নলবাৰীত পুথি অধ্যয়নৰ নীৰৱ বিপ্লৱ- জীতেন ডেকা-প্ৰণব কুমাৰ বৰ্মন-সুভাষ বৰ্মনে লৈছে বিশেষ পদক্ষেপ

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৪ আগষ্ট*    

বৃহত্তৰ পূব নলবাৰী অঞ্চলত নীৰৱে চলি আছে পুথি অধ্যয়নৰ ব্যাপক আন্দোলন । নলবাৰীৰ বিশিষ্ট প্ৰকাশক তথা সমন্বয় গ্ৰন্থালয়ৰ স্বত্তাধিকাৰ জীতেন ডেকাই বহুদিন ধৰি গ্ৰন্থমেলা উদ্‌যাপনকে ধৰি গ্ৰন্থ অধ্যয়নৰ স্পৃহা বঢ়াবলৈ চলাই আছে নীৰৱ আন্দোলন । আজি পূব নলবাৰীৰ পোৰাকুছি নিবাসী শিক্ষক  সুভাষ বৰ্মনৰ ঘৰত উপস্থিত হৈ বিশিষ্ট প্ৰকাশকগৰাকীয়ে গ্ৰন্থ অধ্যয়ন প্ৰক্ৰিয়া সমাজত তৰান্বিত কৰিবলৈ আহ্বান জনায় । অসমৰ বিশিষ্ট কবি প্ৰণব কুমাৰ বৰ্মনে ব্ৰহ্মপুত্ৰ অধ্যয়ন উৎসৱ আয়োজনৰে পূব নলবাৰী অঞ্চলত গ্ৰন্থ অধ্যয়নৰ ধাউতি বঢ়াবলৈ নিৰৱছিন্নভাৱে কাম কৰি আহিছে । বিজ্ঞান আৰু প্ৰযুক্তি নিৰ্ভৰ এই সময়ত যুৱচামে অধ্যয়নতকৈ ছ'ছিয়েল মিডিয়াতে অধিক গুৰুত্ব দি থকাৰ পৰিপ্ৰেক্ষিতত পোৰাকুছিৰ শিক্ষক দম্পতী সুভাষ বৰ্মন আৰু ধৰিত্ৰী বৰ্মনেয়ো লৈছে বিশেষ পণ । সচেতন লেখক সুভাষ বৰ্মনে নিজৰ ৪৫সংখ্যক জন্মদিনটোৰ পৰা কাৰ্যকৰী হোৱাকৈ নিজৰ বিশালাকাৰ পুথিভঁৰালটো প্ৰতি দেওবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা ১১বজালৈ ৰাজহুৱা অধ্যয়নৰ বাবে মুকলি ৰাখিব বুলি জানিবলৈ দিছে । আগ্ৰহী পাঠকে নিৰ্দিষ্ট দিনত গৈ গ্ৰন্থৰ সুবাস লোৱাৰ লগতে ৰসাস্বাদন কৰিব পাৰিব । নিজৰ গাঁঠিৰ ধনৰে নিৰ্মিত পুথিভঁৰালটো আগন্তুক দিনত অধিক বিজ্ঞানসন্মত তথা গ্ৰন্থৰে পূৰ্ণ কৰিব বুলি জানিব দিয়ে বৰাজোল ছোৱালী হাইস্কুলৰ সহঃ শিক্ষয়িত্ৰী ধৰিত্ৰী বৰ্মনে । তেওঁ লগতে কয় যে গুৱাহাটীৰ এম এল পাব্লিকেশ্যনে প্ৰকাশ কৰা ছাত্ৰ-ছাত্ৰীৰ উপযোগী বিভিন্ন পুথি ইতিমধ্যে বিনামূলীয়াকৈ বিতৰণ কৰিছে । পূব নলবাৰীৰ বিশিষ্ট ক্ৰীড়া সংগঠক, সাংস্কৃতিক কৰ্মী তথা সংবাদসেৱী দীপক কুমাৰ দাস আৰু সাংবাদিক তথা লেখক শ্বাহ আলম আহমেদ আদিকে ধৰি সচেতন পূব নলবাৰীবাসীয়ে জ্ঞানান্বেষণৰ এই ইতিবাচক পদক্ষেপৰ বাবে সুভাষ বৰ্মন আৰু তেওঁৰ পৰিয়ালক সাধুবাদ জনাইছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা