Posts

Showing posts from August, 2020

নলবাৰীৰ বেলশৰত "নক'লেও নহয় এটি কবিতা" উন্মোচন- 'শব্দৰ সাধনাৰে সুন্দৰ সমাজ গঢ়ি আদৰ্শৰ বাৰ্তাবাহক বেলশৰীয়া হালৈ'- ধ্ৰুৱজ্যোতি শৰ্মা

Image
নলবাৰীৰ বেলশৰত "নক'লেও নহয় এটি কবিতা" উন্মোচন- 'শব্দৰ সাধনাৰে সুন্দৰ সমাজ গঢ়ি আদৰ্শৰ বাৰ্তাবাহক বেলশৰীয়া হালৈ'- ধ্ৰুৱজ্যোতি শৰ্মা* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ আগষ্ট* “এটা শব্দৰ অম্বেষনৰে বাট বুলি অসমৰ কলা সংস্কৃতিৰ ওজাপালি কৃষ্টিৰ অন্যতম ডাইনাপালি হিচাপে প্ৰভাত হালৈয়ে ষাঠি বছৰৰ পিছত সংস্কৃতিৰ সমান্তৰালকৈ সাহিত্যৰ ক্ষেত্ৰত আত্মপ্ৰকাশ কৰি ১৬খনকৈ মূল্যবান গ্ৰন্থ অসমীয়া সাহিত্যলৈ উপহাৰ দিয়াটো সহজসাধ্য নহয় ৷ একাগ্ৰতা থাকিলে অসাধ্য সাধন কৰা সহজ ৷ তাৰ উদাহৰণস্বৰূপে বেলশৰৰ প্ৰভাত হালৈ এক নিদৰ্শন ৷  নলবাৰী জিলাৰ বেলশৰত আজি পুৱা বিশিষ্ট সাহিত্যিক প্ৰভাত হালৈৰ ১৬সংখ্যক গ্ৰন্থ “নক'লেও নহয় এটি কবিতা” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি  এইদৰে কয় প্ৰবীন সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ, নাট্যকাৰ যাদৱ সেন ডেকাই ৷ বেলশৰৰ নিজ গৃহত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা° বিপিন কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৱ তালুকদাৰ, বিশিষ্ট সমালোচক মহেশ বৰ্মন, প্ৰমোদ কলি

কিতাপেই দেশ শাসন কৰি অাছেজামুগুৰিহাটত ৯ বছৰীয়া কিশোৰৰ গ্ৰন্থ উন্মোচন

Image
প্ৰকাশ পালে "EXPRESSIONS OF THE MIND IN WORDS"  ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,৩০ অাগষ্ট : জামুগুৰিহাটৰ কুসুমটোলাত আজি ৯ বছৰীয়া কিশোৰ লক্ষ্যজয় কলিতাৰ  "EXPRESSIONS OF THE MIND IN WORDS" শীৰ্ষক এখনি ইংৰাজী ভাষাৰ গ্ৰন্থ উন্মোচন  হয়। সেই উপলক্ষে অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী গ্ৰন্থাগাৰ সুৰেন কলিতাই। যুৱ লেখক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই আঁত ধৰা আৰু গ্ৰন্থকাৰৰ পিতৃ দেবজিৎ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত গ্ৰন্থ উন্মোচক হিচাপে বিশিষ্ট লেখক, শিশু সাহিত্যিক বিশ্বনাথ চাৰিআলিৰ দিলীপ কুমাৰ ভট্টাচার্য আৰু বিশিষ্ট অতিথি হিচাপে আসন লয় পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাই। সভাৰ প্ৰাৰম্ভিকতে প্ৰয়াত অঞ্জলি কলিতাৰ প্ৰতিছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰে গ্ৰন্থকাৰ  লক্ষ্যজয় কলিতাই। উল্লেখ্য যে ২০১০ চনৰ ৩০ আগষ্টত ইটানগৰত জন্মলাভ কৰা আৰু শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰত শিক্ষাৰ পাতনি মেলা লক্ষ্যজয় কলিতা বৰ্তমান তেজপুৰ গুৰুকুলৰ চতুর্থ মানৰ ছাত্ৰ। ৪ বছৰ বয়স

লোক সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতা আৰু নাই

Image
গুৱাহাটী : বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা লোক সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতা আৰু নাই ৷ আজি দুপৰীয়া ১২ মান বজাত ডিগবৈত তেখেতৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৭১ বছৰ ৷ ভৱানীপুৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ নবীন কলিতাৰ পত্নী বৰপেটাৰোডৰ বাসিন্দা ফুলকুমাৰী কলিতাই ৰোগাক্ৰান্ত হোৱাৰ বাবে তেওঁৰ জী- জোৱাইৰ ডিগবৈৰ ঘৰত চিকিৎসাৰ বাবে আছিল ৷ লোক সংস্কৃতিৰ গৱেষিকা, সুবক্তা তথা এগৰাকী শিল্পী হিচাবে সমাজত বিশেষ ভাৱে পৰিচিত কলিতাই কেবাখনো লোক সংস্কৃতিৰ অমূল্য গ্ৰন্থ ৰচনা কৰিছিল ৷ তেখেতৰ কেইখনমান উল্লেখ যোগ্য গ্ৰন্থ হৈছে-- সখী ঐ সখী ( ১৯৯২ ), আয়তীৰ উৰুলি ( ১৯৯২ ) , গুৱাগাছা সত্ৰৰ চমু আভাস ( ১৯৯৯ ) , লােক সংস্কৃতিৰ দাপােণ ( ২০০০ ),  লােক সংস্কৃতিত গালি শপনি ( ২০০৯ ) , লােক সংস্কৃতিৰ সুবাস ( ২০১৩ ) , আমাৰ সত্ৰ আমাৰ ঐতিহ্য ( ২০১৩ ),  সম্পাদিত গ্রন্থ • লােককৃষ্টি আৰু নাৰী ( ১৯৯৩ ) ৷ তদুপৰি তেখেতে ভালেমান আলোচনা, বাতৰি কাকতত বিভিন্ন প্ৰৱন্ধ পাতি লিখি অসমীয়া লোক সংস্কৃতিৰ ভড়াল চহকী কৰি তুলিছে ৷ তেখেতে সাহিত্য- সংস্কৃতি জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সদৌ

লোক-সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ

Image
গুৱাহাটী, ৩০ আগষ্ট ২০২০: অসম প্ৰদেশ বিজেপিৰ সংবাদ কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে এক প্ৰেছ বিবৃতিযোগে জনাইছে যে লোক সংস্কৃতিৰ গৱেষিকা, শিল্পী তথা বিশিষ্টা শিক্ষাবিদ ফুল কুমাৰী কলিতাৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোক বাৰ্তাত মাননীয় সভাপতি গৰাকীয়ে কৈছে যে- আয়তীৰ উৰুলি, লোক সংস্কৃতিৰ সুবাস আদিকে ধৰি ভালেমান গ্ৰন্থ ৰচনা কৰি অসমৰ লোক সংস্কৃতিৰ ভড়াল চহকী কৰি থৈ যোৱা লেখিকা গৰাকীৰ বিয়োগ অসমীয়া সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি। সভাপতি গৰাকীয়ে সাহিত্যিক গৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

জামুগুৰিহাটত অসম ভিত্তিত অন লাইন সংগীত প্ৰতিযোগিতাৰ বঁটা বিতৰণ

Image
একাঁজলি সুৰৰ সন্ধানৰ প্ৰশংসনীয় পদক্ষেপ  ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ অাগষ্ট: যোৱা মে' মাহৰ পৰা অনুষ্ঠিত একাঁজলি সুৰৰ সন্ধানত অনলাইন সংগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান লাভ কৰা জামুগুৰিহাটৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক ২৯ আগষ্টত জামুগুৰিহাটৰ শ্বহীদ ভৱনত বঁটা সমূহ প্ৰদান কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী সভাখনত সঞ্চালকৰ আসন অলংকৃত কৰে যুৱ লেখক সাংবাদিক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। যুৱ সমাজকৰ্মী, শিক্ষক জিতু কুমাৰ নাথ আৰু কামিনী কাকতিয়ে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আসন লয় বিশিষ্ট সাংস্কৃতিক কৰ্মী বিশ্বনাথ চাৰিআলিৰ সোণমনি বৰা আৰু চতিয়াৰ জয়ন্ত নাথে। কণমানি অনসূয়া গায়নৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থকা সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষয়িত্ৰী সেবিকা বৰা দাসে। উল্লেখযোগ্য যে সোণমনি বৰা আৰু জয়ন্ত নাথৰ পৰিচালনাত 'একাঁজলি সুৰৰ সন্ধান' নামৰ সামাজিক মাধ্যমৰ পেজটোৰ জৰিয়তে অসম ভিত্তিত বৰগীত, লোকগীত, বিহু, ভূপেন্দ্র সংগীত, জয়ন্ত হাজৰিকা, দিপালী বৰঠাকুৰৰ গীতৰ প

নলবাৰীৰ দিহজাৰী গাঁৱৰ প্ৰতিভাৱান যুৱকৰ কৰুণ মৃত্যুত শোকৰ ছাঁ

Image
*নলবাৰীৰ দিহজাৰী গাঁৱৰ প্ৰতিভাৱান যুৱকৰ কৰুণ মৃত্যুত শোকৰ ছাঁ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ আগষ্ট* সহজে মানি ল'ব নোৱাৰা এক মৃত্যু ৷ একেবাৰে কম বয়সীয়াজনৰ মৃত্যুত স্বাভাৱিকতে ব্যথিত হয় মানৱসমাজ ৷ নলবাৰী জিলাৰ দিহজাৰী গাঁৱৰ প্ৰতিভাৱান খেলুৱৈহিতেশ বৰ্মনৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে । দেউতাক ঘনশ্যাম বৰ্মন আৰু মাক গীতুমনি বৰ্মনৰ ১৭ বছৰীয়া হিতেশৰ আজি ৪ দিন ধৰি পৰা জণ্ডিছ ৰোগত আক্ৰান্ত হৈ আছিল । কালি হঠাৎ নাক আৰু মুখেৰে তেজ ওলাই আহি সন্ধিয়া ৫-৩০ বজাত বৰ অমায়িক ল'ৰাজনে সকলোকে কন্দুৱাই হঠাৎ শেষ নিশ্বাস ত্যাগ কৰে । অতিকৈ দুখীয়া পৰিয়ালৰ ল'ৰা হোৱা হেতুকে বনভাগ খাতা দিহজাৰী হাইস্কুলৰ পৰা এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈ হিতেশে পঢ়া সামৰিবলৈ বাধ্য হয় । তেওঁ পূব নলবাৰী ক'চিং চেণ্টাৰৰ নিয়মীয়া ভলীবল খেলুৱৈ আছিল । খেলুৱৈ হোৱাৰ প্ৰৱল ধাউতি থকা হিতেশৰ মৃত্যুত স্থানীয় বিধায়ক অশোক শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, পূব নলবাৰী ক'চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস লগতে হিন্দু সুৰক্ষা মঞ্চৰ তৰফৰ পৰ

গোলাঘাটত আটক ৬ টাকৈ গভাইত চোৰ

Image
গোলাঘাট,৩০ আগষ্ট :---- গোলাঘাটবাসীৰ বাবে এক স্বত্বিৰ নিশ্বাস । লকডাউনৰ সুবিধা লৈ বিগত কেইবামাহ ধৰি গোলাঘাটত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আহিছিল । আৰক্ষীৰ তৎপৰতাত  এইবাৰ আৰক্ষীৰ  জালত  পৰিল  ৬ টাকৈ গভাইত চোৰ । গোলাঘাট নগৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত কৰি আহিছে  এই চোৰ কেইটাই  । কেইদিনমান পূৰ্বে গোলাঘাট তপন নগৰৰ নিখিল চক্ৰৱৰ্তী বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাইছিল চাফাই অভিযান । সোণ, ৰূপ , টাকা , ইলেক্ট্ৰিক সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি নিছিল । এই চুৰিকাণ্ডৰ লগত জড়িত ৬ টাকৈ চোৰ  গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হ'ল অনিকেট কুমাৰ , প্ৰকাশ তাতীঁ, উৎপল দাস , ছাহিদুল আলি , ৰাজা শইকীয়া , ইনামুল হক আৰু এই চুৰিকাৰ্য লগত জড়িত আৰু মুল দুটাকৈ চোৰ বৰ্তমান পলাতক । চোৰ কেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি কৰি নিয়া বিভিন্ন সামগ্ৰী সমূহ । এতিয়া বিগত সময়ৰ চুৰি কাণ্ডৰ সৈতে এই ধৃত  চোৰকেইটা জড়িত আছিল নাই , সেই সম্পৰ্কে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

ধৰ্ষিতা, পংগু আৰু নিৰ্য্যাতিতাসকলক প্ৰতিশ্ৰুতিমৰ্মে ২ লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ দাবী

Image
সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয় ৰক্ষী পৰিষদৰ বিশেষ সভা সম্পন্ন- সভাখনত সভাপতিত্ব কৰে নলবাৰীৰ বিশিষ্ট নাগৰিক তথা নিৰ্যাতিত পৰিয়ালৰ অন্যতম প্ৰতিনিধি দীপক হুজুৰীয়ে* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ আগষ্ট* গুৱাহাটীৰ উজান বজাৰৰ শ্বহীদ আৰু নিৰ্যাতিতৰ ন্যাস ভৱনত কালি দিনৰ ১১বজাত সদৌ অসম জাতীয় শ্বহীদ  পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । সভাত সভাপতিত্ব কৰে নলবাৰীৰ বিশিষ্ট নাগৰিক তথা নিৰ্যাতিত পৰিয়ালৰ অন্যতম প্ৰতিনিধি দীপক হুজুৰীয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে । সভাত উপস্থিত থাকি মুনীন্দ্ৰ নাথ, কমল নাথ, কবিতা দাস ডেকা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে নিজৰ নিজৰ মন্তব্য দি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় । সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰে । সভাত গৃহীত প্ৰথম প্ৰস্তাৱ অনুসৰি শ্বহীদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ সদস্যৰ লগতে প্ৰবীণ কন্ঠশিল্পী অৰ্চনা মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । গৃহীত আন এক প্ৰস্তাবমৰ্মে অসম চুক্তিৰ ৬নং

কংগ্ৰেছ - এআইইউডিএফৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপি দলক - মন্ত্ৰী পৰিমল শুক্লবৈদ্য

Image
কংগ্ৰেছ - এআইইউডিএফৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপি দলক - মন্ত্ৰী পৰিমল শুক্লবৈদ্য বঙাইগাঁৱত জৈৱ - বৈচিত্ৰ্য উদ্যানৰ আধাৰশিলা স্থাপন  ৰাজ্যত  হ'ব ২৪ খন জৈৱ - বৈচিত্ৰ্য উদ্যান  বঙাইগাঁওঃ ২৯ আগষ্টঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাই বৰাক উপত্যকাত কোনো ক্ষতি নকৰে বিজেপি দলক ৷ বৰং পূৰ্বতকৈ ভাল ফলাফল দেখুৱাব বিজেপি দলে ৷ বঙাইগাঁৱত আজি এই মন্তব্য আগবঢ়ায় ৰাজ্যৰ বন আৰু পৰিৱেশ , মীন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ উল্লেখ্য যে মন্ত্ৰী শুক্লবৈদ্যই বঙাইগাঁৱৰ চিটিকাগাঁৱত জৈৱ বৈচিত্ৰ্য উদ্যান ( সাহিত্য মনীষী উপবন) এখনৰ  আধাৰশিলা স্থাপন  তথা গছ পুলি ৰোপন অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে আজিৰ এই অনুষ্ঠানতে চাওক এ আই ইউ ডি এফ দলৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক অনন্ত  কুমাৰ মালো উপস্থিত আছে ৷ ভাল কামত তেওঁলোকে সহযোগিতা কৰি আছে ৷ অৰ্থাৎ এ আই ইউ ডি এফ ৰ বিধায়ক গৰাকী আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাত এ আই ইউ ডি এফ দলৰ যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাম- কাজৰ প্ৰতি সমৰ্থন আছে তাকেই মন্ত্ৰীগৰাকীয়ে পাকে- প্ৰকাৰে বুজাব বিচাৰিছে ৷ মন্ত্ৰী গৰাকীয়ে ল

নগাঁৱত নুৰুল আমিন স্মৃতি দিৱস আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন

Image
নগাঁৱত নুৰুল আমিন স্মৃতি দিৱস আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন       নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ আগষ্টঃ নগাঁও ক্ৰীড়া সংস্থাই নুৰুল আমিন স্মৃতি দিৱস আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটি ক'ভিড-১৯ৰ বাবে শনিবাৰে অনুষ্টুপীয়াকৈ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত কৰে। ২৯ আগষ্টৰ দিনটোতে অসমৰ বৰেণ্য পুৰুষ, ক্ৰীড়াবিদ নুৰুল আমিনৰ মৃত্যু হৈছিল । সেয়ে তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে নুৰুল আমিন স্মৃতি দিৱস আৰু ভাৰতবৰ্ষৰ হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে । এই মৰ্মে পুৱা নগাঁও ক্ৰীড়া সংস্থাৰ পতাকা সভাপতি ৰাজেন গোঁহাইয়ে উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে নুৰুল আমিন সম্পৰ্কে উপ সভাপতি তপন কুমাৰ শৰ্মাই আলোকপাত কৰাৰ বিপৰীতে ধ্যানচান্দৰ ওপৰত অসম হকীৰ সম্পাদক তপন কুমাৰ দাসে বক্তব্য ৰাখে । নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰন সম্পাদক প্লাৱন বৰুৱাই সামগ্ৰিকভাৱে আঁত ধৰা অনুষ্ঠানটোৰ পিছত নুৰুল আমিন আৰু ধ্যানচান্দৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰি দুয়োগৰাকী ব্যক্তিক সকলো বিষয়ববীয়া তথা সদস্যই পুষ্পাৰ্ঘ অৰ্পনৰে শ্ৰদ্ধাৰে সোঁৱৰে । তদুপৰি অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰ

ধৰ্মপ্ৰাণ মহিলা জানু দত্তৰ পৰলোক

Image
ধৰ্মপ্ৰাণ মহিলা জানু দত্তৰ পৰলোক ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰাঃ ২৯ আগষ্টঃ শিমলুগুৰি লোণপুৰীয়া গাঁৱৰ নিবাসী ধৰ্ম প্ৰাণা মহিলা জানু দত্তৰ আজি বিয়লি পাঁচ বজাত নিজা বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে  । কেইমাহমান ধৰি  শয্যাগত হৈ ৰোৱা সৰবৰহী মহিলা গৰাকী প্ৰয়াত যজ্ঞেশ্বৰ দত্তৰ পত্নী আৰু দূৰদৰ্শন/ প্ৰতিদিন টাইমৰ সাংবাদিক মনোজ দত্তৰ মাতৃ আছিল । নামঘৰ আৰু কৃষি ভিত্তিক সংস্কৃতিৰে অভিন্ন হৈ ৰোৱা জানু দত্তৰ বয়স হৈছিল ৭৮ বছৰ । দুজন পুত্ৰসহ বোৱাৰী আৰু এগৰাকী জীসহ জোঁৱাইক এৰি থৈ যোৱা প্ৰয়াত দত্তৰ অন্তিম সংস্কাৰ ৰাজহুৱাভাৱে গধূলিলৈ সম্পন্ন কৰা হয় । তেওঁৰ মৃত্যুত নাজিৰা প্ৰেছ ক্লাৱ, নাজিৰা জিলা সাংবাদিক সংস্থা, শিমলুগুৰি প্ৰেছ গীল্ডে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে  ।  নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

শিক্ষাৰ স্নাতক ডিগ্ৰী লৈয়ো শাৰিৰীক শিক্ষা নিৰ্দেশকসকল নিয়োগৰ পৰা আজিও বঞ্চিত-

Image
শিক্ষাৰ স্নাতক ডিগ্ৰী লৈয়ো শাৰিৰীক শিক্ষা নিৰ্দেশকসকল নিয়োগৰ পৰা আজিও বঞ্চিত- এইসকল প্ৰশিক্ষণপ্ৰাপ্ত নিৰ্দেশকৰ দূৰবস্থাৰ বুজ কোনে ল'ব* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ আগষ্ট* শিক্ষাত শাৰীৰিক অনুশীলন ৷ দৰাচলতে নীতিগতভাৱে এক বাধ্যতামূলক বিষয় ৷ বাধ্যতামূলক নহয় কেবল বিভাগ ৷ শুই আছে এই ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰনালয় বিভাগ ৷ কিয়নো আজিও বহু প্ৰশিক্ষিত চাকৰি প্ৰত্যাশী নিবনুৱা ৷ বিদ্যালয়সমূহত শাৰিৰীক শিক্ষাক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে সৰ্বত্ৰে সমালোচিত হৈ আহিছে । দূৰ্ভাগ্যৰ বিষয় যে আজিলৈ সেই কাম সম্পূৰ্ণ হৈ উঠা নাই যাৰ ফলত চাকৰি প্ৰত্যাশী অসমৰ প্ৰায় ৬৫০০ গৰাকী প্ৰাৰ্থী আশাত বন্দী হৈ বৰ্তমান তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । তেওঁলোকৰ সুনিশ্চিত ভবিষ্যত গঢ়াৰ লগতে ক্ৰীড়াৰ কিছু কাম কৰাৰ মানসিকতাৰে নিজৰ গাঠিৰ ধন খৰছ কৰি ক্ৰীড়া বিষয়ক পাঠ্যক্ৰম সুখ্যাতিৰে উৰ্তীৰ্ণ হৈ আহি বছৰ বছৰ ধৰি ঘৰতে এনেই বহি থাকিবলগীয়া হৈছে । এই বিষয়ক লৈ চৰকাৰৰ ঘৰত তাঁত-বাতি কাঢ়ি-কাঢ়ি আজিলৈ একো সুফল পাবলৈ সক্ষম হোৱা নাই । এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ জন্ম দিব পাৰে

অসম আন্দোলনৰ গুৰি ধৰোতা নলবাৰীৰ জেষ্ঠ অগপ নেতা অকন মল্ল বৰুৱাৰ দেহাৱসান

Image
অসম আন্দোলনৰ গুৰি ধৰোতা নলবাৰীৰ জেষ্ঠ অগপ নেতা অকন মল্ল বৰুৱাৰ দেহাৱসান- শেষ শ্ৰদ্ধাঞ্জলি বহু দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষৰ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ আগষ্ট* মৃত্যু যদিও সহজ বৰ কঠিন বাস্তৱ ৷ জাতীয়তাবাদী শিবিৰৰ এগৰাকী আপোচবিহীন নেতাৰ মৃত্যুত আজি শোকৰ ছাঁ পৰিছে । নলবাৰী জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা অসম আন্দোলনৰ গুৰি ধৰোতা সদৌ অসম ছাত্ৰ সন্থাৰ মাধ্যম আন্দোলনৰ নেতা, জাতীয়তাবাদী শিবিৰৰ অক্লান্ত যোদ্ধা, গণ সংগ্ৰাম পৰিষদৰ সুদক্ষ নেতা, অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ বহু বছৰ ধৰি সভাপতিৰ আসন অলংকৃত কৰা সু-অভিনেতা, কৃতী খেলুৱৈ অকন মল্ল বৰুৱা আৰু নাই ৷ নলবাৰী জিলাৰ এক অতি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ৬১নং ধৰ্মপুৰ ৷ এই সমষ্টিৰে এইগৰাকী পুৰোধা ৰাজনীতিবিদ অগপ নেতা নলবাৰীৰ প্ৰাক্তন পৌৰপতি অকণমল্ল বৰুৱাক কুৰিৰো অধিক  দল-সংগঠনে যোৱা ৮ জুলাইত নলবাৰীৰ নিজ পকোৱা গাঁৱৰ নিজা বাসগৃহত সম্বৰ্ধনা জনাইছিল ৷ 'অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদক উদ্ধুদ্ধ কৰাৰ বাবে নতুন প্ৰজন্মক আগবঢ়াই নিয়ক, মই কোনোকালে ক্ষমতাৰ পিচত দৌৰা নাই, জীৱনৰ শেষ মূহূৰ্তলৈকে দলৰ প্ৰতি সেৱা আগবঢ়

কুজিদাঁহ-জামুগুৰিত দুটাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ আগষ্টঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত দলংঘাট উন্নয়ন খণ্ডৰ জামুগুৰি-কুজিদাঁহ গাওঁ পঞ্চায়তত শুকুৰবাৰে বিধায়িকা আঙুৰলতা ডেকাই দুটাকৈ পথৰ আধাৰশিলা স্থাপনৰ বিপৰীতে এটা সামূহিক ভৱন উদ্বোধন কৰাৰ লগতে কেইবাটাও নামঘৰত বিধায়ক উন্নয়ন পুঁজিৰ অনুদান চেক বিতৰন কৰে ৷ সেই অনুসৰি পুৱা দহ বজাত গড়কাপ্তানি (পথ) বিভাগৰ তত্ত্বাৱধানত ৰাজ্যৰ স্বশিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ ২০১৯-২০ বৰ্ষৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৩নং ৰাজ্যিক পথৰ পৰা জামুগুৰি সংযোগী আৰু কুজিদাঁহ-হাতীচোং মহাবিদ্যালয় সংযোগী পথ দুটাৰ আধাৰশিলা স্থাপন কৰাৰ পাছত চতুৰ্দশ বিত্তীয় আয়োগৰ আৱন্টিত পুঁজিৰে নিৰ্মিত কুজিদাঁহ শ্ৰীমন্ত শংকৰ চ’ৰা কলা পৰিষদৰ সামুহিক ভৱনটি শুভ উদ্বোধন কৰে ৷ তদুপৰি উক্ত পঞ্চায়তৰ দহটাকৈ নামঘৰত উন্নয়ণমূলক কামৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে বিধায়িকাগৰাকীয়ে ৷  এই আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়িকা গৰাকীয়ে বিজেপি নেতৃত্বাধীন মিত্ৰ জোটৰ চৰকাৰখনে অসমৰ ৰাইজৰ বাবে কৰি অহা বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহৰ দ্বাৰা গ্ৰামাঞ্চলৰ ৰাইজ কেনেদৰে উপকৃত হৈছে সেই বিষয়ে উপস্থিত ৰাইজৰ সন্মুখত ব্যক

CLPF Organized Webinar on Coalition Building for Tobacco Free Assam

Image
Guwahati, August 28: Consumers’ Legal Protection Forum, Assam (CLPF) in association with Campaign for Tobacco Free Kids (CTFK) and Consumer Voice New Delhi organized a webinar with the civil society organization on coalition building for tobacco free Assam on Friday. The webinar was attended by more than 60 civil society organizations from 33 districts of Assam along with the participants from the other state of India. The inaugural speech was delivered by Dr. Amal Chandra Kataki director, B Barooah Cancer Institute, Guwahati on “status of tobacco control in Assam, and how civil society should work to control the prevalence”. Advocate Ajoy Hazarika, Secretary, CLPF moderate the webinar. Other speakers delivered speeches in different topics like Dr. Arunduti Deka, Assam State Nodal Officer, NTCP on “tobacco control in Assam”, Narendar Kumar, Principal Consultant (State Policy) CTFK on “civil society and the Govt collective efforts for tobacco free Assam”, Ashim Sanyal, COO,

প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলৰ শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

Image
গোলাঘাট,২৮ আগষ্ট :--- এইবাৰ অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ স্মাৰক পত্ৰ প্ৰদান ছাত্ৰ সমাজৰ। নিজ প্ৰাপ্য বিচাৰি গোলাঘাট উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে ২০১৯ বৰ্ষত  উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰী সমাজে । ২০১৯ বৰ্ষত প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক জ্ঞানদিপিকা‌ নামৰ আঁচনিৰ জৰিয়তে ই-বাইক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি পৰ্যন্ত ই-বাইক দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। বৰ্তমান পুনৰ ২০২০ বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক এক নতুন কৈ ঘোষণা কৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ই বাইক দিয়াৰ ব্যৱস্থা কৰিছে। সেইবাবে ছাত্ৰী সকলৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ আহ‌বান ২০২০ বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলৰ লগতে ২০১৯ বৰ্ষৰ উত্তীৰ্ণ ছাত্ৰী সকলক ই বাইক প্ৰদান কৰক। পৱিত্ৰ সদনত উল্লেখ কৰা আঁচনিৰ সফল ৰূপায়ন কৰি ২০১৯ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলকো নিজ প্ৰাপ্য প্ৰদান কৰক।

নলবাৰীৰ ঘগ্ৰাপাৰত মহাপুৰুষীয়া সমাজৰ কাৰ্যনিৰ্বাহক সভা- কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

Image
নলবাৰীৰ ঘগ্ৰাপাৰত মহাপুৰুষীয়া সমাজৰ কাৰ্যনিৰ্বাহক সভা- কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ আগষ্ট* নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠস্থান বাৰঘৰীয়া বাৰগোপাল থানত আজি মহাপুৰুষীয়া সমাজৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । মহাপুৰুষীয়া সমাজৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজন হোৱা সভাখনত সভাপতিত্ব কৰে সম্পাদক প্ৰধান তিলক শইকীয়াই । নলবাৰী, কামৰূপ (গ্ৰাম্য), দৰং, ওদালগুৰি আদি জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে । সভাখনত মহাপুৰুষীয়া সমাজৰ উপসভাপতি দণ্ডেশ্বৰ মেধি, ভাৰপ্ৰাপ্ত সভাপতি দানেশ্বৰ ডেকা, যুটীয়া সম্পাদক মিলিক কুমাৰ, কেন্দ্ৰীয় আই-মাতৃ মঞ্চৰ প্ৰাক্তন সম্পাদিকা পখিলা কুমাৰ, প্ৰচাৰ সাংগঠনিক সম্পাদক বৃষ্টি ৰাম ৰাভাকে ধৰি বহুকেইজন কৰ্মকতাই ভাষণ প্ৰদান কৰে । সামাজিক দূৰত্ব বজাই আয়োজন কৰা সভাখনত শতাধিক আই-মাতৃয়ে অংশগ্ৰহণ কৰে । *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

বঙাইগাঁৱত আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল

Image
বঙাইগাঁৱত আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল  জিলাখনত বান পানীৰ ফলত হোৱা ক্ষয়- ক্ষতিৰ বুজ ললে দলটোৱে  বঙাইগাঁওঃ ২৭ আগষ্ট: বঙাইগাঁও জিলাত কিছুদিন পূৰ্বে হৈ যোৱা বান পানীৰ ফলত হোৱা ক্ষয়- ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনত এক বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল উপস্থিত হৈ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে ৰাজ্যখনৰ আন আন জিলাৰ লগতে বঙাইগাঁও জিলাতো বান পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল। যোৱা ২৭ জুনৰ পৰা জিলাখনৰ মুঠ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে সৃজনগ্ৰাম, বইটামাৰী, বঙাইগাঁও আৰু মানিকপুৰৰ অন্তৰ্গত বহু এলেকা বানৰ কৱলত পৰাত বিস্তৰ ক্ষতি হৈছিল। জিলাখনত সেই বানৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ বুজ ল'বলৈ বঙাইগাঁৱত আহি উপস্থিত হয় আন্তঃ মন্ত্ৰণালয়ৰ এই বিশেষ কেন্দ্ৰীয় দলটি ৷ কলকাতাস্থিত কৃষি মন্ত্ৰালয়ৰ সঞ্চালক নৰেন্দ্ৰ কুমাৰৰ প্ৰতিনিধিত্বত অহা দলটোত গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উপ-সচিব হৰিশ কুমাৰ বশিষ্ট আৰু এ.এছ.ডি.এম.এ ৰ তৰফৰ পৰা ৰাজ্যিক পৰ্য্যায়ত প্ৰ'ট'ক'ল বিষয়া হিচাবে অহা মিৰ্জা মহম্মদ ঈৰ্ষাদ আছিল। দলটো বিয়লি ৩.৩০ বজাত জিলাখনত উপস্থিত হৈ  পোনে পোনে মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং জ

বেৰী হোৱাইট ইন ক'ৰাপছনে উত্তৰে -পূবত প্ৰস্তুত কৰিব এন-৯৫ মাস্ক

Image
 ষ্টাফৰিপ'ৰ্টাৰ,,,২৭ আগষ্ট কোৰোনা মহামাৰীৰ সময়ছোৱাত "বেৰী হোৱাইট ইন ক'ৰাপছন -এ উত্তৰ-পূৰ্বাঞ্চলত এন-৯৫ মাস্ক প্ৰস্তুত কৰাৰ কথা অনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে। বেৰী হোৱাইট ইন ক'ৰাপছনে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ আৰ্থ মেনুফেক্সৰিং ফেকাল্টি ইন ব্ৰহ্মপুত্ৰ ইণ্ডাটয়েল পাৰ্কত প্ৰস্তুত কৰা হ'ব। এন-৯৫ মাস্ক। এই সন্দৰ্ভত যুৱ ব্যৱসায়ী ৰবি পাছাৰীয়ে কয়"-কোৰোনা মহামাৰীত বহু নিযুত লোক আক্ৰান্ত হৈছে। শেহতীয়াকৈ দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "আত্মনিৰ্ভৰশীল ভাৰত, লোকেল ফৰ ভোকেল, গঢ়াৰ ঘোষণা কৰিছিল। আমি প্ৰধানমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমি উত্তৰ -পূবত এন ৯৫  মাস্ক প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছোঁ"। তেওঁ লগতে কয়" আমাৰ উদ্যোগত প্ৰত্যক্ষভাৱে ৩০ জন লোক জড়িত হ'ব আৰু পৰোক্ষভাৱে শতাধিক লোক জড়িত হ'ব"।

পাঠশালাত প্ৰেছ গীল্ডৰ ষষ্ঠদশ বাৰ্ষিক অধিবেশন সম্পন্ন

Image
পাঠশালাত প্ৰেছ গীল্ডৰ ষষ্ঠদশ বাৰ্ষিক অধিবেশন সম্পন্ন  #বজালী জিলা প্ৰেছ গীল্ড গঠন# সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ আগষ্টঃ বজালী প্ৰেছ গীল্ডৰ ষষ্ঠদশ বাৰ্ষিক অধিবেশন আজি দিনযোৰাকৈ পাঠশালাৰ আজাদ ভৱন প্ৰাংগনত অনুষ্ঠিত হয়। পাঠশালাৰ আজাদ ভৱন প্ৰেক্ষাগৃহত বৃহত্তৰ বজালীৰ বহুসংখ্যক সাংবাদিক আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত বজালী প্ৰেছ গীল্ডক উন্নিত কৰি বজালী জিলা প্ৰেছ গীল্ড নামৰ অনুস্থান এটা গঠন কৰা হয়। বিশিষ্ট সাংবাদিক-লেখক নাগেশ্বৰ দাসৰ সভাপতিত্বত সাংবাদিকতাৰ ওপৰত এখনি আলোচনা চক্ৰও অনুষ্ঠিত হৈ যায়। "সংবাদক্ষেত্ৰ আৰু সামাজিক দায়ৱদ্ধতা"  বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনৰ মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা বজালী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড° বসন্ত কুমাৰ শৰ্মাই। সাংবাদিক-লেখক নাগেশ্বৰ দাসে সঞ্চালনা কৰা আলোচনা চক্ৰখনত ড° বসন্ত কুমাৰ শৰ্মাই কয়- সমাজত সাংবাদিক সকলৰ দায়বদ্ধতা সবাতোকৈ বেছি , যিকোনো বাতৰি শুদ্ধ - শুদ্ধতা  নোচোৱাকৈ সাংবাদিকে বাতৰি পৰিবেশন কৰিব নালাগে। সাংবাদিকসকলে তেওঁলোকৰ ধাৰাল কলম সদায় সত্য অনুসন্ধানত ব্যৱহাৰ ক

উত্তৰ কামৰূপৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য-আচাৰ্যা, কৰ্মচাৰীৰ ক'ভিড টেষ্ট সম্পন্ন

Image
পঙ্কজ নাথ, চাংসাৰি, ২৭ আগষ্ট : উত্তৰ কামৰূপৰ এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ প্ৰথম প্ৰদক্ষেপ হাতত লোৱা হৈছে। উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰিসৰ ক'ভিড মুক্ত কৰি ৰাখি নিকেতনে যাতে চৰকাৰী নিৰ্দেশ পোৱা মাত্ৰকেই শ্ৰেণীত পাঠদান আৰম্ভ কৰিব পাৰি তাৰবাবে ক'ভিড টেষ্ট প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । আজি উত্তৰ গুৱাহাটী অভয়পুৰস্হিত প্ৰথমিক বিদ্যালয়ত চৰকাৰী স্বাস্থ্যকৰ্মীয়ে আচাৰ্য-আচাৰ্যাবৃন্দৰ লগতে কৰ্মচাৰীসকলৰ ক'ভিড টেষ্ট কৰে। ইতিমধ্যে নিকেতন পৰিসৰ চেনিটাইজ কৰা হৈছে। পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে পৰীক্ষণ প্ৰক্ৰিয়াত নিকেতনৰ প্ৰতি গৰাকী আচাৰ্য-আচাৰ্যাই এই টেষ্টত নিগেটিভ হিচাপে চিহ্নিত হোৱাৰ বিপৰীতে মাত্ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পুলক দাসৰ ক'ভিড পজিটিভ পোৱা যায়। স্বাস্থ্য বিভাগ আৰু চৰকাৰী নীতি নিৰ্দেশনা মানি নিকেতনৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনা প্ৰয়াস অব্যাহত থাকিব। পৰিচালনা সমিতিৰ অনুৰোধ মৰ্মে প্ৰধান আচাৰ্য উৎপল তালুকদাৰৰ নেতৃত্বত ক'ভিড ট

শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ মূল প্ৰৱেশদ্বাৰৰ দুয়ো কাষে দেৱীৰ বাহন দুটা বাঘ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

Image
শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ মূল প্ৰৱেশদ্বাৰৰ দুয়ো কাষে দেৱীৰ বাহন দুটা বাঘ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ।  পঙ্কজ নাথ, চাংসাৰি , ২৭ আগষ্ট : কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ শক্তিপীঠ শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় । ইয়াতে ৠষি মাৰ্কণ্ডেয়ই  সিদ্ধি লাভ কৰি মাৰ্কণ্ডেয় পুৰাণ লিখিছিল বুলি প্ৰবাদ আছে। এই দেৱালয় মূল প্ৰৱেশদ্বাৰত দেৱীৰ বাহন নিৰ্মাণৰ বহুদিন পৰিকল্পনাই আজি গতি লাভ কৰে। বিশ্ব হিন্দু পৰিষদ আমিনগাঁও উত্তৰ গুৱাহাটী প্ৰখণ্ডৰ মঠ মন্দিৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে  শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ মূল প্ৰৱেশদ্বাৰৰ দুয়ো কাষে দেৱীৰ বাহন নিৰ্মাণ  কাৰ্যৰ শুভাৰম্ভ কৰা হয় ।  উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী যুৱ ব্যৱসায়ী তথা বিশ্ব হিন্দু পৰিষদৰ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ সম্পাদক জ্যোতিপ্ৰসাদ তামুলীয়ে দেৱালয় পৰিচালনা সমিতিৰ অনুৰোধ মৰ্মে  শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় মূলদ্বাৰত দেৱীৰ বাহন বাঘ দুটা নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। এই উপলক্ষে আজি পূৱা বৈদিক পদ্ধতিৰে পূজা অৰ্চনা কৰি কামৰ আৰম্ভণি কৰা হয়। এই অনুষ্ঠানত শ্ৰী শ্ৰী দী

এয়াৰটেল প্ৰিপেইড গ্ৰাহকসকলৰ বাবে এয়াৰটেল থেংকচ এপ এতিয়াৰে পৰা অসমীয়াত উপলব্ধ।

ষ্টাফৰিপ'ৰ্টাৰ,,,২৭ আগষ্ট।। ডিজিটেল উদ্ভাৱনৰ হস্তক্ষেপৰ জড়িয়তে গ্ৰাহকৰ যাত্ৰা সৰল কৰি তোলাৰ অংশস্বৰূপে ভাৰতী এয়াৰটেল (এয়াৰটেলে) বৃহস্পতিবাৰে প্ৰিপেইড গ্ৰাহক সকলৰ বাবে অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল থেংকচ এপ মুকলিৰ কথা ঘোষণা কৰিছে। এই বৈশিষ্ট্যটো এণ্ডৰয়ড   ইতিমধ্যে  উপলব্ধ আৰু আই অ এছ ত অতি সোনকালেই উপলব্ধ হ'ব। এয়াৰটেল থেংকচ এপৰ এই নতুন বৈশিষ্ট্যই এয়াৰটেলৰ গ্ৰাহক সকলক অধিক গ্ৰহণযোগ্য হোৱাৰ লগতে ভাষাই সৃষ্টি কৰা বাধা আঁতৰ কৰি ব্যৱহাৰকাৰীক সৰল আৰু অধিক সক্ৰিয় অভিজ্ঞতা আগবঢ়াব। এই এপটোই এয়াৰটেল স্মাৰ্টফোন গ্ৰাহক সকলক ডিজিটেল চেল্ফ কেয়াৰ-ৰিচার্জ কৰিবলৈ, বিল পৰিশোধ কৰিবলৈ, প্ৰকৃত ডাটা ব্যৱহাৰৰ বিতং তথ্যৰ বাবে প্ৰবেশাধিকাৰ আগবঢ়াই। চিওও, ভাৰতী এয়াৰটেলৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিঅঅ শোভান মূখাৰ্জীয়ে এই সন্দৰ্ভত বকয়"-যিহেতু ভৰত স্মাৰ্টফোনৰ দেশলৈ পৰিৱৰ্তিত হৈছে, বৰ্তমান ৩৫ শতাংশৰো ৰো ওচৰা -ওচৰি। এয়াৰটেল থেংকচ এপ ব্যৱহাৰকাৰীৰ ২/৩ চহৰ আৰু গাঁৱৰ বজাৰ সমূহৰ পৰা আহে। অসমীয়া ভাষাৰ সমৰ্থনযুক্ত এয়াৰটেল ঠেংকচ এপ আৰু অধিক প্ৰাসংগিক তথা স্থানীয় গ্ৰাহকসকলৰ বাবে প্ৰৱেশযোগ্য আৰু তেওঁলোকৰ এয়াৰটেল

বৰপেটাত উপায়ুক্তৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ গ্ৰাম্য যোজনাৰ ২৭ ট্ৰেক্টৰ বিতৰণ :

Image
বৰপেটা, ২৭ আগষ্ট: মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আজি বৰপেটা জিলাত ২৭ খন ট্ৰেক্টৰ কৃষি আত্মসহায়ক গোটৰ মাজত বিতৰণ কৰা হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই  বৰপেটা জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এটি চমু অনুষ্ঠানত এই ট্ৰেক্টৰ কেইখন আনুষ্ঠানিকভাৱে বিতৰণ কৰে। তেওঁ হিতাধিকাৰী গোট সমূহক শুভেচ্ছা জনাই এই অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত কৃষি উৎপাদন দুগুণলৈ বৃদ্ধি কৰাৰ প্ৰচেষ্টাত ব্ৰতী হবলৈ আহ্বান জনায়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বৰ্তাই ৰাখি সীমিত পৰিসৰত অনুষ্ঠিত এই অনুষ্ঠানত জিলা কৃষি বিভাগৰ জেষ্ঠ বিষয়া আৰু বিভিন্ন কৃষি আত্মসহায়ক গোটসমূহৰ সভাপতি-সম্পাদক সকলো উপস্থিত থাকে। আজি বিতৰণ কৰা ট্ৰেক্টৰ সমূহৰ ভিতৰত ১৭ খন এছকোৰ্ট প্ৰতিষ্ঠানৰ আৰু ১০ খন এম এণ্ড এম স্বৰাজ প্ৰতিষ্ঠানৰ বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

গীত কামৰূপাৰ বিৰুদ্ধে এজাহাৰ দাখিলঃ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সংগঠনে

Image
গীত কামৰূপাৰ বিৰুদ্ধে এজাহাৰ দাখিলঃ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সংগঠনে ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৭ আগষ্ট : ঐতিহাসিক গৰিমামণ্ডিত শিৱসাগৰ জিলাখন ঐক্য সম্প্ৰিতীৰ এক উজ্জল নিদৰ্শন। শিৱসাগৰ বাসী ৰাইজে কেতিয়াও অন্যায় অবিচাৰক পশ্চয় দিয়া নাই আৰু কাহানিও নিদিয়ে।  শিৱসাগৰ বাসী ৰাইজৰ এই ঐতিহ্যপূৰ্ণ আদৰ্শগত ধ্যান ধাৰণাক যেন কুঠাৰাঘাট কৰিছে গীত কামৰূপা ওৰফে জ্যোতিকা ভদ্ৰাজ নামৰ এগৰাকী মহিলাই । নিজকে মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ অসমৰ অধ্যক্ষা বুলি চিনাকি দিয়া মহালিগৰাকীয়ে শিৱসাগৰৰ নাৰী সমাজ, শিৱসাগৰৰ সমূহ দল সংগঠন দেহ ব্যবসায়ত জড়িত আছে বুলি গুৰুত্ব অপৰাধজনিত মন্তব্য কৰি সমগ্ৰ শিৱসাগৰবাসী ৰাইজক সামাজিক ভাবে আত্মসন্মান হানী কৰি চুড়ান্ত অপমানিত কৰিছে । দল সংগঠন সমুহে ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰি সমগ্ৰ ঘটনাটিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে  |  শিৱসাগৰ সদৰ থানাত গীত কামৰূপাৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰিছে  সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰই | সংগঠনটোৰ সাধাৰণ সম্পাদকে উল্লেখ কৰে যে কিছু দিনৰ আগত সত্যৰঞ্জন বড়া নামৰ এগৰাকী নিকৃষ্ট মানসিকতাপূৰ্ণ ব্যক্তিয়ে শিৱসাগৰ জ

চিৰাঙত জংঘলত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ

Image
বঙাইগাঁওঃ ২৭ আগষ্টঃ চিৰাং জিলাৰ  বিজনী থানাৰ অন্তৰ্গত এক নম্বৰ উত্তৰপাৰা গাঁৱত আজি পুৱতি নিশা  চিৰাং আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত মাটিত পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ কৰে ৷ এই সন্দৰ্ভত  চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিজনী মহকুমা আৰক্ষী বিষয়া আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ স'তে যৌথভাৱে পুৱতি নিশা চাৰিমান বজাত চলোৱা অভিযানত  লাডাংগুৰি আৰু সুবাইঝাৰ গড়কাপ্তানি পথৰ পৰা ৭০- ৮০ মিটাৰমান দূৰত জংগলত পলিথিনেৰে মেৰিয়াই পুতি থোৱা অৱস্থাত এই মাৰণাস্ত্ৰ উদ্ধাৰ কৰে৷ অভিযানকাৰী দলে চলোৱা অভিযানত দুটা একে চিৰিজৰ ৰাইফলসহ তিনিটা মেগজিন, ১৬৭ টা এ কে চিৰিজৰ সজীৱ গুলি আৰু ৭ টা ৫.৫৬ চিৰিজৰ মাৰণাস্ত্ৰৰ গুলি উদ্ধাৰ কৰে ৷ এই ঘটনা সন্দৰ্ভত অভিযানকাৰী দলে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও বিজনী থানাত পঞ্জীয়ন কৰা এক গোচৰৰ ভিত্তিত  তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চিৰাং আৰক্ষীয়ে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে এই অস্ত্ৰখিনি পূৰ্বে জিলাখনত সক্ৰিয় হৈ থকা কোনোবা উগ্ৰপন্থী সংগঠনৰ হ'ব পাৰে বুলি সন্দেহ প্ৰ

গোলাঘাটৰ জ্যোতি নগৰত মদৰ ঘাটি উৎখাত

Image
গোলাঘাটৰ জ্যোতি নগৰত মদৰ ঘাটি উৎখাত :----গোলাঘাট, ২৭ আগষ্ট :----  গোলাঘাটত মদৰ ঘাটি উৎখাত। গোলাঘাটৰ জ্যোতি নগৰত আৰক্ষীয়ে উৎখাত কৰে মদৰ ঘাটিটো। মদৰ ঘাটিৰ পৰা ৮ জনকৈ লোকক কাৰায়ত্ব কৰে আৰক্ষীয়ে। মদৰ ঘাটি পৰিচালনা কৰা কলিতানী নামৰ মহিলা গৰাকীকো আৰক্ষীয়ে কাৰায়ত্ব কৰিছে। এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত উৎখাত চলাই মদৰ ঘাটিটো। গোলাঘাট আৰক্ষীয়ে গোলাঘাটৰ জ্যোতি নগৰত এটা মদৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়। এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে অভিযান চলাই মদৰ ঘাটিৰ পৰা ৮ জনকৈ লোকক কাৰায়ত্ব কৰে। আৰক্ষীয়ে কাৰায়ত্ব কৰা ৮ জনলোকেই সম্ভ্ৰান্ত পৰিয়ালৰ আৰু এজন শিক্ষক। জ্যোতি নগৰৰ উক্ত ঘাটিটো মদৰ লগতে নাৰী ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে অভিযোগ কাৰী মহিলা গৰাকীয়ে। কলিতানীৰ নেতৃত্বতে ঘৰৰ ভিতৰত ছোৱালী ৰাখি ব্যৱসায় চলাই অহাৰ অভিযোগ। কলিতানীৰ ঘৰৰ সন্মুখত গাড়ী বাইকে ভৰি থাকে। বহু পুৰুষক ঘৰতে ৰাখি ব্যৱসায়টো চলাই আহিছে কলিতানীয়ে। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

অগ্নি কাণ্ডত সৰ্ব্বহাৰা হোৱা পৰিয়ালক কংগ্ৰেছৰ সহায়ৰ হাত

Image
অগ্নি কাণ্ডত সৰ্ব্বহাৰা হোৱা পৰিয়ালক কংগ্ৰেছৰ সহায়ৰ হাত :--- ,গোলাঘাট,২৭ আগষ্ট :---- মঙ্গলবাৰে গোলাঘাট শ্ৰীমন্ত নগৰত সংঘটিত হোৱা ভয়ঙ্কৰ অগ্নিকাণ্ডই সৰ্বহাৰা কৰিছিল কেইবাটাও পৰিয়ালক। বৰ্তমান এই কেইটা পৰিয়াল শ্ৰীমন্ত নগৰৰ হৰগৌৰী বিবাহ ভৱনত আশ্ৰয় গ্ৰহণ কৰি আছে। অগ্নিকাণ্ডৰ ফলত পৰিয়াল কেইটাই নিজ ঘৰৰ পৰা কোনো বস্তুৱে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। বৰ্তমান সৰ্বহাৰা হৈ পৰা পৰিয়ালৰ কাষত থিয় হৈছে বহু লোক। গোলাঘাটৰ বিধায়িকাৰ নিৰ্দেশত সৰ্বহাৰা হোৱা পৰিয়ালটোক কিছু সকাহ দিবলৈ উপস্থিত হয় কংগ্ৰেছ দলৰ কেইজনমান যুৱ নেতা। কংগ্ৰেছ দলৰ সদস্য সকলে প্ৰতিটো পৰিয়ালক একোটা গেছৰ চিলিণ্ডাৰ সহ চৌকা, পুৰুষ মহিলাৰ বাবে পিন্ধিবৰ কাপোৰ, চাইল আদি দি সকাহ প্ৰদান কৰিছে। প্ৰয়োজন সাপেক্ষে বিধায়িকা অজন্তা নেওগে পৰিয়াল কেইটাক অভাৱ দূৰ কৰিবলৈ আৰু সুবিধা প্ৰদান কৰিব বুলি কংগ্ৰেছৰ যুৱ নেতা তপন দত্ত আৰু হৰপ্ৰীত সিঙ কলশীয়ে আশ্বাস প্ৰদান কৰে।

যুৱ মঞ্চ বৰবৰী, নলবাৰীৰ উদ্যোগত আৰু বৰবৰী ভলীবল ক'চিং চেণ্টাৰৰ সহযোগত ভলীবল প্ৰশিক্ষণে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি*

Image
ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ আগষ্ট* ক্ৰীড়াজগতত নলবাৰী সদায়েই আগবঢ়া ৷ ক্ৰীড়াৰ পথাৰৰ পৰাই নলবাৰীৰ যুৱপ্ৰজন্মৰ বহুজনে ইতিমধ্যে উজলি উঠিছে ৷ নলবাৰী জিলাৰ অন্তৰ্গত যুৱমঞ্চ বৰবৰীৰ উদ্যোগত আৰু বৰবৰী ভলীবল ক'চিং চেণ্টাৰৰ সহযোগত ভলীবল খেলৰ অনুশীলন আৰম্ভ কৰা হৈছে । নলবাৰীৰ বৰবৰী ভলীবল ক্ষেত্ৰখনৰ এক অন্যতম চিনাকী নাম । সময়ে সময়ে তেওঁলোকে ভলীবলৰ প্ৰতিযোগিতা আৰু ভলীবলৰ অনুশীলনৰ জড়িয়তে বহুকেইজন প্ৰতিভাৱান খেলুৱৈৰ জন্ম দিছে । বহুকেইজনে ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলৰ জাৰ্চী পিন্ধিবলৈও সক্ষম হৈছে । কেইবছৰমান তেওঁলোকৰ এই কাম স্থৱিৰ হৈ পৰিছিল যদিওঁ পুনৰ তেওঁলোকে খেলুৱৈৰ প্ৰশিক্ষণৰ অভাৱ দূৰ কৰিবলৈ উঠি পৰি লাগিছে । এই ক্ষেত্ৰত অসম ভলীবল মিছন-১০০ ৰ অন্যতম সদস্য, প্ৰাক্তন ভলীবল খেলুৱৈ,  ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল পৰিচালক তথা শাৰীৰিক নিৰ্দেশক দেৱজিৎ ডেকাৰ আশাশুধীয়া প্ৰচেষ্টাত বৰবৰীত ভলীবলে প্ৰাণ পায় উঠিছে । লক্ ডাউনৰ বাবে যিহেতু এতিয়ালৈ চৰকাৰীভাৱে খেলপথাৰ মুকলি কৰি দিয়া নাই সেয়েহে সীমিতসংখ্যক খেলুৱৈৰ দ্বাৰা ভলীবল অনুশীলন আৰম্ভ কৰিছে প্ৰশিক্ষক ডেকাই । অনুমতি পালেই ব

টাটা মটৰ্ছে মুকলি কৰিলে ভাৰতৰ সৰ্ববৃহৎ টিপাৰ ট্ৰাক ছিগনা ৪৮২৫ টি কে

ষ্টাফৰিপ'ৰ্টাৰ,,,,২৬ আগষ্ট। টাটা মটৰ্ছে বুধবাৰে ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৪৭.৫ টন ওজনৰ মাল্টি এক্সেল টিপাৰ ট্ৰাক ছিগনা ৪৮২৫.টি কে' ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। মূলত কয়লা আৰু অন্যান্য নিৰ্মাণ খণ্ডৰ সামগ্রী পৰিবহনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি নিৰ্মাণ কৰা ছিগনা ৪৮২৫ টি কে'ৰ ২৯ কিউবিক মিটাৰ বক্সে অন্যান্য বাহনৰ তুলনাত অধিক ওজন কঢ়িয়াবলৈ সক্ষম হ'ব। বাহনখনৰ নিৰ্মাণৰ ক্ষেত্রত টাটা মটৰ্ছে পাৱাৰৰ ৬টা ফিলশ্বপীৰ লগতে উচ্চ আয়, স্বত্বাধিকাৰীৰ নিম্ন ব্যয়, উন্নত প্ৰদৰ্শন,চালকৰ সুবিধা সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত টাটা মটৰ প্ৰডাক্ট  লাইন এমএছএইচচিভি'ৰ উপ- সভাপতি আৰ টি ৱাছানে কয়"-ছিগনা ৪৮২৫ মুকলি কৰিবলৈ পাই আমি অতি আনন্দিত অনুভৱ কৰিছোঁ। কয়লা আৰু নিৰ্মাণ খণ্ডৰ গ্ৰাহকৰ বাবে বিশেষকৈ যিসকল গ্ৰাহকে সময়তকৈ পূৰ্বে বহু পৰিকল্পনা কৰিবলৈ ইচ্ছা কৰে সেইসকলৰ বাবে আমি ভৰৰত সৰ্ববৃহৎ ৪৭.৭ টনৰ ওজনৰ বাহনখন মুকলি কৰিছোঁ।

ৰিয়া চক্ৰৱৰ্তীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি চি বি আইৰ ওচৰত দাবী সুশান্তৰ পিতৃৰ

Image
ষ্টাফৰিপৰ্টাৰ, দীৰ্ঘদিন ধৰি ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিং ৰাজপুতক বিঁহ খুৱাই অহা বুলি গুৰুতৰ অভিযোগ তুলিছে অভিনেতাজনৰ পিতৃ কে কে সিঙে।  তেওঁ ৰিয়া চক্ৰৱৰ্তীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি চি বি আইৰ ওচৰত দাবী তুলিছে।

প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান

Image
ষ্টাফৰিপৰ্টাৰ, প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান।মহানগৰীৰ হেলথ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ ১৪ জুলাইৰ পৰা চিকিৎসাসধীন হৈ আছিল শিল্পীগৰাকী। মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হৈ আছিল প্ৰয়াত অৰ্চনা মহন্ত। -প্ৰয়াত স্বামী বিহু সম্ৰাট খগেন মহন্তৰ সৈতে মঞ্চ কঁপাইছিল অৰ্চনা মহন্তই। খগেন মহন্ত-অৰ্চনা মহন্ত যুতিৰ গীতে আলোড়িত কৰিছিল ৰাজ্য। ২০১৪ ৰ ১২ জুনত দেহাৱসান ঘটিছিল খগেন মহন্তৰ। জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মাতৃ অৰ্চনা মহন্ত। বিশিষ্ট শিল্পী, সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোকপ্ৰকাশ কৰে।

নলবাৰী গৰ্ডন ক্ৰিকেট একাডেমীৰ উল্লেখনীয় পদক্ষেপ

Image
নলবাৰী গৰ্ডন ক্ৰিকেট একাডেমীৰ উল্লেখনীয় পদক্ষেপ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ আগষ্ট* খেল আৰু সংস্কৃতি এই দুয়োখন পথাৰতেই নলবাৰী চহকী ৷ এক ঐতিহ্য বিৰাজ কৰা নলবাৰীৰৰ গৰ্ডন স্কুল খেলপথাৰৰ নাম নুশুনা লোক হয়তো নাই ৷ ইয়াতেই জন্ম হৈছিল ক্ৰিকেটৰ অনুৰাগীৰ হেচাত এক ক্ৰিকেট একাডেমী ৷ ২০১৪ চনত স্থাপিত হোৱা নলবাৰী গৰ্ডন ক্ৰিকেট একাডেমীয়ে নলবাৰীত ক্ৰিকেটৰ এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ক'ভিড-১৯ ৰ বাবে বিগত ৪-৫ মাহ ধৰি অনুশীলন বন্ধ হৈ আছিল যদিওঁ বৰ্তমান লক্ ডাউন কিছু পৰিমাণে শিথিল হোৱাত চৰকাৰৰ সকলো নিয়ম-নীতি মানি পুণৰ আৰম্ভ হৈছে ক্ৰিকেটৰ অনুশীলন । ল'ৰা-ছোৱালী উভয় শাখাতে গৰ্ডন স্কুল খেলপথাৰত নিতৌ পুৱা আৰু বিয়লি অনুশীলন চলাই থকা উক্ত একাডেমীয়ে ইতিমধ্যে সফলতাৰো মুখ দেখিবলৈ সক্ষম হৈছে । একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত সৰহ সংখ্যক খেলুৱৈয়ে এতিয়া নলবাৰী ক্ৰীড়া সন্থাৰ হৈ বিভিন্ন পৰ্যায়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছে । ইয়াৰ উপৰিও একাডেমীৰ খেলুৱৈ নিহাৰ ডেকা আৰু নিবিৰ ডেকাই ১৫, ১৬ আৰু ১৯ বছৰ অনুৰ্ধৰ ক্ৰিকেট প্ৰতিযোগিতাত আৰু ২৩ বছৰ অনুৰ্ধত অন

সামাজিক দূৰত্ব মানি বেবেজীয়াৰ একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয়ত ভাদমহীয়া নাম-কীৰ্তন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬আগষ্টঃ সম্প্ৰতি ৰাজ্যত অব্যাহত থকা কৰ'নাৰ বিভীষিকাই সামাজিক জনজীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰি তুলিছে । ভয় আৰু শংকাত ৰাজ্য বাসীয়ে দিন অতিবাহিত কৰিব লগা হৈছে। তাৰ মাজতে চলি আছে অসমৰ বৈষ্ণৱ সমাজৰ পবিত্ৰ ভাদ মাহ। বিগত বছৰবোৰৰ দৰে এইবাৰ ৰাইজৰ মাজত ভাদ মাহৰ মাদকতা নাথাকিলেও ৰাজ্যৰ সকলো নামঘৰ, সত্ৰ, কীৰ্তন ঘৰ তথা উপাসনাস্থলী সমূহ কেৱল হৰি নামৰ ধ্বনি আৰু নাম প্ৰসংগৰে মূখৰিত হৈ পৰিছে । অনুৰূপ নগাঁও জিলাৰ বেবেজীয়াস্থ একশৰণ ভাগৱতী সমাজ, অসমৰ মুখ্য কাৰ্যালয়ৰ পালনাম থানতো অনুষ্ঠিত হৈ আছে ভাদমহীয়া নাম-প্ৰসংগ। সমাজৰ নগাঁও জিলা সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত হৈ থকা এই ভাদমহীয়া নাম-কীৰ্তন চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিয়েই সম্পাদন কৰি অহা হৈছে ৷ ইয়াৰ অংশ হিচাপে বুধবাৰে অনুষ্ঠিত হোৱা এই ভাদমহীয়া নাম-প্ৰসংগৰ কাৰ্যসূচীৰ অনুষ্ঠানত  নগাঁও জিলা পৰিষদৰ উপ সভাপতি প্ৰমোদ লস্কৰ, বিশিষ্ট সমাজ কৰ্মী তুলন লস্কৰ, নামাচায্য হীৰেন আতা, জিলা সম্পাদক পুষ্পেন্দ্ৰ বাপ কাৰ্য্যালয় সম্পাদক মুৰুলী ধৰ বাপৰ লগতে সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সচিব ডেভিদ দাস আদিৰ লগতে নগাঁও জিলা পৰিষদৰ উপ সভাপতি

কৰ'নাত আক্ৰান্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ষ্টাফৰিপৰ্টাৰ, কৰ'নাত আক্ৰান্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ইতিমধ্যে এই কথা টুইটাৰযোগে তৰুণ গগৈয়ে নিজে সদৰি কৰিছে। বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ দেহত কৰ'নাৰ অৱস্থিতি ধৰা পৰে। উল্লেখ্য তিনি দিন পূৰ্বে তৰুণ গগৈয়ে দলীয় বৈঠকত অংশ লৈছিল। ৰিপুণ বৰাকে ধৰি কংগ্ৰেছৰ প্ৰায় সংখ্যক জ্যেষ্ঠ নেতাৰ সংস্পৰ্শলৈ আহিছিল গগৈ। উল্লেখযোগ্য যে,তৰুণ গগৈয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কৰ'না পৰীক্ষা কৰোৱাবলৈ অনুৰোধ জনাইছে।

বান আৰু গৰাখহনীয়াত আক্ৰান্তক যথাযোগ্য পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰক : কা বিৰোধী সমন্বয় সমিতি*

ষ্টাফৰিপৰ্টাৰ, ২৬ আগষ্ট :   ৰাজ্য চৰকাৰে এই বছৰৰ কালান্তক আৰু আন্তৰ্জাতিক প্ৰচাৰ হোৱা অসমৰ বান-খহনীয়াত আক্ৰান্ত ৰাইজৰ সংস্থান আৰু জীৱন-নিৰ্বাহৰ প্ৰতি মনকাণ নিদি কেৱল নিৰ্বাচন কেন্দ্ৰিক কাৰ্যকলাপত মগ্ন হৈছে-এই অভিযোগ কা-বিৰোধী সমন্বয় সমিতিৰ। সমিতিৰ সভাপতি ডঃ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামূলীয়ে সংবাদ মাধ্যমক কয় ' চৰকাৰৰ এই কাৰ্যকলাপৰ ফলত  সেই সকল ৰাইজ চৰম দুৰ্দশাত পতিত হৈ নিজে ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ইয়াৰ ফলত চিমেন চাপৰিত এনে ৰাইজৰ লগত আৰক্ষীৰ সংঘৰ্ষ হৈছে। আমি চৰকাৰৰ এই ঔদাসিন্যক ধিক্কাৰ দিওঁ আৰু দাবী কৰোঁ যাতে অবিলম্বে সংশ্লিষ্ট অঞ্চল বোৰৰ ৰাজহ বিষয়া আৰু গাওঁবুঢ়া সকলৰ দ্বাৰা দুৰ্গত ৰাইজৰ সঠিক নাম আৰু পৰিচয় সহ তালিকা প্ৰস্তুত কৰে আৰু যথাযোগ্য পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰে। উচ্ছেদত অত্যুৎসাহী চৰকাৰ দুৰ্গত ৰাইজৰ পুনৰ্সংস্থাপনত কিয় তৎপৰ নহয় সেইটো এক কলংকিত ৰহস্য হৈ পৰিছে।'

আগন্তুক ৬মাহলৈ অসমক ‘অশান্ত অঞ্চল’ ঘোষণা কৰা হৈছে।সেনা বাহিনী(বিশেষ ক্ষমতা) আইন-১৯৮৫ৰ অধীনত অসমক অশান্ত অঞ্চল ঘোষণা

ষ্টাফৰিপৰ্টাৰ, ২৬ আগষ্ট : শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণ, অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ পৰিপ্ৰেক্ষিতত এই ঘোষণা কৰা হৈছে। ইতিমধ্যে, মঙলবাৰে ৰাজ্য চৰকাৰে এক বিজ্ঞপ্তিযোগে এই কথা প্রকাশ কৰে।উল্লেখযোগ্য যে,অহা ২৮ আগষ্টৰ পৰা এই ঘোষণা কাৰ্যকৰী হ'ব।

নিম্নআয়ৰ পৰিয়ালবোৰক আৰ্থিক সাহায্য, প্ৰতিগৰাকী অভাৱী ব্যক্তিক প্ৰতিমাহে ১০ কেজি খাদ্যশস্য প্ৰদানৰ দাবীত চি পি আই (এম)ৰ প্ৰতিবাদ: কোভিড ১৯ ৰ নিয়ামাৱলী মানি জনসাধাৰণে উত্তাল কৰে গুৱাহাটীৰ ৰাজপথ*

Image
* ষ্টাফৰিপৰ্টাৰ, ২৬ আগষ্ট :আয়কৰৰ আওতাত নপৰা সকলো পৰিয়ালক অতি শীঘ্ৰে মাহিলি ৭৫০০ টকাকৈ আগন্তুক ৬মাহৰ বাবে প্ৰদান কৰা, প্ৰতিগৰাকী অভাৱী ব্যক্তিক প্ৰতিমাহে ১০কেজি খাদ্যশস্য প্ৰদান কৰা, "এমএনৰেগা" সম্প্ৰসাৰণ কৰি বৰ্ধিত মজুৰিৰে বছৰি অতি কমেও ২০০ দিনৰ কৰ্মসংস্থান নিশ্চিত কৰাৰ দাবীৰ লগতে কোভিড-১৯ নিয়ন্ত্ৰণত সীমাহীন ব্যৰ্থতা তথা ৰাজহুৱা স্বাস্থ্যসেৱাৰ শোচনীয় অৱস্থা,ৰাজহুৱা খণ্ডৰ সম্পদ আৰু উদ্যোগ প্ৰতিষ্ঠানবোৰৰ বেচৰকাৰীকৰণ, আদি দাবীৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ৩৩ঠাইত প্ৰতিবাদ সংঘটিত হয়। এই প্ৰতিবাদৰ অংশস্বৰূপে গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাব ৰটাৰীৰ বেজবৰুৱা চ'কৰ কাষত প্ৰায় পাঁচ শতাধিক মানুহ সমবেত হয়।সোণাপুৰতো এই কাৰ্যসূচী ৰূপায়ন হয়।কোভিড ১৯ সংক্ৰমণ ৰোধৰ নীতি নিয়ম অনুসৰণ কৰিয়েই এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৱা ২০ আগষ্টৰ পৰা ২৬ আগষ্টলৈ বৰ্তমান পৰিস্থিতিত জনসাধাৰণৰ জীৱন জীৱিকাৰ জৰুৰী দাবীসমূহক লৈ ৰাজ্যজুৰি প্ৰতিবাদ সপ্তাহ পালন কৰা হয়। গুৱাহাটী মহানাগৰীতো বিভিন্ন ঠাইত যেনে নাৰেংগী, নুনমাটি,বশিষ্ঠ, জালুকবাৰী,ধীৰেনপাৰা, কটাহবাৰী,বিৰুবাৰী, উজানবজাৰ,ভূতনাথ আদি ঠাইত ৰাইজৰ মাজত ব্যা

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল৷ যুৱ নেতা প্ৰৱীণ বৈশ্যৰ সন্থাৰ পৰা স্বঅব্যাহতি৷

Image
ষ্টাফৰিপৰ্টাৰ, আগষ্ট ২৬:  আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ এখন গুৰুত্বপূৰ্ণ  সংবাদমেলত কেইটামান স্পৰ্শকা তৰ বিষয়ক সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰা হয়৷প্ৰণিধানযোগ্য যে ৰাষ্ট্ৰীয় দূৰদৰ্শন চেনেলত সতী ৰাধিকাক বিকৃতভাৱে উপস্থাপন,অনুসূচিত জাতিৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী সকলক শিক্ষানুষ্ঠানত নামভৰ্তিৰ সময়ত মেৰিট লিষ্টৰ পৰিৱৰ্তে সংৰক্ষিত আসনত অন্তৰ্ভূক্ত কৰা,ভাৰতীয় সংবিধান আৰু আইনত যাৱতীয় নিৰ্দেশনা থকা সত্ত্বেও বহুতেই অনুসূচিত জাতিৰ ৰাইজৰ সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰসমূহ তথা আইন ভংগ কৰা,অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলে চলিত শিক্ষাবৰ্ষত নিয়মীয়া জলপানি লাভ নকৰা,অনুসূচিত জাতিৰ ৰাইজৰ সামগ্ৰীক কল্যাণৰ হকে থকা ভিন্ন আঁচনিৰ ৰূপায়ণত সংঘটিত বিভিন্ন দুৰ্নীতি আদি বিষয় কেইটা এই সংবাদমেলতে সন্থাৰ সদ্যসকলে পুনৰবাৰ উনুকিয়াই এই ক্ষেত্ৰত চৰকাৰৰ যথাযোগ্য সহযোগৰ আশা কৰে৷ইয়াৰ লগতে এই সভাতে ২০১১ চনতে  সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ছিপাঝাৰত অনুষ্ঠিত হোৱা সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় সভাপতিৰূপে নিৰ্বাচিত হৈ দায়িত্বভাৰ গ্ৰহ

বিশিষ্ট সমাজকৰ্মী, ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক জয়ৰাম কোঁৱৰৰ পৰলোক

