ৰঙিয়াত ক'ভিড প্ৰট'কল মানি দুৰ্গাপূজা পালনৰ অনুমতি মহকুমা প্ৰশাসনৰ

জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰত্যেক দুৰ্গাপূজা সমিতিলৈ পূজা পালনৰ সময়ত আগবঢ়োৱা হব সম্পূৰ্ণ সহায় সহযোগিতা —মহকুমাধিপতি স্বপ্নীল পাল 

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, ২১ অক্টোবৰঃ
ৰঙিয়া মহকুমাত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ক'ভিড প্ৰট'কল মানি সীমিত আয়োজনৰ মাজেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ মহকুমা প্ৰশাসনৰ অনুমতি।পূজা সমিতি সমূহে কৰিবলগীয়া প্ৰতিটো কাম আৰু নিয়মাৱলীৰ সম্পৰ্কে মহকুমা প্ৰশাসনৰ তৰফৰপৰা মহকুমাধিপতি স্বপ্নীল পালে জানিবলৈ দিয়ে যে, কেৱল মাত্ৰ ধাৰ্মিক ৰীতি- নীতি,পৰম্পৰাৰে কৰিব পাৰিব পূজা,কিন্তু পূজা উদযাপন উপলক্ষে কোনো মেলা, সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতাৰ লগতে ৰাষ্টাৰ কাষত কোনো পেণ্ডেল, ৰভা বনাব নোৱাৰিব।পূজা আয়োজনক সমিতিয়ে স্বাস্থ্য বিভাগৰ গাইডলাইন মানি চলিব লাগিব। উদ্যোক্তা কমিটীসমূহে পূজা মণ্ডপ অৰ্থাৎ পেণ্ডেল  সম্পূৰ্ণ মুকলি কৰি ৰাখিব লাগিব। প্ৰৱেশ আৰু প্ৰস্থানৰ  মূল পথ দুটা সুকীয়া সুকীয়া হ'ব লাগিব। পূজা মণ্ডপত মাক্স-ছেনিটাইজাৰৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।সেই হেতুকে মূল গেটৰ সন্মুখত হাত ধোৱা আৰু ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব। পূজাথলীত অহা প্ৰতিজন ব্যক্তিৰে থাৰ্মেল স্কেনিং পদ্ধতিৰে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাতো উদ্যোক্তা সমিতিয়ে ব্যৱস্থা কৰিব লাগিব আৰু ক'ভিড - ১৯ৰ লক্ষণ দেখা কোনো ব্যক্তিকে পূজাথলীত প্ৰৱেশ কৰিব দিব নোৱাৰিব। পূজা কমিটিৰ আয়োজক -পুৰোহিত, স্বেচ্ছাসেৱক সকলে ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক।একেদৰে দেৱী বিসৰ্জনৰ পিছতো কৰিব লাগিব ক'ভিড টেষ্ট।পূজাৰ সকলোবোৰ কাৰ্যসূচী প্ৰতিদিনে ৰাতি ১২ বজাৰ ভিতৰত সমাপণ কৰিব লাগিব। পূজা মণ্ডপৰ আশে-পাশে থকা সকলোবোৰ হোটেল /ৰেষ্টোৰেণ্ট প্ৰতিনিশা ১১ বজাৰ আগত বন্ধ কৰিব লাগিব।পূজাৰ কেইদিনত মটৰ চাইকেলত একেলগে দুজন পুৰুষ উঠাত থাকিব বাধা।১৫ বছৰৰ তলৰ লৰা ছোৱালী আৰু মহিলাহে উঠিব পাৰিব। বিজয়ী দশমীৰ দিনা দেৱী বিসৰ্জনৰ সময়ত  কোনো শোভাযাত্ৰা কৰিব নোৱাৰিব।পূজা সমিতিৰ সৰ্বাধিক ৫ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব।পূজা সমিতিয়ে প্ৰতিমা বিসৰ্জনৰ বাবে বিসৰ্জন ঘাটৰ ছেনিটাইজেচন নিশ্চিত কৰিব লাগিব। বিজয়ী দশমীৰ দিনা সুৰাৰ বিক্ৰী - সেৱন সম্পূৰ্ণ নিষেধ, নিৰ্দেশ অমান্য কৰিলে কঠোৰভাৱে দণ্ডনীয় হব। পূজা মণ্ডপৰ পূজা থলীত পোৰোহিত সহ  উদ্যোক্তাৰ সৈতে মুঠ ৩০ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব, সামাজিক দূৰত্ব বজাই সৰ্বাধিক ২০ জন ভক্তইহে প্ৰৱেশ কৰিব পাৰিব।অৰ্থাৎ ৫০ জনৰো অধিক লোক উপস্থিত থাকিব নোৱাৰিব। অনুমতি প্ৰাপ্ত সকলো পূজা সমিতিসমূহলৈ মহকুমা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱা হব বুলি জানিবলৈ দিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল আই.এ.এছ.য়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা