শিৱসাগৰত সক্ৰিয় ব্লেকমেইল চক্ৰঃ ব্লেকমেইলাৰ কবলত পৰি দিশহাৰা চৰকাৰী কৰ্মচাৰী

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২২ আগষ্ট : শিৱসাগৰত সক্ৰিয় হৈ পৰিছে ব্লেকমেইল চক্ৰ । এই ব্লেকমেইলাৰ চক্ৰৰ সহজ লক্ষ্য হৈ পৰিছে চৰকাৰী কৰ্মচাৰী , ব্যৱসায়ী আদি । সম্প্ৰতি এনে এক ব্লেকমেইলাৰ চক্ৰৰ কৱলত পৰি দিশহাৰ হৈ পৰিছে শিৱসাগৰ মীন বিভাগৰ এগৰাকী তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী। ঘটনাৰ বিৱৰণী অনুসৰি ২১ আগষ্টত শিৱসাগৰৰ মীন বিভাগৰ কাৰ্যালয়লৈ জনৈক গগৈ উপাধিৰ এগৰাকী যুৱক আহি কাৰ্যালয়টোৰ তিলক গগৈ নামৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীক মৎস্য পালনৰ আঁচনিৰ সন্দৰ্ভত   বিভিন্ন কথা -বতৰা সুধি ব্যত্তি - ব্যস্ত কৰে আৰু শিৱসাগৰৰ মীন বিভাগৰ কাৰ্যালয়ত তেখেতে এটা ফাইল জমা দিছিল বুলি  তিলক গগৈক অৱগত কৰে আৰু যুৱক  জনৰ ফাইলটো বিছাৰি দিবলৈও তেওঁ তিলক গগৈক কয় । এইদৰে যুৱক  জনে তিলক গগৈক তেখেতৰ ফাইল বিছাৰি দিবলৈ কোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰী জনেও শিৱসাগৰ মৎস্য পালনৰ আচনি ৰূপায়নৰ বাবে বিভাগটোত জমা থকা ফাইল সমুহ তেওঁৰ টেবুলত নাথাকে বুলি জনাই । এইদৰে কৰ্মচাৰী জনে জনোৱা সত্বেও পুণৰ যুৱক  জনে তেখেতৰ ফাইলটো বিছাৰি দিবলৈ জোৰ কৰাত কৰ্মচাৰী জনেও তেখেতৰ টেবুলত ফাইলটো বিছাৰি-  খোচাৰি চাবলৈ আৰম্ভ কৰাৰ সময়তে যুৱক জনে কৰ্মচাৰী গৰাকীৰ টেবুলত ১৫০ টকা এটা পেলায় দিয়ে আৰু কৰ্মচাৰী জনৰ অজ্ঞাতে সেই দৃশ্য নিজৰ কেমেৰাত আৱদ্ধ কৰি পেলায়  । কিছু পৰৰ পিছত যেতিয়া কৰ্মচাৰী জনে ব্যক্তি জনৰ ফাইলটো তেখেতৰ টেবুলত নাই বুলি কোৱাৰ লগে লগে যুৱক জনে " মই আপোনাক কি কৰিম সেইয়া দেখিব , পইচা নিদিয়াৰ বাবে মোৰ ফাইলটো হেৰাল নেকি " বুলি পূৰ্ব পৰিকল্পিত ভাবে কাৰ্যালয়ৰ ভিতৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি বাহিৰলৈ ওলাই যায় । ইয়াৰ কিছু সময়ৰ পিছত পুণৰ যুৱক জনে অন্য এগৰাকী ব্যক্তিক লগত লৈ আহে আৰু সেই ব্যক্তি জনেও পাঁচশ টকীয়া এটা নোট উলিয়াই তিলক গগৈৰ হাতত গুজি দিব বিছাৰে । এইবাৰ মীন বিভাগৰ  কৰ্মচাৰী জনেও দুয়োকে অফিচৰ ভিতৰত এনে আচৰণ কৰাত দুয়োকে ধমকি দিয়ে আৰু কাৰ্যালয়ৰ পৰা ওলাই যাবলৈ হুমকি দিয়ে। আজি তিলক গগৈয়ে  সংবাদ মাধ্যমক জনোৱা অনুসৰি কাৰ্যালয়ৰ পৰা দুয়োজন যুৱক ওলাই গৈ তেওঁলোকে মবাইল কেমেৰাত বন্দী কৰা দৃশ্য সমুহ বিভিন্ন জনক দেখুৱাই কৰ্মচাৰী জনৰ বিৰুদ্ধে নানা অপ-প্ৰচাৰত লিপ্ত হয় । দুয়োজন দুষ্ট প্ৰকৃতিৰ ব্যক্তিৰ এই কাৰ্যত কৰ্মচাৰী গৰাকী এতিয়া  ভীষণ মানসিক হাৰাশাস্তিত ভূগিছে । শিৱসাগৰৰ মীন বিভাগৰ কৰ্মচাৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি যুৱক দুজনৰ এই আচৰণৰ বিৰুদ্ধে তেও বাধ্য হৈ আদালতৰ কাষচাপিব বুলি জানিবলৈ দিছে ।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা