মুখ্যমন্ত্ৰীয়ে শিক্ষা আৰু বিত্ত বিভাগক দিয়া নিৰ্দেশনা শীঘ্ৰে কাৰ্যকৰী কৰাকে ধৰি অন্যান্য দাবী

বঙাইগাঁৱত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ 

বঙাইগাঁওঃ৫ অক্টোৱৰঃ আজি বিশ্ব শিক্ষক দিৱসৰ দিনটোতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত বঙাইগাঁৱতো প্ৰাথমিক শিক্ষকসকলে বিভিন্ন দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিগত ২০১৯ বৰ্ষৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে শিক্ষা আৰু বিত্ত বিভাগক দিয়া নিৰ্দেশনা শীঘ্ৰে কাৰ্যকৰী কৰা আৰু অন্যান্য দাবীত বঙাইগাঁওস্থিত বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ মহকুমা প্ৰাথমিক শিক্ষত সন্মিলনীয়ে মূলত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰীকৰণ কৰাৰ লগতে সপ্তম দৰমহা বিধিৰ  ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে ' আদায় দিয়া ,২০১৯ বৰ্ষৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা,ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰয়োগৰ পূৰ্বে সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া কৰাৰ লগতে গ্ৰেড পে'কে ধৰি সকলো সুবিধা আদায় দিয়া ,বেতন বঞ্চিত শিক্ষকৰ প্ৰাপ্য বেতন আদায় দি নিয়মীয়া কৰা , অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকিকৰণ কৰা , নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল কৰা আৰু খালী থকা শিক্ষা বিষয়াৰ পদসমূহ পুৰণ কৰাৰ লগতে সকলো মহকুমাতে উপ পৰিদৰ্শকৰ কাৰ্যালয় স্থাপন কৰি স্থায়ী বিষয়া নিযুক্তি দিয়াৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিদ্যায়লসমূহৰ উপ পৰিদৰ্শৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ উপৰোক্ত দাবী সম্বলিত স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷ লগতে বিত্তমন্ত্ৰী , শিক্ষা আয়ুক্ত আদিলৈকেও স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে ৷ ধৰ্ণা কাৰ্যসূচীত বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি , সম্পাদক আদিকে ধৰি শিক্ষকসকলে অংশগ্ৰহণ কৰে ৷ 
 
প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা