যৌন নিৰ্যাতনৰ বলি হোৱা চাৰিগৰাকী শিশুৰ বাবে শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা আৰ্থিক সাহায্য প্ৰদান

*যৌন নিৰ্যাতনৰ বলি হোৱা চাৰিগৰাকী শিশুৰ বাবে শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা আৰ্থিক সাহায্য প্ৰদান*:
এগৰাকী নিৰ্যাতিতা নিহত যুৱতীৰ মাতৃলৈও আৰ্থিক অনুদান

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ, ১৯ আগষ্ট : শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলা সমাজ কল্যান বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সভাত জিলাখনৰ চাৰিগৰাকী যৌন নিৰ্যাতনৰ বলি হোৱা শিশুলৈ ৩ লাখ টকাকৈ  আৰ্থিক সাহায্য আগবঢ়ায়। এই আৰ্থিক সাহায্যৰ চেক সমূহ তেওঁ শিশু উন্নয়ন সমিতিৰ অধ্যক্ষা দীপালি স্বৰ্গীয়াৰী আৰু সদস্যা দীপালি ভট্টাচাৰ্যৰ হাতত অৰ্পণ কৰে। উপায়ুক্ত গৰাকীয়ে লগতে আৰু এগৰাকী যৌন নিৰ্যাতনৰ বলি হোৱা যুৱতীৰ মাতৃৰ হাতত ২ লাখ টকাৰ এখন চেক প্ৰদান কৰে। 

উল্লেখযোগ্য যে, ৰাজ্যখনৰ ভিতৰতে পোনপ্ৰথম বাৰৰ বাবে শিৱসাগৰত সমাজ কল্যাণ বিভাগৰ যোগে "যৌন নিৰ্যাতনৰ বলি হোৱা কিশোৰী আৰু মহিলা সকলৰ আৰ্থিক অনুদান আৰু সাহায্য সেৱা আঁচনি (Financial Assistance and Support Services to the Victims/ Survivors of Rape) -ৰ অধীনত শিৱসাগৰ জিলাত এই আৰ্থিক সাহায্য প্ৰদান কৰা হয়। 

এই অনুষ্ঠানত জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে আঁচনিখনৰ বিষয়ে সবিস্তাৰে অৱগত কৰে।
সভাত জিলা পশুপালন আৰু  পশু চিকিৎসা বিষয়া ডাঃ অক্ষয়ভট কেচাৰী, জিলা অগ্ৰণী বেংক বিষয়া বিশ্বজিত দাসৰ উপৰি জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।
এই অনুষ্ঠানৰ পূৰ্বে উপায়ুক্ত গগৈয়ে গ্ৰাম্য আত্ম-সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠান (Rural Self Employment Training Institute) -ৰ নতুন কাৰ্য্যালয়ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। বৰ্তমানৰ কাৰ্যালয়টি জিলা সমাজ কল্যাণ বিভাগৰ শিৱসাগৰৰ ধাইআলি স্থিত কাৰ্য্যালয়ৰ উপৰ মহলাত অৱস্থিত। জিলা উপায়ুক্তই গ্ৰাম্য আত্ম-সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানে প্ৰদান কৰা দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ দ্বাৰা গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলৰ স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানটিত প্ৰতিষ্ঠানটিৰ সঞ্চালক মুকুল কছাৰীয়ে এই প্ৰতিষ্ঠানটিৰ কাম-কাজৰ বিষয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন যোগেদি অৱগত কৰে। এই অনুষ্ঠানত গ্ৰাম্য আত্ম-সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুখ্য আঞ্চলিক প্ৰবন্ধক মঞ্জিত সিং, জিলা পশুপালন আৰু  পশু চিকিৎসা বিষয়া ডাঃ অক্ষয়ভট কেচাৰী, জিলা অগ্ৰণী বেংক বিষয়া বিশ্বজিত দাস, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, শিৱসাগৰৰ জিলা প্ৰকল্প প্ৰবন্ধক ডাঃ সুৰজ জ্যোতি গগৈ উপস্থিত থাকে।

 শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা