কৈলাশ খেৰ আৰু ৰিকী কাজেৰ সৈতে কোবিদ যুদ্ধাসকললৈ সাংস্কৃতিক শ্ৰদ্ধা ডালমিয়া ভাৰত গ্ৰুপৰ
ষ্টাফৰিপ'ৰ্টাৰ,,১৩ আগষ্ট।।।কোবিদ যুদ্ধা সকলক সাহস, প্ৰতিশ্ৰুতিবদ্ধতা অনুপ্ৰেৰণা আৰু অগাধ ভাৱনা উদযাপনৰ ইয়াৰ প্ৰয়াসত ডালমিয়া ভাৰত গ্ৰুপে ১৪ আগষ্ট(২০২০)ত সন্ধিয়া ৬.১৫ বজাত পদ্মশ্ৰী কৈলাশ খেৰ আৰু গ্ৰেমী পুৰস্কাৰ বিজেতা ৰিকী কেজৰ সৈতে জযবা-এ ভাৰত শীৰ্ষক এক অনলাইন সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। এই সন্দৰ্ভত ডালমিয়া ভাৰত চিমেণ্ট লিমিটেডৰ এমডি আৰু চিইঅ' মহেন্দ্ৰ সিংঘীয়ে কয়"-"মহামাৰীৰ বিৰুদ্ধে যুঁজত আমাৰ দেশৰ স্থিতিস্থপকতা সন্মানিত কৰাৰ উদ্দেশ্যে সংগীতানুষ্ঠান জযবা-এ ভাৰতত আমি পদ্মশ্ৰী কৈলাশ খেৰ আৰু গ্ৰেমী পুৰস্কাৰ বিজেতা ৰিকী কেজক পাই সন্মানিতঅনুভৱ কৰিছোঁ"। আনহাতে এই সন্দৰ্ভত পদ্মশ্ৰী কৈলাশ খেৰে কয়"-বিগত কিছু মাহত বিশ্বই জীৱন-যাপন আৰু চিন্তা কৰিবলৈ নতুন পদ্ধতি গ্ৰহণ কৰিছে। আমাৰ প্ৰাথমিকতাত গুৰুত্বপূৰ্ণ পৰিবৰ্তন আহিছে। যাক আমি এতিয়া "নতুন নিয়ম" বুলি কওঁ। আমাৰ আগশাৰীৰ যুদ্ধা সকলৰ নামত এই সংগীতময় ছালামীৰ মাধ্যমেৰে শ্ৰদ্ধা জ্ঞাপন কৰাই আমাৰ উদ্দেশ্য"। আনহাতে, এই সন্দৰ্ভত গ্ৰেমী বঁটা বিজয়ী ৰিকী কেজে কয়"-"ডালমিয়া ভাৰত গ্ৰুপৰ দ্বাৰা আয়োজিত এই সংগীতানুষ্ঠাৰ অংশী হ'বলৈ পাই মই বৰ আনন্দিত। সংগীতে আমাক প্ৰকৃতিৰ সৈতে সামঞ্জস্যৰ বাবে সচেতন থাকিবলৈ আৰু প্ৰেৰিত কৰাৰ শক্তি দিয়ে"।উল্লেখযোগ্য যে, উক্ত সংগীতানুষ্ঠানটোত বিশিষ্ট শিল্পী উদিত নাৰায়ণ, অদিত্য নাৰায়ণকে আদি কৰি কেইবাগৰাকীও শিল্পীয়ে যোগ দিব।
Comments
Post a Comment