পাঁচখন ৰাজ্যত মেডিকেল এব'ৰশ্যন পিলৰ নাটনিত উদ্বেগ, ফাউণ্ডেশ্যন ফৰ ৰিপ্ৰডাক্টিভ ছাৰ্ভিচ ইণ্ডিয়াৰ অধ্যয়নত প্ৰকাশ




 ষ্টাফৰিপ'ৰ্টাৰ,,,১১ আগষ্ট।।।
ছখন ৰাজ্যৰ ১৫০০ কেমিষ্টৰ মাজত ফাউণ্ডেশ্যন ফৰ ৰিপ্ৰডাকক্টিভ হেলথ্ ছাৰ্ভিচ ইণ্ডিয়াই চলোৱা এটা অধ্যয়নত সমীক্ষাকৃত ছখন ৰাজ্যৰ পাঁচখনতে ঔষধৰ বৃহৎ নাটনিৰ কথা পোহৰলৈ আহে। এইকেইখনৰ ভিতৰত মধ্য প্ৰদেশত ৬.৫ শতাংশ, পাঞ্জাৱত ১.০ শতাংশ, তামিলনাডুত ২.০ শতাংশ,হাৰিয়ানাত ২.০শতাংশ  আৰু দিল্লীত ৩৪.০ শতাংশ ঔষধহে মজুত আছে।কেৱল মাত্ৰ যাৱতীয় ঔষধ মজুত থকা ৰাজ্য হিচাপে পৰিগণিত হয় অসম (৬৯.৬,শতাংশ)। এই প্ৰতিবেদন প্ৰকাশত বক্তব্য প্ৰদান কৰি ফাউণ্ডেশ্যন ফৰ ৰিপ্ৰডাক্টিভ হেলথ্ ছাৰ্ভিচ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিজ্ঞা কোম্পেইন এডভাইছৰী গ্রুপৰ সদস্য ভি এছ চন্দ্ৰশেখৰে কয়"-ভাৰতত গৰ্ভাৱস্থাৰ অৱসানৰ পছন্দৰ পদ্ধতি হিচাপে মেডিকেল এব'ৰশ্যন বৃদ্ধি পাইছে আৰু মহিলাৰ সুৰক্ষিত গৰ্ভপাতৰ ক্ষেত্ৰত ঔষধ উপলব্ধ নোহোৱাত ভীতিৰ কাৰক হিচাপে দেখা দিছে। পৰীক্ষাই দেখুৱাইছে যে, এমএ ড্ৰাগ সুৰক্ষিত আৰু গৰ্ভাৱস্থাৰ অৱসানৰ এটা ফলপ্ৰসূ উপায়"। এম এ ড্ৰাগৰ উপলব্ধতা পৰীক্ষণৰ উদ্দেশ্যেৰে কৰা এই অধ্যয়নটোৰ ফলাফলত এইটোও নিৰ্ণয় হয় যে, তামিলনাডু ৰাজ্যৰ কেমিষ্টসকলে  ইমাৰ্জেন্সী কন্ট্ৰাচেভটিভ পিল মজুত ৰখা নাই। ৰাজ্যখনৰ সমীক্ষাকৃত মাত্ৰ ৩শতাংশ কেমিষ্টেহে ইচিপি মজুত ৰখাৰ কথা পোহৰলৈ আহিছে আৰু মজুত নৰখা ৯০ শতাংশ কেমিষ্টে অৱগত কৰে যে ৰাজ্যখনৰ এই পিলটো নিষিদ্ধ কৰা হৈছে। আনহাতে, এই সন্দৰ্ভত এফআৰএইচএছ ইণ্ডিয়াৰ ক্লিনিকেল ছাৰ্ভিচ ডাইৰেক্টৰ ডাঃ ৰশ্মি আৰ্ডেয়ে কয়"-জনসাধাৰণৰ চলা-ফুৰাত বাধ্যবাধকতা আৰোপ আৰু চিকিৎসা সেৱা সীমিত হৈ পৰাৰ এই অসহায় পৰিস্থিতিত, মেডিকেল এব'ৰশ্যন ড্ৰাগৰ বিক্ৰীত আৰোপিত অপ্ৰয়োজনীয় বাধ্যবাধকতা আঁতৰাই ফাৰ্মাচীসমূহত জৰুৰীভাৱে ইয়াৰ সহজ উপলব্ধতা নিশ্চিত কৰাটো বাঞ্চনীয়"। আনহাতে এই সন্দৰ্ভত এফআৰএইচএছ ইণ্ডিয়াৰ ছিনিয়ৰ মেনেজাৰ- পাৰ্টনাৰশ্বীপ দেৱাঞ্জনা চৌধুৰীয়ে কয়"-তুলনামূলকভাৱে এমএ সুলভ কিয়নো ইয়াৰ বাবে ক্লিনিকেল ছেট আপৰ প্ৰয়োজনীয়তা নাথাকে। এমএ উপলব্ধ নোহোৱাত মহিলাসকলে ছার্জিকেল এব'ৰশ্যন কৰিবলগীয়া হয় যাৰ বাবে ব্যয় বেছি হ'ব পাৰে আৰু এই সুবিধা গ্ৰহণটো জটিলতাৰ সৃষ্টি কৰিব পাৰে।।

Comments