কভিড যোদ্ধালৈ 'ডালমিয়া ভাৰত গ্রুপ'ৰ সাংগীতিক শ্ৰদ্ধা নিবেদন



ষ্টাফৰিপ'ৰ্টাৰ ১৮ আগষ্ট।।। দেশৰ কভিড যোদ্ধাসকলক উৎসা দিয়াৰ উদ্দেশ্যে "ডালমিয়া ভাৰত চিমেণ্ট গ্ৰুপে' স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া 'জযবা- ই ভাৰত' এক অনলাইন সাংগীতিক অনুষ্ঠানৰ আয়োজন কৰে। পদ্মশ্ৰী কৈলাশ খেৰ আৰু গ্ৰেমী পুৰস্কাৰ বিজেতা ৰিকী কেজৰ লগতে উদিত নাৰায়ণ, জনিতা গান্ধী, বেনি দয়াল, আদিত্য নাৰায়ণ আৰু আই পি সিং উপস্থিত থকা অনুষ্ঠানটোত অনলাইন মাধ্যমেৰে সমগ্ৰ দেশৰ এককোটি লোক সংযুক্ত হৈ কোভিড মহামাৰীৰ বিৰুদ্ধে সন্মুখ সমৰত অৱতীৰ্ণ হোৱা দেশৰ কভিড যোদ্ধাসকলক উৎসাহ, প্ৰেৰণা জগোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া মহেন্দ্ৰ সিংহাই লাইভ সাংগীতিক অনুষ্ঠানটো উদ্বোধন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ নিৰৱচ্ছিন্ন প্ৰতিশ্ৰুতি আৰু কঠোৰ পৰিশ্ৰমৰ কথা উল্লেখ কৰে। কৈলাশ খেৰৰ গীতৰ দ্বাৰা শুভৰাম্ভ হোৱা অনুষ্ঠানটোত শিল্পীগৰাকীয়ে তেওঁৰ বহুকেইটা জনপ্ৰিয় গীতেৰে দৰ্শকক মুগ্ধ কৰে। ৯০ মিনিটৰ এই অনুষ্ঠানটোত আন আন শিল্পীসকলেও তেওঁলোকৰ গীতৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,সাংগীতিক অনুষ্ঠানটোৰ ৰেকৰ্ডিং 'ডালমিয়া ভাৰত গ্রুপৰ ইউটিউব চেনেল https://youtu.be/7Rmkl 8q1TM8?t=821ত উপভোগ কৰিব হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা