’ৰা পথাৰত বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ দ্বাৰা পৰিচালিত "অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প" চমুকৈ এপাৰ্টৰ অধীনত চকলাঘাটৰ হাঁহচ’ৰা পথাৰত অঞ্চলটোৰ উদিয়মান কৃষক কল্যাণ কুমাৰ বৰাৰ পথাৰত নদন-বদন হৈ পকি থকা উন্নত জাতৰ “বীনা-১১”নামৰ শালিধানৰ প্ৰদৰ্শনীমূলক খেতি চপোৱা পৰ্ব সোমবাৰে শুভাৰম্ভ কৰা হয় ৷ কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সহকাৰী প্ৰকল্প বিজ্ঞানী বিদিশা বৰাৰ নেতৃত্বত কৃষি বিজ্ঞান কেন্দ্ৰৰ এটা চাৰিজনীয়া দলে দিনৰ ১০ বজাত কৃষকগৰাকীৰ ধাননি পথাৰত উপস্থিত হৈ ধান চপোৱা পৰ্বৰ শুভাৰম্ভ কৰাৰ লগতে চাৰি বিঘা মাটিৰ পৰা ধান উৎপাদনৰ বিভিন্ন পৰিসংখ্যা সংগ্ৰহ কৰে ৷ এই সম্পৰ্কে জানিবলৈ দি সহকাৰী কৃষি বিজ্ঞানী বিদিশা বৰাই কয় যে-এইবাৰ নগাঁও জিলাকে ধৰি ৰাজ্যৰ ১৬খন জিলাত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে অতি কম দিনীয়া উন্নত জাতৰ বীনা-১১ ধানৰ খেতি কৰা হৈছে ৷ উল্লেখ্য, কঠিয়া সিঁচাৰ পৰা ধান চপোৱালৈকে এইজাতৰ মাত্ৰ ১২০ দিনৰহে প্ৰয়োজন হয় ৷ আচলতে বাংলাদেশৰ পৰা অনা এই বীনা-১১ ধান বহল ভিত্তিক কৰিলে বান কৱলিত অসমৰ দৰে ৰাজ্যৰ কৃষক সকল লাভান্বিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ ইফালে, আগতীয়াকৈ ধান পকাৰ বাবে বটা চৰাইৰ উপদ্ৰৱ হোৱা বুলি উল্লেখ কৰি কৃষক কল্যাণ বৰাই কয় যে- ৰাইজে সমজুৱা ভিত্তিত কৰিলে অন্য ধানতকৈ বিনা-১১ ধানৰ পৰা অধিক লাভ পাব পাৰিব ৷ ধান চপাই একেদৰা মাটিতে সৰিয়হ খেতি কৰিবলৈ কৃষকে পৰ্যাপ্ত সময় পাব ৷ কৃষক বৰাই বিনা-১১ ধানৰ কঠিয়া পৰাৰ পৰা চপোৱা সময়লৈকে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য কৃষি বিজ্ঞানী ড° নিৰঞ্জন ডেকাই আগবঢ়াই অহা দিহা পৰামৰ্শৰ কথাও উল্লেখ কৰে ৷ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ এই কৃষি পৰিসংখ্যা সংগ্ৰহ কাৰ্যসূচীত কেন্দ্ৰটোৰ কাৰিকৰী কৃষি গৱেষকদ্বয় দেৱজিৎ ভূঞা আৰু দুৰ্লভ চন্দ্ৰ কলিতাৰ লগতে আন্তৰাষ্ট্ৰীয় ধান গবেষণা কেন্দ্ৰৰ বিষয়া জন্মেজয় বিশ্বালে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানৰ মাজতে অঞ্চলটোৰ চহা বাঁঁহীবাদক নবীন বসুমতাৰীয়ে বাঁহীত ৰুদ্ৰ বৰুৱাৰ "পকা ধানৰ মাজে মাজে, সৰু সৰু আলি" শীৰ্ষক গীতটোৰ সুৰ তুলি সকলোকে আপ্লুত কৰে ৷
Comments
Post a Comment