Image
ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰা, ২৬ আগষ্ট ::  নাজিৰা মহকুমাৰ মেছাগড়ৰ বুঢ়াগোহাঁই গাঁৱৰ নিৱাসী,বিশিষ্ট সমাজসেৱী,  ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক তথা ধৰ্মপ্ৰাণ ব‍্যক্তি জয়ৰাম কোঁৱৰৰ( ৯৪) কালি সন্ধিয়া বাদ্ধৰ্ক‍্যজনিত কাৰণত  পৰলোকগামী হয়।   বৃহত্তৰ মেছাগড়ৰ লগতে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক, সামাজিক, ধৰ্মীয় ক্ষেত্ৰখনৰ সৈতে জড়িত ব‍্যক্তিজনা ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কামকাজৰ লগত আত্মনিয়োগ কৰি আহিছিল ।আনুষ্ঠানিক শিক্ষা  সমাপনৰ পিছত  শিক্ষকতাৰ বৃত্তিত জৰিত হৈ পৰা ব‍্যক্তিজনাই মৰাণ, মঠিয়াছিগা অচলাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ আৰু পৰৱৰ্তীকালত ন-মাটি শশীমাই গগৈ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে যোগদান কৰে । এই বিদ‍্যালয়ৰ পৰাই প্ৰধান শিক্ষক হিচাবে ১৯৯০ চনত অৱসৰ গ্ৰহণ কৰে । এগৰাকী সৰল মনৰ, মৃদুভাষী নিষ্ঠাবান তথা আদৰ্শ শিক্ষক হিচাপে পৰিচিত শিক্ষকজনে শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ১৯৮৪ চনত ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত কৰে। শিক্ষকতাৰ সমান্তৰালভাৱে সামাজিক, ধৰ্মীয় ক্ষেত্ৰখনৰ লগত জড়িত ব‍্যক্তিজনাই মেছাগড়স্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মাধৱদেৱ কলা কৃষ্টি ক্ষেত্ৰ, মেছা

ক্ৰীড়া জলপানিৰ বাবে প্ৰ-পত্ৰ বিতৰণ

Image
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৬ আগষ্ট : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ তৰফৰ পৰা ২০১৯-২০২০ বৰ্ষৰ ক্ৰীড়া জলপানিৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ব্যক্তিগত আৰু দলগত শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত খেলুৱৈৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে বুলি শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে জানিবলৈ দিছে । আবেদনৰ প্ৰ-পত্ৰ সমূহ শিৱসাগৰ জিলাৰ অন্তৰ্গত খেলুৱৈ সকলে শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব । এইক্ষেত্ৰত চৰাইদেউ জিলাৰ খেলুৱৈ সকলে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত সমূজ্বল বৰাৰ কাৰ্যালয় কক্ষৰ পৰা সংগ্ৰহ কৰিব পাৰিব । এই ক্ৰীড়া জলপানিৰ বাবে ভাৰতীয় অলিম্পিক সন্থাৰ স্বীকৃতি প্ৰাপ্ত খেল যেনে – সাঁতোৰ, আৰ্চাৰী, এথেলেটিকচ, বেডমিন্টন, বাস্কেটবল, বক্সিং, কেনয়িং আৰু কায়েক, চাইক্লিং, ফেনচিং, ফুটবল, জিমনাষ্টিক, হেণ্ডবল, হকী, জুডু, কাবাডী, খো-খো, লন বল, নেটবল, ৰ’য়িং, ৰাগবাই, ছুটিং, স্কুৱাচ. টেবুল টেনিচ, টাইকোৱানডু, টেনিচ, ট্ৰাইথলন, ভলীবল, ভাৰোত্তোলন, মল্লযুঁজ, উচু, ইয়াচতিং আৰু কেৰাটে খেলৰ খেলুৱৈ হ’ব লাগিব ।      আবেদনকাৰীৰ বয়স ৩১-০৩

পাব-জি খেলি থাকোতে ৰেলৰ ইঞ্জিনৰ খুন্দাত নলবাৰীৰ মেধাবী ছাত্ৰৰ কৰুণ মৃত্যু

Image
পাব-জি খেলি থাকোতে ৰেলৰ ইঞ্জিনৰ খুন্দাত নলবাৰীৰ মেধাবী ছাত্ৰৰ কৰুণ মৃত্যু* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৫ আগষ্ট* নলবাৰী জিলাৰ অন্তৰ্গত ৰতনপুৰ(বৰছেনীকুঁছি) গাঁৱৰ কমলা ৰাজবংশী আৰু ৰানু ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ ১৫ বছৰীয়া জ্যোতিৰ্ময় ৰাজবংশীয়ে সোমবাৰে সন্ধিয়া ৭-৪৫ বজাত ৰেলৰ ইঞ্জিনৰ খুন্দাত কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয় । ঘগ্ৰাপাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্তীৰ্ণ হোৱা জ্যোতিৰ্ময়ে অইন দিনাৰ দৰে কালিও সন্ধিয়া ৰেল-লাইনৰ ওপৰত বহি পাব-জি খেলাত ব্যস্ত হৈ আছিল । ঠিক সেইসময়তে পশ্চিম দিশৰ পৰা অহা ট্ৰেইনৰ ইঞ্জিন এটাই খুন্দা মৰাত তেওঁৰ থিতাতে মৃত্যু হয় । নিজ ঘৰৰ নাতি-দূৰত থকা ৰেল-লাইনত এনেদৰে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত পূব নলবাৰীৰ বৃহৎ অঞ্চলটোত শোকৰ ছাঁ পৰে । অল্পভাষী, নম্ৰ, ভদ্ৰ ল'ৰাজনে নিতৌ দৌৰাৰ অনুশীলনো কৰি আছিল । *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

শিৱসাগৰত হিতাধিকাৰীক চৰকাৰী আঁচনিৰ অনুদান বিতৰণত ৰাজহ মন্ত্ৰী যোগেন মহনৰ

Image
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ, ২৫ আগষ্ট  : অসম চৰকাৰ ৰাজহ মন্ত্ৰী যোগেন মহনে চৰকাৰী এককালীন বিশেষ সাহাৰ্য্য আঁচনিৰ অধীনত অনুসূচীত জাতি, অনুসূচীত জনজাতি, আৰু অন্যান্য পিচপৰা জাতিৰ নিৰ্বাচিত হিতাধিকাৰীৰ মাজত টিনপান, ফেশ্যন ডিজাইন মেচিন, খোৱা পানীৰ ফিল্টাৰ, এক্সাৰচাইজ বুক, বায়’ অৰ্গেনিক ছৈল এনৰিচাৰ (Bio-Organic Enricher) ইউনিফৰ্ম কিট, পাম্প ছেট আদি বিতৰণ  কৰে । এই সন্দৰ্ভত শিৱসাগৰ মহকুমা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় চৌহদত জিলা উন্নয়ণ আয়ুক্ত নৱাব আজহাৰ আলিৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে জনসাধাৰণৰ উন্নয়ণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । এই আঁচনিসমূহ সফল ৰূপায়ণৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগ একান্তই প্ৰয়োজন । সভাত  থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়েও সকলো হিতাধিকাৰিকে চৰকাৰী অনুদানসমূহ সৎ ব্যৱহাৰৰ লগতে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত আত্মনিয়োগেৰে নিজক স্বাৱলম্বী  কৰি গড়ি তুলিবলৈ সমবেত সমূহ হিতাধিকাৰীৰ প্ৰতি আহ্বান জনায় ।  অনুদান সমুহ প্ৰদান কৰাৰ বাবে সংহত অনুসূচীত জনজাতি উন্নয়ণ প্ৰকল্পৰ অধীনৰ নিৰ্বাচিত হিতাধিকাৰী ১৬২ গৰাকীক টিনপাত, ১৫০ গৰাকীক খোৱাপানীৰ ফিল্টাৰ, ২৪

ৰঙিয়াত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধঃ

Image
ৰঙিয়াত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধঃ  এপ'ল মিল কাৰ্যক্ষম কৰিব নোৱাৰাটো বৰ্তমান চৰকাৰৰ চৰম ব্যৰ্থতা—ছাত্ৰ সন্থা প্ৰতিবেদক, ৰঙিয়া , ২৫ আগষ্টঃ উত্তৰ পূৰ্বাঞ্চলৰ সমবায় খণ্ডৰ এসময়ৰ অত্যন্ত লাভ জনক  বস্ত্ৰোদ্যোগ ৰঙিয়া তুলসীবাৰী এপ'ল বস্ত্ৰোদ্যোগ আজি সংকটৰ গৰাহত। পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমান চৰকাৰৰো হেমাহি আৰু অমনোযোগিতাৰ ফলত বিগত প্ৰায় চাৰি বছৰৰ পৰা  উদ্যোগটোৰ চকা  বন্ধ হৈ আছে, এই অভিযোগে স্থানীয় ৰাইজ তথা ছাত্ৰ সন্থাৰ । উদ্যোগটো বন্ধ হৈ যোৱাৰ ফলত কৰ্মহীন হোৱা শ্ৰমিক সকলোৰ একাংশই দাৰিদ্ৰতাৰ জ্বালা সহ্য কৰিব নোৱাৰি  আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। কিছুমানে অৰ্থৰ অভাৱত বিনা চিকিৎসাত অকালতে মৃত্যু মুখত পৰিছে। যি কেইগৰাকী শ্ৰমিকে এতিয়াও দিন হাজিৰা কৰি, ঠেলা চলাই অৰ্ধাহাৰে, অনাহাৰে কোনোমতে  দিন কটাই আছে তেওঁলোকৰ  পানীত হাঁহ নচৰা অৱস্থা হৈছে। উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ দাবীৰে দীৰ্ঘদিন বহু আন্দোলন কৰা হ'ল, বহুতো আবেদন নিবেদন কৰা হ' ল কিন্তু কোনো ফল নধৰিল। বিগত স্বাধীনতা দিৱসৰ দিনাও সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ সহযোগত দহ ঘন্টীয়া অনশন

চকলাঘাটত ধৰ্মপ্ৰাণ মহিলা ফুলেশ্বৰী তালুকদাৰৰ বিয়োগ

Image
# চকলাঘাটত ধৰ্মপ্ৰাণ মহিলা ফুলেশ্বৰী  তালুকদাৰৰ বিয়োগ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ আগষ্ট : নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ পুৰণি খাটোৱাল গাঁও নিবাসী সৰবৰহী ধৰ্মপ্ৰাণ মহিলা ফুলেশ্বৰী  তালুকদাৰৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৩  বছৰ ৷ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা সৰবৰহী মহিলা গৰাকীক গুৱাহাটীত চিকিৎসা কৰোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে বিগত কিছুদিনৰ পৰা ঘৰতে চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷ মহিলাগৰাকীৰ মৃত্যুৰ মৃত্যুৰ খবৰ পাই নশ্বৰদেহত স্থানীয় অগ্ৰনী সংগঠন "সাৰথি"ৰ কৰ্মকৰ্তা সকলৰ লগতে ভালেসংখ্যক লোক উপস্থিতি হৈ এক শোকসভা যোগে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁৰ  মৃত্যত চকলাঘাট শাখা সাহিত্য সভা, প্ৰেছক্লাৱ, বেবেজীয়া, জাজৰি প্ৰেছক্লাৱকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ স্বামীসহ তিনিপুত্ৰ, দুই জী-জোৱাই , নাতি নাতিনীসহ  বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